বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতত আগষ্ট ২০২০ৰ বাবে পাইকাৰী দৰৰ সূচকাংক

Posted On: 14 SEP 2020 12:00PM by PIB Guwahati

ঔদ্যোগিক আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ কাৰ্যালয়ে আগষ্ট ২০২০ৰ পাইকাৰী দৰৰ বাবে তদৰ্থ সূচকাংক আৰু জুন ২০২০ৰ চূড়ান্ত সূচকাংকৰ তথ্য প্ৰকাশ কৰিছে। প্ৰণিধানযোগ্য যে প্ৰতি মাহৰ ১৪ তাৰিখ(অথবা ইয়াৰ পৰৱৰ্তি তাৰিখ)-য়ে সংশ্লিষ্ট মাহটোৰ দুটা সপ্তাহৰ সমীক্ষাৰ আধাৰত পাইকাৰী দৰৰ তদৰ্থ সূকাংক(ডব্লিউপিআই) যুগুতোৱা হয়। পৰৱৰ্তি ১০ সপ্তাহৰ পিচত এই সূচকাংক চূড়ান্ত কৰা হয় আৰু এই সূচকাংক প্ৰকাশৰ দিহা কৰাৰ পিচত ইয়াক সংৰক্ষিত কৰা হয়।  

মুদ্ৰাস্ফীতি

মাহেকীয়া ডব্লিউপিআই-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ আগষ্ট ২০২০-ত ২০১৯চনৰ আগষ্ট মাহৰ ১.১৭শতাংশতকৈ ০.১৬শতাংশ(তদৰ্থ) অধিক বুলি ঠাৱৰ কৰা হৈছে।

ডব্লিউপিআই-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ (%)*

 

সকলো সামগ্ৰী-গুৰুত্বপূৰ্ণ গোট

 

ওজন (%)

জুন-20 (চূড়ান্ত)

জুলাই-20 (তদৰ্থ)

আগষ্ট-20 (তদৰ্থ)

সূচকাংক

মুদ্ৰাস্ফীতি

সূচকাংক

মুদ্ৰাস্ফীতি

সূচকাংক

মুদ্ৰাস্ফীতি

 

সকলো সামগ্ৰী

100.0

119.3

-1.81

120.6

-0.58

121.7

0.16

 

I প্ৰাথমিক দ্ৰব্য

22.6

140.9

-0.07

143.7

0.63

146.3

1.60

 

II ইন্ধন তথা শক্তি

13.2

85.6

-16.24

90.7

-9.84

91.4

-9.68

 

III  উত্পাদিত সামগ্ৰী

64.2

118.6

0.08

118.6

0.51

119.3

1.27

 

খাদ্য সূচকাংক

24.4

148.7

3.12

152.0

4.32

153.3

4.07

 

 

 

Note: P: Provisional, F: Final, * Annual Rate of Inflation calculated over corresponding month of last year.

বিভিন্ন সামগ্ৰী গোটৰ সূচাকাংকৰ গতিশীলতাৰ ৰেহ-ৰূপ তলত উল্লেখ কৰা হ :

 

প্ৰাথমিক সামগ্ৰী(২২.৬২শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক জুলাই ২০২০ৰ ১৪৩.৭(তদৰ্থ)ৰ পৰা ১.৮১শতাংশ বৃদ্ধিৰে আগষ্ট ২০২০ত ১৪৬.৩ (তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। জুলাই ২০২০ৰ তুলনাত সূচকাংকৰ বৃদ্ধিৰ হাৰ খনিজ(১০.২১শতাংশ), খাৰুৱা তেল আৰু প্ৰকৃতিক গেছ(৪.৭২শতাংশ), অনা-খাদ্য শ্ৰেণীৰ সামগ্ৰী(৩.০৬শতাংশ) আৰু খাদ্য সামগ্ৰী(০.৯৩শতাংশ)।

ইন্ধন আৰু শক্তি(১৩.১৫শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক জুলাই ২০২০ৰ ৯০.৭(তদৰ্থ)ৰ পৰা ০.৭৭শতাংশ বৃদ্ধিৰে আগষ্ট ২০২০ত ৯১.৪(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। জুলাই ২০২০ৰ তুলনাত সূচকাংকৰ বৃদ্ধিৰ হাৰ খনিজ তেল(১.৩০শতাংশ)। অৱশ্যে কয়লা আৰু বিদ্যুত্ শক্তিৰ দৰ এই সময়চোৱাত অপৰিৱৰ্তিত থাকে।

 

উত্পাদিত সামগ্ৰী(৬৪.২৩শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক জুলাই ২০২০ৰ ১১৮.৬(তদৰ্থ)ৰ পৰা ০.৫৯শতাংশ বৃদ্ধিৰে আগষ্ট ২০২০ত ১১৯.৩(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। জুলাই ২০২০ৰ তুলনাত ২২বিধ এনআইচি-ৰ দুটা সংখ্যাৰ গোটৰ ভিতৰৰ উত্পাদিত খাদ্য সামগ্ৰী যেনে শীতল পানীয়, চামৰা আৰু আনুষংগিক সামগ্ৰী, কাঠ আৰু ক্ৰক, ছপা আৰু বণীবন্ধনৰে যুগুতোৱা সামগ্ৰী, ঔষধ-পাতিকে ধৰি ১১টা গোটৰ সূচকাংক আগষ্ট মাহত বৃদ্ধি হোৱাৰ বিপৰীতে বস্ত্ৰ শিল্পজাত সামগ্ৰী, সাজ-পোচাক, কাগজ আৰু কাগজৰে প্ৰস্তুত কৰা সামগ্ৰীকে ধৰি ১০টা গোটৰ সূচকাংক অৱনমিত হয়।

 

খাদ্য সামগ্ৰী(২৪.৩৮শতাংশ ওজন বিশিষ্ট)

প্ৰাথমিক সামগ্ৰী গোটৰ খাদ্য সামগ্ৰী আৰু উত্পাদিত সামগ্ৰী গোটৰ খাদ্য সামগ্ৰীৰ মূল্য সচকাংক জুলাই ২০২০ৰ ১৫২.০(তদৰ্থ)ৰ পৰা আগষ্ট ২০২০ত ১৫৩.৩(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। ডব্লিউপিআই-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ আগষ্ট ২০২০-ত জুলাই ২০২০ৰ তুলনাত ৪.৩২শতাংশৰ বিপৰীতে আগষ্ট মাহত ৪.০৭শতাংশলৈ  অৱনমিত হয়।

জুন ২০২০ৰ বাবে প্ৰকাশিত চূড়ান্ত সূচকাংক( ভিত্তি বৰ্ষ-২০১১-১২-১০০)

সকলো সামগ্ৰীৰ বাবে( ভিত্তি বৰ্ষ-২০১১-১২-১০০) প্ৰকাশিত জুন ২০২০ৰ চূড়ান্ত পাইকাৰী দৰ সূচকাংক ১১৯.৩ আৰু পাইকাৰী দৰ সূচকাংকৰ আধাৰত নিৰ্ণিত মদ্ৰাস্ফীতিৰ হাৰ -১.৮১বুলি ঠাৱৰ কৰা হৈছে।

*****

YB/AP/KB



(Release ID: 1654267) Visitor Counter : 134