প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে পুনৰীক্ষণ কৰিলে বায়ু প্ৰদুষণ ৰোধৰ প্ৰক্ৰিয়া

পৰিস্থিতি উত্তৰণৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰয়াসক প্ৰশংসা মুখ্য সচিবৰ

Posted On: 04 NOV 2019 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰাই আজি পুনৰবাৰ পাঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীয়ে প্ৰদুষণ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপ পুনৰীক্ষণ কৰে৷

পাঞ্জাৱৰ মুখ্য সচিবে অৱগত কৰা অনুসৰি তেওঁ ব্যক্তিগতভাৱে জিলা উপাযুক্তসমূহৰ সৈতে পৰিস্থিতি প্ৰত্যক্ষ কৰি আছে৷ তেওঁ কয় যে বায়ু আইন ১৯৮১ উলংঘাকাৰীসকলৰ বিৰুদ্ধে অভিযোগো পঞ্জীয়ন কৰা হৈছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

ঠিক সেইদৰে হাৰিয়ানাৰ মুখ্য সচিবেও অৱগত কৰা অনুসৰি ৰাজ্যখনৰ পৰালি জ্বলোৱাৰ ঘটনা হ্ৰাস কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

দিল্লীৰ মুখ্য সচিবে পানী ছটিওৱাৰ কাৰ্য বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ আইন উলংঘাকাৰীসকলক সৰ্বাধিক পৰিমাণৰ জৰিমণা জাৰি কৰা হৈছে৷

ভাৰতীয় জলবায়ু বিভাগে অনাগত কেইটামান দিনৰ ভিতৰতে বতৰ ফৰকাল হব বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে প্ৰয়োজন অনুসাৰে তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি ইয়াৰ বাবে দীৰ্ঘকালীন সমাধান সন্ধান কৰিবলৈ তেওঁ আহ্বান জনায়৷

উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টা শ্ৰী পি কে সিনহা, কেবিনেট সচিব, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব, কৃষি বিভাগৰ সচিব, প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ, ভাৰতীয় জলবায়ু বিভাগৰ সঞ্চালক, পাঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ মুখ্য সচিব তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে৷

*****

VRRK/SH/MANN



(Release ID: 1591420) Visitor Counter : 101