মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আসন্ন ২০২০ত নতুন শিক্ষা নীতি গ্ৰহণৰ সংকল্পৰে 'স্কুল ইডুকেশ্বন ইন টুৱেণ্টীফাৰ্ষ্ট চেঞ্চুৰী' শীৰ্ষক দুদিনীয়া সমাৱৰ্তন সম্পন্ন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাষণ দিয়ে

Posted On: 11 SEP 2020 6:46PM by PIB Guwahati

শিক্ষক পৰ্ব ২০২০ৰ অংশ হিচাপে শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ''স্কুল ইডুকেশ্বন ইন টুৱেণ্টীফাৰ্ষ্ট চেঞ্চুৰী'' শীৰ্ষক এখন দুদিনীয়া সমাৱৰ্তনৰ আজি সামৰণি পৰে য'ত আসন্ন ২০২০ত নতুন শিক্ষা নীতি গ্ৰহণৰ সংকল্প লোৱা হয়। প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমাৱৰ্তনত নেচনেল ইডুকেশ্বন পলিচী ২০২০ৰ (এন ই পি-২০২০) অধীনত আজি দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ভাষণ দিয়ে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল; কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰে; উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী অমিত খাৰে; স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰী অনিতা কাৰৱালেও ইয়াত ভাগ লয়। অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি প্ৰধান মন্ত্ৰীয়ে ভাষণ দিয়াৰ পিছত শ্ৰীমতী অনিতা কাৰৱালে স্কুলীয়া শিক্ষাৰ সৈতে সম্পৰ্কযুক্ত নতুন শিক্ষা নীতি ২০২০ৰ ৰূপায়ণ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে।

 

পৰৱৰ্তী সময়ত নতুন শিক্ষা নীতি ২০২০ৰ বিভিন্ন বিষয়ৰ ওপৰত বিশেষজ্ঞৰ দ্বাৰা চাৰিখন কাৰিকৰী বৈঠকত আলোচনা কৰা হয়।

 

''প্ৰমোচন অফ ইণ্ডিয়ান লেংগুৱেজেছ'' শীৰ্ষক বিষয়ৰ ওপৰত প্ৰথমখন কাৰিকৰী বৈঠক অনুস্থিত হয়। বৈঠকৰ আঁত ধৰে উচ্চ শিক্ষা বিভাগৰ নিউ ইডুকেশ্বন পলিচী ড্ৰাফ্ট কমিটীৰ অ'এছডি ড৹ শ্বকিলা টি শ্বামছুৱে। দুজন বক্তা আছিল লেংগুৱেজ এণ্ড লাৰ্ণিং ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সঞ্চালক ড৹ ধীৰ ঝিমৰান আৰু চি আই আই এল মহীষুৰৰ দায়িত্ববাহী সঞ্চালক অধ্যাপক ডি জি ৰাও।

 

''হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড'' বিষয়ৰ ওপৰত পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত অধ্যক্ষতা কৰে ড৹ শ্বকিলা টি শ্বামছুৱে আৰু ভাষণ দিয়ে ড৹ অঞ্জু কাৱাৰ ছাজট আৰু নতুন দিল্লীৰ পুছা ৰোডৰ স্প্ৰিং ডীল্ছ স্কুলৰ অধ্যক্ষ ড৹ অমীতা এম ৱাট্টলে।

 

ড৹ শ্বকিলা টি শ্বামছুৱে সকলো অংশগ্ৰহণকাৰীকে স্বাগতম জনায় আৰু যুক্তিসংগত চিন্তা আৰু পদক্ষেপ গ্ৰহণ, সময়োপযোগী তপৰতা, সাহস আৰু প্ৰত্যাহ্বান গ্ৰহণৰ লগতে বৈজ্ঞানিক মানসিকতা আৰু সৃষ্টিশীল কল্পনাৰ বাবে সক্ষম ভাল মানুহ গঢ়ি তোলাটোৱেই নতুন শিক্ষা নীতিৰ প্ৰধান উদ্দেশ্য বুলি উল্লেখ কৰে। স্বীকৃতি প্ৰদান, চিনাক্তকৰণ, আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অদ্বিতীয় সক্ষমতাক কাৰ্যক্ষম কৰি তোলাটোৱেই এই কাৰ্যক্ৰমৰ উদ্দেশ্য বুলি ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে 'হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড' প্ৰাথমিকভাৱে সমন্বিত পাঠ্যক্ৰমক ফলদায়ক কৰি তোলাৰ উদ্দেশ্যে কাৰ্যকৰী কৰা হৈছে, শিক্ষণ ব্যৱস্থাক অভিজ্ঞতালৈ ৰূপান্তৰ কৰাৰ লগতে আনুষ্ঠানিক নিৰ্ধাৰণৰ বাবে প্ৰয়োগৰ দিহা কৰা হয়।

 

''আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড ইডুকেশ্বন'' শীৰ্ষক বিষয়ৰ ওপৰত পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হয়। বৈঠকৰ আঁত ধৰে এন ই পিৰ ড্ৰাফ্টিং কমিটীৰ সদস্য অধ্যাপক এম কে শ্ৰীধৰে। বৈঠকত দুজন বক্তা-আম্বেদকাৰ ইউনিভাৰছিটীৰ ড৹ বীনিতা কল আৰু এন চি ই আৰ টিৰ অধ্যাপক সুনীতি সানোৱালে তেওঁলোকৰ গৱেষণা আৰু অভিজ্ঞতাৰ ভিত্তিত বক্তব্য ৰাখে।

 

''ন' হাৰ্ড ছেপাৰেশ্যন'' শীৰ্ষক বিষয়ৰ ওপৰত পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হয়। বৈঠকৰ আঁত ধৰে চি বি এছ ইৰ অধ্যক্ষ শ্ৰী মনোজ আহুজাই। দুজন বক্তা আছিল ড্ৰাফ্ট এন ই পি কমিটীৰ সদস্য অধ্যাপক মঞ্জুল ভাৰ্গৱ আৰু দিল্লী ইউনিভাৰছিটীৰ চি আই ইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ চান্দ কিৰণ ছলুজা।

 

এন ই পি সম্পূৰ্ণ সমতা আৰু অন্তৰ্ভুক্তি আধাৰিত। ই সক্ষমতাৰ আধাৰত সু শাসন আৰু সবলীকৰণৰ জৰিয়তে উদ্ভাৱনী ক্ষমতা আৰু সীমাবদ্ধতাৰ বাহিৰত কৰা ধাৰণাবিলাকক উসাহিত কৰে। বিষয়ৰ অনুসন্ধানৰ ক্ষেত্ৰত এন ই পিয়ে ছাত্ৰ-ছাত্ৰীসকলক স্থিতিস্থাপকতাৰ জৰিয়তে সক্ষম কৰি তোলে। ই প্ৰতিটো শিশুৰ ভিতৰত লুকাই থকা প্ৰতিভা চিনাক্তকৰণৰ পোষকতা কৰে।

 

স্কুলীয়া শিক্ষা সম্পৰ্কীয় নতুন শিক্ষা নীতি ২০২০ৰ প্ৰয়োগ সন্দৰ্ভত চাবলৈ ইয়াত ক্লিক কৰক

 

******

 

MC/AKJ/AK



(Release ID: 1653539) Visitor Counter : 168


Read this release in: English , Urdu , Hindi , Tamil