বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মাইক্ৰ’স্কপিৰ অগ্ৰগতিয়ে গতিশক্তিৰ জটিল প্ৰশ্নসমূহৰ বিষয়ে অধ্যয়নত সহায় কৰিছেঃ অধ্যাপক বিজয় ৰাঘৱণ

Posted On: 12 AUG 2020 1:08PM by PIB Guwahati

ভাৰত চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা অধ্যাপক কে. বিজয় ৰাঘৱণে মাইক্ৰ’স্কপিৰ অগ্ৰগতিয়ে চলন আৰু উৰণৰ জটিল প্ৰশ্নসমূহৰ বিষয়ে অধ্যয়নত কিদৰে সহায় কৰিছে তাৰ উল্লেখ কৰি ই আমাক কোষসমূহৰ কাৰ্যকাৰিতাৰ সমান্তৰালভাৱে ইয়াৰ সূক্ষ্ম বিভাজন প্ৰত্যক্ষ কৰাত সহায় আৰু কোষসমূহৰ নিৰ্দিষ্ট উপাদানসমূহ প্ৰকাশ কৰি দেখুৱাইছে বুলি কয়। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আইআইএ)ৰ প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰি তেওঁ এইদৰে কয়।

নিৰীক্ষণকাৰী সা-সৰঞ্জামসমূহৰ অগ্ৰগতিয়ে আমাক পৰীক্ষা-নিৰীক্ষা, জিনগতভাৱে কোষসমূহৰ অপসাৰণ, কোষৰ উপাদানসমূহৰ ধ্বংস আৰু ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাত সহায় আগবঢ়াইছে আৰু ‘লছ অৱ ফাংছন’ আৰু ‘গেইন অৱ ফাংছন’ প্ৰযুক্তিৰপৰা আৰু অধিক নিষ্পন্ন কৰিব পাৰি।”, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আইআইএ) ৰ ৫০ বছৰ পূৰ্তিত ভাৰ্চুৱেল ধৰণৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ‘দ্য ডেভলপমেন্ট অৱ লকমশ্যন’ শীৰ্ষক ভাষণ প্ৰদান কৰিয়ে অধ্যাপক কে. বিজয় ৰাঘৱণে এনেদৰে কয়।

তেওঁ কৰা পৰীক্ষাৰ উদ্ধৃতিৰে, তেওঁ লগতে কয় যে যোৱা বিশটা বছৰত, নিৰীক্ষণকাৰী সা-সঁজুলিসমূহৰ ব্যাপক অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত কোনোৱে পতংগ এটা ফালি লৈ তাৰ ভিতৰত কি ঘটি আছে সেয়া পৰ্যবেক্ষণ কৰিব পাৰে। তদুপৰি, ভিন্ন উপাদানসমূহ দৃষ্টিগোচৰ কৰিবলৈ ভিন্ন প্ৰকাৰৰ ৰং আৰু লেৱেল ব্যৱহাৰ কৰিব পাৰি, ভিন্ন বৰ্ণালীৰ পৰ্যবেক্ষণ জ্যোতিৰ্বিদ্যাৰ দৰে ই একে।

অধ্যাপক বিজয় ৰাঘৱণে কয় যে গতিশক্তি বা চলন হৈছে স্নায়ুতন্ত্ৰলব্ধ ফল যিয়ে আমাৰ চৌপাশৰপৰা আমি আহৰণ কৰা তথ্যৰ প্ৰতিক্ৰিয়া জন্মায় আৰু আমি কিদৰে ইয়াক গ্ৰহণ কৰো আৰু আমাৰ মগজু আৰু মেৰুদণ্ডলৈ প্ৰকৰণ কৰো তাৰ ওপৰত ই নিৰ্ভৰশীল।

বিস্তাৰিতভাৱে তেওঁ কয় যে নিৰ্দেশসমূহৰ সংযোগতে যথেষ্ট পৰিমাণে কাম কৰা হয় যিয়ে চলনক নিয়ন্ত্ৰণ কৰে। আন এটা কথা হৈছে যে ইয়াক যোৱা ২০ টা বছৰে গুৰুত্ব প্ৰদান কৰি অহা হৈছে।চলনৰ কিদৰে বিকাশ ঘটেবাকেনেকৈ এটা বান্দৰ পোৱালিয়ে জন্ম পায়েই চৌপাশে দৌৰি ফুৰিব পাৰে ইয়াৰ বিপৰীতে মানুহে কিয় নোৱাৰে’। একেদৰে, চলনৰ সামৰ্থ্য কিদৰে জন্মে আৰু বাস্তৱ জগতৰে ইয়াৰ মোকাবিলা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰি অহা হৈছিল।এই প্ৰশ্নসমূহৰ উত্তৰ স্নায়ুতন্ত্ৰ, পেশী, টেণ্ডন, মগজুলৈ সংযোগ আদি ভিন্ন মাত্ৰাসমূহত চলনৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ বিভাজনতে নিহিত হৈ আছে” আৰু তেওঁ এটা অট’ম’বাইল ফেক্টৰীত কিদৰে বহু মাত্ৰাৰ প্ৰস্তুত হয় বুলি উল্লেখ কৰি কয় যে ইয়াত সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ ভিন্ন অংশ প্ৰস্তুত কৰা যায় আৰু আন অংশসমূহৰে সংযোগ কৰাতে পাৰস্পৰিক ক্ৰিয়া সম্ভৱ হৈ উঠে।

অধ্যাপক বিজয় ৰাঘৱণে জীৱ বিজ্ঞানৰ দুই মূল তত্ত্ব- প্ৰাকৃতিক বাছনিৰদ্বাৰা বিবৰ্তন তত্ত্ব আৰু ডিএনএৰ সূত্ৰৰে এই গ্ৰহটোত কিদৰে ৰসায়নক সংযোজিত কৰিব পাৰি তাৰ ধাৰণাই এটা জীৱ সন্দৰ্ভত বুজি পোৱাত সহায় কৰিছে বুলি কয়।ফ্ৰুইট ফ্লাই সন্দৰ্ভত অধ্যয়নে ভিন্ন পৰিঘটনাসমূহ যেনে সহজাত ইমিউনিটি বুজি পোৱাত বিশেষভাৱে সহায় কৰে কিয়নো ফ্ৰুইট ফ্লাইৰ টুলকিটটোকে মানৱৰ কাৰণেও ব্যৱহাৰ কৰা হয়। ’ত সা-সামগ্ৰী আৰু নীতি ৰূপায়ণৰ মাত্ৰা সলনি হয়, কিন্তু নীতিটো একে হৈ থাকে,” তেওঁ উল্লেখ কৰে।

*****

NB/KGS/(DST Media Cell)/SB



(Release ID: 1645398) Visitor Counter : 82