কেবিনেট
২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতেই সংসদ তলবৰ বাবে কেবিনেটৰ অনুমোদন
১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ লোকসভা অধিবেশন
২০ জুলাইৰ পৰা ২৬ জুলাইলৈ ৰাজ্যসভা অধিবেশন
অৰ্থনৈতিক সমীক্ষা দাখিল হ’ব ৪ জুলাইত
৫ জুলাইত কেন্দ্ৰীয় বাজেট
পোষ্ট কৰা হৈছে:
31 MAY 2019 8:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাতাত আজি অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হয়। সেই অনুসৰি ১৭ জুন, ২০১৯ তাৰিখ সোমবাৰৰ পৰা ১৭ তম লোকসভা অধিবেশন অনুষ্ঠিত হ’ব, আৰু চৰকাৰী কাৰ্যকলাপৰ জৰুৰীকালীন অৱস্থাৰ ওপৰত ভিত্তি কৰি এই অধিবেশন ২৬ জুলাই, ২০১৯ তাৰিখ শুক্ৰবাৰে সামৰণি পৰিব।
ইফালে ২০ জুন, ২০১৯ তাৰিখ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ অধিবেশন, এই অধিবেশনো চৰকাৰী কাৰ্যকলাপৰ জৰুৰীকালীন অৱস্থাৰ ওপৰত ভিত্তি কৰি এই অধিবেশন ২৬ জুলাই, ২০১৯ তাৰিখ শুক্ৰবাৰে সামৰণি পৰিব।
১৯ জুন, ২০১৯ তাৰিখ বুধবাৰে নিৰ্বাচন কৰা হ’ব সদনৰ অধ্যক্ষ>
দেশৰ ৰাষ্ট্ৰপতিয়ে দেশৰ সংবিধানৰ ধাৰা ৮৭ (১) অনুসৰি অহা ২০ জুন, ২০১৯ তাৰিখ বৃহস্পতিবাৰে দিনৰ ১১ বজাত সংসদৰ চেণ্ট্ৰেল হলত দুয়োটা সদনকেই একত্ৰে সম্বোধন কৰিব।
আনহাতে, ৫ জুলাই, ২০১৯ তাৰিখ শুক্ৰবাৰে দিনৰ ১১ বজাত লোকসভাত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট ২০১৯-২০ আৰু বাজেট দাখিলৰ পিছতেই দিনটোৰ বাবে অন্ত পৰিব সদনৰ কাম।
***********
AKT/SH/RD
(ৰিলিজ আই ডি : 1573194)
অতিথি কক্ষ : 81