বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিশাল তাৰকা গঠনৰ অবক্ষয়ত বামন তাৰকাৰাজ্যত লুকাই থকা ৰহস্য ভেদ এআৰআইইএছ ৰ নক্ষত্ৰবিজ্ঞানীৰ

Posted On: 24 AUG 2020 12:14PM by PIB Guwahati

বিশ্ব-ব্ৰহ্মাণ্ডৰ লক্ষ কোটি তাৰকাৰাজ্যৰ ভিতৰত, ইয়াৰ এক বৃহৎ সংখ্যক আমাৰ নিজা তাৰকাৰাজ্য হাতীপটিতকৈ ১০০ গুণ কম ক্ষুদ্ৰ। বামন তাৰকাৰাজ্য হিচাপে অভিহিত অতিশয় ক্ষুদ্ৰাতিক্ষুদ্ৰ এইসমূহে যেতিয়া এখন ডাঙৰ তাৰকাৰাজ্যতকৈ অধিক মন্থৰ হাৰেৰে গঠিত হয়, কিছুমান বামন তাৰকাৰাজ্যই হাতীপটি তাৰকাৰাজ্যতকৈ ১০-১০০ গুণ অধিক ভৰ-সাধাৰণীকৰণ হাৰ (mass-normalized rate)ত নতুন তাৰকা গঠন কৰাটো পৰিলক্ষিত হয়। অৱশ্যে, এই পৰিঘটনাসমূহ, কেইবা নিযুত বছৰতকৈ বেছি সময় ধৰি নাথাকে, যি সময় এই তাৰকাৰাজ্যসমূহৰ বয়সতকৈ বহু পৰিমাণে চুটি সাধাৰণতে কেইবা নিযুত বৰ্ষ।

দুটা ভাৰতীয় দূৰবীণ ব্যৱহাৰ কৰি এনে কেইবাটাও তাৰকাৰাজ্য পৰ্যবেক্ষণ কৰি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে উক্ত তাৰকাৰাজ্যসমূহৰ এনে আচৰিত আচৰণৰ মূলতে হৈছে এই তাৰকাৰাজ্যসমূহত হাইড্ৰ’জেন বিতৰণৰ ব্যাঘাত আৰু শেহতীয়া দুই তাৰকাৰাজ্যৰ মাজৰ সংঘৰ্ষ।

বামন তাৰকাৰাজ্যত তৰা গঠনৰ প্ৰকৃতি বুজিবলৈ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি (ডিএছটি)ৰ স্বতন্ত্ৰ সংস্থা আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অৱজাৰভেশ্যনেল চায়েন্স (এআৰআইইএছ)ৰ নক্ষত্ৰবিজ্ঞানী ডঃ অমিতেষ ওমৰ আৰু তেওঁৰ প্ৰাক্তন ছাত্ৰ ডঃ সুমিত জয়ছোৱালে নাইনিতালৰ সমীপত ১.৩- মিটাৰ দেভাষ্টাল ফাষ্ট অপ্টিকেল টেলিস্ক’প (ডিএফঅ’টি) আৰু জায়েন্ট মিটাৰ ৱেভ ৰেডিঅ’ টেলিস্ক’প (জিএমআৰটি) ব্যৱহাৰ কৰি এনে বহু তাৰকাৰাজ্য পৰ্যবেক্ষণ কৰে। তেওঁ আয়নযুক্ত হাইড্ৰ’জেনৰপৰা উদ্ভূত অপ্টিকেল লাইন চিনাক্ত কৰিবলৈ অপটিকেল ৱেভলেংগ ছেনচিটিভ চালিত কৰে, পৰৱৰ্তী সময়ত তাৰকাৰাজ্যসমূহৰ নিৰপেক্ষ হাইড্ৰ’জেনৰপৰা ১৪২০.৪০ মেগাহাৰ্জত স্পেকট্ৰেল লাইন ৰেডিয়েশ্যনৰ জৰিয়তে ছাৰ্প ইন্টাৰফাৰ’মেট্ৰিক ইমেজ আহি পৰে আৰু ৪৫-মিটাৰ ব্যাসৰ ৩০ খন ডিছৰ প্ৰত্যেকেই টেণ্ডেমত ক্ৰিয়া কৰে।

তাৰকাৰাজ্যত অধিক হাৰত তৰা গঠনৰ অৰ্থে অধিক উচ্চ ঘনত্বৰ হাইড্ৰ’জেনৰ প্ৰয়োজন হয়। এআৰআইইএছ ৰ টীমটোৱে কৰা অধ্যয়ন অনুসৰি, বহু ক্ষীপ্ৰ তৰা-গঠনকাৰী বামন শ্ৰেণীৰ তাৰকাৰাজ্যৰ ১৪২০.৪০ মেগাহাৰ্জ ইমেজে এই তাৰকাৰাজ্যসমূহত হাইড্ৰ’জেনৰ যে অতি হীন-দেৰি ঘটিছে সেয়া সূচিত কৰে। তাৰকাৰাজ্যসমূহৰ সু-সংহত কক্ষপথত হাইড্ৰ’জেনৰ প্ৰায় প্ৰতিসাম্য বিতৰণ আশা কৰাৰ বিপৰীতে, এই বামন শ্ৰেণীৰ তাৰকাৰাজ্যসমূহত হাইড্ৰ’জেনৰ অনিয়মীয়া উপস্থিতি পৰিলক্ষিত হয় আৰু প্ৰায়ে সু-সংহত কক্ষপথত পৰিভ্ৰমণ নকৰা অৱস্থাত পোৱা হয়। এই তাৰকাৰাজ্যসমূহৰ চৌপাশে থকা কিছুমান হাইড্ৰ’জেনক বিচ্ছিন্ন মেঘ, শিখা আৰু পুচ্ছ হিচাপেও চিনাক্ত কৰা হয়। ইয়াৰ জৰিয়তে এইটোৱেই নিৰ্ণয় হয় যে আন কোনো তাৰকাৰাজ্য শেহতীয়াভাৱে ধ্বংসপ্ৰাপ্ত হৈছে বা ইয়াৰ মাজতে বিস্ফোৰিত হৈছে আৰু তাৰকাৰাজ্যসমূহৰ চৌপাশে ধ্বংসাৱশেষ হিচাপে গেছসমূহ বিয়পি পৰিছে। এই অপ্টিকেল মৰ্ফ’ল’জিয়ে কেতিয়াবা কেন্দ্ৰীয় অঞ্চলত আয়নযুক্ত হাইড্ৰ’জেনৰ উচ্চ ঘনত্ব আৰু বহু নিউক্লিয় মুক্ত কৰে। তদুপৰি তাৰকাৰাজ্যৰ পাৰস্পৰিক সংঘৰ্ষ প্ৰত্যক্ষভাৱে চিনাক্ত কৰিব পৰা নাযায়, ৰেডিঅ’ আৰু অপ্টিকেল ইমাজিঙৰ জৰিয়তে ইয়াৰ বহু লক্ষণ আহৰণ কৰা হৈছে আৰু ইয়ে অধ্যয়নটো সমৃদ্ধ কৰাত সহায় কৰিছে। সেয়েহে, এই গৱেষণাটোৱে পৰামৰ্শ আগবঢ়াই কয় যে দুটা তাৰকাৰাজ্যৰ শেহতীয়া সংঘৰ্ষই এই তাৰকাৰাজ্যসমূহত ক্ষীপ্ৰ তৰা গঠনত ইন্ধন যোগায়।

এই গৱেষণাৰ ফলাফলসমূহ ৰয়েল এষ্ট্ৰ’নমিকেল ছ’চাইটি, ইউকেৰদ্বাৰা প্ৰকাশিত মন্থলী নটিচেছ অৱ ৰয়েল এষ্ট্ৰ’নমিকেল ’চাইটি (এমএনআৰএএছ) পত্ৰিকাৰ অহা সংখ্যাত ১৩ তাৰকাৰাজ্যৰ বিস্তৃত আলোকচিত্ৰসহ প্ৰকাশ পাব। ই তৰা গঠন আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ কম বিশাল তাৰকাৰাজ্যসমূহৰ বিৱৰ্তন সন্দৰ্ভত বুজাত নক্ষত্ৰবিজ্ঞানীসকলৰ সহায়ক হৈ উঠিব বুলি আশা কৰা হৈছে।

[পাব্লিকেশ্যন লিংকঃ http://arxiv.org/abs/2008.04528.

অধিক জানিবলৈ, ডঃ অমিতেষ ওমৰৰ সৈতে যোগাযোগ কৰিব পাৰে ইমেইলঃ aomar@aries.res.in ৰ জৰিয়তে]

*****

NB/KGS(DST Media Cell)/SB



(Release ID: 1648378) Visitor Counter : 180