ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানসুখ মাণ্ডাভিয়াই পৰিদৰ্শন কৰিলে নেশ্যনেল ফাৰ্টিলাইজাৰ্চ লিমিটেড নাংগল(পাঞ্জাৱ) প্ৰকল্প

Posted On: 13 SEP 2020 5:23PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী মানসুখ মাণ্ডাভিয়াই আজি নেশ্যনেল ফাৰ্টিলাইজাৰ্চ লিমিটেড নাংগল(পাঞ্জাৱ) প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁ কোম্পানীটোৰ প্ৰগতিৰ পৰ্যবেক্ষণ কৰে আৰু দেশত সাৰৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে বিষয়াসকলে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লয়।

 

পৰিদৰ্শন কালত শ্ৰী মাণ্ডাভিয়াই উত্পাদন অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিয়ন্ত্ৰণ কক্ষলৈ গৈ মন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে। ৪০ বছৰ পুৰণি নাংগল প্ৰকল্পৰ সুন্দৰ উত্পাদন প্ৰদৰ্শনক তেওঁ প্ৰশংসা কৰে।

 

শ্ৰী মাণ্ডাভিয়াই নেশ্যনেল ফাৰ্টিলাইজাৰ্চ লিমিটেড নাংগল(পাঞ্জাৱ) প্ৰকল্পৰ গৱেষণা আৰু উন্নয়ন ফাৰ্মো পৰিদৰ্শন কৰে যত কৃষকসকলৰ বাবে মাটি পৰীক্ষাৰ সুবিধা বিস্তাৰ কৰাৰ বাহিৰেও কোম্পানীৰ দ্বাৰা উন্নত গুণসম্পন্ন বীজসমূহ তৈয়াৰ কৰা হয়। তেওঁ গৱেষণা আৰু উন্নয়ন ফাৰ্মত প্ৰগতিশীল কৃষকৰ এটা গোটৰ সৈতে মত বিনিময় কৰাৰ লগতে কিছুসংখ্যক কৃষকৰ মাজত ছইল হেল্থ কাৰ্ড বিতৰণ কৰে।

 

শ্ৰী মাণ্ডাভিয়াক এই পৰিদৰ্শন কালত গাৰ্ড অৱ অনাৰৰ সৈতে উষ্ম আদৰণি জনোৱা হয়। নাংগল ইউনিটৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী ভি এন দত্ত, সঞ্চালক(কাৰিকৰী)শ্ৰী নিৰলেপ সিং ৰায় আৰু ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক শ্ৰী ৰাকেশ মাৰ্কানে মন্ত্ৰীগৰাকীক আদৰি আনে।

 

নেশ্যনেল ফাৰ্টিলাইজাৰ্চ লিমিটেড নাংগল(পাঞ্জাৱ)প্ৰকল্পই বিভিন্ন ধৰণৰ ঔদ্যোগিক সামগ্ৰী যেনে ছডিয়াম নাইট্ৰেট, নাইট্ৰিক এচিড আদিৰ লগতে বছৰি প্ৰায় ৫লাখ মেট্ৰিক টন ইউৰিয়া উত্পাদন কৰে।নাংগল প্ৰকল্প দেশৰ ভিতৰতে অন্যতম পুৰণি সাৰ প্ৰকল্প।

 

 

******

RCJ/RKM/KG



(Release ID: 1653913) Visitor Counter : 142