উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যাশী জিলাসমূহৰ প্ৰধান বিষয়াসকলৰ সৈতে ড’নাৰ সচিবৰ বৈঠক
প্ৰত্যাশী জিলাসমূহৰ স্বাস্থ্য, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় সমাপন, দক্ষতা বিকাশ আৰু প্ৰাথমিক আন্তঃগাঁথনিৰ স্থিতি পুনৰীক্ষণ
Posted On:
08 JUL 2019 4:38PM by PIB Guwahati
উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ মন্ত্ৰালয় (ড’নাৰ)ৰ সচিব ডঃ ইন্দ্ৰজিৎ সিঙে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যাশী জিলাসমূহৰ প্ৰধান বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷ সচিবগৰাকীয়ে উক্ত জিলাসমূহত চলি থকা বিভিন্ন আঁচনিৰ স্থিতি সম্পৰ্কে বুজ লয়৷
বৈঠকখনত উপস্থিত আছিল উত্তৰ পূব পৰিষদ (এনইচি)ৰ সচিব শ্ৰী ৰাম মুইভা, শ্ৰী ৰাকেশ ৰঞ্জন, ডিডিজি (মূল্যায়ন), নিটি আয়োগ, শ্ৰী বিজেয়ন্দ্ৰ, যুটীয়া সচিব, প্ৰতিৰক্ষা উৎপাদনৰ বিভাগ আৰু ওদালগুৰি জিলাৰ বিষয়াসকল, ডঃ বন্দনা দ্বিবেদী, উপদেষ্টা, কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ, শ্ৰী শিৰীষ আস্থানা, সঞ্চালক, বিকাশ আয়োগৰ কাৰ্যালয়, ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ আৰু ড’নাৰ মন্ত্ৰালয় তথা এনইচিৰ জ্যেষ্ঠ বিষয়াসকল৷
প্ৰত্যাশী জিলাসমূহৰ ভিতৰত অসমৰ বৰপেটা, বাক্সা, দৰং, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি আৰু ওদালগুৰি; অৰুণাচল প্ৰদেশৰ নামচাই; মণিপুৰৰ চান্দেল; মেঘালয়ৰ ৰিভই; মিজোৰামৰ মামিত; নাগালেণ্ড কিফিৰ; ছিক্কিমৰ পশ্চিম ছিক্কিম আৰু ত্ৰিপুৰাৰ ধালাইৰ প্ৰধান বিষয়াসকল বৈঠকখনত উপস্থিত আছিল৷ তেওঁলোকে প্ৰত্যাশী জিলা কাৰ্যসূচীৰ পাঁচটা বিষয় স্বাস্থ্য, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় সমাপন, দক্ষতা বিকাশ আৰু প্ৰাথমিক আন্তঃগাঁথনিৰ ওপৰত উপস্থাপন প্ৰদৰ্শন কৰে৷
বৈঠকখনত প্ৰত্যাশী জিলাসমূহৰ প্ৰধান বিষয়াসকলে নিটি আয়োগৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰদৰ্শন কৰা উপস্থাপনসমূহৰ পৰা সদৃশ সমস্যা, প্ৰত্যাহ্বান আদি সমূহ চিনাক্ত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়৷ এই সন্দৰ্ভত ড’নাৰৰ সচিবগৰাকীয়ে কয় যে প্ৰত্যাশী জিলাৰ প্ৰধান বিষয়াসকলে প্ৰদান কৰা তথ্যৰ ভিত্তিত মন্ত্ৰালয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷
ডঃ ইন্দ্ৰজিৎ সিঙে বিষয়াসকলক উক্ত জিলাসমূহত নিয়মীয়া ভিত্তিত উন্নয়নমূলক কাৰ্যসমূহৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে যাতে জিলাসমূহে উন্নত প্ৰদৰ্শন কৰিব পাৰে৷ সচিবগৰাকীয়ে বিষয়াসকলক মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি প্ৰত্যাশী জিলাসমূহৰ বিকাশৰ দিশত প্ৰয়াস কৰিবলৈ আহ্বান জনায়৷
******
(Release ID: 1577873)