প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্রীৰ ফ্রান্স ভ্ৰমণকালত (২২-২৩ আগষ্ট, ২০১৯) ভাৰত-ফ্রান্সৰ যুটীয়া বিবৃতি

Posted On: 22 AUG 2019 11:57PM by PIB Guwahati

১) ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্রী ইমানুৱেল মেক্র’ আমন্ত্রণক্ৰমে ২২ আৰু ২৩ আগষ্টত পেৰিছত দ্বিপাক্ষিক সন্মিলনত যোগ দিবলৈ তথা বিয়েৰিটছত ২৫ আৰু ২৬ আগষ্টত ফ্রান্সৰ নেতৃত্বত জি- সন্মিলনত অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ফ্রান্স ভ্ৰমণ কৰে।

২) ১৯৯৮ চনৰ পৰা ভাৰত আৰু ফ্রান্সে কৌশলগত ক্ষেত্রত সহযোগিতা স্থাপন কৰিছে। বিশ্বাস, সহমত আৰু সকলো ক্ষেত্রত সাদৃশ্যই এই সম্পর্কৰ আধাৰ। পাৰস্পৰিক আস্থা অর্জনৰ জৰিয়তে ভাৰত আৰু ফ্রান্স কৌশলগত অংশীদাৰ আৰু এই সম্পর্ক গঢ়ি উঠিছে এক গঠনমূলক অংশীদাৰিত্বৰ জৰিয়তে দ্বিপাক্ষিক স্তৰত তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত আৰু অধিক বিকশিত হৈছে। এই সম্পর্কক আৰু আগুৱাই নিবলৈ দুয়োখন দেশে সিদ্ধান্ত লৈছে আৰু নতুন নতুন ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰিছে।

৩) দ্বিপাক্ষিক বাণিজ্য আৰু আর্থিক সম্পর্কৰ জৰিয়তে উভয় দেশৰ প্রগতি পৰিলক্ষিত হৈছে। ভাৰত-ফ্রান্স প্রশাসনিক, অর্থনৈতিক আৰু বাণিজ্য কমিটী (এইটিচি) দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত আন্তঃগাঁথনি গঢ়ি তোলাৰ বিষয়ে একেলগে কাম কৰে আহিছে, যাৰ ফলত আর্থিক প্রতিষ্ঠানসমূহ উপকৃত হৈছে। ফৰাচী আৰু ভাৰতীয় কোম্পানিসমূহে বিভিন্ন বাণিজ্যিক আৰু বিনিয়োগজনিত বিষয়ত বিভিন্ন সমস্যা সমাধানৰ বাবে যুটীয়াভাবে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফ্রান্স আৰু ভাৰতৰ আর্থিক বার্তালাপ আৰু সফল কৰাৰ লক্ষ্যৰে দুয়োখন দেশে উচ্চ পর্যায়ৰ আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৪) ২০১৮ চনত ৰাষ্ট্রপতি মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ফ্রান্সে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ গ্রহ আৰু মানৱজাতিৰ বিভিন্ন সমস্যা মোকাবিলাত তেওঁলোকে সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। ২০২২ চনৰ ভিতৰত ভাৰতে মহাকাশলৈ মানুহ পঠোৱাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলে ফ্রান্সত চিকিৎসা সম্পৰ্কীয় বিভিন্ন পৰামর্শ আগবঢ়াব। সামুদ্রিক ক্ষেত্ৰত একেলগে কাম কৰাৰ ক্ষেত্ৰত স্বাক্ষৰিত চুক্তি বাস্তবায়িত কৰাৰ সিদ্ধান্তক দুয়োগৰাকী নেতাই আদৰণী জনাইছে। জলবায়ু পৰিৱর্তনৰ সমস্যাৰ মোকাবিলা কৰিতৃষ্ণাশীৰ্ষক যুটীয়া প্রকল্প আৰু অ’ছেনছেট- কৃত্রিম উপগ্রহতআৰগোজ ব্যৱস্থা কৰাৰ বিষয়সমূহতো তেওঁলোকে সন্তোষ প্রকাশ কৰিছে। বিভিন্ন পৰিৱেশজনিত সমস্যাৰ মোকাবিলা কৰা আৰু মহাকাশ কর্মসূচীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে দুয়োগৰাকী শীৰ্ষ নেতাই একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

৫) মুক্ত, নিৰাপদ আৰু শান্তিপূর্ণ চাইবাৰ জগতৰ জৰিয়তে আর্থিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত ডিজিটেল পদ্ধতি ব্যৱহাৰৰ লক্ষ্যৰে দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সকলো আইন প্রযোজ্য হ’ব। ভাৰত-ফ্রান্স দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিবলৈ দুয়োগৰাকী নেতাই চাইবাৰ নিৰাপত্তা আৰু ডিজিটেল প্রযুক্তিৰ এক ভৱিষ্যৎ পৰিকল্পনা ৰচনা কৰিছে। ইয়াৰ জৰিয়তে উচ্চ ক্ষমতাসম্পন্ন গণনা, কৃত্রিম বুদ্ধিমত্তাৰ দৰে বিভিন্ন কৌশলগত ক্ষেত্ৰত সুবিধা হ’ব।

৬) এনপিচিআইএল আৰু ইডিএফৰ মাজত আলোচনাৰ অগ্রগতি হোৱাত নেতা দুগৰাকীয়ে সন্তোষ প্রকাশ কৰিছে। ইয়াৰ ফলত ভাৰতৰ মহাৰাষ্ট্রৰ জইতাপুৰত ছটি পাৰমানৱিক ৰিয়েক্টৰ প্ৰকল্প নির্মাণত ২০১৮ চনত যি চুক্তি স্বাক্ষৰিত হৈছিল সেয়া বাস্তবায়িত কৰিব। দুয়ো পক্ষৰ মাজত চিএলএনডি আইন মানি ভাৰতত বিভিন্ন যন্ত্রাংশ নির্মাণৰ ক্ষেত্ৰত প্রযুক্তিগত বাণিজ্যিক দিশটোক লৈ আলোচনা আগুৱাই নিছে। দুয়ো পক্ষই এই আলোচনা দ্রুতগতি সমাপ্ত কৰাৰ লক্ষ্যৰে ঐক্যমত পোষণ কৰিছে। ভাৰতৰ আনৱিক শক্তি বিভাগ আৰু ফ্রান্সৰ বিকল্প শক্তি আৰু আনৱিক শক্তি আয়োগৰ মাজত স্বাক্ষৰিত বুজাবুজি পত্ৰক দুয়োগৰাকী নেতাই আদৰণী জনাইছে। ইয়াৰ ফলত ২০১৯ৰ জানুৱাৰীত সহযোগিতাৰ বাবে যি চুক্তি স্বাক্ষৰিত হৈছে সেয়া ভাবা আনৱিক গৱেষণা কেন্দ্র (বিএআৰচি) আৰু ফ্রান্সৰ আনৱিক শক্তি আয়োগে(চিইএ) অহা পাঁচ বছৰতলাইট ৱাটাৰৰিয়েক্টৰ নির্মাণ কৰিব। আন্তঃৰাষ্ট্ৰীয় তাপ-আনৱিক পৰীক্ষামূলক ৰিয়েক্টৰ (আইটিইআৰ) আৰু আনৱিক গৱেষণাৰ ইউৰোপীয় কাউন্সিল (চিইআৰএন) বিভিন্ন প্রকল্প বাস্তবায়িত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰিব

৭) প্রতিৰক্ষাত অংশীদাৰিত্বৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা যথেষ্ট ফলপ্রসূ হৈছে।বৰুণনৌ-অনুশীলন আৰুগডুৰবিমান অনুশীলনৰ পাছত পৰৱর্তী পর্যায়তশক্তিঅনুশীলনটো বাস্তবায়িত কৰাৰ লক্ষ্যৰে উভয় দেশে কাম কৰি আহিছে।

৮) সামৰিক ক্ষেত্ৰত বাণিজ্যিক সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু ফ্রান্সে কৌশলগত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ভাৰতৰ প্রধানমন্ত্রী আৰু ফ্রান্সৰ ৰাষ্ট্রপতিয়ে এই ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতিত সন্তোষ প্ৰকাশ কৰিছে চলিত বছৰতে ৰাফেল যুদ্ধ বিমানৰ প্রথম কিস্তি ফ্রান্সে ভাৰতৰ হাতত তুলি দিব।মেক ইন ইণ্ডিয়াকর্মসূচী বাস্তবায়িত কৰাৰ লক্ষ্যৰে প্রতিৰক্ষা খণ্ডত দুয়ো দেশৰ প্রতিৰক্ষা সা-সঁজুলি নির্মাণ সংস্থাসমূহে একেলগে কাম কৰি আছে। ফ্রান্সৰ সামৰিক আৰু বিমান চলাচল ক্ষেত্ৰৰ বাবে ভাৰত অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ জৰিয়তে উৎপাদিত সামগ্রী ৰপ্তানি কৰিছে।

৯) দুয়োখন দেশৰ জনগণৰ মাজত যোগাযোগ বৃদ্ধিত সাংস্কৃতিক আদানপ্রদানৰ ওপৰত দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে। দূতাবাস পর্যায়ত এই ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ  কৰা হ’ব। পর্যটন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ২০১৮ চনত লাখ ভাৰতীয় পর্যটকে ফ্রান্স ভ্ৰমণ কৰিছে ২০১৭ চনৰৰ তুলনাত সেয়া ১৭ শতাংশ অধিক। . লাখতকৈও অধিক ফৰাচী পর্যটকে এই সময়ছোৱাত ভাৰত ভ্ৰমণ কৰিছে

১০) সহযোগিতাৰ অন্যতম এটি ক্ষেত্র হৈছে শিক্ষা। উভয় দেশৰ মাজত ছাত্র-ছাত্রীসকলৰ অহা-যোৱাক লৈ দুয়ো পক্ষই সন্তোষ ব্যক্ত কৰিছে ভাৰতত বিভিন্ন স্কুলত ফৰাচী ভাষা শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ২০১৮ চনত দুয়ো দেশৰ মাজত ছাত্র-ছাত্রী বিনিময় য’ত ১০,০০০ হাজাৰ ধার্য কৰা হৈছিল, ২০২৫ চনৰ ভিতৰত এই পৰিমাণ বৃদ্ধি কৰি ২০,০০০ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

১১) অহা অক্টোবৰত ফ্রান্সৰ লিঅ’ত দ্বিতীয় জ্ঞান সন্মিলন অনুষ্ঠিত হ’ব। ইয়াত বিমান চলাচল, নবীকৰণযোগ্য শক্তি, পৰিৱেশ অনকূল ৰসায়ন, স্মার্ট চিটী, কৃষি, সামুদ্রিক বিজ্ঞান আৰু কৃত্রিম বুদ্ধিমত্তাক লৈ এই সন্মিলনত আলোচনা হ’ব। দক্ষতা বিকাশৰ লক্ষ্যৰে উভয় দেশত বুজাবুজি পত্রত স্বাক্ষৰ কৰিছে

১২) সাংস্কৃতিক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে কেতবোৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ২০২০ চনৰ পেৰিছ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত ভাৰতে সন্মানীয় দেশৰ মর্যাদা লাভ কৰিছে আৰু অহা জানুৱাৰীত ফৰাচী শিল্পী গেঁৰার্ড গাৰাউস্তৰ শিল্পকর্ম দিল্লীৰ নেচনেল গেলাৰী অফ মর্ডার্ন আর্টত প্রদর্শিত হ’ব। ২০২১ চনত ভাৰতীয় শিল্পী ছৈয়দ হায়দাৰ ৰেজাৰ শিল্পকর্ম মুছে নেচনেল দ্য আর্ট মদার্নতে ২০২১ চনত প্রদর্শিত হ’ব। ২০২১-২২ চনত ভাৰতে ফ্রান্সতনমস্তে ফ্রান্সআয়োজন কৰিব চলচ্ছিত্র, ভিডিঅ’ গেমছকে ধৰি বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন প্রকল্প নির্মাণ আৰু সেইবোৰৰ বিতৰণৰ ওপৰত উভয় দেশে সম্মতি জনাইছে। ইয়াৰ সমান্তৰালভাৱে, দুয়োখন দেশে চলচ্চিত্রৰ চিত্ৰগ্ৰহণ কৰাৰ ক্ষেত্ৰতো সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰা হ’ব।

১৩) জলবায়ু পৰিবর্তন আৰু জৈব-বৈচিত্র্য বিলুপ্তি হোৱাৰ পৰা ৰক্ষা কৰাত দুয়োখন দেশে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে।

১৪) জলবায়ু পৰিৱর্তন ৰোধত ৰাষ্ট্রসংঘৰ সচিবপ্ৰধানে অহা ২৩ ছেপ্টেম্বৰত যি সন্মিলন আহ্বান কৰিছে, সেয়া বাস্তবায়িত কৰাৰ লক্ষ্যৰে উভয় দেশে সহমত প্ৰকাশ কৰিছে। ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সম্পৰ্কীয় সমাৰোহ (ইউএনএফচিচিচি) আৰু পেৰিছ চুক্তি বাস্তবায়িত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একমতত উপনীত হৈছে।

১৫) বিশ্বজুৰি তাপমাত্রা . ডিগ্রী চেলছিয়াছ বৃদ্ধি পোৱাৰ ফলত যি সংকট সৃষ্টি হৈছে তাৰ মোকাবিলা কৰাৰ বাবে জলবায়ু পৰিৱর্তন সম্পৰ্কীয় আন্তঃচৰকাৰী পেনেলেৰ প্রতিবেদন বিবেচনা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। সকলো উন্নয়নশীল ৰাষ্ট্রৰ বাবে স্বচ্ছ পৰিৱেশ পুঁজি গঠন কৰাৰ লক্ষ্যৰে ইউএনএফচিচিচি আৰু পেৰিছ চুক্তি মানি চলাৰ ক্ষেত্ৰত উভয় দেশে গুৰুত্ব আৰোপ কৰিছে ২০২০ চনৰ ভিতৰত সেউজগৃহ গেছ নির্গমনৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিভিন্ন দীর্ঘম্যাদী কৌশল বাস্তবায়িত কৰাৰ বাবে ইউৰোপীয় সংঘৰ অধীনত ভাৰত আৰু ফ্রান্সে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে।

১৬) জলবায়ু পৰিৱর্তনৰ সমস্যা সমাধানত সেউজগৃহ গেছ নির্গমন হ্রাসৰ বাবে বিয়েৰিটছত জি- সন্মিলন আৰু ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ সিদ্ধান্তসমূহ ভাৰত আৰু ফ্রান্সে সমর্থন কৰিব বুলি সিদ্ধান্ত লৈছে। হাইড্রোফ্ল’ৰ’কার্বন হ্রাস কৰাৰ বাবে মন্ট্রিয়েল প্র’ট’কলৰ কিগালি সংশোধনী বাস্তবায়িত কৰাৰ লক্ষ্যৰে উভয় দেশে একেলগে কাম কৰাৰ পৰিকল্পনা কৰিছে

১৭) নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ বিভিন্ন প্ৰচেষ্টাত দুয়োখন দেশে সন্তোষ ব্যক্ত কৰিছে বিশ্ব বেংক আৰু ফৰাচী উন্নয়ন সংস্থাৰ (এফডিএ) সৌৰশক্তি সন্দৰ্ভত বিনিয়োগকাৰীসকলৰ আস্থা লাভ কৰাৰ বাবে ভাৰতৰ সৌৰশক্তি নিগমক পেমেণ্ট ছিকিউৰিটি মেকানিজম গঢ়ি তোলাত সহায় কৰিব আফ্রিকাৰ দেশসমূহত সৌৰশক্তিৰ জৰিয়তে জলসিঞ্চন আৰু গ্রামীণ উন্নয়নৰ বাবে ত্রিপাক্ষিক বিভিন্ন প্রকল্পৰ সন্দৰ্ভত আলোচনা  কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ঘৰৰ চাঁদত সৌৰশক্তি ব্যৱহাৰৰ বাবে ফটোভল্টেইক কোষৰ ওপৰত প্রশিক্ষণ প্রদান।

১৮) জৈৱ-বৈচিত্র্য ক্ষয়ীকৰণ হোৱাৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে জি- সন্মিলনত ভাৰত আৰু ফ্রান্সে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু স্থানীয় পর্যায়ত একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৯) জলবায়ু পৰিৱর্তনৰ প্রতিৰোধত আৰু জৈৱ-বৈচিত্র্য ৰক্ষাত মহাসাগৰে অতি গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে। সামুদ্রিক সম্পদত স্থিতিশীল ব্যৱহাৰৰ লক্ষ্যৰে দুয়োখন দেশে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তদুপৰি,নীলা অৰ্থনীতিআৰু উপকূলীয় ভাৰসাম্য বজাই ৰখাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব৷

২০) ধৰিত্রী মাতা ৰক্ষাৰ বাবে দাৰিদ্র্য, অসমতা আৰু খাদ্য সংকট দূৰীকৰণৰ বাবে অহা ২-১৩ ছেপ্টেম্বৰত নতুন দিল্লীত বনধ্বংসৰ প্রতিৰোধত ৰাষ্ট্রসংঘৰ সন্মিলন চতুৰ্দশ সন্মিলনৰ আয়োজন কৰা হৈছে৷

২১) সুস্থিৰ উন্নয়নৰ লক্ষ্যৰে কৃষিজাত সামগ্ৰীৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে পৰিৱেশৰ ওপৰত গুৰুত্ব দিবলৈ জি-৭ৰ অন্তৰ্গত দেশসমূহৰ পৰিৱেশ মন্ত্রীসকলে মেটজত যি সিদ্ধান্ত লৈছিল, সেয়া ৰূপায়ণৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰাৰ ওপৰ গুৰুত্ব আৰোপ কৰিছে

২২) সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদী কার্যকলাপৰ ইন্ধন আৰু সকলোধৰণৰ হিংসাত্মক কার্যকলাপক উভয় দেশৰ নেতৃবৃন্দই গৰিহণা দিছে। ধর্ম, জাতীয়তাবাদ আৰু গোষ্ঠীৰ সৈতে হিংসাত্মক যি কোনো ধৰণৰ কার্যকলাপ প্রতিৰোধত দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে।

২৩) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ২,৪৬২ সিদ্ধান্তটো অনুমোদনৰ বাবে তেওঁলোকে ৰাষ্ট্রসংঘৰ সকলো ৰাষ্ট্রক আহ্বান জনাইছ৷ যোৱা ২৮ মার্চত সন্ত্রাসবাদীৰ অর্থ সাহায্য বন্ধ কৰাৰ বাবে যি সিদ্ধান্ত লোৱা হৈছিল, সেয়া বাস্তবায়িত কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে

২৪) আল কায়দা, দায়েছ/আইএছআইএছ, জইছ--মহম্মদ, হিজবুল মুজাহিদিন, লস্কৰ--তৈবাৰ দৰে সন্ত্ৰাসবাদী গোচসমূহৰ কার্যকলাপ বন্ধ কৰিবলৈ তথা তেওঁলোকক অর্থ সাহায্য লাভ কৰি আহিছে সেয়া বন্ধ কৰাত উভয় দেশে সকলো ৰাষ্ট্রৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ আর্জি উত্থাপন কৰিছে।

২৫) চৰমপন্থীসকলৰে মোকাবিলা কৰা, বিশেষকৈ অনলাইনৰ জৰিয়তে চৰমপন্থীৰ বিভিন্ন কার্যকলাপ প্রতিৰোধত দুয়োখন দেশৰ গোয়েণ্ডা সংস্থাৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

২৬) ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত নৌ-যাত্রা নিৰাপদ কৰিবলৈ ২০১৮ৰ মার্চত ৰাষ্ট্রপতি মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ সময়ত যি যৌথ অংশীদাৰিত্ব ব্যৱস্থাপ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছিল, সেয়া ক্ষিপ্ৰতাৰে বাস্তবায়িত কৰাৰ বাবে ভাৰত আৰু ফ্রান্সে সংশ্লিষ্ট সকলোকে স্বাগত জনাইছে।

২৭) ফ্রান্স আৰু ভাৰত গণতান্ত্রিক আদর্শত বিশ্বাসী। একৈশ শতিকাৰ সৈতে খোজত খোজ মিলাই বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত দুয়োখন দেশে আৰু অধিক সংস্কাৰৰ পোষকতা কৰে। সেইবাবে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ লাভৰ বাবে দুয়োখন দেশে পৰিষদৰ সংস্কাৰৰ আহ্বান জনাইছে।

২৮) বিশ্ব বাণিজ্য সংস্থাৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে জি-২০ৰ অন্তৰ্ভূক্ত দেশসমূহৰ বিভিন্ন নীতি ৰূপায়ণৰ বাবে দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে।

২৯) ভাৰত আৰু ফ্ৰান্সে ভাৰত মহাসাগৰীয় ৰিম সংস্থা(আইঅ’আৰএ) কাৰ্যকলাপৰ লগতে দক্ষিণ ভাৰত মহাসাগৰৰ সামূদ্ৰিক সৰবৰাহত মোকাবিলা কৰাৰ লক্ষ্যৰে যুটীয়াভাৱে কাম কৰিব৷

৩০)  ইউৰোপীয় সংঘই(ইইউ) ভাৰত আৰু ফ্রান্সৰ দ্বিপাক্ষিক সম্পর্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰি আহিছে। ফ্রান্স আৰু ভাৰতে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনী ক্ষেত্ৰত ইউৰোপীয় সংঘ আৰু ভাৰতৰ মাজত বিভিন্ন কৌশলগত অংশীদাৰিত্বৰ ওপৰ গুৰুত্ব আৰোপ কৰিছে

৩১) আন্তঃৰাষ্ট্ৰীয় স্তৰত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ ভাৰত আৰু ফ্রান্সে একেলগে কাম কৰিব আফগানিস্তানত আফগানসকলৰ নেতৃত্বত, তেওঁলোকৰ নিয়ন্ত্রণত ৰাজনৈতিকভাবে সকলো সমস্যাৰ সমাধানৰ লক্ষ্যৰে উভয় দেশে তেওঁলোকৰ সমর্থন ব্যক্ত কৰিছে আফগানিস্তান যেন সন্ত্ৰাসবাদীৰ ভূ-স্বর্গত পৰিণত নহয় সেই লক্ষ্যৰে সেই দেশত সঠিক সময়ত ৰাষ্ট্রপতি নির্বাচন পৰিচালনাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে

৩২) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ,২৩১ সিদ্ধান্ত অনুসৰি ইৰাণৰ আণৱিক কর্মসূচীৰ প্রসংগত ভাৰত আৰু ফ্রান্সে আন্তঃৰাষ্ট্ৰীয় স্তৰত শান্তি আৰু নিৰাপত্তা মানি চলাৰ সিদ্ধান্ত লৈছে।

৩৩) আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গুৰুত্বপূর্ণ সমস্যাৰ সমাধানত দুয়োখন দেশে একেলগে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে।

৩৪) বৰ্তমানৰ বৈঠকক লৈ সন্তোষ প্ৰকাশ কৰি দুয়োগৰাকী নেতাই ইয়াতকৈ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আঞ্চলিক আৰু বৈশ্বিক দিশবোৰক ব্যাপক, নিবিড় আৰু পাৰস্পৰিক সম্পৰ্কযুক্ত কৰি তুলিব৷

***

VRRK/SH/AK/DB



(Release ID: 1583820) Visitor Counter : 138