প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্মার্ট ইণ্ডিয়া হেকাথন উপলক্ষে ছাত্র-ছাত্রীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বার্তালাপৰ পূৰ্বে প্রধানমন্ত্রীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

Posted On: 02 MAR 2019 11:30PM by PIB Guwahati

নতুন ভাৰত, স্মার্ট ইণ্ডিয়াৰ সংকল্প বাস্তৱায়িত কৰিবলৈ আপনালোকৰ যিসকল লোক ব্রতী হছে, সেই তৰুণ বন্ধুসকললৈ অভিনন্দন।

এইবাৰক লৈ তৃতীয়বাৰৰ বাবে মই প্রযুক্তিৰ মাধ্যমেৰে আপনালোকৰ সৈতে কথা পাতিছো২০১৭ চনত যেতিয়া আমি এই অভিযান আৰম্ভ কৰিছিলো, তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে এই কাৰ্য নিৰন্তৰ সম্প্ৰসাৰণ হৈ আহিছে।

বন্ধুসকল, স্মার্ট ইণ্ডিয়া হেকাথন ৰাষ্ট্ৰীয় স্তৰ অনুষ্ঠিত হোৱা বৃহত্তম অ’পেন ইনভেশ্যন মডেলহিচাপে পৰিগণিত হৈছে। ইয়াত একেখন মঞ্চতেই বহুসংখ্যক শিল্পোদ্যোগ, শিক্ষা প্রতিষ্ঠান, ৰকাৰী বিভাগ, পেছাদাৰী আৰু ছাত্র-ছাত্রীসকলে একত্ৰিত হৈ কাম কৰিছে। ৩০ হাজাৰ ছাত্র-ছাত্রীক লৈ আৰম্ভ হোৱা এই হেকাথনত আজি অংশগ্রহণকাৰীৰ সংখ্যা লাখৰ সীমা চুইছে। আজি আমি ক’ব পাৰো যে, আমি সঠিক পথেৰেই আগুৱাইছো।

বন্ধুসকল, পূর্বর্তী দুটা হেকাথনৰ পৰা যথেষ্ট পৰিমাণৰ উদ্ভাৱণীয় ধাৰণা সৃষ্টি হৈছে, সেয়া আমি দেখিবলৈ পাইছো। ইয়াৰ মাধ্যমেৰে আৰম্ভণিতে কেৱল ৰকাৰী প্রতিষ্ঠান আৰু ৰকাৰ সংশ্লিষ্ট বিভিন্ন সমস্যা সমাধানৰ চেষ্টা কৰিছিল। কিন্তু এবাৰ ভালেমান শিল্পোদ্যোগও নিজ নিজ সমস্যা আপনালোক সমূখত উত্থাপন কৰিছে।

ইয়াৰ মাধ্যমেৰে নিশ্চিতভাৱেই আপনালোকৰ প্রচেষ্টাৰ সম্প্রসাৰণ ঘটি আৰু উদ্ভাৱকৰ জগতখনত আপনালোকৰ পৰিচিতি বৃদ্ধি পাববন্ধুসকল, আমাৰ অর্থনীতিয়ে এক নতুন পথেৰে যাত্ৰা আৰম্ভ কৰিছে। আমিকলোৱে মিলে যি নতুন ভাৰত নির্মাণৰ দায়িত্ব গ্ৰহণ কৰিছো, সেয়া এই উদ্ভাআৰু ষ্টার্ট-আপৰ মাজেৰেই বিশ্ব সাফল্যৰ পোহৰ দেখিছে।

 

গ্লোবেল ইনভেশ্যন ইনডেক্স আজি আমি ৫৭তম স্থানত উপনীত হ’বলৈ সক্ষম হৈছো। ২০১৪ চনত আমি সেই তালিকা ৮১ নম্বৰ স্থান ছিলঅর্থাৎ আমি চাৰে চাৰি বছৰ ২৪ টা স্থান আগুৱাই আহিবলৈ সক্ষম হৈছো। আমিতিয়াি চিন্তাধাৰাৰে কাম কৰি গৈছো, অতি শীঘ্রই আমি বিশ্বৰ শ্রেষ্ঠ ২৫ খন দেশৰ তালিকাত প্ৰৱেশ কৰিম। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টার্ট আপ দেশত পৰিণত হছে। বিগত ৩/৪ বছৰৰ ভিতৰত ১৫ হাজাৰতকৈঅধিক ষ্টার্ট আপ প্রতিষ্ঠিত হছে। এই ষ্টার্ট আপবোৰ কেৱল ডাঙৰ ডাঙৰ চহৰতেই সীমাবদ্ধ থকা নাই, দেশৰ প্রায় প্রত্যেক জিলাতেই এতিয়ানে ধৰণৰ ষ্টার্ট আপ প্ৰতিস্থা হছে। আটাইতকৈ ডাঙৰ কথাটোল নতুনকৈ স্থাপিত ষ্টার্ট আপবোৰৰ প্রায় অর্ধেকাংশই সৰু সৰু চহৰত প্রতিষ্ঠছে।

 

নেদৰে দেশৰ প্রায় ১৫০ খন টেকনলজ বিজনে ইনকিউবেটাৰ্ছমাজত ষ্টার্ট আপৰ সংখ্যা তিনি বছৰ পূৰ্বে ১৬০০ থকাৰ বিপৰীতে এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ০০০ হৈছেগৈ। বন্ধুসকল, উদ্ভাআৰু ষ্টার্ট আপৰ বাবে ইতিবাচক পৰিৱেশঢ়ি তুলিবলৈ ভালেমান গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

 

অটল ইনকিউবেশ্যন মিশ্যন সম্পর্কে আপোনালোক ভালদৰেইৰিচিত। সমগ্ৰ দেশতে ৫ হজাৰতকৈঅধিক বিদ্যালয় ইতিমধ্যেই অটল টিংকাৰিং পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে। এইসমূহৰ মাধ্যমেৰে ষষ্ঠ শ্রেণীৰ পৰাই ছাত্র-ছাত্রীসকলেৱিষ্যৎ প্রযুক্তিৰ সৈতে যথেষ্ট পৰিমাণে ৰিচিত হৈছে

 

বন্ধুসকল, প্রশাসন আৰু শিল্পোদ্যোগসমূহৰি সমস্যা আপনালোকৰ সমূখত উত্থাপন কৰা হৈছে, সেইবোৰৰ সমান্তৰালকৈ, মই আপোনালোকক এটি অনুৰোধ জনাবলৈ বিচাৰিছো।

 

দেশৰ ক্রমবর্ধিত সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে শিশু আৰু নাৰী নিৰ্যাতনএক উন্নত সমাজ গঢ়ি তুলিবলৈ আমি সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব লাগিব। আপোনালোকে এনেধৰণৰ কোনো পূৰ্ণাঙ্গ ব্যৱস্থা উদ্ভান কৰিব পাৰিবনে, যাৰ মাধ্যমেৰে ঘৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় পর্যন্ত শিশুসকলৰ সমস্ত গতিবিধি তদাৰকৰিব পৰা যাব! ঘৰ আৰু বিদ্যালয়ৰ ওচৰে পাজৰে স্থানীয় আৰক্ষী থানা আৰু পেট্রলিং ভানবোৰ যাতে সঠিক সময় সক্রিয় কৰি তুলিব পাৰি, এনেধৰণৰ এক পূৰ্ণাঙ্গ ব্যৱস্থা উদ্ভান কৰিব পাৰিলে আপনালোকে দেশ আৰু সমাজ উভয় যথেষ্ট উপকাৰ সাধন হ’ব।

 

এক ধৰণেৰে, ৰাজপথৰ কাষত যিসকলে ফল-মূল বা শাকপাচলি বিক্ৰী কৰে, তেওঁলোকৰ বাবে ই-মাৰ্কেট প্লেছৰ দৰে কোনোধৰণৰ প্ৰযুক্তিগত সমাধান, যাৰ মাধ্যমেৰে স্থানীয় স্তৰত ঘৰে ঘৰে ফল-মূল বা শাকপাচলি সৰবৰাহৰ এক সহজ ব্যৱস্থা গঢ়ি উঠে।

 

বন্ধুসকল, স্মার্ট ইণ্ডিয়া হেকাথনক কেৱল এক বার্ষিক অনুষ্ঠান হিচাপে গ্ৰহণ নকৰি এক ধাৰাবাহিক প্রক্রিয়া হিচাপে আমি চাব লাগিব। যি গোটেই বছৰ ধৰি চলি, যাতে কোন শিল্পোদ্যোগ বা ৰকাৰী বিভাগৰ সমস্যাৰ অভিন সমাধান ক্ষেত্র সমাধানকাৰীক পুৰস্কাৰ প্রদান কৰিব পৰা যায়। আমাৰ দৃঢ় বিশ্বাস যে আপনালোকৰ দৰে যদি আন তৰুণ-তৰুণীসকলেও ধাৰাবাহিকভাৱে এই কর্মযজ্ঞৰ সৈতে জড়িত হ’বলৈ বিচাৰে তেন্তে এই সমস্যাসমূহৰ সমাধান নিশ্চিতভাৱেই সম্ভৱ হ’ব।

আপোনালোকৰ ওপৰত, আমাৰ দেশৰ তৰুণ বন্ধুসকলৰ ওপৰ আমাৰ সম্পূর্ণ ভৰসা আছে, আস্তা আছেআপনালোককলোৱেই নতুন ভাৰতৰ নতুন আত্মবিশ্বাসৰ প্রধান ভিত্তি।

***

AKT/VJ/SS/RSB/AK



(Release ID: 1571068) Visitor Counter : 80


Read this release in: English , Urdu , Marathi , Bengali