উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ পূৱ পৰিষদ(এন ই চি)লৈ আৱণ্টিত পুঁজি সন্দৰ্ভত স্পষ্টীকৰণ

Posted On: 12 SEP 2019 1:47PM by PIB Guwahati

একাংশ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰিঃ

  • উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (ড’নাৰ মন্ত্ৰালয়) আৰু উত্তৰ পূব পৰিষদ (এন ই চি)ৰ মাজত মতবিৰোধ আছে;
  • ’নাৰ মন্ত্ৰালয়ে পৰিষদক নতুন প্ৰকল্প অনুমোদনত বাধা প্ৰদান কৰিছে আৰু তাৰ পৰিৱৰ্তে এন ই চিক ড’নাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় আঁচনি- এন এল চি পি আৰৰ দায়িত্ব সম্পন্ন কৰিবলৈ দিছে

এই সংক্ৰান্তত এয়া স্পষ্ট কৰি দিয়া হৈছে যে কেন্দ্ৰীয় কেবিনেটে ১ এপ্ৰিল ২০১৭ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি বছৰৰ বাবে এন ই চিক ৪,৫০০ কোটি টকাৰ আৱণ্টন ধাৰ্য কৰি দিছে য’ত কিছুমান নিৰ্ধাৰিত দায়িত্ব সমাপন তথা স্পষ্ট কৰাৰ নিৰ্দেশনা অন্তৰ্ভুক্ত আছে৷

    ওপৰত উল্লিখিত ৪,৫০০ কোটি টকাৰ আৱণ্টনৰ বাহিৰেও এন ই চিয়ে ১ এপ্ৰিল ২০১৭ তাৰিখৰ পৰা ১,৭৪১.০৬ কোটি টকাৰ নতুন প্ৰকল্পৰ অনুমোদন প্ৰদান কৰিছে৷ গতিকে সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন শুদ্ধ নহয়৷ এই সময়চোৱাত এন ই চিয়ে বিভিন্ন চলিত তথা নতুনকৈ অনুমোদিত প্ৰকল্পত ২,৬৮৮.৩৩ কোটি টকা ব্যয় কৰিছে৷ ইয়াৰে কেৱল ৩৪৩.৮৬ কোটি টকাহে ড’নাৰ মন্ত্ৰালয়ৰ পৰা এন ই চিলৈ স্থানান্তৰিত হোৱা আঁচনিৰ দায়িত্বৰ বাবে ব্যৱহৃত হৈছে৷

    এন ই চি হ’ল এক সাংবিধানিক সংস্থা যি এক্ট অব্ পাৰ্লিয়ামেণ্টৰ অধীনত গঠিত হৈছে আৰু কেবিনেটৰ সিদ্ধান্ত, বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন তথা উপলব্ধ বাজেট অনুসাৰে স্বতন্ত্ৰভাৱে বিভিন্ন ক্ষেত্ৰত প্ৰকল্পৰ অনুমোদন এন ই চিয়ে কৰিব পাৰে৷ ২০১৭-১৮ আৰু ২০১৮-১৯ৰ সময়চোৱাত এন ই চিয়ে বিভিন্ন প্ৰকল্পত ২,১৪০.২৯ কোটি টকা ব্যয় কৰিছিল৷ শেহতীয়া বৰ্ষত আৱণ্টিত ১,৪৭৬.১০ কোটি টকাৰ বিপৰীতে ৯ ছেপ্টেম্বৰ ২০১৯ তাৰিখ পৰ্যন্ত বিভিন্ন চলিত তথা নতুনকৈ অনুমোদিত প্ৰকল্পত ৫৪৮.০৪ কোটি টকা ব্যয় হৈছে৷ ড’নাৰ মন্ত্ৰালয় আৰু এন ই চিৰ মাজত কেবিনেটৰ অনুমোদন মৰ্মে বিভাগীয় ক্ষেত্ৰসমূহৰ পুনৰ আৱণ্টন দিয়া হৈছে৷

******



(Release ID: 1584954) Visitor Counter : 51


Read this release in: English , Urdu , Hindi