সাংস্কৃতিক মন্ত্ৰালয়


শ্ৰী প্ৰহ্লাদ সিং পেটেলে সাক্ষাৎ কৰিলে দ্ৰুপকা অৰ্ডাৰৰ কুং ফু নানক

কুং ফু নানে নায়কসূলভ মানৱ অধিকাৰ কাৰ্যৰ বাবে এছিয়া ছ’চাইটীজ গেম চেঞ্জাৰ এৱাৰ্ড লাভ কৰাত শ্ৰী পেটেলৰ অভিনন্দন

Posted On: 04 NOV 2019 7:31PM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী (স্বতন্ত্ৰ)শ্ৰী প্ৰহ্লাদ সিং পেটেলে আজি নতুন দিল্লীত কুং ফু নানক সাক্ষাৎ কৰে৷ কুং ফু নান হল হিমালয়ৰ কিছু মানৱ অধিকাৰ সক্ৰিয় কৰ্মী যিয়ে মহিলা সৱলীকৰণ তথা হিমালয়ত লিংগ সমতাৰ বিভিন্ন কাৰ্যৰ বাবে ২০১৯ চনৰ ৩০ অক্টোবৰ তাৰিখে নিউয়ৰ্কত সন্মানীয় গেম চেঞ্জাৰ বঁটা লাভ কৰিছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কুং ফু নানক এই সন্মানীয় বঁটা লাভ কৰাৰ বাবে অভিনন্দন জনায় আৰু তেওঁলোকক মহিলা সৱলীকৰণৰ প্ৰকৃত প্ৰতীক বুলি অভিহিত কৰে৷ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ টেগ লাইন ‘‘নিজেই নিজৰ নায়ক হোৱা’’ত গভীৰভাৱে আকৃষ্ট হয়৷ তেওঁ কয় যে এই শ্লগানে আমাক সকলোকে উৎসাহিত কৰিবলৈ সমৰ্থ হব৷ কুং ফু নানৰ সৈতে বাৰ্তালাপ শ্ৰী পেটেলে তেওঁলোকৰ নামটোৰ অৰ্থ অনুধাৱন কৰিবলৈ সমৰ্থ হয়৷ নানসকলে তেওঁলোকৰ প্ৰথম নামটো জিগমেঅৰ্থাৎ ভয়হীনবুলি ব্যৱহাৰ কৰে৷ মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ভাৰতৰ ভয়হীন জীয়াৰী বুলি অভিহিত কৰে৷

কুং ফু নানসকলে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰে যিয়ে নিজৰ শিক্ষা আৰু প্ৰয়াসেৰে লিংগ সমতা তথা পৰিৱেশৰ হকে মাত মাতি আহিছে৷

*****

NB/AKJ/OA/MANN


(Release ID: 1591421)
Read this release in: English , Hindi , Tamil