উপ-ৰাষ্ট্ৰপতি সচিবালয়

অনলাইন শিকণ কাৰ্যক্ৰমত যোগ-শিক্ষাক অন্তৰ্ভুক্ত কৰিবলৈ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতিয়ে

মহামাৰীয়ে আমাৰ জীৱনত সৃষ্টি কৰা প্ৰচণ্ড চাপ প্ৰশমিত কৰাৰ ক্ষেত্ৰত যোগ হ’ব পাৰে প্ৰভাৱশালী সমাধানসূত্ৰ : উপ ৰাষ্ট্ৰপতি
সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগ হৈছে তুলনামূলক ভাবে কম শংকাযুক্ত অথচ অধিক লাভদায়ক এক উত্কৃষ্ট প্ৰয়াস

যোগ হৈছে পৃথিৱীলৈ ভাৰতে আগবঢ়োৱা অনন্য উপহাৰ : উপ ৰাষ্ট্ৰপতিৰ অভিমত
জন-স্বাস্থ্যৰ কল্যাণসাধনৰ সমাধানসূত্ৰ হিচাপে থকা যোগৰ বিপুল সম্ভাৱনীতাসমূহৰ সন্দৰ্ভত

অধিক অনুসন্ধান কৰাৰ বাবে বিশাল পৰিসৰৰ বৈজ্ঞানিক চিন্তা-চৰ্চাত মনোনিৱেশৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

হতাশা, উত্তেজনা আৰু মানসিক চাপৰ দৰে সমস্যাৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত যোগ-য়ে প্ৰভাৱশালী ভাবে সহায় কৰিব পাৰে

‘স্পিক মেকেই’-ৰ ‘ডিজিটেল যোগ আৰু প্ৰাণায়াম শিবিৰ’ত উপ ৰাষ্ট্ৰপতিৰ ভাষণ

Posted On: 21 JUN 2020 10:05AM by PIB Guwahati

অনলাইন শিকণ কাৰ্যক্ৰমত যোগ-শিক্ষাক অন্তৰ্ভূক্ত কৰিবলৈ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে। ক’ভিড-১৯ মহামাৰিয়ে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিত দেশৰ শিক্ষানুষ্ঠানসমূহে আৰম্ভ কৰা অনলাইন শিকণ পদ্ধতিত যোগ-ৰ শিক্ষাও অন্তৰ্ভুক্ত হোৱা উচিত বুলি মন্তব্য কৰা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ ক্ষেত্ৰত যোগ-ক অন্যতম উত্কৃষ্ট বিকল্প বুলি উল্লেখ কৰে।

‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উপলক্ষে আয়োজিত ‘স্পিক মেকেই’-ৰ ‘ডিজিটেল যোগ আৰু প্ৰাণায়াম শিবিৰ’ত ভাষণ প্ৰদান কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘যোগ হৈছে পৃথিৱীলৈ ভাৰতে আগবঢ়োৱা অনন্য উপহাৰ’। ভাৰতৰ এই উপহাৰে সফলতাৰে পৃথিৱীৰ লাখ লাখ লোকৰ জীৱনলৈ ৰূপান্তৰৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে।

ভাষণ প্ৰসংগত শিশুসকলক কুমলীয়া বয়সতে যোগৰ শিক্ষা প্ৰদান কৰা উচিত বুলি পৰামৰ্শ আগবঢ়োৱা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউনিচেফ-য়ে ইতিমধ্যে ১৩টা যোগাভ্যাসৰ এক সংগ্ৰহক শিশুসকলৰ উপযোগী বুলি তালিকাভুক্ত কৰা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে

প্ৰসংগক্ৰমে তেওঁ যোগ-ৰ ৫০০০বছৰীয়া পৰম্পৰাৰ কথা উল্লেখ কৰি কয় যে, এয়া কেৱল এলানি কচৰতেই নহয়, বৰং মনৰ সন্তুলন স্থাপন, আত্ম-প্ৰত্যয় লাভ, আন্তৰিকতাৰ অনুভৱ, সৌম্যতা, প্ৰশান্তি আৰু ঐক্যতা স্থাপনৰ অনুপ্ৰেৰণা সৃষ্টিক গুৰুত্ব প্ৰদান কৰা এয়া এক বিজ্ঞানহে। যোগ-ৰ বিভিন্ন ভাগ যেনে-আসন, শ্বাস-প্ৰশ্বাসৰ অনুশীলন আৰু প্ৰাণায়ামসমূহৰ সামূহিক প্ৰয়াসেৰে মানৱ শৰীৰ আৰু মনলৈ এক ইতিবাচক ৰূপান্তৰৰ অনাবিল জোৱাৰ নমাই আনিব পাৰি বুলিও তেওঁ উল্লেখ কৰে।

জন-স্বাস্থ্যৰ কল্যাণসাধনৰ সমাধানসূত্ৰ হিচাপে থকা যোগৰ বিপুল সম্ভাৱনীতাসমূহৰ সন্দৰ্ভত অধিক অনুসন্ধান কৰাৰ বাবে বিশাল পৰিসৰৰ বৈজ্ঞানিক চিন্তা-চৰ্চাত মনোনিৱেশ কৰাৰো আহ্বান জনায় উপ ৰাষ্ট্ৰপতিয়ে। ৰোগৰ নিদান, চিকিত্সাৰ সাধন হিচাপে ইতিমধ্যে যোগ-য়ে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে শ্ৰী নাইডুৱে। তেওঁ কয় যে ইতিমধ্যে সম্পন্ন হোৱা বিভিন্ন অধ্যয়নৰ বিভিন্ন তথ্যই যোগ-য়ে বহু ৰোগ নিৰাময় কৰিব পৰাৰ সামৰ্থ্য থকাৰ কথা প্ৰতিপন্ন কৰিছে।

মানুহৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ ওপৰত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ প্ৰসংগ উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘পৃথিৱীয়ে আজি প্ৰত্যাহ্বানপূৰ্ণ সময়-কাল অতিক্ৰম কৰিবলগীয়া হৈছে আৰু এই সময়ত আমি হেলাৰঙে মহামাৰীক আমাৰ ওপৰত ৰাজত্ব চলাবলৈ এৰি দিব নোৱাৰো। আমি সকলো একত্ৰিত হৈ শক্তিশালী ভাবে ইয়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা উচিত আৰু তাৰ বাবে আমি যে শাৰিৰীক আৰু মানসিক ভাবে সুস্থ হৈ আছো সেয়া নিশ্চিত কৰিব লাগিব’।

মহামাৰীয়ে আমাৰ জীৱনত সৃষ্টি কৰা প্ৰচণ্ড চাপ প্ৰশমিত কৰাৰ ক্ষেত্ৰত যোগ প্ৰভাৱশালী সমাধানসূত্ৰ হ’ব পাৰে বুলি উল্লেখ কৰা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগ তুলনামূলক ভাবে কম শংকাযুক্ত অথচ অধিক লাভদায়ক এক উত্কৃষ্ট প্ৰয়াস বুলি মন্তব্য কৰে। তেওঁ সকলোৰে কল্যাণৰ বাবে যোগ-য়ে সৃষ্টি কৰিব পৰা সম্ভাৱনীয়তাসমূহক উজ্জীৱিত কৰাৰ পোষকতা কৰে।

****

VRRK/MS/MSY/DP/KB



(Release ID: 1633251) Visitor Counter : 239