প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 03 JAN 2020 7:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ বনজুইত ধ্বংস হোৱা গুৰুতৰ ক্ষতিৰ বাবে সমগ্ৰ ভাৰতবাসীৰ সৈতে দুখ প্ৰকাশ কৰে৷ তেওঁ কয় যে এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অষ্ট্ৰেলিয়াবাসীৰ সৈতে ভাৰতে সদায়েই সমৰ্থন প্ৰদান কৰি যাব৷

বিগত বৰ্ষসমূহত দুয়োখন দেশৰ মাজত উত্তৰণ হোৱা দ্বিপাক্ষিক সম্পৰ্কত সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা আগতকৈও অধিক শক্তিশালী কৰিব বুলি মত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু দেশবাসীক ২০২০ বৰ্ষৰ শুভকামনা প্ৰদান কৰে৷

******

VRRK/AKP/SKS/MANN



(Release ID: 1601082) Visitor Counter : 91