কেবিনেট

কেবিনেটে অনুমোদন জনালে জুলাই ২০১৯ৰ দেয় ডি এ/ডি আৰত ৫%ৰ বৃদ্ধি

Posted On: 09 OCT 2019 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ০১.০৭.২০১৯ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত মূল্যবৃদ্ধিক মোকাবিলা কৰিব পৰাকৈ ডি এ আৰু পেঞ্চনাৰসকলৰ বাবে ডি আৰত বেছিক পে’/পেঞ্চনত বিদ্যমান ১২%ৰ ওপৰত ৫% অতিৰিক্ত বৃদ্ধিৰ বাবে অনুমোদন জনাইছে৷ এই বৃদ্ধি গ্ৰহণযোগ্য সূত্ৰ অনুসৰি অনুবদ্ধ কৰা হৈছে যি ৭ম কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শত উল্লেখ কৰা হৈছে৷

বিত্তীয় বৰ্ষ ২০১৯-২০ (জুলাই ২০১৯ৰ পৰা ফেব্ৰুৱাৰী ২০২০লৈ ৮ মাহৰ সময়ৰ বাবে) ডি ই আৰু ডি আৰৰ বাবে কোষাগাৰত ক্ৰমে ১৫৯০৯.৩৫ কোটি টকা আৰু ১০৬০৬.২০ কোটি টকাৰ বোজাৰ সৃষ্টি হব৷ ইয়াৰ দ্বাৰা কেন্দ্ৰ চৰকাৰৰ প্ৰায় ৪৯.৯৩ লাখ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী উপকৃত হব৷

ডি ইৰ এই বৃদ্ধিৰ বাবে প্ৰতি বছৰে ৮৫৯০.২০ কোটি টকা আৰু বিদ্যমান বিত্তীয় বৰ্ষ ২০১৯-২০ (জুলাই ২০১৯ৰ পৰা ফেব্ৰুৱাৰী ২০২০লৈ ৮ মাহৰ বাবে)ত ৫৭২৬.৮০ কোটি টকাৰ অতিৰিক্ত বোজা সৃষ্টিৰ অনুমান কৰা হৈছে৷  

পেঞ্চনভোগীসকলৰ বাবে ডি আৰৰ বাবে প্ৰতি বছৰে ৭৩১৯.১৫ কোটি টকা আৰু বিদ্যমান বিত্তীয় বৰ্ষত ৪৮৭০ কোটি টকাৰ অতিৰিক্ত বোজা সৃষ্টিৰ অনুমান কৰা হৈছে৷

কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী/পেঞ্চনভোগীসকলক ডি ই/ডি আৰ বাস্তৱিক মূল্যৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিত নিজৰ জীৱন শৈলী বৰ্তাই ৰাখিবলৈ প্ৰদান কৰা হয় যাতে তেওঁলোকে মূল বেতন/পেঞ্চন সঞ্চয় কৰিব পাৰে৷ ১ জানুৱাৰী আৰু ১ জুলাইৰ পৰা এটা বছৰত দুবাৰ ডি ই/ডি আৰৰ সংশোধন কৰা হৈছে৷   

 

*******

VRRK/SH/PK/MANN


(Release ID: 1587634)