মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত নেশ্যনেল টেষ্টিং এজেন্সিয়ে পিছুৱালে NEET (নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট) ইউজি মে’-২০২০

Posted On: 27 MAR 2020 9:02PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও যথেষ্ট চাঁপৰ সমূখীন হ’বলগীয়া হৈছে, আৰু এনে দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই অহা ৩ মে’ ২০২০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নীট (ইউজি) ২০২০ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নেশ্যনেল টেষ্টিং এজেন্সিয়ে জনায় যে সদ্যহতে সংশ্লিষ্ট পৰীক্ষা চলিত বৰ্ষৰ মে’ মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। অৱশ্যে সামগ্ৰিক পৰিস্থিতি অনুধাৱন কৰাৰ পিছতহে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ’ব। আৰু সেই অনুসৰিয়েই পূৰ্বে ২৭ মাৰ্চ ২০২০ তাৰিখে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰদান কৰাৰ কথা আছিল যদিও এতিয়া পৰিস্থিতিৰ অনুকূলতা সাপেক্ষে ১৫ এপ্ৰিল ২০২০ তাৰিখৰ পিছতহে প্ৰৱেশ পত্ৰ প্ৰদান কৰা হ’ব।

সেয়ে, নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষা সন্দৰ্ভত শিক্ষাৰ্থী আৰু অভিভাৱকসকলক চিন্তান্বিত নহ’বলৈ আহ্বান জনাইছে, আৰু লগতে অভিভাৱকসকলক অনুৰোধ জনাইছে যে তেওঁলোকে যেন শিক্ষাৰ্থীসকলক এই পৰীক্ষাৰ বাবে সাজু হ’বলৈ অধিক উৎসাহ প্ৰদান কৰে। নেশ্যনেল টেষ্টিং এজেন্সিয়ে শেহতীয়া পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক অৱগত কৰি থাকিব আৰু পৰ্যাপ্ত পৰিমাণৰ সময়সহ সেয়া অৱগত কৰিব।

পৰীক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলকো শেহতীয়া তথ্যৰ বাবে ntaneet.nic.in আৰু www.nta.ac.in ৱেবছাইট চাই থাকিবলৈ অনুৰোধ জনোৱা হৈছে। অৱশ্যে তেওঁলোকৰ পঞ্জীকৃত মোবাইল ফোন/ইমেইল আইডিলৈ ব্যক্তিগতভাৱেও তথ্য প্ৰেৰণ কৰা হ’ব। ইয়াৰ উপৰিও পৰীক্ষাৰ্থীসকলে কোনোধৰণৰ তথ্য জানিবৰ বাবে 8700028512, 8178359845, 9650173668, 9599676953, 8882356803 নম্বৰত যোগাযোগ কৰিব পাৰিব।

*****

NB/AKJ/AK/RD



(Release ID: 1608719) Visitor Counter : 103