কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা


অৰুণাচল প্ৰদেশত আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ

ৰাজ্যখনত ২,৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন দিবাং জলবিদ্যুৎ উৎপাদন প্ৰকল্পত কেবিনেটৰ

অনুমোদন প্ৰকল্প ৰূপায়ণত ১,৬০০ কোটি টকাৰ ব্যয়ত অনুমোদন

Posted On: 17 JUL 2019 4:27PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীৰ বৈঠকত আজি অৰুণাচল প্ৰদেশত ১,৬০০ কোটি টকাৰ দিবাং বহুউদ্দেশ্যযুক্ত প্ৰকল্প ৰূপায়ণৰ বিভিন্ন আপত্তিবিহীন প্ৰমাণ-পত্ৰ আদায় আৰু বিনিয়োগৰ পূর্বৰ কাম-কাজৰ ক্ষেত্ৰত ব্যয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷

সমগ্ৰ প্ৰকল্প ৰূপায়ণত ২০১৮ৰ জুনৰ মাহৰ আইডিচি আৰু এফচি ৩,৯৭৪.৯৫ কোটি টকাকে ধৰি আনুমানিক ব্যয় ২৮,০৮০.৩৫ কোটি টকা ধাৰ্য কৰা হৈছে। চৰকাৰৰ অনুমোদন লাভ কৰাৰ পাছত প্ৰকল্পৰ নির্মাণ কাম শেষ হ’বলৈ ৯ বছৰ ধৰা হৈছে৷

প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ নিম্ন দিবাং উপত্যকা জিলাত দিবাং নদীত ২,৮৮০ মেগাৱাট(১২x২৪০ মেগাৱাট) ক্ষমতাসম্পন্ন জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ’ব। এই জলবিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা ১১,২২৩ মেগা ইউনিট বিদ্যুৎ উৎপাদিত হ’ব, যিটোৱে গোটেই বছৰত ৯০ শতাংশ বিদ্যুতৰ চাহিদা পুৰণ কৰিবলৈ সক্ষম। এই প্ৰকল্পটো ভাৰতৰ বৃহত্তম জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব৷ জলবিদ্যুৎ উৎপাদন কেন্দ্রৰ বাবে ২৭৮ মিটাৰ উচ্চতাৰ বান্ধ নিৰ্মাণ কৰা হ’ব। নির্মাণ কাৰ্য শেষ হ’লে হ’ব ভাৰতৰ আটাইতকৈ ওখ বান্ধ।

প্ৰকল্পৰ কাম শেষ হ’লে অৰুণাচল প্ৰদেশত মুঠ উৎপাদনৰ ১২ শতাংশ অৰ্থাৎ ১৩৪৬.৭৬ মেগা ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব। স্থানীয় অঞ্চল উন্নয়ন পুঁজিত ১ শতাংশ অৰ্থাৎ ১১২ মেগা ইউনিট বিদ্যুৎ ৰাজ্যখনক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। প্ৰকল্পৰ ৪০ বছৰীয়া ম্যাদৰ সময়ত বিনামূলীয়াকৈ লাভ কৰিবলগীয়া বিদ্যুতৰ ফলত অৰুণাচল প্ৰদেশৰ ২৬,৭৮৫ কোটি টকা আয় হ’ব৷

বহু উদ্দেশ্যযুক্ত দিবাং প্ৰকল্পৰ লক্ষ্য হৈছে বান নিয়ন্ত্ৰণৰ লগতে জলবিদ্যুৎ প্ৰকল্প গঢ়ি তোলা। ইয়াৰ জৰিয়তে ব্ৰহ্মপূত্ৰ বোৰ্ডে চলাই থকা খহনীয়া নিয়ন্ত্ৰণ আঁচনিটো ই প্ৰভাৱ পেলোৱাৰ লগতে অসমত বানে সৃষ্টি কৰা প্ৰলয়ৰ কিছু পৰিমাণে হ্ৰাস পাব৷

 প্ৰকল্পটো গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো আইনগত আপত্তিবিহীন প্ৰমাণ-পত্ৰ লাভ কৰা হৈছে। সেয়েহে, বিনিয়োগত অনুমোদন জনোৱাৰ বাবে দ্বিতীয় পর্যায়ৰ যে অৰণ্য আপত্তিবিহীন প্ৰমাণ-পত্ৰৰ প্ৰয়োজন, সেয়া এতিয়া বিবেচনাধীন অৱস্থাত আছে। প্ৰকল্পটোৰ অধীনত উৎপাদন কেন্দ্রত যাতায়াতৰ সুবিধাৰ্থে পছ আৰু দলং নিৰ্মাণ লগতে সামাজিক উন্নয়ন পৰিকল্পনা পুঁজিলৈ ২৪১ কোটি টকা আৰু স্থানীয় লোকৰ সংস্কৃতিৰ নিজস্বতা অক্ষুণ্ন ৰখাৰ বাবে ৩,২৭ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা হৈছে৷

*****

AKT/PK/SH/DB



(Release ID: 1579683) Visitor Counter : 196