শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ঔদ্যোগিক কৰ্মীৰ বাবে উপভোক্তা মূল্য সূচ্যাংক (চিপিআই-আইডব্লিউ) - জুন ২০২০
Posted On:
31 JUL 2020 5:32PM by PIB Guwahati
ঔদ্যোগিক ভাবে গুৰুত্বপূৰ্ণ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৮টা কেন্দ্ৰৰ ২৮৯খন বিপণন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা কেতবোৰ বিশেষ সামগ্ৰীৰ খুচুৰা মূল্যৰ ভিত্তিত ‘শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়’ৰে সংলগ্ন ‘শ্ৰম ব্যুৰো’-য়ে ঔদ্যোগিক কৰ্মীৰ বাবে প্ৰতিমাহে মূল্য সূচ্যাংক যুগুতাই উলিয়ায়। নিৰ্দিষ্ট মাহৰ পৰৱৰ্তি মাহটোৰ শেষ কৰ্মদিনটোত এই সূচ্যাংক যোষণা কৰা হয়। সেই অনুসৰি জুন ২০২০ৰ বাবে মূল্য সূচ্যাংক আজি ঘোষণা কৰা হৈছে।
তথ্য মতে, জুন ২০২০ৰ বাবে ‘ঔদ্যোগিক কৰ্মীৰ সদৌ ভাৰত মূল্য সূচ্যাংক’(চিপিআই-আইডব্লিউ) ২পয়ণ্টৰে বৃদ্ধি পাইছে আৰু ই ৩৩২(তিনিশ বত্ৰিশ)ত উপনীত হৈছেগৈ। যোৱা এটা মাহত অৰ্থাত্ মে’ আৰু জুন মাহৰ মাজৰ সময়খিনিত এই বৃদ্ধিৰ শতাংশ হাৰ(+)০.৬১শতাংশ বুলি ঠাৱৰ কৰা হৈছে। যোৱা বছৰৰ এই একেচোৱা সময়ৰ তুলনাত ইয়াৰ হাৰ(+)০.৬৪শতাংশ অধিক বুলি তথ্য নিশ্চিত কৰা হৈছে।
শেহতীয়া সূচ্যাংকৰ ইতিবাচক উথ্থান নিশ্চিত কৰাৰ ক্ষেত্ৰত চাউল, বাদাম তেল, মাছ, ছাগলীৰ মাংস, মুৰ্গী, ম’হৰ গাখীৰ, বেঙেনা, ফুলকবি, ধনীয়া পাত, আলু, বিলাহী, পৰিশ্ৰুত সুৰা, ৰন্ধন গেছ, পেট্ৰোল ইত্যাদিৰ দৰে খাদ্য আৰু আনুষংগিক সামগ্ৰীয়ে সৰ্বাধিক (+)৬৫শতাংশ ভূমিকা পালন কৰিছিল। অৱশ্যে, আটা, ৰহৰ দাইল, নহৰু, পিয়াজ, আৰুম, নাৰিকল, ভেন্দি, নেমু, আম, কেৰাচিন তেল আদিৰ দৰে সামগ্ৰীয়ে এই উথ্থানৰ বাটত নেতিবাচক চাপৰ সৃষ্টি কৰাটো পৰিলক্ষিত হৈছিল।
Y-o-Y চিপিআই-আইডব্লিউ ভিত্তিত মুদ্ৰাস্ফীতি (খাদ্য আৰু সাধাৰণ সূচী)

সদৌ ভাৰত চিপিআই-আইডব্লিউ
ক্ৰমিক
নং
|
গোট
|
জুন, 2019
|
মে’, 2020
|
জুন, 2020
|
I
|
খাদ্য গোট
|
328
|
342
|
346
|
II
|
পাণ, চুপাৰি, ধঁপাত আৰু ধঁপাতৰে প্ৰস্তুত সামগ্ৰী
|
389
|
401
|
404
|
III
|
ইন্ধন আৰু লাইট
|
277
|
295
|
297
|
IV
|
গৃহ নিৰ্মাণ
|
421
|
450
|
450
|
V
|
সাজ-পোছাক, বিচনা-পত্ৰ আৰু জোতা-চেণ্ডেল
|
225
|
229
|
229
|
VI
|
অন্যন্য
|
252
|
256
|
257
|
|
সাধাৰণ সূচ্যাংক
|
316
|
330
|
332
|
চিপিআই-আইডব্লিউ-খাদ্য আৰু সাধাৰণ সূচী

*****
RCJ/SKP/IA/KB
(Release ID: 1642710)