প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চাইবাৰ সুৰক্ষা আৰু ডিজিটেল প্ৰযুক্তি সন্দৰ্ভত গ্ৰহণ কৰা ভাৰত-ফ্ৰান্সৰ যুটীয়া পথ-নিৰ্দেশনা (২২ আগষ্ট, ২০১৯)

Posted On: 22 AUG 2019 11:59PM by PIB Guwahati

উমৈহতীয়া দৃষ্টিভংগীঃ

ভাৰত আৰু ফ্ৰান্সে পৰস্পৰৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা, উন্নয়নৰ ধাৰাবাহিকতা নিশ্চিত কৰা আৰু ডিজিটেল ক্ষেত্ৰত থকা বিভাজন দূৰ কৰাৰ বাবে অতিকে প্ৰয়োজনীয় ডিজিটেল প্ৰযুক্তিক সামাজিক ৰূপান্তৰৰ যোগ্য উপাদান হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা যুগুতাই উলিয়াইছে। দুয়োখন দেশে নাগৰিকসকলৰ সবলীকৰণ নিশ্চিত কৰাৰ লগতে সামাজিক বৈষম্য হ্ৰাস কৰা আৰু বিকাশৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ দৰে প্ৰসংগত ডিজিটেল প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ পক্ষত সহমত ব্যক্ত কৰিছে।

   আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কুটনৈতিক প্ৰয়াস হিচাপে ভাৰত আৰু ফ্ৰান্সে মুক্ত, বিশ্বসযোগ্য, সুস্থিৰ, নিৰাপদ, আৰু  শান্তিপূৰ্ণ চাইবাৰস্পেচ গঢ়ি তোলাৰ বাবে পৰস্পৰৰ দায়বদ্ধতা দোহাৰে। মুক্ত, নিৰাপদ, শান্তিপূৰ্ণ আৰু সহজ প্ৰৱেশ সম্ভৱ হব পৰা এক ডিজিটেল পাৰিপাৰ্শ্বিকতা গঢ়ি তোলাৰ লগতে ইয়াক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইন আৰু বিশেষকৈ ৰাষ্ট্ৰসংঘৰ চনদৰ নিৰ্দেশনাৱলীকো মানি চলা হব।

   তেওঁলোকে ৰাষ্ট্ৰসংঘৰ চনদৰ আধাৰত চাইবাৰস্পেচ-ৰ উত্তৰণ আৰু বলবত্কৰণৰ লগতে ভৰষা আৰু দক্ষতা বৃদ্ধিৰ প্ৰসংগত দায়বদ্ধ দেশে স্বেচ্ছামূলকভাবে প্ৰদৰ্শন কৰিব লগা আচৰণ প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতিও দোহাৰে। ইয়ে সামগ্ৰিক ভাবে চাইবাৰস্পেচ-ৰ শান্তি আৰু নিৰাপত্তাৰ বুনীয়াদ সুদৃঢ় কৰিব।

    ভাৰত আৰু ফ্ৰান্সে চাইবাস্পেচ-ৰ বিশ্বাসযোগ্যতা, নিৰাপত্তা আৰু সুস্থিৰতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা ভিন্ন অংশগ্ৰহণকাৰীসকলৰ দায়িত্বসমূহলৈ স্বীকৃতি প্ৰদান কৰিছে। দুয়োখন দেশে এক মুক্ত, নিৰাপদ, সুস্থিৰ, সহজ প্ৰৱেশসাধ্য আৰু শান্তিপূৰ্ণ ডিজিটেল পাৰিপাৰ্শ্বিকতা  নিশ্চিত কৰাৰ ক্ষেত্ৰত বহু অংশীদাৰী ব্যৱস্থাক সবল কৰি তোলাৰ পোষকতা কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰ, উদ্যোগ, বুদ্ধিজীৱি আৰু সচেতন সমাজৰ যুটীয়া সহযোগিতা কামনা কৰে।

শাসন, সাৰ্বভৌমত্ব আৰু প্ৰযুক্তিগত বিধি-নিয়মঃ

ভাৰত আৰু ফ্ৰান্সে চৰকাৰকে ধৰি সকলো অংশীদাৰৰ স্বাৰ্থ সুৰক্ষিত ৰাখিব পৰা ইণ্টাৰনেট ব্যৱস্থা গঢ়ি তোলাৰ বাবে বহু অংশীদাৰিত্ব আৰু বহু পক্ষীয় প্ৰয়াস অক্ষুন্ন ৰাখি এক সৰ্বাত্মক, স্বচ্ছ আৰু মুক্ত ডিজিটেল পাৰিপাৰ্শ্বিকতাৰ উত্তৰণৰ বাবে কাম কৰাৰ পোষকতা কৰে।

    ফ্ৰান্স আৰু ভাৰতে ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু ইয়াৰ ব্যৱহাৰ আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ সহযোগিতাপূৰ্ণ, যুক্তিপূৰ্ণ, নিৰ্দ্ধাৰিত আৰু সংকল্পপূৰ্ণ কৰ্মৰ সৈতে হাতত হাত ধৰি আগবঢ়া, দেশৰ চাৰিসীমাৰ ভিতৰত স্থাপিত ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত সেই দেশৰ সাৰ্বভৌমত্ব নিশ্চিত কৰাৰ লগতে অনলাইন ব্যৱস্থাত মানৱাধিকাৰ আৰু মত প্ৰকাশৰ আধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰে।

চাইবাৰ ছিকিউৰিটী ক্ষেত্ৰত সহযোগিতাঃ

ভাৰত আৰু ফ্ৰান্সে চাইবাৰ সম্পৰ্কীয় আলোচনাক আৰু অধিক গভীৰ কৰাৰ লগতে ধাৰাবাহিক ভাবে অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰেশেহতীয়াভাবে যোৱা ২০জুন,২০১৯ত পেৰিছত এইলানি আলোচনাৰ তৃতীয় বৈঠক অনুস্থিত হৈ যায় আৰু বৈঠকৰ অন্তত দুয়ো দেশে আনুষ্ঠানিক ভাবে যুটীয়া বিবৃতিও প্ৰকাশ কৰে।

এই প্ৰসংগত, চাইবাৰস্পেচ-ৰ ব্যৱহাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন আৰু ইউএনজিজিই-ৰ প্ৰতিবেদনৰ নিৰ্দশনাৱলী বলবত্কৰণৰ ক্ষেত্ৰত দায়বদ্ধ দেশ হিচাপে প্ৰদৰ্শন কৰিব লগা আচৰণ সন্দৰ্ভত বহুপক্ষীয় মঞ্চসমূহত অব্যাহত থকা আলোচনাত সহযোগিতা আগবঢ়াব পৰাকৈ দুয়ো দেশৰ মাজৰ সমন্বয়ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়।

    ভাৰত আৰু ফ্ৰান্সে অনাহূত কৰ্ম-কাণ্ড ৰোধ কৰা, তেনে কাণ্ডৰ তাত্ক্ষণিক ভাবে শুধৰণিৰ ব্যৱস্থা কৰা, তেনে পৰিস্থিতিয়ে সৃষ্টি কৰিব পৰা সাম্ভাব্য প্ৰভাৱ প্ৰশমিত কৰা আৰু ইয়াৰ মূল কাৰণক চিনাক্ত কৰাৰ বাবে দুয়ো দেশৰ চাইবাৰ সুৰক্ষাৰে জড়িত সংস্থাসমূহৰ মাজৰ সমন্বয় অধিক গাঢ় কৰাত সহমত প্ৰকাশ কৰে

    ডিজিটেল সংসাধন, সামগ্ৰী আৰু সেৱাসমূহৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি ভাৰত আৰু ফ্ৰান্সে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ডিজিটেল সামগ্ৰীৰ পৰীক্ষণ আৰু প্ৰামাণীকৰণ ব্যৱস্থাক প্ৰভাৱিত কৰিব পৰা অৰ্থনৈতিক তথ্য-ভাণ্ডাৰৰ সুৰক্ষাকে ধৰি আইনী তথা নিয়ামক বিধি-ব্যৱস্থাৰ লগতে উত্তম অনুশীলনক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা দোহাৰে। এনে প্ৰেক্ষাপটত ভাৰত আৰু ফ্ৰান্সে ৫-জি প্ৰযুক্তিৰ প্ৰচলনৰ সৈতে জড়িত থকা সমস্যাৱলী যুটীয়াভাবে মোকাবিলা কৰাৰ লগতে ইয়াৰ কাৰিকৰী সমাধানসূত্ৰ বিচাৰি উলিওৱাৰ বাবে যৌথ ভাবে কাম কৰাৰ অভিপ্ৰায় ব্যক্ত কৰে।

    ভাৰত আৰু ফ্ৰান্সে চাইবাৰস্পেচ-ত দ্ৰুত হাৰত হবলৈ ধৰা অনাহূত সা-সৰঞ্জামৰ প্ৰয়োগৰ পয়োভৰ আৰু অনুশীলন নিয়ন্ত্ৰণৰ প্ৰাসংগিকতা দোহৰাৰ লগতে এই সংক্ৰান্তীয় আলোচনাৰ প্ৰয়োজনীয়তাও স্বীকাৰ কৰি লয়। দুয়োখন দেশে সদস্য দেশ হিচাপে ৱাছেনাৰ এৰেঞ্জমেণ্টৰ আধাৰত অনুষ্ঠিত হোৱা আলোচনালানিত সক্ৰীয়তাৰে অংশগ্ৰহণ কৰি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ বাবে ভাৰত-ফ্ৰান্সে পৰস্পৰৰ আইনী আৰু নিয়ামক প্ৰবন্ধন, বিশেষকৈ অৰ্থনৈতিক তথ্য সম্পৰ্কীয় আন্তঃগাঁথনিৰ সংৰক্ষণৰ তথ্যাৱলী বিনিময় কৰাৰ বাবেও সহমত  প্ৰকাশ কৰে।

ভাৰত আৰু ফ্ৰান্সে চাইবাৰ সুৰক্ষা, বিশেষকৈ ৰাষ্ট্ৰীয় সুৰক্ষাক প্ৰভাৱিত কৰা অৰ্থনৈতিক তথ্য-ভাণ্ডাৰৰ প্ৰতি অহা ভাবুকি ৰোধ কৰাৰ বাবে সকলো দেশৰ মাজত ঘনিষ্ঠ সহযোগিতা ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰে।

চাইবাৰ অপৰাধ বিৰোধী যুঁজৰ বাবে জোঁট বন্ধনৰ পোষকতাঃ

ভাৰত আৰু ফ্ৰান্সে চাইবাৰ অপৰাধক ৰাষ্ট্ৰ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰ বাবেই ভাবুকি বুলি অভিহিত কৰি এনে অপৰাধত জড়িতসকলক কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন কৰাব পৰাকৈ পদক্ষেপ গ্ৰহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৰ্দ্ধনত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে বিশেষকৈ তথ্যৰ বিনিময়, সাক্ষ্য সংগ্ৰহ, দোষীক চিনাক্তকৰণ, বিশেষকৈ অনিষ্টকাৰী ব্যৱস্থা বিকশিত কৰোতা, হোষ্টাৰ আৰু হোষ্টিঙ’-ৰ বাবে মঞ্চ প্ৰদান বা সম্প্ৰচাৰ কৰোতাসকলক চিনাক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ দুয়োখন দেশে পৰস্পৰৰ মাজত সহযোগিতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে। দুয়োখন দেশে ইলেক্ট্ৰনিক লেন-দেন ব্যৱস্থাৰ নিৰাপত্তা প্ৰসংগত ব্যগ্ৰতা প্ৰকাশ কৰে আৰু এনে পৰিস্থিতিত এটিএম-ৰ পৰা টকা সৰকোৱাকে ধৰি যিকোনো ধৰণৰ অনলাইন প্ৰতাৰণাৰ বিৰুদ্ধে উপভোক্তাসকলক সুৰক্ষা দানৰ দায়বদ্ধতা প্ৰকাশ কৰে। তদুপৰি তেওঁলোকে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ছাৰ্ভিচ প্ৰভাইডাৰ, চিয়েল মিডিয়া কোম্পানীসমূহৰ সৈতে তথ্য বিনিময় সন্দৰ্ভত বিশেষ আলোচনাত মিলিত হোৱাৰো পৰিকল্পনা যুগুতাই উলিয়ায়।

ডিজিটেল প্ৰৱন্ধনত সহযোগিতা, নিয়ন্ত্ৰণৰ প্ৰত্যাহ্বানঃ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডিজিটেল খণ্ডৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰাকৈ এক ন্যায়সংগত, নিকা আৰু সমতুল প্ৰয়াসৰ পৰিবেশ বিকশিত কৰাৰ বাবে পৰস্পৰৰ মাজৰ সমন্বয় অধিক মজবুত কৰাত গুৰুত্ব আৰোপ কৰে ভাৰত আৰু ফ্ৰান্সে। ইফালে ৰাজহুৱা সম্ভাৰ হিচাপে প্ৰযুক্তিৰ ৰক্ষণা-বেক্ষণ, তথ্যৰ সাৰ্বভৌমত্ব আৰু মৌলিক স্বাধীনতা নিশ্চিত কৰিব পৰা এক প্ৰয়োজনীয় পৰিকাঠামো বিকশিত কৰাৰ বাবেও ভাৰত আৰু ফ্ৰান্সে সহমত ব্যক্ত কৰে।

আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ নিয়ন্ত্ৰণঃ

আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিকাশে আগবঢ়োৱা বিপুল সম্ভাৱনা, বিশেষকৈ নিৰৱচ্চিন্ন বিকাশ, ই-গভাৰ্নেন্স, স্বায়ত্বশাসিত পৰিবহণ, স্মাৰ্ট চিটী, চাইবাৰ ছিকিউৰিটী, স্বাস্থ্য, শিক্ষা, আৰু কৃষিক্ষেত্ৰলৈ আহিব পৰা সম্ভাৱনাৱলীক ভাৰত আৰু ফ্ৰান্সে আদৰণি জনাইছে।

     নাগৰিককেন্দ্ৰীক সেৱা, আইনী, নিয়ামক আৰু চাইবাৰ ছিকিউৰিটী-ৰ দিশৰ পৰা তথ্যৰ সাৰ্বভৈমত্বৰ প্ৰসংগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সম্পৰ্কীয় নীতি তথা কাৰ্যক্ৰম যুগুতোৱা আৰু বলবত্কৰণৰ প্ৰয়োজনীয়তা দোহাৰে ভাৰত আৰু ফ্ৰান্সে। আনহাতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্ৰয়োজন হোৱা গৱেষণাৰ ক্ষেত্ৰত দেশ দুখনে জ্ঞান আৰু উত্তম অনুশীলন বিনিময় কৰাৰ বাবে পৰস্পৰৰ দায়বদ্ধতা প্ৰকাশ কৰে।

   মানৱ সেৱাৰ উপযোগী হোৱাকৈ আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ দ্ৰুত বিকাশ নিশ্চিত কৰাৰ ভাৰত আৰু ফ্ৰান্সে এক আন্তঃৰাষ্ট্ৰীয়, আইনী আৰু নৈতিক পুঁজি গঠনৰ গুৰুত্ব সন্দৰ্ভতো নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। জি-৭, জি-২০, ইউএন-ৰ দৰে বহুপক্ষীয় মঞ্চত এই দিশত কাম কৰাৰ লগতে ইণ্টাৰনেশ্যনেল পেনেল অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স(আইপিএআই)ত অংশগ্ৰহণৰ বাবে তেওঁলোকৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে।

সন্ত্ৰাসবাদী, উদণ্ড উগ্ৰপন্থী আৰু অনলাইনত হিংসা বিয়পোৱা বাৰ্তা দিয়া দুৰ্বৃত্তৰ বিৰুদ্ধে যুঁজঃ

ভাৰত আৰু ফ্ৰান্সে চিয়েল মিডিয়াত সন্ত্ৰাস আৰু সন্ত্ৰাসবাদীৰ পক্ষত প্ৰকাশিত বা-বাতৰি, হিংসাত্মক কাৰ্য-কলাপৰ সমৰ্থনত জনমত গঠনৰ চক্ৰান্ত, ঘৃণা সৃষ্টিকাৰী বক্তব্য আদিৰ দৰে দুষ্কাৰ্যৰ বিপৰীতে কঠোৰ দৃষ্টিভংগীৰে থিয় দিয়াৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা নিজৰ বচনবদ্ধতা পুনৰ দোহাৰে। প্ৰসংগক্ৰমে ক্ৰাইষ্টচাৰ্চ-আহ্বান-ৰ কথা উল্লেখ কৰি দেশ দুখনে এই আহ্বানৰ প্ৰতি তেওঁলোকৰ সমৰ্থন অটুট থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

তথ্য-বিকৃতকৰণৰ বিৰুদ্ধে প্ৰতিৰোধঃ

তথ্যৰ বিকৃতকৰণ আৰু ভুৱা বাতৰি প্ৰচাৰৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে অনলাইন-ত মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা ভাৰত আৰু ফ্ৰান্সে পুনৰবাৰ দোহাৰে। বিকৃত তথ্যৰ প্ৰচাৰ, ভুৱা বাতৰিৰ সম্প্ৰচাৰ আৰু ব্যক্তিগত তথ্যৰ অপপ্ৰয়োগে বিপদৰ আশংকা বৃদ্ধি কৰিব পাৰে বুলি উদ্বিগ্নতা প্ৰকাশ কৰে দুয়োখন দেশে। দেশদুখনে এনে ভাবুকিৰ বিৰুদ্ধে বিশেষকৈ চিয়েল মিডিয়া নিয়ন্ত্ৰণ কৰিব পৰা এক আন্তঃৰাষ্ট্ৰীয় তথ্য-বিনিময় পৰিকাঠামো গঢ়ি তোলাৰ সপক্ষে মত প্ৰকাশ কৰে।

ব্যক্তিগত তথ্যৰ সুৰক্ষাঃ

ভাৰত আৰু ফ্ৰান্সে ব্যৱহাৰকাৰীসকলৰ তথ্যাৱলী উচিত সন্মান সহকাৰে সুৰক্ষিত ৰাখিব পৰা এক উদ্ভাৱনশীল ডিজিটেল প্ৰেক্ষাপট বিকশিত কৰাৰ পৰিকল্পনা কৰে। ইউৰোপিয়ান ইউনিয়ন-সাধাৰণ তথ্য সুৰক্ষা নিয়ন্ত্ৰণ বিধিৰ নিৰ্দেশনাৱলী পালন কৰাৰ লগতে ভাৰতেও এই সন্দৰ্ভত যথোপযুক্ত বিধি-ব্যৱস্থা প্ৰণয়ন কৰি ৰুপায়ণৰ ব্যৱস্থা কৰিব আৰু দুয়োখন দেশৰ বাবে গ্ৰহণযোগ্য হোৱা এই বিধি-ব্যৱস্থাৰ ফলত সামগ্ৰিকভাবে ইউৰোপ আৰু ভাৰতৰ মাজত বাৰ্তা আৰু তথ্যৰ প্ৰবাহ মসৃণ হৈ উঠিব বুলি আশা কৰা হৈছে।

ডিজিটেল-জগতৰ বিভাজন হ্ৰাসঃ

নাগৰিকৰ জীৱন-চৰ্যাত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰি ভাৰতৰ আৰু ফ্ৰন্সে ডিজিটেল জগতৰ মাজত সেঁতু বন্ধনৰ লক্ষ্যৰে ডিজিটেল অন্তৰ্ভূক্তিৰ পৰিবেশ ৰছনা কৰাৰ লগতে ডিজিটেল স্বাক্ষৰতা বিশেষকৈ তেওঁলোকৰ ৰাষ্ট্ৰীয় নীতি আৰু এই সন্দৰ্ভত তেওঁলোকৰ উত্তম অনুশীলন সম্পৰ্কীয় তথ্য বিনিময় কৰাৰ বাবে সহমত ব্যক্ত কৰে।

ভাৰত-ফ্ৰান্স ডিজিটেল সহযোগিতাঃ

ভাৰত-ফ্ৰান্স ডিজিটেল সযোগিতা সম্পৰ্কীয় কথা-বতৰা সমূহৰ ক্ষেত্ৰত যথোপযুক্ত কাৰ্য-প্ৰণালীৰ জৰিয়তে পৰস্পৰৰ মাজত সমন্বয় সাধনৰ দায়িত্ব পলন কৰিব ক্ৰমে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু আই-টি মন্ত্ৰণালয় আৰু ফ্ৰান্স চৰকাৰৰ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰালয়-য়ে।

দুয়ো দেশৰ মাজত সহযোগিতাৰ সম্পৰ্ক গাঢ় কৰাৰ লক্ষ্যৰে ভাৰত-ফ্ৰান্স ডিজিটেল সহযোগিতা-ই নিয়মীয়া ভাবে সদস্যসকলৰ উপস্থিতিৰে বৈঠক অনুষ্ঠিত কৰাৰ উপৰি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰেও সভা অনুষ্ঠিত কৰিব। দেশদুখনে পৰস্পৰৰ প্ৰতি প্ৰদান কৰা অন্যান্য প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে লব লগা পদক্ষেপৰ সৈতে সংগতি ৰাখি এই পথ-পৰিকল্পনাৰ আধাৰত সংশ্লিষ্ট নিকায়সমূহৰ মাজত বাৰ্তালাপ আৰু সমন্বয় সাধনৰ উদ্যোগ গ্ৰহণ কৰিব।

১.১- অৰ্থনৈতিক বিনিময়ঃ বাণিজ্য আৰু উদ্ভাৱন

ভাৰত ফ্ৰান্সে ডিজিটেল খণ্ডত বাণিজ্যিক সহযোগিতা সম্প্ৰসাৰিত কৰিব পৰাকৈ কাম কৰাৰ বাবে তেওঁলোকৰ নিজ নিজ বজাৰসমূহত অধিক সুযোগ প্ৰদানৰ দিহা কৰাৰ বাবে ঐকমত্য প্ৰকাশ কৰিছে। সেইদৰে ভাৰত-ফ্ৰান্সৰ ডিজিটেল কোম্পানীসমূহেও বাণিজ্যক সম্ভাৱনাক অন্য এক মাত্ৰালৈ সম্প্ৰসাৰিত কৰি তেওঁলোকে বিচৰা ধৰণৰ প্ৰযুক্তি-অনুকূল বাতাবৰণটোক আৰু অধিক গাঢ় কৰাৰ বাবে যুটীয়া ভাবে কাম কৰিব।

ভাৰত আৰু ফ্ৰান্সৰ মাজত ডিজিটেল খণ্ডত অৰ্থনৈতিক বিনিময়ৰ শক্তিশালী ধাৰা এটা ইতিমধ্যেই আৰম্ভ হৈছেই। ফ্ৰান্সৰ বহু ডিজিটেল কোম্পানীয়ে ইতিমধ্যে ভাৰতত দ্বিপাক্ষিক বিনিয়োগ কৰাৰ বিপৰীতে ভাৰতৰো বহু প্ৰতিষ্ঠানে ফ্ৰান্সত তেওঁলোকৰ কাৰ্যালয় স্থাপন কৰিছে।

ভাৰত ফ্ৰান্সে উদ্যোগীসকলৰ মাজত চিন্তাৰ আদান-প্ৰদান, প্ৰকল্পৰ অংশীদাৰিত্ব আদিৰ বিনিময়ৰ আগ্ৰহক আদৰণি জনাই তাত্ক্ষণিক ঐকমত্যৰ আধাৰত দুয়ো দেশৰ ষ্টাৰ্ট-আপসকলৰ বাবে উপযোগী এক বাতাবৰণ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতলৈ অহা ফ্ৰান্সৰ ডিজিটেল কোম্পানী আৰু ফ্ৰান্সত উপস্থিত হোৱা ভাৰতীয় কোম্পানীসমূহে লক্ষণীয় হাৰত নিয়োগ সম্ভাৱনৰো সৃষ্টি কৰিছে। ইয়াৰ উল্লেখযোগ্য উদাহৰণ-

--ফ্ৰান্সে ইতিপূৰ্বে গ্ৰহণ কৰা ফ্ৰান্স টেক্ টিকেট কাৰ্যক্ৰমৰ উদ্যোগত ভাৰতৰ ১৩টা ষ্টাৰ্ট আপ উদ্যোগ প্ৰতিষ্ঠানে দেশখনত প্ৰস্তুতি আৰু বিকাশৰ প্ৰথম পৰ্বৰ পাঠ লবলৈ সক্ষম হৈছিল।

-- দুয়ো দেশৰ প্ৰযুক্তি প্ৰেক্ষাপটৰ মাজত তথ্য বিনিময়ৰ হাৰ আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে শেহতীয়া ভাবে স্থাপন কৰা হৈছে ফ্ৰেন্স টেক বেংগলোৰ ইণ্ডিয়া কমিনিটী শীৰ্ষক মঞ্চ।

--ভাৰত আৰু ফ্ৰান্সৰ মাজত সমন্বয়ৰ সেঁতু বন্ধনৰ উদ্দেশ্যে ফ্ৰান্সৰ প্ৰযুক্তিক্ষেত্ৰত নিয়োজিত হব খোজা, দেশখনত উদ্যোগ স্থাপন কৰিব খোজা অথবা বিনিয়োগ কৰিব খোজাসকলক দেশখনলৈ আদৰণি জনোৱাৰ উদ্দেশ্যে ফ্ৰান্সে নতুনকৈ প্ৰচলন কৰিব খুজিছে ফ্ৰেন্স টেক্ ভিছা

--ভাৰত আৰু ফ্ৰান্সৰ মাজত সমন্বয়ৰ সেঁতু সুদৃঢ় কৰাৰ বাবে ফ্ৰেন্স টেক কমিউনিটী বেংগলোৰ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু আই-টি মন্ত্ৰালয়ে ষ্টাৰ্ট-আপ হাবস্থাপনৰ পৰিকল্পনা কৰিছে।

১.২- গৱেষণা, প্ৰশিক্ষণ আৰু শিক্ষাঃ ছুপাৰ কম্পিউটিং আৰু কোৱাণ্টাম কম্পিউটিং

ডিজিটেল ক্ষেত্ৰৰ দ্বিপাক্ষিক সহযোগিতাৰ বাবে অধিক উন্নত দক্ষতাসম্পন্ন কম্পিউটিং ব্যৱস্থাৰ গুৰুত্বযে অপৰিসীম এই কথা ভাৰত আৰু ফ্ৰান্সে বাৰুকৈয়ে উপলব্ধি কৰিছে। ৰাষ্টীয় ছুপাৰ কম্পিউটিং মিছনৰ আধাৰত সহযোগিতাই বিশেষ গতি লাভ কৰিছে বুলি দুয়োখন দেশে স্বীকাৰ কৰিছে। এই যৌথ উদ্যোগৰ সুবাদত উন্নত দক্ষতা সম্পন্ন গণনা উপকৰণ বিকশিত হৈ উঠিছে।

মহানদী অৱবাহিকাৰ জল-প্ৰবাহ গণনাৰ বাবে উচ্চ দক্ষতা সম্পন্ন কম্পিউটিং পদ্ধতিৰ ব্যৱহাৰৰ উদ্দেশ্যে শুভাৰম্ভ কৰা ভাৰত-ফ্ৰান্স পাইলট প্ৰকল্পক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ভাৰত আৰু ফ্ৰান্সে। ইয়াৰ উপৰি আন তিনিটা খণ্ডটো সহযোগিতা অধিক গাঢ় কৰাৰ বাবে ভাৰত আৰু ফ্ৰান্সে সহমত ব্যক্ত কৰিছে। সেয়া হৈছে-

--আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ত উচ্চ দক্ষতাসম্পন্ন কম্পিউটিং পদ্ধতিৰ ব্যৱহাৰ,

--কোৱাণ্টাম গণনাৰ বাবে পুনেত ইণ্ডো-ফ্ৰান্স চেণ্টাৰ ইন এক্সেলেন্স শীৰ্ষক কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ,

--আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং, স্মাৰ্ট মেনুফেক্সাৰিং আৰু স্বয়ংক্ৰিয় ইলেক্ট্ৰনিক উপকৰণকে ধৰি নতুন প্ৰযুক্তিসমূহৰ বাবে কৰ্মসূচী আৰু কৰ্ম-পদ্ধতি যুগুতোৱাৰ বাবে দুয়োখন দেশে ঐকমত্য প্ৰকাশ কৰে।

আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ উদ্যোগঃ

ভাৰত আৰু ফ্ৰান্সে তেওঁলোকৰ দেশৰ বিদ্যালয়সমূহে কম্পিউটাৰ বিজ্ঞান আৰু অংক শাস্ত্ৰত লাভ কৰা উত্কৰ্ষৰ সদ্ব্যৱহাৰ কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ নামত উত্সৰ্গিত ভাৰত-ফ্ৰান্স গৱেষণা আৰু উদ্ভাৱনী কাৰ্যক্ৰম শীৰ্ষক কাৰ্যসূচী ৰুপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

স্বাস্থ্য, জলবায়ু সংৰক্ষণ, পৰিবহণ, কৃষি, দুৰ্যোগ প্ৰশমন, স্মাৰ্ট চিটী নিৰ্মাণৰ দৰে ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ সকলো সম্ভাৱনাৰ উচিত ব্যৱহাৰ সম্ভৱ কৰি তুলিবৰ বাবে বিদ্যায়তনিক প্ৰতিষ্ঠান, মন্ত্ৰালয় আৰু এইক্ষেত্ৰৰে জড়িত কোম্পানীসমূহক একত্ৰিত কৰিলৈ কৰ্মত ব্ৰতী কৰোৱাৰ লক্ষ্যৰে এক মঞ্চ গঢ়ি তোলা হব।

এই মঞ্চৰ জৰিয়তে বুনিয়াদী আৰু ব্যৱহাৰিক গৱেষণা, প্ৰশিক্ষণ আৰু গৱেষণাৰ বাবে জলপাণি, বিশেষজ্ঞ আৰু গৱেষণা প্ৰকল্পৰ বিনিময় আৰু জন-সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা ব্যয়ৰ জোৰা মাৰিব পৰাকৈ বছৰি ২ নিযুত ইউৰো পৰিমানৰ পুঁজি সংগ্ৰহ কৰিবলৈ দুয়োটা পক্ষই একেলগে কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে।

এই মঞ্চই নলেজ ছামিট-ৰ ৰূপত প্ৰতিবছৰে মিলিত হোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে। এই লানি সন্মিলনৰ প্ৰথমখন সভা চলিত বৰ্ষৰ অক্টোবৰ মাহত লীয়নত অনুষ্ঠিত হব।

***

KB



(Release ID: 1585251) Visitor Counter : 122