শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
শ্ৰী সন্তোষ কুমাৰ গংৱাৰে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ইপিএফ আৰু এমপি আইন,১৯৫২ৰ অধীনত অৰ্ধ-ন্যায়িক গোচৰৰ ভাৰ্চুৱেল শুনানি প্ৰক্ৰিয়া মুকলি কৰে
সৰ্বাধিক বীমাৰ সুবিধা বৰ্তমানৰ ৬লাখৰ পৰা ৭লাখলৈ বৃদ্ধি কৰিবলৈ কৰ্মচাৰী জমা লিংকড বীমা আঁচনিৰ সংশোধনত অনুমোদন
কেন্দ্ৰীয় বৰ্ডে ৩১ডিচেম্বৰ,২০২০ পৰ্যন্ত ইটিএফৰ বিক্ৰীৰ পৰা ৮.১৫ শতাংশ, ঋণ আয়ৰ পৰা ৮.১৫ শতাংশ আৰু বেলেন্সৰ ০.৩৫ শতাংশ(পুঁজিগত লাভ)ৰ সমান দৰৰ পৰামৰ্শ আগঢ়াইছে
ইপিএফৰ চিবিটিৰ ২২৭সংখ্যক বৈঠক সম্পন্ন
प्रविष्टि तिथि:
09 SEP 2020 4:51PM by PIB Guwahati
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংৱাৰৰ অধ্যক্ষতাত আজি ইপিএফৰ চেণ্ট্ৰেল ব’ৰ্ড অৱ ট্ৰাষ্টিছ(চিবিটি)ৰ ২২৭সংখ্যক বৈঠক সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অনুষ্ঠিত বৈঠকখনত গংৱাৰক সংগ দিয়ে শ্ৰম আৰু নিয়োগ বিভাগৰ সচিব শ্ৰী হীৰালাল ছামাৰিয়া, কেন্দ্ৰীয় ভৱিষ্যনিধি আয়ুক্ত শ্ৰী সুনীল বাৰ্থৱালে।
কেন্দ্ৰীয় ব’ৰ্ড বৈঠকৰ উল্লেখনীয় দিশসমূহ হ’লঃ
১ .শ্ৰী সন্তোষ কুমাৰ গংৱাৰে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ইপিএফ আৰু এমপি আইন,১৯৫২ৰ অধীনত অৰ্ধ-ন্যায়িক গোচৰৰ ভাৰ্চুৱেল শুনানি প্ৰক্ৰিয়া মুকলি কৰে।
২. সৰ্বাধিক বীমাৰ সুবিধা বৰ্তমানৰ ৬লাখৰ পৰা ৭লাখলৈ বৃদ্ধি কৰিবলৈ কৰ্মচাৰী জমা লিংকড বীমা আঁচনিৰ সংশোধনত অনুমোদন জনোৱা হয়।
৩.কোভিড-১৯ৰ ফলত সৃষ্টি হোৱা অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিকেন্দ্ৰীয় বৰ্ডে ৩১ডিচেম্বৰ,২০২০ পৰ্যন্ত ইটিএফৰ বিক্ৰীৰ পৰা ৮.১৫ শতাংশ, ঋণ আয়ৰ পৰা ৮.১৫ শতাংশ আৰু বেলেন্সৰ ০.৩৫ শতাংশ(পুঁজিগত লাভ)ৰ সমান দৰ নিৰ্ধাৰণৰ পৰামৰ্শ আগঢ়াইছে।
******
RCJ/IA/MS
(रिलीज़ आईडी: 1652903)
आगंतुक पटल : 149