বিত্ত মন্ত্ৰালয়

বৰ্তমানৰ “আংশিক ঋণ নিশ্চিতকৰণ আঁচনি(পিচিজিএছ)”ৰ সংশোধনত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 20 MAY 2020 2:32PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ৰাষ্ট্রীয়কৃত বেংকৰ দ্বাৰা এনবিএফচি/অতিক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জাৰি কৰা আংশিক ঋণ নিশ্চিয়তা আঁচনিৰ ম্যাদ প্রাথমিক অৱস্থাত এক বছৰলৈকে বৃদ্ধিৰ লগতে বাণিজ্যিক পত্ৰ ক্ৰয় কৰাৰ ক্ষেত্রত প্রাথমিক ক্ষতিৰ ২০ শতাংশলৈকে কার্যকৰী/অক্ষুন্ন প’র্টফলিঅ’ গেৰাণ্টীত অনুমোদন জনাইছে৷

 

কেবিনেটৰ বর্তমানৰ আংশিক ঋণ নিশ্চয়তা আঁচনিত গোষ্ঠী সম্পদ ক্ৰয়ৰ ক্ষেত্রত সংশোধনীতো অনুমোদন জনাইছে আৰু ইয়াৰ আওঁতা বৃদ্ধি পাইছে৷

গোষ্ঠী সম্পদ ক্ৰয় কৰাৰ ক্ষেত্রত আংশিক ঋণ নিশ্চিত আঁচনি ৩১ মার্চ, ২০২১লৈকে বৃদ্ধি কৰা হৈছে৷

 

ক’ভিড-১৯ৰ বাবে ঘোষণা কৰা লকডাউনৰ ক্ষেত্রত নতুনকৈ ঋণ দান আৰু ঋণ ঘুৰাই অনাৰ ক্ষেত্রত বিভিন্ন সমস্যা সৃষ্টি হোৱাত সামগ্ৰিক অর্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে৷ এই সিদ্ধান্তৰ ফলত ৰাষ্ট্ৰীয়কৃ বেংক, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান যেনেকৈ লাভৱান হ’ব, সেইদৰে ক্ষুদ্ৰ ঋণ প্ৰদানৰ পৰিমাণো বৃদ্ধি পাব৷ কাৰণ ৰাষ্ট্রীয়কৃত বেংক, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ পূঁজি সৃষ্টিৰ লগতে গ্রাহক সকলৰ চাহিদা বজাই ৰখাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে, সেয়েহে তেওঁলোকৰ কোনো বাধা অবিহনে পূঁজি প্রাপ্তি অব্যাহত থকাৰ লগতে  বর্ধিতআংশিক ঋণ নিশ্চিত আঁচনি আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে৷

*****

VRRK/SH/DB


(रिलीज़ आईडी: 1625798) आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Odia , Telugu , Kannada