খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৩৭খন মেগা ফুডপাৰ্কত অনুমোদন
প্ৰতিখন মেগা ফুড পাৰ্ক সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে প্ৰায় ৫,০০০কৈ লোকক সংস্থাপন দিব
Posted On:
15 SEP 2020 5:41PM by PIB Guwahati
খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰালয়ে ২০০৮চনত খাদ্য সংসাধন উদ্যোগৰ বাবে আধূনিক আন্তঃগাঁথনি গঢ় দিয়াৰ লক্ষ্যৰে মেগা ফুড পাৰ্ক আঁচনিৰ ৰূপায়ণ কৰে৷ এই আঁচনি বৰ্তমান প্ৰধানমন্ত্ৰী কিষণা সম্পদা যোজনা শীৰ্ষক কেন্দ্ৰীয় আঁচনিৰ সৈতে সমাযোজন ঘটোৱা হৈছে৷
বৰ্তমানলৈকে মন্ত্ৰালয়ে ২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৩৭খন মেগা ফুডপাৰ্কত অনুমোদন জনাইেছে আৰু এইবোৰ বিভিন্ন পৰ্যায়ত ৰূপায়ণ হৈ আছে৷ তদুপৰি, ইয়াৰে ১৯খন মেগা ফুডপাৰ্ক কাৰ্যক্ষম অৱস্থাত আছে৷ চৰকাৰে ৪২খন এনে ফুডপাৰ্ক পৰিকল্পনা কৰিছিল৷ নিৰ্দেশনা অনুসৰি প্ৰতিখন মেগা ফুড পাৰ্ক সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে প্ৰায় ৫,০০০কৈ লোকক প্ৰত্যক্ষ/পৰোক্ষভাৱে সংস্থাপন দিব৷ এই ফুডপাৰ্কসমূহৰ প্ৰাথমিক উদ্দেশ্য হৈছে পথাৰৰ পৰা বজাৰলৈকে খাদ্য সংসাধনৰ লগতে মূল্য শৃংখলাৰ এক আধূনিক আন্তঃগাঁথনিৰ (যেনে-সংগ্ৰহ কেন্দ্ৰ, প্ৰাথমিক সংসাধন কেন্দ্ৰ) সুবিধা প্ৰদান কৰা৷
এই আঁচনিৰ বাবে প্ৰতিটো প্ৰকল্পৰ বাবদ সাধাৰণ এলেকাত ৫০শতাংশ ব্যয়(ভূমি ব্যয় বাদ দি) আৰু দুৰ্গম আৰু পাহাৰীয়া এলেকাত বিশেষকৈ ছিকিম, জম্মু আৰু কাশ্মীৰ, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড আৰু আইটিডিপিসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৭৫শতাংশ ব্যয় মুলধন অনুদান হিচাপে প্ৰায় ৫০কোটি টকাকৈ আগবঢ়োৱা হৈছে৷
এখন মেগা ফুড পাৰ্ক স্থাপনৰ বাবে ৫০ একৰ ভূমি ৭৫ বছৰৰ বাবে ক্ৰয় বা লীজত ল’ব লাগে৷ এই মেগা ফুড পাৰ্কৰ প্ৰাথমিক আন্তঃগাঁথনি যেনে আভ্যন্তৰীণ পথ, নলা, পানী যোগান, বিদ্যুৎ যোগান, শক্তি প্লাণ্ট, ইটিপি আৰু এছটিপি, ৱেইটব্ৰিজ ইত্যাদিৰ দৰে আন্তঃগাঁথনি গঢ় দিয়া হয়৷ তদুপৰি, চৰ্টিং আৰু গ্ৰেডিং, পেকেজিং, মজুতগৃহ, শীতলীকৰণ গৃহ, পকোৱা গৃহ, আইকিউএফ, শীতলীকৰণ গৃহ আন্তঃগাঁথনি, ষ্টিম জেনেৰেচন, কিউচিলেব ইত্যাদি মুল সুবিধা আছে৷ প্ৰশাসনিক ভৱন, প্ৰশিক্ষণ কেন্দ্ৰ, কেণ্টিন, শ্ৰমিকৰ হোটেল বাণিজ্য আৰু প্ৰদৰ্শনী কেন্দ্ৰও থকা উচিত৷
বৰ্তমানলৈকে কাৰ্যক্ষম হৈ থকা ১৯খন মেগা ফুড পাৰ্কত সংস্থাপন লাভ কৰা লোকসকলৰ সবিশেষঃ
ক্ৰ.নং
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
জিলাৰ নাম0
|
এছপিভি/আইএ নাম
|
প্ৰত্যক্ষ সংস্থাপনৰ সংখ্যা
|
পৰোক্ষ সংস্থাপনৰ সংখ্যা
|
মুঠ (প্ৰত্যক্ষ/পৰোক্ষ)সংস্থাপনৰ সংখ্যা
|
১
|
অন্ধ্ৰপ্ৰদেশ
|
পশ্চিম গোডাবৰী
|
গোডাবৰী মেগা একুৱা ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
৫০
|
২০০
|
২৫০
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
চিট্টোৰ
|
শ্ৰীণি ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
১২০০
|
১৬০০০
|
১৭২০০
|
৩
|
অসম
|
নলবাৰী
|
উত্তৰপূব মেগা ফুড পাৰ্ক লিমিটেড
|
৩৯৫
|
৩৫০
|
৭৪৫
|
৪
|
গুজৰাট
|
ছুৰাট
|
গুজৰাট এগ্ৰ’ ইনফ্ৰাষ্ট্ৰাকচাৰ মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
১০০
|
৫০০
|
৬০০
|
৫
|
হিমাচল প্ৰদেশ
|
উনা
|
ক্ৰেমিকা ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
১০০
|
৫০০
|
৬০০
|
৬
|
কৰ্ণাটক
|
টুমকুৰ
|
সংহস ফুড পাৰ্ক লিমিটেড
|
৯০০
|
৪৫০০
|
৫৪০০
|
৭
|
মধ্য প্ৰদেশ
|
খাৰগোনে
|
ইণ্ডাছ মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
৩০০
|
৩০০
|
৬০০
|
৮
|
মধ্য প্ৰদেশ
|
ডেৱাছ
|
অৱণ্টি মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
৫০
|
১৫০
|
২০০
|
৯
|
মহাৰাষ্ট্ৰ
|
ছাটাৰা
|
ছাটাৰা মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
১৪৯
|
৮০
|
২২৯
|
১০
|
মিজোৰাম
|
কলাছিব
|
জোৰাম মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
২৩
|
১২০
|
১৪৩
|
১১
|
মহাৰাষ্ট্ৰ
|
ঔৰংগবাদ
|
পাইঠান মেগা ফুড পাৰ্ক প্ৰইভেট লিমিটেড
|
৩৩
|
৩৭৫
|
৪০৮
|
১২
|
ওড়িশা
|
ৰায়গড়
|
এমআইটিএছ মেগা ফুড পাৰ্ক লিমিটেড
|
৩১
|
২০৯৩
|
২১২৪
|
১৩
|
পাঞ্জাৱ
|
ফজিলকা
|
আন্ঃৰাষ্ট্ৰীয় মেগা ফুড পাৰ্ক লিমিটেড
|
৬১
|
৭৫
|
১৩৬
|
১৪
|
ৰাজস্থান
|
আজমেৰ
|
গ্ৰীণটেক মেগা ফুড পাৰ্ক লিমিটেড
|
৫০
|
২৫০
|
৩০০
|
১৫
|
তেলেংগানা
|
নিজামাবাদ
|
স্মাৰ্ট এগ্ৰ’ ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
২৫
|
১০০
|
১২৫
|
১৬
|
ত্ৰিপুৰা
|
পশ্চিম ত্ৰিপুৰা
|
ছিকাৰিয়া মেগা ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
৫০
|
২৫০
|
৩০০
|
১৭
|
উত্তৰাখণ্ড
|
উধমসিং নগৰ
|
হিমালয়ান ফুড পাৰ্ক প্ৰাইভেট লিমিটেড
|
১০৪০
|
১৫০০০
|
১৬০৪০
|
১৮
|
উত্তৰাখণ্ড
|
হৰিদ্বাৰ
|
পতঞ্জলি ফুড আৰু হাৰ্বেল পাৰ্ক প্ৰাইভেট লিমিটেড
|
১৬৩৬৩
|
৫৯৬৮৯৩
|
৬১৩২৫৬
|
১৯
|
পশ্চিমবংগ
|
মুৰ্চিদাবাদ
|
জাংগিপুৰ বেংগল মেগা ফুড পাৰ্ক লিমিটেড
|
৫২
|
৪২১
|
৪৭৩
|
মুঠ
|
২০৯৭২
|
৬৩৮১৫৭
|
৬৫৯১২৯*
|
লোকসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে খাদ্য সংশাসন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে৷
****
RJ/NG/DB
(Release ID: 1654837)
Visitor Counter : 155