কেবিনেট


কেবিনেটৰ কেন্দ্ৰীয় তালিকাত অন্য পিছপৰা শ্ৰেণীৰ ভিতৰত উপ-বৰ্গীকৰণৰ বাবে গঠন হোৱা সমিতিক দুমাহৰ সম্প্ৰসাৰণৰ অনুমোদন প্ৰদান

আয়োগৰ কাৰ্যকাল এতিয়া ৩১ জুলাই ২০১৯ তাৰিখলৈ বাহাল থাকিব

Posted On: 12 JUN 2019 7:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সামূহিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ এই ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তথা অন্য পিছপৰা জাতিসমূহৰ লাভৰ সম বিতৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ অনুচ্ছেদ ৩৪০ৰ অধীনত এক আয়োগ গঠন কৰা হৈছে৷ এই আয়োগে কেন্দ্ৰীয় তালিকাত অন্য পিছপৰা শ্ৰেণীসমূহৰ ভিতৰত উপ-বৰ্গীকৰণৰ বিষয়সমূহ নিৰীক্ষণ কৰিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অন্য পিছপৰা শ্ৰেণীসকলৰ উপ-বৰ্গীকৰণৰ বিষয়সমূহ পৰীক্ষণৰ বাবে আয়োগৰ কাৰ্যকাল ২ মাহ বৃদ্ধি কৰি ৩১ জুলাই ২০১৯ লৈ সম্প্ৰসাৰিত কৰিছে৷ আয়োগৰ কাৰ্যকাল এইবাৰ ষষ্ঠবাৰলৈ বৃদ্ধি কৰা হৈছে৷ আয়োগৰ কাৰ্যকাল ৩১ মে২০১৯ত সমাপ্ত হৈছিল৷

প্ৰভাৱঃ

আয়োগৰ সম্প্ৰসাৰিত কাৰ্যকালৰ দ্বাৰা বিভিন্ন হিতাধিকাৰীসকলৰ সৈতে ব্যাপক বিচাৰ-পৰামৰ্শৰ পিছত কেন্দ্ৰীয় তালিকাত অন্য পিছপৰা শ্ৰেণীসকলৰ উপ-বৰ্গীকৰণৰ বিষয়সমূহৰ মূল্যাংকন কৰাত সমৰ্থ হব৷ ইয়াৰ দ্বাৰা আয়োগে এই বিষয়ত নিজৰ ব্যাপক প্ৰতিবেদন প্ৰস্তুত কৰাত সহায়ক হব৷

পৃষ্ঠভূমিঃ

এই আয়োগ সংবিধানৰ অনুচ্ছেদ ৩৪০ৰ অধীনত ৰাষ্ট্ৰপতিৰ সন্মতিক্ৰমে ২ অক্টোবৰ ২০১৭ তাৰিখে গঠন কৰা হৈছিল৷ বিচাৰক (অৱসৰপ্ৰাপ্ত) শ্ৰীমতী জী. ৰোহিণীৰ অধ্যক্ষতাত আয়োগে ২০১৭ চনৰ অক্টোবৰ মাহত কাম আৰম্ভ কৰিছিল৷ তেতিয়াৰে পৰা আয়োগে অন্য পিছপৰা শ্ৰেণীসকলৰ উপ-বৰ্গীকৰণ কৰা ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশ আৰু ৰাজ্যৰ পিছপৰা শ্ৰেণী আয়োগৰ সৈতে বিচাৰ-পৰামৰ্শ কৰি আহিছে৷ ইয়াত এয়াও সুনিশ্চিত কৰা প্ৰয়োজন যে অন্য সম্প্ৰদায়ে যাতে ইয়াৰ দ্বাৰা অবাঞ্ছনীয় পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয়৷ ইয়াৰ বাবে এই প্ৰক্ৰিয়া সমাপন কৰিবলৈ কিছু মাহৰ প্ৰয়োজন হব৷

এই তথ্যৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে ৩১ জুলাই ২০১৯ পৰ্যন্ত দুমাহৰ বাবে কাৰ্যকাল সম্প্ৰসাৰণ কৰিবলৈ অনুৰোধ জনাইছিল, যাক এতিয়া অনুমোদন প্ৰদান কৰা হৈছে৷ 

*******

AKT/AK/MANN



(Release ID: 1574731) Visitor Counter : 49