প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউএইৰ বৈদেশিক মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ
পোষ্ট কৰা হৈছে:
09 JUL 2019 10:46PM by PIB Guwahati
সংযুক্ত আৰৱ আমীৰশ্বাহীৰ বৈদেশিক মন্ত্ৰী শ্বেইখ আব্দুল্লাহ বিন জায়েদ আল নাহয়নে আজি ভাৰতলৈ এক চৰকাৰী ভ্ৰমণলৈ আগমনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইউএইৰ ৰাষ্ট্ৰপতি তথা ৰাজকুমাৰৰ হৈ শুভেচ্ছা বিনিময় কৰে৷
প্ৰধানমন্ত্ৰীয়ে ইউএইত তেওঁৰ ভ্ৰমণৰ অভিজ্ঞতা স্মৰণ কৰি বৈদেশিক মন্ত্ৰীগৰাকীক ইউএইৰ ৰাষ্ট্ৰপতি তথা ৰাজকুমাৰৰ প্ৰতি তেওঁৰ শুভকামনা প্ৰকাশ কৰে৷ যোৱা পাঁচ বছৰত দুয়োখন দেশৰ মাজত উত্তৰণ হোৱা দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো তেওঁ সন্তোষ প্ৰকাশ কৰে৷
বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰত আৰু ইউএইৰ সম্পৰ্ক ইয়াতকৈ অধিক মধুৰ নাছিল৷ তেওঁ দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিৰ বাবে তথা শান্তি, সমৃদ্ধি আৰু স্থিৰতাৰ বাবে পাৰস্পৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে ইউএইৰ নেতৃত্বৰ সৈতে সম্বন্ধ গাঢ় কৰি ইয়াক বাণিজ্য, অৰ্থনীতি, শক্তি, পৰ্যটন আদিৰ দিশত নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোহাৰে৷
*****
AKT/KP/MANN
(ৰিলিজ আই ডি : 1578052)
অতিথি কক্ষ : 97