প্ৰতিৰক্ষা মন্ত্ৰালয়
অ’পাৰেশ্যন সমূদ্ৰ সেতু- শ্ৰীলঙ্কাৰপৰা ভাৰতীয় নাগৰিকক লৈ তুতিকৰিণত উপস্থিত আই এন এছ জলস্ব
प्रविष्टि तिथि:
02 JUN 2020 7:11PM by PIB Guwahati
ভাৰতীয় নৌ সোনাই অ’পাৰেশ্যন সমূদ্ৰ সেতুৰ বাবে নিয়োগ কৰা আই এন এছ জলস্ব ২ জুন, ২০২০ তাৰিখে শ্ৰীলঙ্কাৰ কলম্বোৰ পৰা ৬৮৫ জন ভাৰতীয় নাগৰিকক লৈ তুতিকৰিণত উপস্থিত হৈছে।
শ্ৰীলঙ্কাৰ ইণ্ডিয়ান মিশ্যনে এই নাগৰিকসকলক জাহাজেৰে অহাৰ সুবিধা কৰি দিছিল। যাত্ৰীসকলক প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ পিছতহে জাহাজত উঠিবলৈ দিয়া হৈছিল আৰু ক’ভিড সংক্ৰান্তীয় সকলো সুৰক্ষা বিধি মানি তেওঁলোকে সমগ্ৰ সাগৰীয় পথ অতিক্ৰম কৰিলে।
শ্ৰীলঙ্কাৰ পৰা অহা ব্যক্তিসকলক তুতিকৰিণত স্থানীয় কৰ্তৃপক্ষই আদৰণি জনাই প্ৰয়োজনসাপেক্ষে থকাৰ ব্যৱস্থা, স্থাস্থ্য পৰীক্ষণ, প্ৰব্ৰজন আৰু পৰিৱহণৰ ব্যৱস্থা কৰি দিয়ে।
এই পদক্ষেপৰ সৈতে ভাৰতীয় নৌ সেনাই মালদ্বীপ (১৪৮৮) আৰু শ্ৰীলঙ্কাৰ (৬৮৫) পৰা মহামাৰীৰ সময়ত মুঠ ২১৭৩ জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিছে।
আই এন এছ জলস্ব ৫ জুন, ২০২০ তাৰিখে প্ৰায় ৭০০ ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিবলৈ মালদ্বীপলৈ ৰাওনা হ’ব।
VM/ MS/PRK
(रिलीज़ आईडी: 1628946)
आगंतुक पटल : 199