কৃষি মন্ত্ৰালয়

প্ৰৱল চাহিদাৰ পৰিপ্ৰেক্ষিতত দেৱলালী-মুজাফ্ফৰপুৰ কিষাণ ৰেলৰ চলাচল ত্ৰি-সাপ্তাহিক লৈ বৃদ্ধি ঘোষণা ৰেলৱেৰ; আৰম্ভণিমূলক চলাচলৰপৰা প্ৰায় ৪ গুণ বৃদ্ধি ল’ডিং

চাংগ’লা-মনমাদ-ডাউণ্ড লিংক কিষাণ ৰেলো চলিব সপ্তাহত তিনিদিনকৈ

Posted On: 06 SEP 2020 11:42AM by PIB Guwahati

বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত, ০৮-৯-২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ দেৱলালী-মুজাফ্ফৰপুৰ দ্বি-সাপ্তাহিক কিষাণ ৰেলৰ চলাচল ত্ৰি-সাপ্তাহিকলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰেলৱেয়ে। কালি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই তথ্য অৱগত কৰি, কেন্দ্ৰীয় ৰেলৱেৰ জন সম্পৰ্ক বিভাগে কয় যে চিআৰে চাংগ’লা আৰু মনমাদৰ মাজত চলা লিংক কিষাণ ৰেলৰ চলাচলো দ্বি-সাপ্তাহিকৰপৰা ত্ৰি-সাপ্তাহিকলৈ বৃদ্ধি কৰিব যাক মনমাদত দেৱলালী-মুজাফ্ফৰপুৰ কিষাণ ৰেললৈ সংযুক্ত/বিচ্ছিন্ন কৰা হ’ব। সৱিশেষ তলত উল্লেখ কৰা ধৰণেঃ

ক। ০০১০৭/০০১০৮ দেৱলালী-মুজাফ্ফৰপুৰ-দেৱলালী কিষাণ ৰেল (ত্ৰি-সাপ্তাহিক)

বৰ্তমানে ৮-৯-২০২০ ৰপৰা ২৫-৯-২০২০ লৈ প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ১৮.০০ বজাত দেৱলালীৰপৰা ট্ৰেইন নং ০০১০৭ কিষাণ ৰেলে প্ৰস্থান কৰিব আৰু তৃতীয় দিনা ০৪.৪৫ বজাত মুজাফ্ফৰপুৰ জংচন গৈ পাব।

১০-০৯-২০২০ ৰপৰা ২৭-৯-২০২০ লৈ প্ৰতি বুহস্পতিবাৰ, শনিবাৰ আৰু সোমবাৰে ০৮.০০ বজাত মুজাফ্ফৰপুৰ জংচনৰপৰা ট্ৰেইন নং ০০১০৮ কিষাণ ৰেলে প্ৰস্থান কৰিব আৰু পৰৱৰ্তী দিনা ১৩.০০ বজাত মনমাদ আহি পাব।

অৱস্থানঃ নাছিক ৰোড (মাত্ৰ ০০১০৭ৰ বাবে), মনমাদ, জলগাঁও (মাত্ৰ ০০১০৭ৰ বাবে), ভূচাভল, বুৰ্হানপুৰ, খান্দৱা, হাৰ্দা, ইটাৰ্চী, পিপাৰিয়া (মাত্ৰ ০০১০৭ৰ বাবে), গডৰৱাৰা (মাত্ৰ ০০১০৭ৰ বাবে), নৰসিংপুৰ (মাত্ৰ ০০১০৭ৰ বাবে), জবলপুৰ, কাটনি, চাটনা, মানিকপুৰ, প্ৰয়াগৰাজ চ্ছেয়কি, পণ্ডিত দীন দয়াল উপাধ্যায় জংচন, বুক্সাৰ আৰু দানাপুৰ।

সংযোজনঃ এই ট্ৰেইনখনত দেৱলালীৰপৰা ৫ খন পাৰ্চেল ভেন থাকিব।

খ। ০০১০৯/০০১১০ চাংগ’লা-মনমাদ-ডাউণ্ড (ত্ৰি-সাপ্তাহিক) লিংক কিষাণ ৰেল

৮-৯-২০২০ ৰপৰা ২৫-৯-২০২০ লৈ প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ০৮.০০ বজাত চাংগ’লাৰপৰা ট্ৰেইন নং ০০১০৯ লিংক কিষাণ ৰেলে প্ৰস্থান কৰিব আৰু একেদিনাই ১৮.৩০ বজাত মনমাদ গৈ পাব।

১১-০৯-২০২০ ৰপৰা ২৮-০৯-২০২০ লৈ প্ৰতি শুকুৰবাৰ, দেওবাৰ আৰু মঙলবাৰে ১৪.০০ বজাত মনমাদৰপৰা ট্ৰেইন নং ০০১১০ লিংক কিষাণ ৰেলে প্ৰস্থান কৰিব আৰু একেদিনাই ১৮.১৫ বজাত ডাউণ্ড আহি পাব।

অৱস্থানঃ ০০১০৯ ৰ বাবে - পান্ধাৰপুৰ, কুৰডুৱাডি, ডাউণ্ড, বেলভাণ্ডি, আহমেদনগৰ, বেলাপুৰ, ক’পাৰগাঁও, ০০১১০ৰ বাবে – আহমেদনগৰ।

আৰম্ভণিৰ দিনা (৭-৮-২০২০) কিষাণ ৰেলৰ ল’ডিং আছিল ৯০.৯২ টন, ১৪-৮-২০২০ত ৯৯.৯১ টন; ২১-৮-২০২০ত ২৩৫.৪৪ টন। ২৫-৮-২০২০ৰপৰা চলাচল দ্বি-সাপ্তাহিক হিচাপে বৃদ্ধি কৰোতে ল’ডিং আছিল ২৭৩.৭৪ টন; ২৮-৮-২০২০ত ২৭৭.৬৪ টন আৰু ১-৯-২০২০ত ৩৫৪.২৯ টন। এতিয়া, চলাচল বৃদ্ধিৰে, ল’ডিঙত বৃদ্ধিৰ প্ৰৱণতা আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা আছে।

*****

APS/SG/SB


(Release ID: 1651808)