তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়


তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে বধিৰ লোকসকলৰ বাবে দূৰদৰ্শনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ সুবিধাৰ বাবে মানক প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে

দৃষ্টিবধিৰ লোকসকলৰ বাবে চলচ্চিত্ৰৰ বাবে মানকসমূহৰ পৰীক্ষণ অব্যাহত আছেঃ শ্ৰী প্ৰকাশ জাৱড়েকাৰ

Posted On: 11 SEP 2019 6:38PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে বধিৰ লোকসকলৰ বাবে দূৰদৰ্শনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ সুবিধাৰ বাবে মানক প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে৷ এই কাৰ্য শীৰ্ষক সংযোজন আৰু ভাৰতীয় সাংকেতিক ভাষাৰ জৰিয়তে কৰা হ’ব৷

শ্ৰী জাৱড়েকাৰে এই কথা ঘোষণা কৰি কয় যে সকলো বাতৰি চেনেলে সাংকেতিক ভাষাৰ সৈতে অতি কমেও এটা বুলেটিন প্ৰতিদিনে সম্প্ৰচাৰ কৰিব আৰু সকলো দূৰদৰ্শনৰ চেনেল আৰু সেৱা প্ৰদানকাৰী উদ্যোগসমূহে অতি কমেও একোটাকৈ কাৰ্যসূচী প্ৰতি সপ্তাহে সম্প্ৰচাৰ কৰিব য’ত উপ-শীৰ্ষক/শীৰ্ষক সংযোজিত হৈ থাকিব৷

এই মানকৰ পৰা লাইভ বাতৰি তথা লাইভ ক্ৰীড়া, সংগীত পুৰস্কাৰ সমাৰোহ, ৰিয়েলিটী কাৰ্যসূচী, বিজ্ঞাপন, টেলিশ্ব’পিং আদিক ৰেহাই দিয়া হৈছে৷

এই ব্যৱস্থা ১৬ ছেপ্টেম্বৰ ২০১৯ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব৷ মানকৰ সম্পূৰ্ণ প্ৰণয়ন পৰ্যায়ক্ৰমত অহা পাঁচ বছৰত সম্পন্ন কৰা হ’ব৷ দুবছৰৰ পিছত নীতিৰ সমীক্ষা কৰা হ’ব৷

শ্ৰী জাৱড়েকাৰে কয় যে দৃষ্টিবধিৰ লোকসকলৰ বাবেও চলচ্চিত্ৰৰ কথা-বাৰ্তাৰ মাজত মানকৰ পৰীক্ষণ চলাই থকা হৈছে৷

 

***



(Release ID: 1584955) Visitor Counter : 85