প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অটল ভূজল যোজনা
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত ৰোহটাং পাছৰ কৌশলগত সুৰংগ উচৰ্গা

Posted On: 25 DEC 2019 1:22PM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীৰ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অটল ভূজল যোজনা (অটল জল)মুকলি কৰাৰ লগতে ৰোহটাং পাছৰ কৌশলগত সুৰংগটো বাজপেয়ীৰ নামত উচৰ্গা কৰে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানালি আৰু লেহক সংযোজি কৰা এই গুৰুত্বপূৰ্ণ সুৰংগ পথটো এতিয়াৰে পৰা অটল সুৰংগ হিচাপে জনাজাত হব৷ এই কৌশলগত সুৰংগটোৱে অঞ্চলটোৰ পৰ্যটন তথা যোগাযোগ ব্যৱস্থা উন্নতিৰ দ্বাৰা সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

অটল জল যোজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে অটলজীয়ে পানীৰ সমস্যা গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে৷ অটলজীৰ সেই বীক্ষণ বাস্তৱায়িত কৰাত তেওঁৰ চৰকাৰ অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ অটল জল যোজনাৰ দ্বাৰা জল জীৱন অভিযানৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি দেশত ২০২৪ চনৰ ভিতৰত প্ৰতিখন ঘৰলৈ পানী যোগানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে পানীৰ সমস্যাই প্ৰতিটো পৰিয়ালকে জুৰুলা কৰাৰ লগতে ই দেশৰ উন্নতিতো ব্যাঘাত জন্মায়৷ সেয়ে নতুন ভাৰতত এই সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জল শক্তি মন্ত্ৰালয়ৰ অধীনত পানী সংৰক্ষণৰ বাবে ব্যাপক প্ৰয়াস কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত জল জীৱন অভিযানৰ দ্বাৰা প্ৰতিখন ঘৰলৈ পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অটল জল যোজনাৰ অধীনত যিবোৰ অঞ্চলত ভূজলৰ পৰিমাণ কম, তেনেবোৰ স্থানত গুৰুত্ব প্ৰদান কৰা হৈছে৷

পানী ব্যৱস্থাপনাৰ বাবে পঞ্চায়তসমূহক সৱলীকৰণ কৰাৰ বাবে অটল জল যোজনাৰ অধীনত পঞ্চায়তসমূহলৈ অধিক ধনৰ আৱণ্টন প্ৰদান কৰা হব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে যোৱা ৭০ বছৰত ১৮ কোটিৰ ভিতৰত কেৱল ৩ কোটি ঘৰলৈহে পাইপযুক্ত পানীৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু তেওঁৰ চৰকাৰে আগন্তুক পাঁচ বছৰৰ ভিতৰত ১৫ কোটি ঘৰলৈ পাইপযুক্ত পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত পানী সম্পৰ্কীয় আঁচনিসমূহৰ বাবে ৩.৫ লাখ কোটি টকা ব্যয় কৰিব৷

অটল ভূজল যোজনা (অটল জল)

গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশকে ধৰি সাতখন ৰাজ্যত যত ভূজলৰ পৰিমাণ কম, এই ৰাজ্যকেইখনৰ বহনক্ষম ভূজল ব্যৱস্থাপনাৰ বাবে অটল ভূজল যোজনাৰ পৰিকাঠামো প্ৰস্তুত কৰা হৈছে৷ এই আঁচনি প্ৰণয়নৰ জৰিয়তে উক্ত ৰাজ্যসমূহৰ ৭৮খন জিলাৰ ৮৩৫০খন গাঁও পঞ্চায়ত উপকৃত হব৷

ৰোহটাং পাছৰ সুৰংগ

ৰোহটাং পাছৰ কৌশলগত সুৰংগ নিৰ্মাণৰ ঐতিহাসিক সিদ্ধান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গ্ৰহণ কৰিছিল৷ ৮.৮ কিলোমিটাৰ দৈৰ্ঘৰ এই সুৰংগটো ৩,০০০ মিটাৰৰ উচ্চতাত অৱস্থিত৷ ই মানালি আৰু লেহৰ দূৰত্ব ৪৬ কিলোমিটাৰলৈ হ্ৰাস কৰিব৷ এই সুৰংগটো যিকোনো বতৰতো সক্ষম হৈ থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে৷      

**********

VRRK/AK/MANN



(Release ID: 1598031) Visitor Counter : 92