উপ-ৰাষ্ট্ৰপতি সচিবালয়
প্ৰকৃতি সংৰক্ষণক জন আন্দোলনত পৰিণত কৰাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ
আমি উন্নয়নৰ দৃষ্টিভংগী এনেদৰে পুনৰ বিবেচনা কৰা প্ৰয়োজন, যাতে মানুহ আৰু প্ৰকৃতিয়ে সহাৱস্থান কৰাৰ লগতে একেলগে সমৃদ্ধ হয়ঃ উপ-ৰাষ্ট্ৰপতি
হিমালয় এক অমূল্য সম্পদৰ ভাণ্ডাৰ; আমি ইয়াক সংৰক্ষণ কৰিবই লাগিবঃ উপ-ৰাষ্ট্ৰপতি
হিমালয়ৰ হিমবাহ গলনৰ হাৰ বৃদ্ধিক লৈ উদ্বেদ প্ৰকাশ
যদি আমি আমাৰ প্ৰকৃতিক অৱহেলা কৰো বা অধিক শোষণ কৰো, আমি আমাৰ ভৱিষ্যতক বিপদৰ মাজলৈ ঠেলি দিমঃ উপ-ৰাষ্ট্ৰপতি
হিমাচলৰ পাদদেশৰ ৰাজ্যসমূহৰ অগ্ৰগতি উত্তম উপায় হিচাপে জৈৱিক কৃষি আৰু বহনক্ষম পৰ্যটনৰ পৰামৰ্শ উপ-ৰাষ্ট্ৰপতিৰ
হিমালয়ান দিৱস উপলক্ষে ৱেবিনাৰত ভাষণ
Posted On:
09 SEP 2020 5:45PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে প্ৰকৃতি সংৰক্ষণক জন আন্দোলনত পৰিণত কৰাৰ বাবে সকলো নাগৰিকক, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়৷
হিমালয়ান দিৱস উপলক্ষে আগবঢ়োৱা ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায় যে আমি উন্নয়নৰ দৃষ্টিভংগী এনেদৰে পুনৰ বিবেচনা কৰা প্ৰয়োজন, যাতে মানুহ আৰু প্ৰকৃতি সহাৱস্থান কৰাৰ লগতে একেলগে সমৃদ্ধ হয়৷
হিমালয় এক অমূল্য সম্পদৰ ভাণ্ডাৰ বুলি উল্লেখ কৰি শ্ৰী নাইডুৱে ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত জোৰ দিবলৈ আহ্বান জনায়৷ তেওঁ লগতে এক পান-হিমালয়ান উন্নয়নৰ কৌশল অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ, সংস্কৃতি আৰু পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰাৰো আহ্বান জনায়৷ ভয়ংকৰ হিমালয়ান পৰিস্থিতিতন্ত্ৰৰ বাবে অহা অৱক্ষয়ৰ ভাবুকিৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি উপ-ৰাষ্ট্ৰপতিয়ে পৰিৱেশ নষ্ট কৰি উন্নয়ন হোৱাটো অনুচিত বুলি জোৰ দিয়ে৷
তেওঁ সঘনে হোৱা প্ৰাকৃতিক দুৰ্যোগ, প্ৰকৃতিৰ প্ৰতি আমাৰ অসাৱধানতাৰ ফল বুলি উল্লেখ কৰে৷ হিমালয়ৰ পৰিৱেশ, অৰ্থনীতি আৰু সাংস্কৃতিক দিশৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই পৰ্বতমালাৰ অবিহনে ভাৰত এক শুকান মৰুভূমিত পৰিণত হ’ব৷
এই পৰ্বতমালাই কেৱল আমাৰ দেশকে মধ্য এছিয়াৰ পৰা অহা শীত আৰু শুষ্ক প্ৰৱাহৰ পৰা সুৰক্ষিত কৰি ৰখাই নহয়, বৰঞ্চ মৌচুমী বায়ুৰ বাধা দি উত্তৰ ভাৰতত অধিক বৃষ্টিপাত সম্ভৱ কৰি তুলিছে৷
হিমালয়ৰ পৰিস্থিতিতন্ত্ৰ ভূমিকা আলোকপাত কৰি শ্ৰী নাইডুৱে কয় যে ইয়াৰ ৫৪,০০০ হিমবাহ এছিয়াৰ ১০খন নদীৰ উৎস, যিটো অৰ্ধেক মানৱতাৰ আয়ুসৰেখা৷
উপ-ৰাষ্ট্ৰপতিয়ে গোলকীয় উষ্ণতাৰ বাবে হিমালয়ৰ হিমবাহ গলনৰ হাৰ বৃদ্ধিক লৈ উদ্বেদ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা খোৱাপানী, জলসিঞ্চন আৰু শক্তি প্ৰয়োজনীয়তাৰ বাবে পানীৰ ওপৰত নিৰ্ভৰশীল কোটি কোটি লোকৰ জীৱনত প্ৰভাৱিত কৰিব৷
উপ-ৰাষ্ট্ৰপতিয়ে সকিয়াই দিয়ে যে যদি আমি আমাৰ প্ৰকৃতিক অৱহেলা কৰো বা অধিক শোষণ কৰো, আমি আমাৰ ভৱিষ্যতক বিপদৰ মাজলৈ ঠেলি দিম৷
ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ হিমাচলৰ পাদদেশৰ ৰাজ্যসমূহৰ অগ্ৰগতি উত্তম উপায় হিচাপে জৈৱিক কৃষি আৰু বহনক্ষম পৰ্যটনৰ পৰামৰ্শ আগবঢ়ায়৷ তেওঁ এই ক্ষেত্ৰত ছিকিম, মেঘালয় আৰু উত্তৰাখণ্ডই গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷
তেওঁ লগতে কৃষকসকলে জৈৱিক কৃষি কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰ, বিজ্ঞানী আৰু বিশ্ববিদ্যালয়সমূহক গুৰুত্ব দিবলৈ আহ্বান জনায়৷
এই উপলক্ষে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে ‘সংসদ মে’ হিমালয়’ শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে৷
অনুষ্ঠানত ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু, বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, মুখ্য বৈজ্ঞানিক উপদেষ্টা বিজয় ৰাঘৱন, নিটী আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷
উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ মূলপাঠ চাবলৈ ইয়াত ক্লিক কৰক-The following is the full text of the speech: (Kindly see the attachment)
*********
VRRK/MS/MSY/DP/DB
(Release ID: 1652906)
Visitor Counter : 152