বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰভাৱ প্ৰশমিত কৰাৰ বাবে বিস্তৃত পেকেজ ঘোষণা আৰবিআই-ৰ গৱৰ্ণৰৰ, বিত্তীয় সুস্থিৰতা সুৰক্ষিত ৰখা, প্ৰগতিৰ ধাৰা পুনৰাম্ভ কৰাত গুৰুত্ব

৭৫ বেছিছ পয়ণ্টৰে ৰেপ’ ৰে’ট ৪.৪শতাংশলৈ হ্ৰাস, ৯০ বেছিছ পয়ণ্টৰে ৰিজাৰ্ভ ৰেপ’ ৰে’ট ৪শতাংশত নিৰ্দ্ধাৰণ

১মাৰ্চ, ২০২০পৰ্যন্ত ঋণৰ বকেয়াৰ বাবদত ইএমআই আহৰণত তিনিমাহৰ বাবে স্থগিতাদেশৰ অনুমতি ঋণদাতা বিত্তীয় প্ৰতিষ্ঠানক

১মাৰ্চ,২০২০পৰ্যন্ত নগদ ঋণ/অভাৰ ডাফ্টকে ধৰি সকলো বকেয়াৰ বাবদ আদায় কৰিব লগা সুদ আহৰণ প্ৰক্ৰিয়া তিনিমাহৰ বাবে বিলম্বিত কৰাৰ বাবে ঋণদাতা প্ৰতিষ্ঠানলৈ অনুমতি

ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা যথোচিত পদক্ষেপক আৰবিআই-ৰ গৱৰ্ণৰৰ প্ৰশংসা

আভ্যন্তৰীণ অৰ্থনীতিক মহামাৰিৰ পৰা সুৰক্ষিত ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰাতো সময়ৰ আহ্বান : আৰবিআইৰ গৱৰ্ণৰ

Posted On: 27 MAR 2020 6:00PM by PIB Guwahati

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই আজি ৭৫ বেছিছ পয়ণ্টৰে ৰেপ ৰেট ৪.৪শতাংশলৈ আৰু ৯০বেছিছ পয়ণ্টৰে ৰিজাৰ্ভ ৰেপ ৰেট ৪শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। আজি(২৭ মাৰ্চ, ২০২০) মুম্বাই আয়োজিত এক  সংবাদ মেলত এই কথা সদৰী কৰে আৰবিআই-ৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসে। এই সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি তেওঁ কয় যে সকলো বেংকৰ চিআৰআৰ ২৮মাৰ্চৰ পৰা অহা এবছৰৰ বাবে প্ৰযোজ্য হোৱাকৈ ১০০ বেছিছ পয়ণ্টৰে ৩শতাংশলৈ হ্ৰাস কৰা হৈছে। এই ব্যৱস্থাই বজাৰত ৩.৭৪ লাখ কোটি নগদ টকাৰ প্ৰবহণ নিশ্চিত কৰিব। কভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিয়ে এনে সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা আনি দিলে বুলি মন্তব্য কৰে গৱৰ্ণৰগৰাকীয়ে। অৱশ্যে এই পদক্ষেপে কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰভাৱ প্ৰশমিত কৰাৰ লগতে প্ৰগতিৰ ধাৰা পুনৰ ঘূৰাই অনা আৰু বিত্তীয় সুস্থিৰতা নিশ্চিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

আন এক গুৰুত্বপূৰ্ণ ঘোষণা মৰ্মে সকলো বাণিজ্যিক বেংক(আঞ্চলিক গ্ৰামীণ বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক আৰু স্থানীয় বেংককে ধৰি), সমবায় বেংক, নিখিল ভাৰত বিত্তীয় প্ৰতিষ্ঠান, এনবিএফচি(গৃহ নিৰ্মাণ বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানকে ধৰি)সকলোবোৰ ঋণদাতা প্ৰতিষ্ঠানকে সকলো ধৰণৰ ঋণৰ বাবদ ১মাৰ্চ, ২০২০পৰ্যন্ত থকা বকেয়াৰ বাবদ আহৰণ কৰিব লগা ইএমআই আহৰণত স্থগিতদেশ দিবলৈ অনুমতি প্ৰদান কৰা হৈছে।

সেইদৰে ৱৰ্কিং কেপিটেল হিচাপে আগবঢ়োৱা সকলো ধৰণৰ নগদ ঋণ-অভাৰ ডাফ্ট আদিৰ বকেয়াৰ বাবদ আদায় কৰিব লগা সুদ আহৰণ প্ৰক্ৰিয়া ১মাৰ্চ,২০২০ৰ পৰা তিনিমাহৰ বাবে বিলম্বিত কৰিবলৈ ঋণদাতা প্ৰতিষ্ঠানক অনুমতি প্ৰদান কৰি আন এক ঘোষণা কৰে গৱৰ্ণৰগৰাকীয়ে। এই সময়কালৰ অন্ততহে সুদ আদায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হব। এনে স্থগিতাদেশৰ ফলত সম্পদৰ হীন-দেঢ়ি হোৱাৰ সম্ভাৱনা নাই বুলিয়ে উল্লেখ কৰা হৈছে।

সেইদৰে ৰিজাৰ্ভ ৰেপ ৰে ৯০ বেছিছ পয়ণ্টৰে হ্ৰাস কৰি ৪ শতাংশত নিৰ্দ্ধাৰণ কৰাৰ ফলত ৰিজাৰ্ভ বেংকত বেংকসমূহৰ পুঁজিৰ পৰোক্ষ জমাৰ প্ৰৱণতা বহু পৰিমাণে কমি যাব আৰু ইয়ে সংশ্লিষ্টসকলক ইতিবাচক ঋণ দানৰ বাবে উত্সাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়। এনে ধৰণৰ পদক্ষেপৰ জৰিয়তে শেহতীয়া প্ৰেক্ষাপটত মহামাৰিয়ে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰভাৱৰ পৰা দেশক মুক্ত কৰাটোৱেই ৰিজাৰ্ভ বেংকৰ প্ৰধান উদ্দেশ্য বুলি তেওঁ মন্তব্য কৰে।

ভিড-১৯ৰ প্ৰকোপত এতিয়া সমগ্ৰ পৃথিৱীৰ অৰ্থব্যৱস্থাই তচনচ হৈ পৰিছে বুলি মন্তব্য কৰি গৱৰ্ণৰগৰাকীয়ে এনে পৰিস্থিতিত ২০২০ত এই পৰিস্থিতিৰ পৰা অৰ্থনীতিয়ে যে গা-টঙাব পাৰিব সেই আশা কৰা টান বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে। আৰবিআয়ে সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি থকাৰ লগতে এনে পৰিস্থিতিত দেশৰ অৰ্থ-ব্যৱস্থাক নিয়মীয়া কৰি ৰখাৰ বাবে নগদ ধনৰ অতিৰিক্ত সহযোগিতা আগবঢ়োৱাৰ দৰে পদক্ষেপসমূহ অভিযানৰ ৰূপত অব্যাহত ৰখাৰ দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্ৰী দাসে। তেওঁ কয়, এই মুহূৰ্তত দেশৰ অৰ্থনীতিক মহামাৰিৰ প্ৰভাৱৰ পৰা সুৰক্ষিত ৰখাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।

ইফালে কভিড-১৯ মহামাৰিৰ প্ৰকোপৰ পৰা দেশৰ জন-সাধাৰণক নিলগাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহক সময়োচিত আৰু যথাৰ্থ হৈছে বুলিয়ে মন্তব্য কৰে গৱৰ্ণৰগৰাকীয়ে। তেওঁ এইখন যুদ্ধত বিজয় সাব্যস্ত কৰিব পৰাকৈ এই মুহূৰ্তত চৰকাৰক সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

পৃথিৱী জুৰি এতিয়া সকলো দেশৰ চৰকাৰসমূহে এক অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজি আছে বুলি মন্তব্য কৰা গৱৰ্ণৰগৰাকীয়ে এই যুঁজ দীঘলীয়া হবলগীয়া হলে আৰু যোগান-শৃংখল বিঘ্নিত হলে বিশ্ব-অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈ পৰিব আৰু ইয়াৰ প্ৰভাৱে ভাৰতকো বাৰুকৈয়ে স্পৰ্শ কৰিব বুলি সকীয়াই দিয়ে।

প্ৰসংগক্ৰমে শ্ৰীদাসে মন্তব্য কৰি কয় যে ২০১৯-২০ৰ চতুৰ্থ ত্ৰিমাসিকত ভাৰতৰ ঘৰুৱা উত্পাদনৰ হাৰ ৪.৭শতাংশ হব বুলি আশা কৰা হৈছিল যদিও এতিয়া সেই আশাও বিপন্ন হোৱাৰে আশংকাই দেখা দিছে। কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ লগতে প্ৰায় প্ৰতিটো খণ্ডৰ অৰ্থনীতিয়েই কভিড-১৯ৰ বাবে নেতিবাচক প্ৰভাৱৰে জৰ্জৰিত হৈছেভিড-১৯ৰ সংক্ৰমণে জাতীয় জীৱনক এক অভুতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন কৰালে বুলি উল্লেখ কৰিও তেওঁ অৱশ্যে এনে পৰিস্থিতি দীৰ্ঘদিনলৈ বৰ্তি নাথাকে বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, ‘দৃঢ়মনা মানুহ আৰু প্ৰতিষ্ঠানসমূহেই অৱশেষত তিষ্ঠি থাকিবগৈ তেওঁ সকলোকে পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সকলো লেন-দেন পৰাপক্ষত ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰাত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।

মুদ্ৰাস্ফীতিৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ তেওঁ কয় যে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পৰিলক্ষিত হোৱা ধাৰাই এইটো ত্ৰিমাসিকত মুদ্ৰাস্ফিতিৰ সামান্য উথ্থানৰ ইংগিত বহণ কৰিছে আৰু এয়া পিয়াজৰ বৰ্দ্ধিত দৰৰ বাবেই হোৱা বুলি ধাৰণা কৰা হৈছে যদিও শেহতীয়া প্ৰেক্ষাপটত খাদ্য দ্ৰব্যৰ লগতে উদ্যান শস্যৰ অভিলেখ পৰিমাণৰ উত্পাদনৰ ফলত খাদ্য সামগ্ৰীৰ দাম নিম্নগামী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুদ্ৰা নীতি নিৰ্দ্ধাণ সমিতিৰ ৩১ মাৰ্চৰ পৰা হব লগা সভাখন আগুৱাই আনি যোৱা ২৪, ২৫ আৰু মাৰ্চতে অনুষ্ঠিত কৰা হল আৰু এই সভাত কভিড-১৯ মহামাৰিয়ে সৃষ্টি কৰা অভুপূৰ্ব পৰিস্থিতিৰ পৰা হাত সাৰি থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ চৰ্চা কৰা হয়।

দেশৰ সৰ্বোচ্চ অৰ্থনৈতিক সংস্থা আৰবিআয়ে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ কটৰোনা ভাইৰাছৰ প্ৰভাৱৰ পৰা দেশৰ অৰ্থনীতিক সুৰক্ষা দানৰ বাবে আৰবিআয়ে গ্ৰহণ কৰা এই পদক্ষেপক বলীস্থ পদক্ষেপ বুলি মন্তব্য কৰে।

ইফালে বেংকটোৱে গ্ৰহণ কৰা পদক্ষেপসমূহক কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণেও ভূয়সী প্ৰশংসা কৰে।

****

DJM/SC/KB



(Release ID: 1608767) Visitor Counter : 199