প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


লোভ নহয়, বৰঞ্চ প্ৰয়োজনীয়তা, এয়াই হ’ল ভাৰতৰ আদৰ্শঃ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

ভাৰতৰ পুনৰ নৱীকৰণ শক্তি সামৰ্থৰ লক্ষ্য দুগুণ কৰি ৪৫০ গিগাৱাটত উপনীত হোৱাৰ শপত গ্ৰহণ

জলবায়ু পৰিৱৰ্তন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান

Posted On: 23 SEP 2019 11:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পাৰ্শ্বৱৰ্তীসময়ত অনুষ্ঠিত কৰা জলবায়ু পৰিৱৰ্তন সন্মিলনত ভাষণ প্ৰদান কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ চেম্পিয়ন অব্ দা আৰ্থ বঁটা লাভ কৰাৰ পিছত ৰাষ্ট্ৰসংঘত এয়া তেওঁৰ প্ৰথমটো ভাষণ৷ তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুতৰ প্ৰত্যাহ্বানৰ পৰা মুক্ত হবলৈ এই মুহূৰ্তত আমি যি কৰি আছো সেয়া পৰ্যাপ্ত নহয়৷ তেওঁ বিশ্ববাসীক আচৰণগত পৰিৱৰ্তনৰ বাবে আহ্বান জনায়৷

তেওঁ কয় যে প্ৰকৃতিৰ প্ৰতি সন্মান, সম্পদসমূহৰ উচিত ব্যৱহাৰ, প্ৰয়োজনীয়তা হ্ৰাস আৰু অৰ্থৱহ জীৱন আমাৰ পৰম্পৰাগত তথা বৰ্তমানৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাশা৷

তেওঁ কয় যে ‘‘লোভ নহয়, বৰঞ্চ প্ৰয়োজনীয়তা’’ আমাৰ পথ প্ৰদৰ্শক আদৰ্শ হিচাপে বিবেচিত হৈ আহিছে৷ আৰু সেইবাবে ভাৰতে এই সমস্যাৰ কেৱল গুৰুত্বৰ বিষয়ে কোৱাই নহয় বৰঞ্চ এক কাৰ্যকৰী পদক্ষেপ আৰু ৰোডমেপো প্ৰস্তুত কৰিছে৷ কেইবা টনৰ উপদেশতকৈ সামান্য পৰিমাণৰ অভ্যাসেই শ্ৰেষ্ঠ বুলি আমি বিশ্বাস কৰো৷

তেওঁ সংকল্প গ্ৰহণ কৰি কয় যে অজীৱাশ্ম ইন্ধনৰ পৰিমাণ বৃদ্ধি পাব আৰু ২০২২ চন পৰ্যন্ত ভাৰতৰ পুনৰ নৱীকৰণযোগ্য শক্তি সামৰ্থ ১৭৫ গিগাৱাটতকৈও অধিক হব আৰু পিছলৈ ইয়াৰ পৰিমাণ ৪৫০ গিগাৱাট হব৷ তেওঁ কয় যে ভাৰতে পৰিবহণ খণ্ডক ই মবিলিটী তথা পেট্ৰল আৰু ডিজেলত জৈৱ ইন্ধনৰ অনুপাত বৃদ্ধি কৰি পৰিবেশ অনুকূল হিচাপে প্ৰস্তুত কৰিবলৈ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে ভাৰতৰ ১৫০ মিলিয়ন পৰিয়াললৈ স্বচ্ছ ৰন্ধন গেছৰ সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে৷

শ্ৰী মোদীয়ে কয় যে পানী সংৰক্ষণ, বৰষুণৰ পানীৰ সংৰক্ষঁ আৰু জল সম্পদৰ বিকাশৰ বাবে জল জীৱন অভিযানৰ সূচনা কৰা হৈছে আৰু আগন্তুক বৰ্ষত প্ৰায় ৫০ বিলিয়ন ডলাৰ ইয়াৰ বাবে ব্যয় কৰা হব৷

তেওঁ কয় যে আন্তৰ্জাতিক পৰ্যায়ত প্ৰায় ৮০খন দেশে আমাৰ আন্তৰ্জাতিক সৌৰ মিত্ৰতা শিবিৰত অংশগ্ৰহণ কৰিছে৷ ভাৰত আৰু ছুইডেনে যুটীয়াভাৱে অন্য সহযোগীৰ সৈতে ঔদ্যোগিক পৰিৱৰ্তনৰ পৰিধিৰ ভিতৰত নেতৃত্বমূলক গোটৰ সূচনা কৰিছে৷ এই পদক্ষেপৰ জৰিয়তে চৰকাৰ আৰু ব্যক্তিগত খণ্ডই প্ৰযুক্তি উদ্ভাৱনৰ এক সহযোগিতামূলক প্লেটফৰ্ম লাভ কৰিব৷ তাৰোপৰি ই উদ্যোগসমূহৰ বাবে নিম্ন কাৰ্বন নিৰ্গমন ব্যৱস্থাও বিকশিত কৰিব৷

তেওঁ কয় যে আমাৰ আন্তঃগাঁথনি দুৰ্যোগৰ স্থিতিস্থাপক হিচাপে গঢ়ি তোলাৰ বাবে ভাৰতে দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি সংঘ মুকলি কৰিছে আৰু অন্য সদস্য দেশকো ইয়াত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে৷ তেওঁ কয় যে চলিত বৰ্ষৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰিবলৈ জন আন্দোলনৰ সূচনা কৰা হৈছে৷ তেওঁ কয় যে কথা কোৱাৰ সময় ইতিমধ্যেই অতিক্ৰম হৈছে; এতিয়া হাতে-কামে কৰি দেখুওৱাৰ সময়৷

***

VRRK/AK/MANN



(Release ID: 1586650) Visitor Counter : 195