প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 06 FEB 2020 7:55PM by PIB Guwahati

মাননীয় অধ্যক্ষ মহোদয়, মই ৰাষ্ট্ৰপতি মহোদয়ৰ অভিভাষণত, ধন্যবাদ প্ৰস্তাৱত ৰাষ্ট্ৰপতি মহোদয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবে ইয়াত উপস্থিত হৈছো৷ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে নতুন ভাৰতৰ বীক্ষণ নিজৰ অভিভাষণত উত্থাপিত কৰিছে৷ একবিংশ শতিকাৰ তৃতীয়টো দশকত মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ এই বক্তব্য এই দশকৰ বাবে সকলোকে দিশ প্ৰদৰ্শিত কৰা, প্ৰেৰণা প্ৰদান কৰা আৰু দেশৰ কোটি কোটি জনতাৰ হৃদয়ত বিশ্বাস উৎপন্ন কৰিব পৰা অভিভাষণ হিচাপে বিবেচিত হৈছে৷

এই আলোচনাত সদনৰ সকলো অভিজ্ঞ মাননীয় সদস্যই অতি সুন্দৰভাৱে নিজৰ বক্তব্য ৰাখিছে৷ নিজৰ চিন্তাধাৰ ব্যক্ত কৰিছে৷ শিক্ষা সমৃদ্ধ কৰাৰ বাবে নিজৰ ধৰণে প্ৰয়াস কৰিছে৷ শ্ৰীমান অভিনন্দন চৌধুৰী মহোদয়, ড শশী থাৰুৰ মহোদয়, শ্ৰীমান ওৱেশ্বী মহোদয়, ৰামপ্ৰতাপ যাদৱ মহোদয়, প্ৰীতি চৌধুৰী মহোদয়, মিশ্ৰা মহোদয়, অখিলেশ যাদৱ মহোদয়, সকলোৰে নাম ল’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু মই এয়া নিশ্চিতভাৱে ক’ম যে সকলোৱে নিজৰ ধৰণে নিজৰ চিন্তাধাৰা প্ৰস্তুত কৰিছে৷ কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰে এই কামসমূহ ইমান ল’ৰালৰিকৈ কৰাৰ প্ৰয়োজন কি? সকলো কাম একে সময়তে কৰাৰ প্ৰয়োজন কি?

মই আৰম্ভণিতে শ্ৰীমান সৰ্বেশ্বৰ দয়াল মহোদয়ৰ এটা কবিতা উদ্ধৃত কৰিব বিচাৰিছো আৰু এয়াই আমাৰ সংস্কাৰ আৰু এয়াই আমাৰ চৰকাৰৰ স্বভাৱো৷ আৰু সেই প্ৰেৰণাৰ ফলতেই আমি ছিদ্ৰমুখী স্বভাৱ পৰিত্যাগ কৰি দ্ৰুত গতি বিকাশৰ দিশলৈ আগবঢ়াৰ প্ৰয়াস কৰিছো৷ সৰ্বেশ্বৰ দয়াল মহোদয়ে তেওঁৰ কবিতাত এইদৰে লিখিছে-

লীক পৰ ৱে চলে জিনকে

চৰণ দুৰ্বল ঔৰ হাৰে হে,

হম তো জৌ হামাৰী যাত্ৰা সে বনে

এইসে অনিৰ্মিত পন্থ হি প্যাৰ হে৷

মাননীয় অধ্যয় মহোদয়, এতিয়া সেইবাবে জনতাই কেৱল এখন চৰকাৰ পৰিৱৰ্তন কৰিছে, এনেকুৱা নহয় যে চৰকাৰ পৰিৱৰ্তিত হোৱালৈ অপেক্ষা কৰিছে৷ এক নতুন চিন্তাৰ এই ইচ্ছাৰ ফলতেই আমি ইয়ালৈ আহি সেৱা প্ৰদান কৰাৰ অৱকাশ লাভ কৰিছো৷ কিন্তু আমি যদি আপোনালোকে যি পথেৰে আগবাঢ়িছিল সেই পথেৰে আগবাঢ়িলোহেঁতেন, আপোনালোকৰতো এয়া অভ্যাসত পৰিণত হৈছিল৷ তেনে অৱস্থাত ৭০ বছৰৰ পিছতো অনুচ্ছেদ ৩৭০ বিলোপ নহ’লহেঁতেন৷ আপোনালোকৰ অভ্যাসত আমি আগবাঢ়িলে মুছলমান ভগ্নীসকল এতিয়াও তিনি তালাকৰ ত্ৰাসৰ মাজত জীৱন কটাবলগীয়া হ’লহেঁতেন৷ যদি আপোনালোকৰ পথত আমি আগবাঢ়িলোহেঁতেন তেন্তে নাবালিকাৰ ধৰ্ষণৰ বাবে ফাঁচীৰ শাস্তিৰ বিধান নহ’লহেঁতেন৷ যদি আপোনালোকৰ চিন্তাধাৰাৰে আমি আগবাঢ়িলোহেঁতেন তেন্তে ৰাম জনমভূমি আজিও বিবাদৰ মাজত থাকিলহেঁতেন৷ যদি আপোনালোকৰ দৰে আমাৰো চিন্তাধাৰা একে হ’লহেঁতেন তেন্তে কৰতাৰপুৰ কৰিডৰৰ কেতিয়াও নিৰ্মাণ নহ’লহেঁতেন৷ আপোনালোকৰ ব্যৱস্থা ধাৰা মতে ভাৰত-বাংলাদেশৰ সীমা বিবাদ কেতিয়াও মীমাংসা নহ’লহেঁতেন৷

মাননীয় অধ্যক্ষ মহোদয়,

যেতিয়া মই মাননীয় অধ্যক্ষলৈ প্ৰত্যক্ষ কৰো, তেতিয়া সৰ্বপ্ৰথমে কিৰেণ ৰিজিজু মহোদয়ক অভিনন্দন জনাও কিয়নো তেওঁ যি থিংক ইণ্ডিয়া অভিযান আৰম্ভ কৰিছে সেই থিংক ইণ্ডিয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ সুন্দৰকৈ কৰিছে৷ তেওঁ ভাষণো প্ৰদান কৰে আৰু ভাষণৰ সৈতে জিমলৈও যায়৷ থিংক ইণ্ডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মই মাননীয় সদস্যগৰাকীক ধন্যবাদ প্ৰদান কৰিছো৷

মাননীয় অধ্যক্ষ মহোদয়,

কোনেও এই কথা অস্বীকাৰ কৰিব নোৱাৰে যে দেশে প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে প্ৰতি পল প্ৰয়াস কৰে৷ কেতিয়াবা কেতিয়াবা প্ৰত্যাহ্বানসমূহৰ পিনে প্ৰত্যক্ষ নকৰাৰ স্বভাৱো দেশে দেখিছে৷ প্ৰত্যাহ্বানসমূহ বাচনি কৰাৰ সামৰ্থ নোহোৱা লোকে দেশে দেখিছে৷ কিন্তু আজি বিশ্বই ভাৰতৰ পৰা যি আশা কৰিছে….যদি আমি প্ৰত্যাহ্বানসমূহক প্ৰত্যাহ্বান নজনাও, যদি আমি সাহস নেদেখুৱাও আৰু যদি আমি সকলোকে লগত লৈ আগ নাবাঢ়ো তেন্তে দেশে দীৰ্ঘ সময় ধৰি অনেক সমস্যাৰ সৈতে যুঁজিব লাগিব৷ আৰু ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, যদি কংগ্ৰেছৰ পথেৰে আমি আগবাঢ়ো তেন্তে পঞ্চাশ বছৰৰ পিছতো শত্ৰুৰ সম্পত্তিৰ আইনৰ বাবে দেশে অপেক্ষা কৰিব লাগিলহেঁতেন৷ ৩৫ বছৰৰ পিছতো পৰৱৰ্তী প্ৰজন্মৰ যুঁজাৰু বিমানৰ বাবে দেশে অপেক্ষা কৰিব লাগিলহেঁতেন৷ ২৮ বছৰৰ পিছতো বেনামী সম্পত্তিৰ আইন প্ৰযোজ্য নহ’লহেঁতেন৷ ২০ বছৰৰ পিছতো চীফ অব্ ডীফেন্স নিযুক্ত নহ’লহেঁতেন৷

মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে দ্ৰুত গতিৰে এক নতুন ৰেখা অংকন কৰি ছিদ্ৰসমূহৰ পৰা আঁতৰিবলৈ বিচাৰিছে৷ সেইবাবে আমি এই কথা ভালদৰে জানো যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো দেশে আৰু অধিক অপেক্ষা কৰিবলৈ প্ৰস্তুত নহয় আৰু হ’বও নালাগে৷ আৰু সেইবাবে আমি প্ৰয়াস কৰিছো যে গতিও বৃদ্ধি হওক আৰু মানো বৃদ্ধি হওক৷ নিৰ্ণয়াত্মকো হওক আৰু সিদ্ধান্তমুখীও হওক৷ সংবেদনশীলো হওক আৰু সমাধানমূলকো হওক৷ আমি যি দ্ৰুত গতিত কাম কৰিছো আৰু সেই দ্ৰুত গতিৰ পৰিণাম দেশৰ জনতাই পাঁচ বছৰত দেখা পাইছে আৰু সেই দ্ৰুত গতিৰেই পুনৰ ধাৱমান হোৱাৰ বাবে আমাক পুনৰ নতুন সুযোগ প্ৰদান কৰিছে৷ যদি এই গতি দ্ৰুত নহ’লহেঁতেন তেন্তে ৩৭ কোটি লোকৰ বেংক একাউণ্ট ইমান কম সময়ত মুকলি নহ’লহেঁতেন৷ যদি গতি দ্ৰুত নহ’লহেঁতেন তেন্তে ১১ কোটি লোকৰ ঘৰত শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’লহেঁতেন৷ যদি এই গতি দ্ৰুত নহ’লহেঁতেন তেন্তে ১৩ কোটি পৰিয়ালৰ ঘৰত গেছৰ চৌকা নজ্বলিলহেঁতেন৷ যদি গতি দ্ৰুত নহ’লহেঁতেন তেন্তে দুখীয়াৰ বাবে ২ কোটি গৃহ নিৰ্মাণ নহ’লহেঁতেন৷ যদি গতি দ্ৰুত নহ’লহেঁতেন তেন্তে দিল্লীৰ ১৭০০ত কৈও অধিক অবৈধ কল’নী, ৪০ লাখতকৈও অধিক লোকৰ জীৱন সমস্যাৰ পৰা মুক্ত নহ’লহেঁতেন৷ সেই কাম সম্পূৰ্ণ নহ’লহেঁতেন৷ আজি আমি আমাৰ ঘৰত অধিকাৰো লাভ কৰিছো৷

মাননীয় অধ্যক্ষ মহোদয়, ইয়াত উত্তৰ পূৰ্বাঞ্চলৰো চৰ্চা হৈছে৷ উত্তৰ পূৰ্বাঞ্চলত ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তন কৰাৰ বাবে কেইটা দশক অপেক্ষা কৰিবলগীয়া হ’ল৷ আমাৰ বাবে উত্তৰ পূৰ্বাঞ্চল ভোট বেংকৰ ৰাজনীতি নহয়৷ ভাৰতৰ একতা আৰু অখণ্ডতাৰ সৈতে দুৰ-দুৰণিৰ ভাৰতৰ নাগৰিকৰ বাবে আৰু তেওঁলোকৰ সামৰ্থ ভাৰতৰ বিকাশৰ বাবে উপযুক্ত বিবেচিত হওক, তেওঁলোকৰ শক্তি ব্যৱহাৰ হওক আৰু দেশক আগুৱাই লোৱাত সহায়ক হওক, এই শ্ৰদ্ধাৰ সৈতে তাৰে নাগৰিকৰ প্ৰতি অপাৰ বিশ্বাসৰ সৈতে আগুৱাই যোৱাৰ প্ৰয়াস আমি কৰিছো৷ আৰু এইবাবেই উত্তৰ পূৰ্বাঞ্চলত বিগত পাঁচ বছৰত যিয়ে দিল্লীক দুৰ বুলি ভাবিছিল, আজি দিল্লী তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ মন্ত্ৰীসকলে নিৰন্তৰে তালৈ যায়৷ ৰাতি-ৰাতি থাকে৷ সৰু সৰু এলেকালৈ গৈ টায়াৰ-২ আৰু টায়াৰ-৩ৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে৷ আৰু বিকাশৰ বাবে যি আৱশ্যক আছিল, সেয়া লাগিলে একবিংশ শতিকাৰ সৈতে জড়িত বিদ্যুৎ সংযোগৰ কথায়েই হওক, ৰে’ল সংযোগৰ কথায়েই হওক, বিমান বন্দৰৰ কথায়েই হওক, ম’বাইল সংযোগৰ কথায়েই হওক, এই সকলোবোৰ সম্পন্ন কৰাৰ প্ৰয়াস আমি কৰিছো৷ আৰু সেই বিশ্বাসৰ কিমান ডাঙৰ পৰিমাণ সেয়া এই চৰকাৰৰ কাৰ্যকালত দেখা গৈছে৷ ইয়াত বড়ো সমস্যাৰ চৰ্চা কৰা হৈছে৷ আৰু কোৱা হৈছে যে এয়াতো প্ৰথমবাৰলৈ কৰা হৈছে৷ আমি কেতিয়াও কোৱা নাই যে এয়া প্ৰথম বাৰলৈ হৈছে, আমি এয়া কৈছো যে প্ৰয়োগ বহু বাৰ হৈছে আৰু এতিয়াও প্ৰয়োগ হৈয়েই আছে৷ কিন্তু…..কিন্তু….যি হৈছে সেয়া ৰাজনীতিৰ তুলাচনীত ৰাখি কৰা হৈছে৷ যিবোৰ কাম কৰা হৈছে সেয়া আধা-আধৰুৱাকৈ কৰা হৈছে৷ আৰু সেইবাবে চুক্তি কেৱল কাগজে-পত্ৰে হৈছে, ফটো ছপা হৈছে আৰু ৱাহ-ৱাহো লাভ কৰিছে৷ অতিশয় গৌৰৱেৰে সেয়া চৰ্চা কৰা হৈছে৷ কিন্তু কাগজত কৰা চুক্তিৰ দ্বাৰা ইমান বৰ্ষৰ পিছতো বড়ো চুক্তি সমস্যাৰ সমাধান নোলাল৷ ৪ হাজাৰতকৈও অধিক নিৰ্দোষ লোক মৃত্যু মুখত পৰিল৷ অনেক প্ৰকাৰৰ সামাজিক ব্যাধিয়ে সমাজ জীৱনক ত্ৰাসিত কৰি থাকিল৷ এইবাৰ যি চুক্তি হ’ল সেয়া এক প্ৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবেও আৰু দেশৰ সাধাৰণ নাগৰিকক ন্যায় প্ৰদান কৰা এক বাৰ্তা হিচাপে বিবেচিত হৈছে৷ এয়া ঠিক যে আমাৰ সেয়া কেৱল প্ৰয়াসেই নহয়, আমি পৰিশ্ৰমো কৰিম৷ কিন্তু এইবাৰৰ চুক্তিৰ এক বিশেষত্ব আছে৷ সকলো সশস্ত্ৰ গোট একত্ৰিত হৈছে, সকলোৱে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছে৷ দ্বিতীয়তে সেই চুক্তিপত্ৰত লিখা হৈছে যে ইয়াৰ পিছত বড়ো সমস্যাৰ সৈতে জড়িত কোনো দাবী বাদ পৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলত সকলোতকৈ প্ৰথমে সুৰুয উদিত হয়৷ কিন্তু ৰাতি নুপুৱাইছিল৷ সূৰ্য উদয় হৈছিল কিন্তু আন্ধাৰ আঁতৰি যোৱা নাছিল৷ আজি এয়া মই ক’ব পাৰো যে নতুন পুৱাও উদিত হৈছে, নতুন পোহৰো আহিছে৷ আৰু সেই প্ৰকাশ, যেতিয়া আপোনালোকে চশমা পৰিৱৰ্তন কৰিব তেতিয়া দেখা পাব৷ মই আপোনালোকৰ ওচৰত কৃতজ্ঞ যে মোৰ কথাৰ মাজত আপোনালোকে বিৰাম প্ৰদান কৰিছে৷

কালি ইয়াত স্বামী বিবেকানন্দজীৰ কান্ধত বন্দুক থৈ গুলীওৱা হৈছে৷ আপোনালোকে সেয়া প্ৰতিবেদনৰ পৰা উলিয়াই ৰাখিছে, সেয়ে মই এয়া উল্লেখ নকৰো৷ কিন্তু মোৰ এটা পুৰণি কথা মনত পৰিছে৷ এবাৰ কিছু লোকে ৰে’লত যাত্ৰা কৰি আছিল৷ আৰু যেতিয়া ৰে’ল আগবাঢ়ি গৈ আছিল তেতিয়া ৰে’লৰ চিৰিৰে যি শব্দ নিৰ্গত হৈছিল সেয়া কিছুমান লোকে এইদৰে বৰ্ণনা কৰিছিল৷ এগৰাকী সন্ত মহাত্মাই কৈছিল যে তেওঁ হে প্ৰভু মোক উদ্ধাৰ কৰা …এইদৰে শুনিবলৈ পাইছে বুলি ক’লে৷ আন এগৰাকী সন্তই ক’লে যে তেওঁ হে প্ৰভু তোমাৰ লীলা অপাৰ…এয়া শুনিবলৈ পাইছে৷ এগৰাকী মৌলৱীয়ে ক’লে যে তেওঁ হে আল্লা তোমাৰ ৰহমত এইবুলি শুনিবলৈ পাইছে৷ এজন পালোৱানে ক’লে যে তেওঁ খা ৰবৰী কৰ কছৰৎ শুনিবলৈ পাইছে৷ কালি যি বিবেকানন্দজীৰ নামত কোৱা হ’ল, মনেৰে যি ভবা হৈছিল সেয়াই শুনিবলৈ পোৱা গ’ল..আপোনালোকে এয়া প্ৰত্যক্ষ কৰাৰ বাবে ইমান দুৰলৈ যোৱাৰ প্ৰয়োজন নাই, বহু নাম মোৰ ওচৰত আছে৷

মাননীয় অধ্যক্ষ মহোদয়, মোৰ কৃষসসকলৰ বিষয়ে চৰ্চা হৈছে৷ বহু কাম, বহু নতুন ধৰণে, নতুন চিন্তাৰ সৈতে কৰা হৈছে আৰু আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়ে নিজৰ অভিভাষণত ইয়াৰ বিষয়ে উল্লেখো কৰিছে৷ কিন্তু যিধৰণে ইয়াত চৰ্চা কৰাৰ প্ৰয়াস কৰা হৈছে৷ মই নাজানো যে সেয়া অজ্ঞানপূৰ্বক হৈছে নে জানি বুজি কৰা হৈছে৷ কাৰণ কিছুমান এনে কথা আছে যে জানিও আমি সেয়া বোধহয় নকৰো৷ আমি জানো যে ডেৰ গুণ পৃথকে আলোচনা কৰা এটা বিষয়৷ কিমান সময় ধৰি ওলমি পৰি আছিল৷ আমাৰ সময়ৰ নাছিল, পূৰ্বৰ আছিল কিন্তু কৃষকসকলৰ প্ৰতি এয়া দায়িত্ব আছিল যি আমি পূৰণ কৰিলো৷ মই আচৰিত হওঁ৷ জলসিঞ্চন যোজনাৰ ৮০-৯০ শতাংশ, পথৰ কাম ২০-২০ বছৰ পৰি আছিল৷ কোনো সোধোতা নাছিল৷ আমি প্ৰায় ৯৯টা আঁচনিৰ কাম হেৰুৱাবলগীয়া হ’ল৷ ১ লাখ কোটি টকাতকৈও অধিক টকা ব্যয় কৰি সেয়া যুক্তিসংগতভাৱে উত্থাপন কৰিবলগীয়া হ’ল আৰু কৃষকসকলে ইয়াৰ দ্বাৰা উপকৃত হ’ল৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত এই ব্যৱস্থাৰ পৰা বহু কৃষকৰ মনত বিশ্বাসৰ ভাৱ সৃষ্টি হৈছে৷ কৃষকসকলৰ তৰফৰ পৰা প্ৰায় ১৩ হাজাৰ কোটি টকাৰ প্ৰিমিয়াম লাভ কৰা গৈছে৷ কিন্তু প্ৰাকৃতিক বিপদৰ ফলত যি লোকচান হ’ল তাৰ অধীনত প্ৰায় ৫৬ হাজাৰ কোটি টকা কৃষকে বীমা যোজনাৰ দ্বাৰা লাভ কৰিলে৷ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিয়েই হ’ল আমাৰ প্ৰাথমিকতা৷ ইনপুট ব্যয় কম হওক, এয়া আমাৰ প্ৰাথমিকতা৷ আৰু পূৰ্বে এমএছপিৰ নামত কি হৈছিল, আমাৰ দেশত পূৰ্বে ৭ লাখ টন ডাইল আৰু তিল ক্ৰয় কৰা হৈছিল৷ ই-নাম যোজনাৰ ফলত আজি ম’বাইলতে বিশ্বৰ মূল্য প্ৰত্যক্ষ কৰিব পৰা হৈছে৷ ই-নাম যোজনাৰ দ্বাৰা কৃষকে নিজৰ বজাৰত সামগ্ৰী বিক্ৰী কৰিব পাৰিছে৷ গাঁৱৰ কৃষকসকলে এই ব্যৱস্থাৰ সৈতে, প্ৰায় আঢ়ৈ কোটি কৃষক ইয়াৰ সৈতে জড়িত হোৱাৰ বাবে মই সন্তোষ লাভ কৰিছো৷ আৰু প্ৰায় ১ লাখ কোটিৰ ব্যৱসায় কৃষকে এই ই-নাম যোজনাৰ দ্বাৰা সম্পন্ন কৰিছে৷ আমি কৃষি পদ্ধতিৰ প্ৰসাৰ কৰি অনেক পদক্ষেপ যেনে পশুপালন, মীনপালন, মুৰ্গী পালন আদিৰ দৰে পদক্ষেপসমূহো গ্ৰহণ কৰিছো৷ সৌৰ শক্তিৰ দিশত ধাৱমান হোৱাৰ প্ৰয়াস কৰিছো৷ সৌৰ পাম্পৰ কথা কৈছো৷ এনেকুৱা অনেক নতুন পদক্ষেপ সংযোজিত কৰিছো৷ ইয়াৰ ফলত আজি তেওঁলোকৰ আৰ্থিক স্থিতি উত্তৰণ হৈছে৷

২০১৪ চনত আমি অহাৰ পূৰ্বে কৃষি মন্ত্ৰালয়ৰ বাজেট ২৭ হাজাৰ কোটি টকাৰ আছিল৷ এতিয়া এয়া বৃদ্ধি হৈ ৫ গুণ…২৭ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি হৈ ৫ গুণ আৰু প্ৰায় ডেৰ লাখলৈ আমি উন্নীত কৰিছো৷ পিএম কিষাণ সন্মান যোজনাৰ ধন পোনে পোনে কৃষকৰ একাউণ্টলৈ যায়৷ এতিয়ালৈ প্ৰায় ৪৫ হাজাৰ কোটি টকা কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে৷ কোনো মধ্যভোগী ইয়াত নাই৷ ফাইলৰ কোনো সমস্যা নাই৷ এটা ক্লিকতে ধন স্থানান্তৰ সম্ভৱ হৈছে৷ কিন্তু মই ইয়াৰে মাননীয় সদস্যসকলক আহ্বান জনাইছো যে ৰাজনীতি কৰি থাকক…মই জানো…কিন্তু ৰাজনীতিৰ বাবে আমি কৃষকৰ হিতৰ সৈতে মধ্যস্থতা কৰিম নেকি? মই সেই মাননীয় সদস্যসকলকো এই বিষয়ত আহ্বান জনাইছো যে যিসকলে নিজৰ ৰাজ্যৰ কৃষকৰ নামত বঢ়াই কথা কৈ আছে…তেওঁলোকে প্ৰত্যক্ষ কৰক যে তেওঁৰ ৰাজ্যৰ কৃষকে পিএম কিষাণ সন্মান নিধি লাভ কৰিছে নে নাই৷ তাৰবাবে তেওঁলোকে চৰকাৰক কিয় তালিকা দিয়া নাই আৰু এই যোজনাৰ সৈতে কিয় জড়িত হোৱা নাই৷ লোকচান কাৰ হৈছে, লোকচান কাৰ হৈছে, সেই ৰাজ্যৰ কৃষকৰ সৈতে৷ মই বিচাৰিম যে এনেকুৱা কোনো মাননীয় সদস্য নোলাব যি চাপত পৰি কথা নকয়৷ সেই ৰাজ্যসমূহলৈ চাওক য’ত আপোনালোকে কৃষকক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট সংগ্ৰহ কৰিছে, শপত গ্ৰহণ কৰিছে৷ ক্ষমতা লাভ কৰিলে কিন্তু কৃষকক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷

মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছিল তেতিয়া মই সকলোৰে সন্মুখত এক নিবেদন প্ৰস্তুত কৰিছিলো আৰু নিজৰ চিন্তাধাৰা ব্যক্ত কৰিছিলো৷ ইয়াৰ পিছত সদনৰ আৰম্ভণিতে যেতিয়া সংবাদ মাধ্যমক বিবৃতি প্ৰদান কৰিছিলো তেতিয়াও এই কথা উল্লেখ কৰিছিলো৷ মই কৈছিলো যে আমি সম্পূৰ্ণৰূপে আৰ্থিক বিষয়, দেশৰ আৰ্থিক পৰিস্থিতি, এই সকলো বিষয়ত নিজকে সমৰ্পিত কৰো৷ যাৰ ওচৰত যি সামৰ্থ আছে, বুদ্ধি প্ৰতিভা আছে সকলো সামৰি-সুকলি এই দুয়োটা সদনত প্ৰস্তুত কৰক৷ কাৰণ বিশ্বৰ যি আৰ্থিক স্থিতি, তাৰ সুযোগ গ্ৰহণ কৰিবলৈ ভাৰতে কোনটো পদক্ষেপ গ্ৰহণ কৰা উচিত, ক’ৰ পৰা লাভ হ’ব সেয়া আমি জনাটো প্ৰয়োজন৷ এতিয়াও সময় আছে, মই সকলো সদস্যকে এই সন্দৰ্ভত আহ্বান জনাম৷ আমি আৰ্থিক বিষয়টোত দৃঢ়তাৰে কথা ক’ব লাগিব, ব্যাপকভাৱে ক’ব লাগিব আৰু নতুন প্ৰস্তাৱনা দাখিল কৰিব লাগিব৷ যাতে বিশ্বত যি অৱকাশৰ সৃষ্টি হৈছে তাৰ লাভ উঠাবলৈ আমি সম্পূৰ্ণ শক্তিৰে আগবাঢ়িব পাৰো৷ ইয়াৰ বাবে মই সকলোকে আমন্ত্ৰণ জনাইছো৷ মই ভাবো যে আৰ্থিক বিষয়সমূহত গুৰুত্বসহকাৰে আলোচনা কৰাটো আমাৰ সকলোৰে সামূহিক দায়িত্ব৷ আৰু এই দায়িত্বৰ বোজাত আমি পুৰণি কথাসমূহ পাহৰিব নালাগে৷ কাৰণ আজি আমি ক’ত আছো সেয়া গ’ম পাম কালি আমি ক’ত আছিলো৷ এয়া সত্য কিন্তু আমাৰ মাননীয় সদস্যসকলে যে কয়, এয়া কিয় নহ’ল, এয়া কেতিয়া হ’ব, এয়া কিদৰে হ’ব, কেতিয়ালৈ হ’ব৷ এই যি চিন্তা আপোনালোকে কৰিছে, মই সুখী হৈছো যে আপোনালোকে আলোচনা কৰিছে, মোক বুজি পাইছে৷ কাৰণ আপোনালোক বিশ্বাস যে কৰিলে এওঁৱেই কৰিব…আৰু সেইবাবে মই আপোনালোকৰ এইবোৰ কথাক আলোচনা হিচাপে গণ্য নকৰো৷ মই অপাৰেচন বুজি পাও, প্ৰেৰণা বুজি পাও৷ আৰু সেইবাবে মই এই সকলো কথাক স্বাগতম জনাইছো৷ আৰু স্বীকাৰ কৰাৰ প্ৰয়াসো কৰিচো৷ আৰু সেইবাবে যিমানবোৰ কথা কোৱা হৈছে তাৰবাবে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো৷ কাৰণ কিয় নহ’ল, কেতিয়া হ’ব, কিদৰে হ’ব, এয়া ভাল কথা৷ দেশৰ বাবে আমি চিন্তা কৰো৷ কিন্তু পুৰণি কথা অবিহনে আপোনালোকৰ কথা বুজি পোৱাটো সামান্য কঠিন হৈ পৰে৷ আমি সকলোৱে জানো যে আমাৰ পুৰণি দিনবোৰ কেনে আছিল৷ প্ৰতিদিনে দুৰ্নীতিৰ খবৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰিছিল৷ তেতিয়াও এই কথাই কোৱা হৈছিল৷ অপেছাদাৰী বেংকিঙৰ কথা কোনে পাহৰিব পাৰে৷ দুৰ্বল আন্তঃগাঁথনিৰ নীতিৰ কথা কোনে পাহৰিব পাৰে৷ আৰু সংসাধনসমূহৰ আৱণ্টন…হে ভগৱান…কি কৰি ৰাখিছিল৷ এই সকলো স্থিতিৰ পৰা বাহিৰ হ’বলৈ আমি সমস্যাসমূহৰ সমাধান সন্ধান কৰা দীৰ্ঘকালীন নিশ্চিত দিশ সামৰি, নিশ্চিত লক্ষ্য নিৰ্ধাৰণ কৰি সেয়া পূৰণ কৰাৰ বাবে নিৰন্তৰে প্ৰয়াস কৰিছো৷ আৰু মোৰ বিশ্বাস যে ইয়াৰ ফলতেই আজি অৰ্থনীতিত বিত্তীয় বেলেঞ্চশ্বীটৰ সৃষ্টি হৈছে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হৈছে৷ আৰু মেক্ৰ’ অৰ্থনীতিও স্থিৰ হৈছে৷ মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ কিয়নো আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখিছে৷ এয়া কামো আমিয়েই কৰিম৷ কিন্তু এটা কাম নকৰো….হয় এটা কাম নকৰো৷ সেয়া হ’ল আপোনালোকৰ নিবনুৱা অৱস্থা আঁতৰিবলৈ নিদিও৷ জিএছটিৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল, ঔদ্যোগিক কৰ হ্ৰাস কৰা হ’ল, আইবিচি প্ৰণয়ন কৰা হ’ল, বেংকৰ পুনৰ মূলধনীকৰণ কৰা হ’ল, এয়া সময়-সময়ে আৱশ্যকো৷ আৰু এয়া দীৰ্ঘকালীন সৱলীকৰণৰ বাবেও আৱশ্যক৷ সকলো পদক্ষেপ আমাৰ চৰকাৰে গ্ৰহণ কৰিছে৷ আৰু পুনৰ সংশোধনীকৰণৰ চৰ্চাও সদায়েই কৰা হৈছে৷ আপোনালোকৰ মাজৰ যিকেইজন পণ্ডিত লোক আছে তেওঁলোকে এয়াই কৈছিল৷ কিন্তু কৰিব পৰা নাছিল৷ অৰ্থশাস্ত্ৰৰ বিষয়েও যিবোৰ কথা কোৱা হৈছিল সেয়াও প্ৰণয়ন কৰাৰ কাম আমাৰ চৰকাৰেই কৰি আছে৷ বিনিয়োগকাৰীৰো যাতে বিশ্বাস বাঢ়ে, আপোনালোকৰ অৰ্থব্যৱস্থাও যাতে সৱলীকৃত হয়, তাৰ বাবে আমি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ ২০১৯ৰ জানুৱাৰীৰ পৰা ২০২০ৰ পিছত ৬ বাৰ জিএছটি ৰাজহ এক লাখ কোটিতকৈও অধিক হৈছে৷ বিদেশী বিনিয়োগকাৰীৰ ভাৰতৰ অৰ্থব্যৱস্থাত বিশ্বাস বৃদ্ধি হৈছে৷ আৰু ভাৰতত আৰ্থিক খণ্ডত অপাৰ সুযোগ আছে এই সন্দৰ্ভত তেওঁলোক প্ৰত্যয়িত হৈছে৷ সেয়ে তেওঁলোক আহিছে৷ আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ পিছতো তেওঁলোক আহিছে৷ এয়াও এক ডাঙৰ কথা৷ আমাৰ বীক্ষণ হ’ল বৃহৎ বিনিয়োগ, বৃহৎ আন্তঃগাঁথনি, বৰ্ধিত মূল্য সংযোজন আৰু অধিকতম কৰ্ম সংস্থাপনৰ সৃষ্টি৷ চাওক, মই কৃষকৰ পৰা বহু কথা শিকো৷ কৃষকে অতিশয় গৰমতো খেতি পথাৰত কাম কৰে৷ সেই সময়ত বীজ নোৰোৱে৷ উপযুক্ত সময়ত বীজ ৰোপণ কৰে৷ আৰু যোৱা ১০ মিনিট ধৰি যিবোৰ চলি আছে এতিয়া মই কেৱল হাল জোৰাৰ কাম কৰি আছে৷ এতিয়া আপোনালোকৰ মগজুত ঠিকমতে ঠাই নিৰ্ধাৰিত হৈছে৷ এতিয়া মই এটা এটাকৈ বীজ ৰোপণ কৰিম৷

মাননীয় অধ্যক্ষ মহোদয়, মুদ্ৰা যোজনা, ষ্টাৰ্ট-আপ ইণ্ডিয়া, ষ্টেণ্ড-আপ ইণ্ডিয়া এই যোজনাসমূহে দেশৰ স্বৰোজগাৰক বহু শক্তি প্ৰদান কৰিছে৷ এয়াই নহয়, এই দেশত কোটি কোটি লোকে প্ৰথমবাৰলৈ মুদ্ৰা যোজনাৰ জৰিয়তে স্বৰোজগাৰ কৰিছে৷ আৰু দুই এজনকো নিয়োজিত কৰিবলৈ সমৰ্থ হৈছে৷ তাৰোপৰি বেংকৰ পৰা মুদ্ৰা যোজনাৰ অধীনত যি ধন লাভ কৰিছে তাৰে ৭০ শতাংশ আমাৰ মাতৃ-ভগ্নীসকলে লাভ কৰিছে যি অৰ্থনীতিৰ সক্ৰিয় খণ্ডত নাছিলেই৷ এওঁলোকে অৰ্থনীতি সৱলীকৰণত অংশদান কৰিছে৷ ২৮ হাজাৰতকৈও অধিক ষ্টাৰ্ট-আপ চিনাক্ত হৈছে৷ এয়া আনন্দৰ কথা যে টায়াৰ-২,৩ চহৰসমূহত অৰ্থাৎ আমাৰ দেশৰ যুৱচামে নতুন সংসাধনৰ সৈতে আগবাঢ়িছে৷ মুদ্ৰা যোজনাৰ অধীনত ২২ কোটিতকৈও অধিক ঋণ স্বীকৃত হৈছে আৰু কোটি কোটি যুৱকে কৰ্ম সংস্থাপন লাভ কৰিছে৷ ৭০ বছৰৰ দেশৰ ৰাজনীতিত এনে আছিল যে কোনো কংগ্ৰেছী সন্তুষ্ট হ’ব নোৱাৰে, এনে হ’বই নোৱাৰে৷

বিশ্ব বেংকৰ data anta pronounce ত ভাৰতে তৃতীয় স্থান লাভ কৰিছে৷ ২০১৭ৰ ছেপ্টেম্বৰৰ পৰা ২০১৯লৈ ইপিএফঅ’ বেতন তথ্যত এক কোটি ৪৯ লাখ জমা হৈছে৷ বিনা কৰ্মসংস্থাপনত এই টকা জমা হ’ব নোৱাৰে…মই এক কংগ্ৰেছ নেতাৰ কালি ঘোষণা পত্ৰ শুনিলো..তেওঁ ঘোষণা কৰিছে যে ছমাহত মোদীক মাৰিম৷ আৰু এয়া….এয়া সত্য যে এই কামটো কঠিন৷ প্ৰস্তুতিৰ বাবে ছমাহৰ প্ৰয়োজন৷ কিন্তু মই ছমাহত সূৰ্য নমস্কাৰৰ সংখ্যা বৃদ্ধি কৰিম৷ যাতে ২০ বছৰে যিবোৰ গালি শুনি আছো…নিজকে মই ‘গালি প্ৰুফ’ কৰি লৈছো৷ ছমাহ এইদৰে সূৰ্য নমস্কাৰ কৰিম যাতে পিঠিৰে লাঠি ভৰোৱাৰ শক্তি লাভ কৰো৷ আপোনালোকক ধন্যবাদ যে মোক ছমাহ ব্যায়াম কৰাৰ সময় দিছে৷

মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছ চৰকাৰৰ সময়ত সংবিধানৰ স্থিতি কি আছিল? জনসাধাৰণৰ অধিকাৰৰ স্থিতি কি আছিল? এই কথা তেওঁলোকক এবাৰ সুধি চাবলৈ বিচাৰিছো। আমি পালন কৰি অহা সংবিধান যদিহে ইমান গুৰুত্বপূৰ্ণ বুলি আমি মানো, আৰু আপোনালোকেও যদিহে তেনেদৰেই মানে, তেন্তে জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধান প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত আপোনালোকক কোনে বাধা আৰোপ কৰিছিল? এই সংবিধানে প্ৰদান কৰা অধিকাৰৰ যোগেদি জম্মু-কাশ্মীৰৰ মোৰ ভাই-ভনীহঁতক বঞ্চিত কৰাৰ পাপ কোনে কৰিছিল? আৰু শশী থাৰুৰ ডাঙৰীয়া, আপুনিতো জম্মু-কাশ্মীৰৰেই জোঁৱাই, আপোনালোকে যদি সেইসকল ছোৱালীৰ কথাও এবাৰলৈ চিন্তা কৰিলেহেতেন, আপুনি আৰু সংবিধানৰ কথা কয়।

আৰু এইবাবেই অধ্যক্ষ মহোদয়, এগৰাকী মাননীয় সাংসদে কৈছে যে জম্মু- কাশ্মীৰে নিজৰেই পৰিচয় হেৰুৱাই পেলাইছে, কোনোবাই কৈছে, কাৰোবাৰ দৃষ্টিত হেনো এতিয়া আৰু জম্মু-কাশ্মীৰৰ কোনো ক্ষমতাই নাই।

মাননীয় অধ্যক্ষ মহোদয়, কাশ্মীৰত যিয়ে কেৱল মাটি দেখা পায়, তেওঁৰ এই দেশ সন্দৰ্ভত কোনো ধাৰণাই নাই, আৰু তেওঁ বৌদ্ধিক দীনতাৰ পৰিচয় দাঙি ধৰে। কাশ্মীৰ হৈছে ভাৰতৰ শিৰোধান, মুকুট-মণি।

মাননীয় অধ্যক্ষ মহোদয়, কাশ্মীৰৰ পৰিচয় কেৱল বোমা-বাৰুদ-বন্দুক আৰু বিচ্ছিন্নতাবাদেৰে সানমিহলি কৰি ৰখা হৈছে। যিসকল লোকে পৰিচয়ৰ কথা কয়, তেওঁলোকক কৈছো, ১৯ জানুৱাৰী, ১৯৯০ তাৰিখটো মনত কৰক, সেই দিনটোতেই এচাম লোকে কাশ্মীৰৰ পৰিচয় ধুলিস্যাৎ কৰি পেলাইছিল। কাশ্মীৰৰ পৰিচয়েই হৈছে ছুফী পৰম্পৰা, কাশ্মীৰৰ পৰিচয় হৈছে সকলোৰে প্ৰতি সদ্ভাৱ। কাশ্মীৰৰ প্ৰতিনিধি মা লালদেৰ, নন্দৰুছি, ছৈয়দ বুলবুল শ্বাহ, মীৰ ছৈয়দ আলী হামদাদী, এয়াই কাশ্মীৰৰ পৰিচয়।

মাননীয় অধ্যক্ষ মহোদয়, এচাম লোকে কয় যে ধাৰা ৩৭০ আঁতৰোৱাৰ পিছত সৰ্বত্ৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ’ব, কেনে ভৱিষ্যদ্ৰষ্টা এওলোক। জুই জ্বলিব চৌপাশে, ৩৭০ আঁতৰোৱাৰ পিছত। আৰু আজিও তেনে কথা যিসকল লোকে ক’বলৈ বিচাৰে, তেওঁলোকক মই কওঁ, এই যে সদন, এয়া এক পৱিত্ৰ সদন, এয়া সংবিধানৰ ৰক্ষাকৰ্তা সদন, সংবিধানৰ প্ৰতি সমৰ্পিত এই সদন, সংবিধানক লৈ গৌৰৱ কৰিব পৰা সদন এয়া, সংবিধানৰ প্ৰতি দায়িত্ব নিৰ্বাহ কৰিব পৰা সদস্যৰে ভৰা সদন এয়া...। মই আজি প্ৰতিগৰাকী সন্মানীয় সদস্যৰে আত্মা স্পৰ্শ কৰিবলৈ চেষ্টাৰ প্ৰয়াস কৰিবলৈ বিচাৰো।

মাননীয় অধ্যক্ষ মহোদয়, মেহবুবা মুফ্টিজীয়ে ৫ আগষ্ট তাৰিখে কি কৈছিল – মেহবুবা মুফ্টিজীয়ে কৈছিল যে, (সংবিধানৰ প্ৰতি সমৰ্পিত লোকসকল, অলপ মন দি শুনক) মেহবুবা মুফ্টিজীয়ে কৈছিল – ‘ভাৰতে’ – এই শব্দটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ, তেওঁ কৈছিল, ভাৰতে কাশ্মীৰৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। আমি যিখন দেশৰ সৈতে থকাৰ সিদ্ধান্ত লৈছিলো, সেইখন দেশেই আমাক বিশ্বাসঘাতকতা কৰিছে। এনে লাগিছে যে আমি ১৯৪৭ চনত ভুলকৈ নিৰ্বাচন কৰি ললো। সংবিধান মানি লোৱা লোকসকলে এনেধৰণৰ কথা, এনে ভাষা স্বীকাৰ কৰি ল’ব পাৰেনে? তেনে লোকৰ হৈ ওকালতি কৰে? তেনে লোকক অনুমোদন জনায়? ঠিক তেনেদৰেই শ্ৰীমান ওমৰ আব্দুল্লা জীয়ে কৈছিল, তেওঁ কৈছিল – ধাৰা ৩৭০ আঁতৰোৱা...

মাননীয় অধ্যক্ষ মহোদয়, ওমৰ আব্দুল্লা জীয়ে কৈছিল যে ধাৰা ৩৭০ আঁতৰোৱাৰ লগে লগে সমগ্ৰ দেশতে এনে এক ভয়াবহ বাতাবৰণৰ সৃষ্টি হ’ব যে ভাৰতৰ পৰা কাশ্মীৰ পৃথক হৈ পৰিব।

মাননীয় অধ্যক্ষ মহোদয়, ফাৰুখ আব্দুল্লা জীয়ে কৈছিল – কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আঁতৰোৱাৰ ফলত কাশ্মীৰৰ লোকসকলৰ স্বাধীনতা লাভৰ পথ প্ৰশস্ত হৈ পৰিব। যদিহে ধাৰা ৩৭০ আঁতৰাই দিয়া হয়, তেন্তে কাশ্মীৰত ভাৰতীয় জাতীয় পতাকা উৰুওৱা লোক কোনো বাচি নাথাকিব। এনে ভাষাৰে, এনে চিন্তাধাৰাৰে ভাৰতীয় সংবিধানৰ প্ৰতি সমৰ্পিত কোনো ব্যক্তিয়ে এনেধৰণৰ কথা স্বীকাৰ কৰিব পাৰিব নে? এনে কথাৰ সৈতে একমত হ’ব পাৰিব নে? মই এইখিনি কথা সেইসকল লোকৰ প্ৰতি কৈছো, যাৰ প্ৰকৃতাৰ্থতে আত্মা আছে।

মাননীয় অধ্যক্ষ মহোদয়, এইসকলেই সেইসকল লোক যিয়ে কাশ্মীৰৰ জনতাক আস্থাত ল’ব নোৱাৰে আৰু এইবাবেই এনেধৰণৰ শব্দ ব্যৱহাৰ কৰে, এনেধৰণৰ কথা কয়। পিছে কাশ্মীৰৰ জনতাৰ ওফৰত আমাৰ আছে পূৰ্ণ আস্থা। আমি তেওঁলোকক আস্থাত ললো, আৰু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আঁতৰালো। আৰু আজি ক্ষীপ্ৰতাৰে আমি বিকাশ লাভৰ দিশে কাম কৰিছো। দেশৰ যিকোনো ক্ষেত্ৰৰেই পৰিস্থিতিৰ অৱনতি কৰোৱাৰ কোনো অনুমতি দিব নোৱাৰি, সেয়া কাশ্মীৰেই হওঁক, অথবা উত্তৰ-পূৱেই হওঁক, অথবা কেৰেলাই হওঁক। আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলেও বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে। তাৰ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰিছে। জনসাধাৰণৰ সৈতে কথা পাতি, তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে আমি প্ৰয়াস কৰি আহিছো।

মাননীয় অধ্যক্ষ মহোদয়, মই আজি এই পৱিত্ৰ সদনৰ পৰা জম্মু-কাশ্মীৰৰ উজ্জ্বল ভৱিষ্যৎৰ বাবে, জম্মু-কাশ্মীৰৰ বিকাশৰ বাবে, জম্মু-কাশ্মীৰৰ জনসাধাৰণ আশা-আকাঙ্খাবোৰ পূৰণ কৰাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ। আমি সংবিধানৰ প্ৰতি সমৰ্পিত প্ৰতিগৰাকী লোকেই প্ৰতিজ্ঞাবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু ইয়াৰ লগে লগে মই লাডাখৰ বিষয়টোও উত্থাপন কৰিবলৈ বিচাৰো।

মাননীয় অধ্যক্ষ মহোদয়, আমাৰ দেশত ছিকিম এখন এনে ৰাজ্য, যিয়ে নিজকে এখন অৰ্গেনিক ৰাজ্য হিচাপে গঢ়ি তুলিছে। আৰু দেশৰ অন্যান্য প্ৰান্তৰ ৰাজ্যবোৰক ছিকিমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্যই অনুপ্ৰেৰণা দিছে। ছিকিমৰ নাগৰিক, ছিকিমৰ কৃষকসমাজ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ। লাডাখ সন্দৰ্ভত মোৰ মনত এক পৰিস্কাৰ ছবি সজীৱ হৈ আছে।

আৰু আমাৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পৰিৱেশৰ কথা যিদৰে সৰ্বত্ৰ প্ৰসংশিত হয়, যিদৰে carbon neutral country হিচাপে সমগ্ৰ দেশতে পৰিচয় লাভ কৰে, ঠিক তেনেদৰে আমাৰ লাডাখৰো এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ আমি বিচাৰো। আমি দেশবাসীয়ে সংকল্প লওঁ আৰু সকলোৱে সংকল্প গ্ৰহণ কৰিব লাগে যে আমি লাডাখকো এক carbon neutral ক্ষেত্ৰ হিচাপে গঢ়ি তুলিম। দেশৰ বাবে এক পৰিচয় গঢ়ি তুলিম। আৰু তাৰ লাভালাভ আমাৰ ভৱিষ্যৎ প্ৰজন্মই এক আদৰ্শ হিচাপে গ্ৰহণ কৰিব, এয়া মোৰ বিশ্বাস। আৰু মই যেতিয়াই লাডাখলৈ যাম, তেতিয়া সংশ্লিষ্ট দিশৰ এক ডিজাইন প্ৰস্তুত কৰাৰ চিন্তা চৰ্চা চলাইছো।

মাননীয় অধ্যক্ষ মহোদয়,ইয়াত সদনত যি এক আইনী ব্যৱস্থা জাৰি কৰিছে, যিখন আইন ৰাজ্য সভা আৰু লোকসভা দুয়োখন সদনতেই গৃহীত হৈছে, যি ইতিমধ্যে প্ৰযোজ্য বুলিও গৃহীত হৈছে, সেই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAA প্ৰযোজ্য হোৱাক লৈ এতিয়াও একাংশ লোকে আপত্তি দৰ্শাই আছে। কিছুসংখ্যক লোকে এতিয়াও কৈ আছে যে CAA প্ৰযোজ্য কৰাৰ বাবে ইমান কিহৰ দৌৰাদৌৰি লাগিছিল? একাংশ মাননীয় সাংসদে কৈছে যে চৰকাৰে ভেদভাৱ কৰিছে। এইখন চৰকাৰে হিন্দু মুছলমানৰ আধাৰত কাম কৰিছে। কিছুমানে কৈছে যে আমি দেশখন টুকুৰা টুকুৰ কৰিবলৈ বিচাৰিছো। বহুতে ইয়াতেই বহু কথা ক’লে, বহুতে বাহিৰৰ পৰাও বহু কথা কৈ আছে। বহু লোকে এক কাল্পনিক শংকা সৃষ্টি কৰাৰ চেষ্টা কৰি আছে অহৰহ। আৰু সেইসকল লোকেই এই কথা কৈছে, যিসকলে দেশ বিভাজন কৰা লোকৰ কাষত থাকি ফটো উঠাই আছে। দশক দশক ধৰি পাকিস্তানেও এনেবোৰ কথাকেই কৈ আহিছে, এইবোৰ কথাই কৈ আহিছে পাকিস্তানেও।

ভাৰতৰ মুছলমান লোকসকলক প্ৰৰোচিত কৰিবলৈ পাকিস্তানে কোনো প্ৰচেষ্টাই বাদ দিয়া নাই। ভাৰতৰ মুছলমান জনসাধাৰণক ভ্ৰমিত কৰিবলৈ পাকিস্তানে যথাসম্ভৱ সকলোধৰণৰ প্ৰচেষ্টাই অব্যাহত ৰাখিছে। আৰু এতিয়া তেওঁলোকৰ কথাৰ কোনো ভিত্তি নাইকিয়া হৈছে। পাকিস্তানৰ কথা আৰু আগবাঢ়িব পৰা নাই। মই তেনে সময়তে এইবোৰ কথা চিন্তা কৰি হতচকিত হৈ পৰো যে, যিবোৰ লোকক ভাৰতৰ জনসাধাৰণে ক্ষমতাৰ গাদীচ্যুত কৰি ঘৰলৈ পঠিয়াই দিলে, সেইবোৰ লোকে এনে কিছু কাম কৰিবলৈ লৈছে, যিবোৰ কথা, যিবোৰ কামৰ বিষয়ে ভাৰতে ভাবিও নোৱাৰিছিল। আমাক বাৰম্বাৰ স্মৰণ কৰোৱা হৈছে যে ইণ্ডিয়া ইণ্ডিয়া ধ্বনি দিয়া লোকসকল, জয় হিন্দৰ শ্লোগান দিয়া লোকসকল আমাৰেই মুছলমানসকল আছিল। সমস্যাটো তাতেই যে কংগ্ৰেছ আৰু তেওঁলোকৰ লোকসকলৰ বাবে এইসকল লোক সদায়েই মুছলমান হৈয়েই থাকিল। কিন্তু এইসকল লোক আমাৰ দৃষ্টিত ভাৰতীয় লোক, হিন্দুস্তানী লোক। সেয়া খান আব্দুল গফৰ খানেই হওঁক....

মাননীয় অধ্যক্ষ মহোদয়, মোৰেই সৌভাগ্য যে কৈশোৰ অৱস্থাতেই খান আব্দুল গফৰ খানৰ চৰণ স্পৰ্শ কৰাৰ সৌভাগ্য হৈছিল। এই কাৰ্যক লৈ মই সদায়েই গৰ্বিত অনুভৱ কৰো।

মাননীয় অধ্যক্ষ মহোদয়, খান আব্দুল গফৰ খানেই হওঁক, আফছাঁদ আব্দুল্লা খানেই হওঁক, অথবা বেগম হজৰত মহলেই হওঁক, নাইবা বীৰ শ্বহীদ আব্দুল কৰিমেই হওঁক, প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ছাৰ এপিজে আব্দুল কালামেই হওঁক, এই সকলোৱেই আমাৰ দৃষ্টিত ভাৰতীয়। সদনৰ সময় কমকৈ ব্যয় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নামবোৰ কমকৈ কৈছো, কিয়নো এনে নাম বহুতো আছে।

মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছ আৰু কংগ্ৰেছৰ দৰে দলবোৰে যেতিয়াৰ পৰা ভাৰতক ভাৰতৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব, তেতিয়াও তেওঁলোকে কৰা ভুলৰ অনুশোচনা হ’ব। অনুশোচনা হ’বই লাগিব। মাননীয় মহোদয়, কংগ্ৰেছ আৰু এই দলটোৰ ecosystem টোৰ প্ৰতি মই অতিকৈ কৃতজ্ঞ যে তেওঁলোকে Citizenship Amendment Act ক লৈ হৈ হাল্লা কৰি ৰাখিছে। তেওঁলোকে যদিহে বিৰোধিতা নকৰিলেহেতেন, তেন্তে তেওঁলোকৰ প্ৰকৃত ৰূপটো দেশবাসীয়ে দেখিবলৈ নাপালেহেতেন। এই কথা দেশবাসীয়ে দেখিবলৈ পালে যে দেশৰ বাবে কোন আৰু দলৰ বাবে কোন। আৰু মই বিচাৰো যে যিহেতু আলোচনা আৰম্ভ হৈছে, গতিকে এই বিষয়টো আৰু আগলৈও যাব।

মাননীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা যিকোনো লোকৰে থাকিব পাৰে আৰু ইচ্ছা জাগৃত হোৱাতো কোনো বেয়া কথা নহয়। কিকন্তু, কাৰোবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাসনা আছিল বাবেই ভাৰতভূমিত এডাল ৰেখা টানি দিয়া হ’ল আৰু দেশ বিভাজন কৰি দিয়া হ’ল। দেশ বিভাজনৰ পিছত যিদৰে পাকিস্তানত হিন্দু, শিখ আৰু সংখ্যালঘূসকলৰ ওপৰত অত্যাচাৰ চলিল, উৎপীড়ন চলিল, জোৰ-জুলুম চলিল, সেয়া কল্পনাৰো অতীত। মই মোৰ কংগ্ৰেছী বন্ধুসকলক সুধিবলৈ বিচাৰিছো, আপোনালোকে কেতিয়াবা ভূপেন্দ্ৰ কুমাৰ দত্তৰ নাম শুনিছেনে? কংগ্ৰেছৰ বাবে এই নামটো জনাটো অতিকৈ জৰুৰী, আৰু যিসকল ইয়াত উপস্থিত নাই তেওঁলোকৰ বাবেও এই নামটো জনাটো জৰুৰী।

ভূপেন্দ্ৰ কুমাৰ দত্ত এসময়ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিত আছিল, ইয়াৰ সদস্য আছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁ ২৩ বছৰ কাল কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ এগৰাকী এনে মহাপুৰুষ আছিল যিয়ে কাৰাগাৰৰ ভিতৰতেই ৭৮ দিনলৈ অনাহাৰে আমৰণ অনশন কৰিছিল। আৰু এয়া তেওঁৰ নামত থকা এক অভিলেখ। দেশ বিভাজনৰ পিছত ভূপেন্দ্ৰ কুমাৰ দত্ত পাকিস্তানতেই থাকি গ’ল। পাকিস্তানৰ সংবিধান সভাৰ তেওঁ সদস্যও আছিল। যেতিয়া সংবিধানৰ কাম চলি আছিল, অৰ্থাৎ যেতিয়া সংবিধানৰ কাম কাজ আৰম্ভ হ’বলৈ লৈছিল, তেতিয়া ভূপেন্দ্ৰ কুমাৰ দত্তই যিখিনি কথা কৈছিল, সেইখিনি কথা আজি মই পুনৰাবৃত্তি কৰিবলৈ বিচাৰিছো। কাৰণ যিসকল লোকক আমি দোষাৰোপ কৰি আছো, তেওঁলোকৰ বাবে এই কথা জনাটো অতিকৈ জৰুৰী।

ভূপেন্দ্ৰ কুমাৰ দত্তই কৈছিল So for as this side of Pakistan each confirm, the minority are practically liquidated. Those of us who are here to live represent near a core of people still lift in East Bengal, live under a total sense of frustration. এই খিনি কথা ভূপেন্দ্ৰ নাথ দত্তই দেশ বিভাজনৰ কিছু সময় পিছতেই পাকিস্তানৰ সংবিধান সভাত ব্যক্ত কৰিছিল। এনেধৰণৰেই পৰিস্থিতি আছিল তাত, স্বাধীনতাৰ আৰম্ভণিৰ দিনবোৰৰ পৰাই সংখ্যালঘূসকলৰ অৱস্থা এনে আছিল পাকিস্তানত। ইয়াৰ পিছত পাকিস্তানত পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে ভূপেন্দ্ৰ দত্তই ভাৰতলৈ আহি ভাৰতৰ শৰণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু পিছত তেওঁৰ মৃত্যুও ভাৰতভূমিতেই হৈছিল। তেতিয়াৰ পাকিস্তানত... আপোনাৰ বাবেতো একোৱেই হোৱা নাছিল, হয় আপোনাৰ বাবে একোৱেই হোৱা নাছিল, আপোনাৰ বাবেতো একেবাৰেই সাধাৰণ কথাই আছিল এয়া, কোনোবা মৰিলে মৰক, কোনোবা আহিলে আহক, এনেধৰণৰ মনোভাৱ আপোনাৰ। এনেকুৱাই মনোভাৱ আপোনাৰ মহাপুৰুষ!

মাননীয় অধ্যক্ষ মহোদয়, তেতিয়াৰ পাকিস্তানত আন এগৰাকী স্বাধীনতা সংগ্ৰামী ৰৈ গৈছিল। তেওঁ আছিল যোগিন্দ্ৰ নাথ মণ্ডল। তেওঁ সমাজৰ অত্যন্ত পীড়িত, নিষ্পেষিত শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁক পাকিস্তানৰ প্ৰথম গৰাকী আইন মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰা হৈছিল। ১৯৫০ চনৰ ৯ অক্টোবৰ, দেশে স্বাধীনতা লাভ কৰা আৰু দেশ বিভাজনৰ মাথো দুই নে তিনিবছৰহে হৈছিল, উক্ত দিনটোত পাকিস্তানৰ আইন মন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়ে মণ্ডলে। তেওঁ ইস্তাফা দি এটা লেখা লিখিছিল, তেওঁ ইস্তাফাৰ দিশটো সামৰি লিখা এই লেখাটো মই ক’বলৈ বিচাৰিছো - I must say that the policy of driven out Hindus from Pakistan are subsidate completely in West Pakistan and is nearing compilation in East Pakistan.

তেওঁ লগতে কৈছিল - Pakistan has not given the Muslim League entire satisfaction and the full senseof security.They now want to get lead of the Hindu intelligence so that the polices are economic and social life of Pakistan made of in anyway --- by them, এই কথাখিনি মণ্ডল ডাঙৰীয়াই নিজৰ ইস্তাফা টোকাত স্পষ্টভাৱে উল্লেখ কৰি গৈছিল। তেওঁও অৱশেষত ভাৰতলৈ উভতি আহিছিল আৰু মা ভাৰতীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল। ইমান দশক অতিক্ৰম কৰাৰ পিছতো পাকিস্তানৰ চিন্তাধাৰাৰ কোনো সালসলনি হোৱা নাই। তাত আজিও সংখ্যালঘূসকল অত্যাচাৰৰ সমূখীন হৈয়েই আছে। অলপতে নান কানা চাহাবৰ সৈতে যি সংঘটিত হ’ল সেয়া সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে। আৰু এয়া কেৱল হিন্দু আৰু শিখসকলৰ লগতে সংঘটিত নহয়, বৰঞ্চ তাত থকা আন আন সংখ্যালঘূ লোকসকলৰ লগতে যথেষ্ট জোৰ-জুলুম সংঘটিত হৈ আহিছে।

সদনৰ এনেবোৰ আলোচনাৰ মাজতে গান্ধীজীৰ কথাকলৈও সৰৱ চৰ্চা হৈছে। কোৱা হৈছে যে চিএএ সন্দৰ্ভত চৰকাৰে যিবোৰ কথা কৈছে, সেইবোৰ কথা গান্ধীজীৰ মতবাদ নহয়।

সেইবোৰ বাদেই দিলো, কংগ্ৰেছৰ দৰে দলে গান্ধীজীৰ কথা কেইবা দশক পূৰ্বেই পৰিহাৰ কৰিছিল। আপোনালোকেতো গান্ধীজীক বাদেই দিছে, আৰু যাৰ আধাৰতে কংগ্ৰেছৰ দৈনিক ভাতসাজ মিলি আহিছে, মই আজি তেওঁৰ কথা ক’বলৈ বিচাৰিছো।

১৯৫০ চনত নেহৰু-লিয়াকত চুক্তি সম্পন্ন হৈছিল। পাকিস্তানত বসবাস কৰা সংখ্যালঘূ লোকসকলৰ সুৰক্ষাৰ বাবেই এই চুক্তি সম্পাদিত হৈছিল। এই চুক্তিৰ আধাৰতেই পাকিস্তানত বসবাস কৰা ধৰ্মীয় সংখ্যালঘূলোকৰ সৈতে ভেদভাৱ পূৰ্ণ ব্যৱহাৰ কৰা নহ’ব। পাকিস্তানত বাস কৰা যিসকললোক, তাৰ ভিতৰত যিসকল ধৰ্মীয় সংখ্যালঘূলোক, যিসকলৰ কথা আমি ইয়াত কৈ আছো, তেওঁলোকক লৈ নেহৰু আৰু লিয়াকতৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া কংগ্ৰেছে উত্তৰ দিব লাগিব, নেহৰুৰ লেখীয়া ইমান ধৰ্ম নিৰপেক্ষ এগৰাকী ব্যক্তিয়ে, তেওঁৰ দৰে এগৰাকী বিদ্বানলোকে, দূৰদৃষ্টি সম্পন্নলোক, যি আপোনালোকৰ সৰ্বেসৰ্বা, তেনে এগৰাকী লোকে তেতিয়া সংখ্যালঘূ শব্দটো ব্যৱহাৰ নকৰি সকলোলোক বুলি শব্দটো কিয় ব্যৱহাৰ নকৰিলে? তেওঁ যদি ইমানেই উদাৰ আছিল, ইমানেই মহান আছিল তেন্তে তেওঁ কিয় তেনেদৰে কোৱা নাছিল? নিশ্চয় ইয়াৰ আঁৰত কোনো কাৰণ আছিল। কিন্তু এই সত্যটোক আপোনালোকে কিমান দিন ঢাকি ৰাখিব?

মোৰ আদৰৰ ভাই-ভনীসকল, মাননীয় অধ্যক্ষ মহোদয় আৰু মাননীয় সদস্যগণ, মই সেই সময়ৰ কথা কৈছো, নেহৰুজীয়ে বুজাবুজি চুক্তিত কিয় সংখ্যালঘূ শব্দটোৰ ব্যৱহাৰ কৰিছিল, তেওঁৰ দৰে এগৰাকী বিদ্বানলোকে এই কথাটোত কিয় একেবাৰেই সৈমান হৈছিল, নিশ্চয় তাৰ অন্তৰালত আছিল গভীৰ কাৰণ। যিটো কথা আজি আমি কৈ আছো, সেই কথাই সেই সময়ত পণ্ডিত নেহৰুৱে কৈছিল

মাননীয় অধ্যক্ষ মহোদয়, নেহৰুজীয়ে সংখ্যালঘূ বা minority শব্দটো প্ৰয়োগ কৰিছিল, এই কথা আপোনালোকে নকয়, কিয়নো এই কথাই আপোনালোকক কষ্ট দিয়ে। কিন্তু নেহৰুজীয়ে ইয়াৰ উত্তৰ নিজেই দি থৈ গৈছে। মই জানো আপোনালোকে তেওঁকো বাদ দিব। কাৰণ আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আপোনালোকে যিকোনো লোককেই বাদ দিব পাৰে। নেহৰুজীয়ে নেহৰু-লিয়াকত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ এবছৰ পূৰ্বেই অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীমান গোপানীথ বৰদলৈজীলৈ এক পত্ৰ লিখিছিল, আৰু গোপীনাথ বৰদলৈজীলৈ লিখা পত্ৰখনত যিবোৰ কথা উল্লেখ কৰা হৈছিল, সেইখিনি কথা মই আজি ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছো।

তেওঁ পত্ৰত লিখিছিল, যিসকল লোকে আমাক কয় যে আমি হিন্দু-মুছলমান কৰি থাকো, দেশ বিভাজন কৰি থাকো, তেওঁলোকে এইখিনি কথা ভালকৈ মন কৰিব, নেহৰুজীয়ে কি কৈ গৈছিল। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈজীলৈ তেওঁ লিখিছিল – আপুনি হিন্দু শৰণাৰ্থী আৰু মুছলমান immigrants ৰ মাজত পাৰ্থক্য বিচাৰিবই লাগিব। আৰু দেশে এই শৰণাৰ্থীসকলৰ দায়িত্ব ল’বই লাগিব। নেহৰু লিয়াকত চুক্তিৰ পিছত কেইমাহমানৰ ভিতৰতে নেহৰুজীয়ে এই সদনৰ মঁজিয়াতে ১৯৫০ চনৰ ৫ নৱেম্বৰ তাৰিখে এক বক্তব্য ৰাখিছিল। সেই তাৰিখটোত নেহৰুজীয়ে কৈছিল – ইয়াত কোনো সন্দেহৰ কথাই নাই যে যিসকল প্ৰভাৱিত বা ভুক্তভোগী লোক ভাৰতত settle হ’বলৈ আহিছে, তেওঁলোকে নাগৰিকত্ব লাভৰ বাবে যোগ্য আৰু ইয়াৰ বাবে যদিহে আইনী বাধা আহি পৰে, তেন্তে তেনে ক্ষেত্ৰত আইনী সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে, ৫ নৱেম্বৰ, ১৯৫০

১৯৬৩ চনত লোকসভাত, এই সদনতেই আৰু এই একেই স্থানতে Call attention motion সম্পন্ন হয়। তেতিয়া প্ৰধানমন্ত্ৰী নেহৰুৱে তৎকালীন বৈদেশিক মন্ত্ৰীৰ দায়িত্বও চম্ভালি আছিল। সদনৰ উত্তৰ দিবৰ বাবে বৈদেশিক ৰাজ্যিক মন্ত্ৰী শ্ৰীমান দীনেশজীয়ে যেতিয়া কথা কৈ আছিল তেতিয়া অৱশেষত প্ৰধানমন্ত্ৰী নেহৰুজীয়ে তেওঁৰ বক্তব্যৰ মাজতে হস্তক্ষেপ কৰি একপ্ৰকাৰে ধমক দিয়েই কৈছিল, আৰু তেওঁ সদনত সেইদিনা যিখিনি কথা কৈছিল, সেই কথাখিনিকেই ক’বলৈ বিচাৰিছো – পূৱ পাকিস্তানত তাৰ প্ৰশাসনে হিন্দু লোকসকলৰ ওপৰত ব্যাপকভাৱে চাঁপ প্ৰয়োগ কৰি আছে। - এয়া পণ্ডিত নেহৰুজীৰ বক্তব্য আছিল। পাকিস্তানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেৱল গান্ধীজীয়েই নহয়, নেহৰুজীৰো চিন্তা আছিল। ইমানবোৰ দস্তাবেজ আছে, চিঠি আছে, ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদন আছে, এই আটাইবোৰেই আইনৰেই ওকালতি কৰি আছে।

মই এই সদনত প্ৰমাণৰ আধাৰত, এতিয়া কংগ্ৰেছৰ প্ৰকৃত ৰূপটোৰ বিষয়ে সুধিবলৈ বিচাৰিছো আৰু তেওঁলোকৰ ecosystem এও মোৰ প্ৰশ্নটো বুজি পাব। মই যি এই আটাইবোৰ কথা কৈছো, তাৰ পৰা আপোনালোকৰ এনে লাগে নেকি যে পণ্ডিত নেহৰু cuminon আছিল? মই এবাৰ জানিবলৈ বিচাৰিছো। পণ্ডিত নেহৰুৱে হিন্দু মুছলমানৰ মাজত ভেদাভেদ কৰিছিল নেকি? পণ্ডিত নেহৰুৱে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল নেকি? তেওঁ যিবোৰ কথা কৈছিল, তাৰ পৰা এনে লাগে নেকি যে পণ্ডিত নেহৰুৱে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল?

মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ সমস্যাটো এয়ে যে তেওঁলোকে কথা বনাই বনাই কয়, মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া দশক দশক ধৰি পিছুৱাই থাকে। আজি আমাৰ চৰকাৰে নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ভাৱনাৰে আগবাঢ়ি সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তাতেই কংগ্ৰেছৰ সমস্যা তথা আপত্তি হৈছে। আৰু মই পুনৰবাৰ স্পষ্ট কৰি দিবলৈ বিচাৰিছো যে ভাৰতীয় সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি এই সদনৰ মাধ্যমেৰে এই দেশৰ ১৩০ কোটি দেশবাসীক ক’বলৈ বিচাৰিছো যে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ চিএএৰ দ্বাৰা দেশৰ কোনো নাগৰিকেই প্ৰভাৱান্বিত নহ’ব। সেয়া হিন্দুৱেই হওঁক অথবা মুছলমানেই হওঁক, শিখেই হওঁক বা অইন কোনো ধৰ্মাৱলম্বীয়েই লোক হওঁক, ইয়াৰ দ্বাৰা ভাৰতৰ minority ৰ কোনো লোকচান নহয়। তথাপি, যিসকল লোকক দেশৰ জনতাই নস্যাৎ কৰিছে, তেওঁলোকেই ভোট বেংকৰ ৰাজনীতিৰ বাবে খেল খেলিবলৈ লৈছে।

আৰু মই কংগ্ৰেছৰ লোকসকলক আকৌ এবাৰ সুধিবলৈ বিচাৰিছো। যিসকলেminority ৰ নামত নিজৰ ৰাজনৈতিক অভীস্পা পূৰণ কৰিবলৈ লৈছে, সেই কংগ্ৰেছৰ মনত আছে নে ৮৪ ৰ সেই দিল্লীৰ ভয়াবহ দিনবোৰৰ কথা, minority ৰ লগত কি ঘটিছিল মনত আছে নে? সেইসকল minority নাছিল নেকি? আপোনালোকেই আমাৰ শিখ ভাইসকলৰ ডিঙিত টায়াৰ ওলোমাই দি জীয়াই জীয়াই জ্বলাই হত্যা কৰা নাছিল নে? কেৱল সেয়াই নহয়, শিখ আন্দোলনৰ আৰোপীসকলকো আপোনালোকেই কাৰাগাৰলৈ নিক্ষেপ কৰাৰ কামো আপোনালোকেই কৰা নাছিল নে? আনকি আজি যিসকলৰ ওপৰত আৰোপ আছে, শিখ আন্দোলনত প্ৰৰোচনা কৰাৰ আৰোপ যিসকলৰ ওপৰত আছে, তেওঁলোককেই আপোনালোৰে মুখ্যমন্ত্ৰী কৰি নিৰ্বাচন কৰে। শিখ আন্দোলনৰ আৰোপীসকলক শাস্তি বিহিবলৈ তিনিটাকৈ দশক আমাৰ সেই বিধবা মাতৃসকলক অপেক্ষা কৰোৱা হৈছে। তেওঁলোক সংখ্যালঘূ নাছিল নেকি? সংখ্যালঘূৰ বাবে তুলাচেনী দুখন দুখন হ’ব লাগিব নেকি? আপোনালোকৰ পদ্ধতি এনেকুৱাই নেকি?

মাননীয় অধ্যক্ষ মহোদয়, ইমান বছৰ ধৰি দেশত ৰাজত্ব কৰা কংগ্ৰেছ দলে আজি বিৰোধীৰ আসনত আছে, পিছে দুৰ্ভাগ্যৰ কথা যে এক দায়িত্বশীল বিৰোধীৰ ভুমিকা যিয়ে পালন কৰাটো এক কৰ্তব্য আছিল, যিটো আকাঙ্খা তেওঁলোকৰ পৰা দেশে বিচাৰিছিল, সেই পথৰ পৰা তেওঁলোক আঁতৰি গৈছে, ভুল পথেৰে আগবাঢ়িছে। আৰু এই পথে আপোনালোকৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব, দেশকো সংকটৰ গৰাহলৈ ঠেলি দিব। আৰু এই সাৱধানবাণী মই এইবাবেই দিছো, আমি সকলোৱে দেশৰ বাবে চিন্তান্বিত হ’ব লাগে, দেশৰ উজ্জল ভৱিষ্যতৰ বাবে আমি চিন্তা কৰিব লাগে। Emigo Syrup 5ml

আপোনালোকেই চিন্তা কৰকচোন, ৰাজস্থান বিধানসভাই যদিহে কোনো এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সিদ্ধান্ত যদিহে কোনোৱেই মানিবলৈ ইচ্ছুক নহয়, সেই সিদ্ধান্তৰ বিৰোধিতাৰে যদিহে প্ৰতিবাদী সমদল উলিওৱা হয়, হিংসাত্মক পন্থা হাতত লয়, তেন্তে কেনে এটা পৰিস্থিতিৰ উদ্ভৱ হ’ব? মধ্যপ্ৰদেশত আপুনি আছে, তাত মধ্যপ্ৰদেশ বিধানসভাই কোনো এক সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তাৰ জনসাধাৰণ সেই সিদ্ধান্তৰ বিৰুদ্ধে এনে ধৰণে ৰাজপথলৈ ওলাই আহিছে, এনেদৰে দেশ চলিব পাৰিবনে?

আপোনালোকে ইমানেই ভুল কৰিলে যাৰ বাবে আপোনালোকে তাত বহি থাকিবলগীয়া হ’ল। এয়া আপোনালোকৰেই কামৰ পৰিণাম। সেয়েহে গণতান্ত্ৰিক পদ্ধতিৰে দেশৰ প্ৰতিগৰাকী নাগৰিকেই নিজৰ মনোভাৱ ব্যক্ত কৰাৰ অধিকাৰ আছে। কিন্তু মিছাৰ আশ্ৰয় লৈ আৰু ভুৱা কথা প্ৰচাৰ কৰি, দেশবাসীক ভ্ৰমিত কৰি আমি দেশৰ উন্নতি কেতিয়াও কৰিব নোৱাৰিম।

আৰু এইবাবেই আজি দেশৰ সংবিধানৰ কথা বিশেষকৈ কৈ থকা লোকসকলক বিশেষভাৱে অনুৰোধ কৰিছো, আহক –

সংবিধানৰ সন্মান কৰো আহক।

আহক, মিলাপ্ৰীতিৰে দেশ পৰিচালনা কৰো,

আহক, দেশখনক আগুৱাই লৈ যাওঁ। ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ কানম কৰো আহক।

আহক, দেশৰ সেই ১৫ কোটি পৰিয়াল, যিয়ে খাবৰ বাবে বিশুদ্ধ পানী লাভ কৰি আছে, সেয়া তেওঁলোকলৈ সঠিকভাৱে প্ৰেৰণ কৰাৰ সংকল্প গ্ৰহণ কৰো।

আহক, দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে একোটিকৈ পকী ঘৰ যাতে লাভ কৰিব পাৰে, তাৰ বাবে সকলোৱে একেলগে কাম কৰো আহক।

আহক, দেশৰ কৃষকসকলেই হওঁক, মাছমৰীয়াই হওঁক, পশুপালকেই হওঁক, সকলো কৃষকৰে আয় বৃদ্ধি কৰিবৰ বাবে সকলোৱে একেলগে হাত উজান দিও আহক।

আহক, প্ৰতিখন পঞ্চায়তক আমি Broadband connectivity প্ৰদান কৰো।

আহক, এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণৰ সংকল্প গ্ৰহণেৰে আমি সকলো একেলগে আগবাঢ়ো।

মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সকলোৱেই মিলিজুলি আগবাঢ়িব লাগিব, এনে এক চিন্তাধাৰাৰেই আমি আগবাঢ়ি যাব লাগিব, এনে এক  ধাৰণা মনত বান্ধি লৈয়েই মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই বক্তব্যৰ সামৰণি মাৰিছো। আপোনালোক সকলোকে বিশেষভাৱে কৃতজ্ঞতা জনাইছো।

 

***

वी.आर.आर.के./वंदना जाटव/ममता/निर्मल शर्मा /MANN/RD


(Release ID: 1606728) Visitor Counter : 286