ৰেল মন্ত্ৰালয়

২২ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল, ২০২০ তাৰিখৰ সময়ছোৱাক ‘অপ্ৰত্যাশিত ঘটনা’ৰ অন্তৰ্গত হিচাপে বিবেচনা কৰাৰ সিদ্ধান্ত ভাৰতীয় ৰে’ল বিভাগৰ


এই সময়ছোৱাৰ ভিতৰত কোনোধৰণৰ পলম হোৱা মাচুল, স্থান শুল্ক, সামগ্ৰী মজুতকৰণৰ শুল্ক, অৱৰোধ শুল্ক, ঠাই সাপেক্ষ শুল্ক আদি প্ৰযোজ্য নহ’ব

Posted On: 27 MAR 2020 6:38PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে OM No. 18/4/2020-PPD, তাৰিখ ১৯ মাৰ্চ, ২০২০ ৰ যোগেদি স্পষ্ট কৰি দিয়া হৈছে যে, “আকষ্মিক ঘটনা ৰ অৰ্থ হৈছে অসাধাৰণ ঘটনা বা পৰিস্থিতি যিবোৰ পৰিস্থিতি মানুহৰ নিয়ন্ত্ৰণাধীন নহয়, যিদৰে প্ৰাকৃতিক দুৰ্যোগ আদি। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক এক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰিব লাগে আৰু ইয়াৰ বাবে আকষ্মিক ঘটনা’ অধিনিয়মৰ প্ৰয়োগ কৰিব পৰা যাব। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ২২ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল, ২০২০ তাৰিখৰ সময়ছোৱাক ‘আকষ্মিক ঘটনা’ হিচাপে বিবেচনা কৰা হ’ব আৰু এই সময়ছোৱাত নিম্নোল্লিখিত দিশসমূহত কোনো শুল্ক বা মাচুল আৰোপ কৰা নহ’ব।

1.

পলম হোৱাৰ বাবে জৰিমনা (শুল্ক)

2.

স্থান শুল্ক

3.

সামগ্ৰী মজুত ৰখা শুল্ক

4.

কোনো ঠাইত সামগ্ৰীৰ ৰখাৰ বাবে দিবলগীয়া শুল্ক, যদিহে নিজা বা যুটীয়া মালিকীস্বত্ত্বৰ ষ্টক হয়, তেন্তে পলম হোৱাৰ শুল্ক

5.

পাৰ্চেল ট্ৰেফিকৰ ওপৰত পলম হোৱা শুল্ক

6.

পাৰ্চেল ট্ৰেফিকৰ ওপৰত ঠাইজনিত শুল্ক

7.

কণ্টেইনাৰ ট্ৰেফিক সন্দৰ্ভত অৱৰোধ শুল্ক

8.

কণ্টেইনাৰ ট্ৰেফিক সন্দৰ্ভত ঠাই ব্যৱহাৰৰ শুল্ক

 

মাণ্ডলিক ৰে’লৱেসমূহক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে যেন ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে সুসমন্বয়েৰে কাৰ্য সম্পাদন কৰে, যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহনৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নোহোৱাটো সুনিশ্চিত কৰিব পাৰি।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৩ মাৰ্চ, ২০২০ তাৰিখে ৰে’লৱে ব’ৰ্ডে নিৰ্দেশনা দিছিল যে ২৪ মাৰ্চ, ২০২০ তাৰিখ পৰ্যন্ত খালী কণ্টেইনাৰ বা খালী ফ্লেট ৱাগনসমূহৰ পৰিবহনৰ ক্ষেত্ৰত কোনোধৰণৰ শুক্ল আৰোপ কৰা নহ’ব।

 

*****

SG/MKV/RD



(Release ID: 1608770) Visitor Counter : 160