প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ আমেঠীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 03 MAR 2019 9:00PM by PIB Guwahati

সৰ্বপ্ৰথমে মই আপোনালোকৰ দ্বাৰা তিনিবাৰ জয়ধ্বনি দিম আৰু মোৰ এই আহ্বান যে আপোনালোকে হাতৰ মুঠি বন্ধ কৰি যাতে জয়ধ্বনি দিয়ে৷ আৰু তিনিওবাৰ পৃথক জয়ধ্বনি দিবলৈ দিম৷

ভাৰত মাতাৰ জয়ৰ জয়ধ্বনি দিব লাগে৷ পৰাক্ৰম ভাৰতৰ বাবে-

ভাৰত মাতাৰ জয়

সমগ্ৰ শক্তিৰে কওক- পৰাক্ৰম ভাৰতৰ বাবে-

ভাৰত মাতাৰ জয়

বিজয়ী ভাৰতৰ বাবে-

ভাৰত মাতাৰ জয়

বীৰ জোৱানসকলৰ বাবে-

ভাৰত মাতাৰ জয়

অশেষ ধন্যবাদ!

উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় তথা যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, কেন্দ্ৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, দেশৰ ৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণজী, মন্ত্ৰী পৰিষদৰ সহযোগী ভগ্নী স্মৃতি ইৰাণীজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মহচিন ৰজা জী, সুৰেশ পাসীজী, বিধায়ক মায়ংকেশ্বৰ শ্বাৰণ সিং জী, গৰিমা সিংজী, দল বাহাদুৰ কোৰীজী, উত্তৰ প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল, জয় ৰাম জী৷ আপোনালোকৰ খা-খবৰ কেনে? সকলো ঠিকে আছে নে?

আপোনালোক ইমান বৃহৎ সংখ্যাত ইয়াত উপস্থিত হৈছে, আপোনালোক সকলোৰে মোৰ প্ৰণাম৷ এই ভূমি টিকৰমাভীৰ মহাৰাজৰ তপোভূমি৷ এই ভূমি জৈমিনা মহাপুৰাণৰ প্ৰণেতা বাবা পুৰুষোত্তম দাসৰ ভূমি, মালিক মহম্মদ জয়সী, আৰ্যসমাজৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা জনসংঘৰ বিধায়ক ৰাজা ৰমণ জয়সীৰ ভূমি৷ মই এই ভূমিক সেৱা জনাইছো৷

যোৱা চাৰে চাৰি বছৰত উত্তৰ প্ৰদেশ আৰু আমেঠীৰ বিকাশৰ বাবে আমাৰ চৰকাৰে যি উন্নয়নমূলক কাৰ্য কৰিছে, আজি সেয়া অধিক বিস্তাৰিত কৰাৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছো৷ আৰু মই দেখিছো যে আজিও আমাৰ স্বাগতমৰ বাবে বৰুণ দেৱতাই কৃপা কৰিছে৷ মোৰ ভালকৈয়ে মনত আছে যে ৯৮ চনত মই অটলজীৰ সৈতে ইয়ালৈ জনসভাত অংশগ্ৰহণ কৰাৰ বাবে আহিছিলো আৰু সেইদিনা খুব বৰষুণ হৈছিল; সকলো ব্যৱস্থা নষ্ট হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই মই সংগঠনৰ কামত আমেঠীলৈ অহা-যোৱা কৰি আছো৷ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সৌভাগ্য লাভ কৰিছো৷

২০১৪ চনত নিৰ্বাচনৰ সময়ত মই কৈছিলো- সকলোৰে সৈতে সকলোৰে বিকাশ৷ আমেঠীৰ মোৰ মৰমৰ ভাই-ভনীসকল, আমেঠী সকলোৰে সৈতে সকলোৰে বিকাশৰ এক উত্তম উদাহাৰণ৷ আৰু যেতিয়াই মই সকলোৰে সৈতে সকলোৰে বিকাশৰ কথা কও, আজিও কও, যিসকলে আমাক ভোট দিছে তেওঁলোকো আমাৰ আৰু যিসকলে আমাক ভোট দিয়া নাই তেওঁলোকো আমাৰ৷ যিসকলে আমাক আসন দিছে সেই ক্ষেত্ৰও আমাৰ আৰু যিসকলে দিয়া নাই সেই ক্ষেত্ৰও আমাৰ৷

আজি আজি পাঁচ বছৰৰ পিছত আমেঠীৰ নাগৰিকৰ সন্মুখত শিৰ তললৈ কৰি অতিশয় গৌৰৱেৰে ক’ব পাৰো যে ভনী স্মৃতি ইৰাণীজী নিৰ্বাচনৰ প্ৰাৰ্থীৰ ৰূপত আপোনালোকৰ সন্মুখলৈ আহিছিল, আপোনালোকৰ বাবে নতুন মুখ আছিল, নতুন পৰিচয় আছিল, কিন্তু আপোনালোকে আশীৰ্বাদ বৰ্ষণ কৰিলে৷ যদিও আমি সেই সময়ত নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰিলো তথাপিও আপোনালোকৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হ’লো৷ আপোনালোকে ইমান মৰম দিলে যে পাঁচ বছৰত স্মৃতিজীয়ে ইমান পৰিশ্ৰমেৰে এই ক্ষেত্ৰৰ বিকাশত জড়িত হৈ পৰিল যে আপোনালোকক এয়া অনুভৱ কৰিবলৈ নিদিলে যে আপোনালোকে তেওঁক হৰুৱাইছিল নে জয়ী কৰাইছিল৷ আমি আপোনালোকৰ উন্নতি ন্যায়পূৰ্বকভাৱে কৰাৰ প্ৰয়াস কৰিছোনে? ৰতিৰ সমানো আপোনালোকৰ অন্যায় হ’বলৈ দিছোনে? সম্পূৰ্ণ ন্যায় কৰিছো নে? এয়াই হ’ল আমাৰ সকলোৰে সৈতে সকলোৰে বিকাশৰ মন্ত্ৰ৷

কিছু মুহূৰ্ত পূৰ্বে আমেঠীৰ বিকাশৰ সৈতে বহু কোটি টকাৰ প্ৰকল্পৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ এই আঁচনিসমূহত বিদ্যালয়, পথ, চিকিৎসাকেন্দ্ৰ, গৌশালা, বিদ্যুৎ, কৃষিৰ সৈতে জড়িত অনেক যোজনা অন্তৰ্ভুক্ত কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, এই প্ৰকল্পসমূহৰ সৈতে আজি মই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ ওলাইছো৷ এই ঘোষণা আমেঠীৰ নতুন পৰিচয় আৰু নতুন গৌৰৱৰ সৈতে জড়িত৷ যিমানেই ডাঙৰ নেতা নাহক কিয়; এতিয়া ভৱিষ্যতে আমেঠী তেওঁলোকৰ নামত নহয়; আজি যি যোজনা প্ৰণয়ন কৰা হ’ব সেই নামেৰে জনাজাত হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, এতিয়া কোৰবাৰ অৰ্ডনান্স উদ্যোগত বিশ্বৰ সবাতোকৈ আধুনিক এ কে ২০৩ অৰ্থাৎ কালাছনিকভ ৰাইফলৰ ছিৰিজৰ আটাইতকৈ আধুনিক অস্ত্ৰ, এয়া আমাৰ আমেঠীত নিৰ্মাণ হ’ব৷ এই ৰাইফল ৰাছিয়া আৰু ভাৰতৰ যৌথ সহযোগত নিৰ্মিত হ’ব৷ কিছু দেৰী পূৰ্বে আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলাজীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাৰ্তাও ইয়াত পঢ়ি শুনাইছে৷ মই নিজৰ আৰু ভাৰতৰ নিকট বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ এই সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ এই যৌথ সহযোগিতা তেওঁৰ সহযোগিতাত অতি কম সময়ৰ ভিতৰতে সম্পন্ন হৈছে৷ তেওঁৰ মিত্ৰতাপূৰ্ণ বাৰ্তা আৰু শুভকামনাৰ বাবে মই ৰাষ্ট্ৰপতি পুটিনৰ ওচৰত অশেষ কৃতজ্ঞ; লগতে এই যৌথ সহযোগিতাৰ সৈতে জড়িত ৰাছিয়ান বন্ধুসকলকো ধন্যবাদ আৰু অভিনন্দন তথা ইয়াৰ সফলতাৰ বাবে শুভকামনা জনাইছো৷

বন্ধুসকল, কিছুমান লোকে ঘূৰাই ঘূৰাই কথা কয়, প্ৰতিখন গাঁৱলৈ গৈ মেড-ইন-উজ্জেইন, মেড-ইন-জয়পুৰ, মেড-ইন-জয়ছালমাৰে, মেড-ইন-বৰোডা আদিৰ ভাষণ দিয়ে৷ তেওঁলোকৰ ভাষণ, ভাষণেই হৈ থাকে৷ এয়া মোদী, এতিয়া মেড-ইন-আমেঠী এ কে ২০৩ ৰাইফলৰ দ্বাৰা সন্ত্ৰাসবাদী আৰু নক্সালবাদীসকলৰ সৈতে হোৱা যুদ্ধত আমাৰ সৈনিকসকলে নিশ্চিতভাৱে অধিক উপকৃত হ’ব৷ আমেঠীৰ কাৰখানাত লক্ষাধিক সংখ্যাত ৰাইফল নিৰ্মিত হ’ব৷ আগলৈ যিবোৰ ৰাইফল ইয়াত নিৰ্মিত হ’ব সেয়া বিশ্বক অন্যৰ দেশলৈও ৰপ্তানি কৰা হ’ব৷ সেইবাবে এই কাৰখানাই আমেঠীৰ তৰুণ প্ৰজন্মৰ বাবে, কৰ্ম সংস্থাপনৰ বাবে নতুন অৱকাশৰ সৃষ্টি কৰিব আৰু দেশৰ বিকাশ তথা সুৰক্ষাৰ বাবেও এক নতুন পথ মুকলি হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, আজিৰ পৰা ইয়াত যি কাম আৰম্ভ হৈছে, এই কাম ৮-৯ বছৰ পূৰ্বে আৰম্ভ হ’ব লাগিছিল৷ কোৰবাৰ এই কাৰখানা এই কাৰণেই নিৰ্মাণ কৰা হৈছিল যাতে ইয়াত আধুনিক ৰাইফল নিৰ্মাণ কৰা হয়, কিন্তু ইয়াৰ পূৰ্ণ ক্ষমতা কেতিয়াও ব্যৱহাৰ কৰা নহ’ল৷ আমেঠীৰ এই কাৰখানা এই কথাৰ সাক্ষী যে প্ৰথমে কিদৰে আমাৰ সেনা আৰু প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তাসমূহক আওকাণ কৰা হৈছিল৷

বন্ধুসকল, দেশৰ সুৰক্ষাৰ বাবে আমাৰ সৈন্যই ২০০৫ চনত আধুনিত অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেতিয়াৰ চৰকাৰৰ ওচৰত আবেদন কৰিছিল৷ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেই কাৰখানাৰ কাম আৰম্ভ হ’ল৷ আপোনালোকৰ ইয়াৰে সাংসদ, যেতিয়া ২০০৭ চনত ইয়াৰ আধাৰশিলা স্থাপন হৈছিল তেতিয়া কোৱা হৈছিল যে ২০১০ চনৰ পৰা ইয়াত কাম আৰম্ভ হ’ব৷ হ’লনে, হ’লনে? তেওঁ এইদৰে কৈছিল নে নাই কোৱা? তেওঁৰ চৰকাৰ আছিল নে নাই? তেওঁ যি কৈছিল সেয়া হ’ব লাগিছিল নে নাই? হ’ল নেকি? আৰে যিজনে কেৱল এয়াই কৰিব নোৱাৰে তেওঁক বিশ্বাস কৰিব পাৰিনে? কিন্তু বন্ধুসকল, কাম আৰম্ভ হোৱা দূৰৰে কথা, আধাৰশিলা স্থাপনৰ পিছতো তিনি বছৰলৈ চৰকাৰে এয়া সিদ্ধান্ত ল’ব পৰা নাছিল যে ইয়াৰ অৰ্ডনান্স কাৰখানাত কেনে ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ হ’ব৷ কেৱল এয়াই নহয়- এই কাৰখানা ক’ত নিৰ্মিত হ’ব; ইয়াৰ বাবে ভূমি পৰ্যন্তও ঠিক কৰা হোৱা নাছিল৷

বন্ধুসকল, চিন্তা কৰক- যি কাৰখানাৰ কাম ২০১০ চনত আৰম্ভ হ’বলগীয়া আছিল, তাৰ ভৱন নিৰ্মাণৰ কাম ২০১৩ চনলৈ ওলমি আছিল৷ ভৱন নিৰ্মাণ হোৱাৰ পিছত কোনোমতে কাম আৰম্ভ হ’ল কাৰণ সন্মুখত নিৰ্বাচন আছিল, কিবা এটা কৰি দেখুৱাবলগীয়া আছিল, কিন্তু আধুনিক ৰাইফল তেতিয়াও নিৰ্মিত নহ’ল৷ আৰু এয়া নাপাহৰিব যে কাৰখানাত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে – এনেকৈ কোৱা হয় নহয় যে প্ৰতিশ্ৰুতি দি আমি পালন কৰোঁ, আমি কেতিয়াও মিছা কথা নকও- এয়াও এক ডাঙৰ মিছা কথা৷ আৰু এয়া নাপাহৰিব যে- তেওঁ কৈছিল যে তৰুণ প্ৰজন্মৰ ১৫০০জনক কৰ্ম সংস্থাপন প্ৰদান কৰিব৷ কৰিছিল ভাইসকল, ১৫০০ লোকক কাৰখানাত কাম দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ এই আমেঠীৰ কথা, দেশৰ কথা মই কোৱা নাই৷ কিন্তু ইমান ডাঙৰ কথা কোৱা লোকসকলে আমেঠীৰ জনতাৰ চকুত ধূলি দিলে আৰু কেৱল ২০০ জনে কাম পালে, আৰু আজি সমগ্ৰ দেশতে তেওঁ কৰ্ম সংস্থাপনৰ ভাষণ দি ফুৰে৷

আমেঠীৰ মোৰ ভাতৃ-ভগ্নীসকল, আজি ইমান বৰ্ষৰ অপেক্ষাৰ পিছত আমেঠীৰ অৰ্ডনান্স কাৰথানাত বিশ্বৰ সবাতোকৈ আধুনিক ৰাইফল নিৰ্মাণৰ কাম আৰম্ভ হ’বলৈ ধৰিছে৷

বন্ধুসকল, মই আপোনালোকৰ পৰা জানিবলৈ বিচাৰিছো যে আধুনিক ৰাইফল নিৰ্মাণ নকৰি আমাৰ বীৰ জোৱানসকলৰ প্ৰতি অন্যায় কৰা হৈছিল নে নাই? অৰ্ডনান্স কাৰখানাৰ পূৰ্ণ ব্যৱহাৰ নকৰি ইয়াৰ সংসাধনসমূহৰ সৈতে অন্যায় কৰা হৈছিল নে নাই হোৱা? কৰ্ম সংস্থাপন প্ৰদান নকৰি আমেঠীৰ তৰুণ প্ৰজন্মৰ সৈতে অন্যায় কৰা হৈছিল নে নাই হোৱা?

বন্ধুসকল, পূৰ্বৰ যি চৰকাৰ আছিল তেওঁলোকে প্ৰতিৰক্ষা বাহিনীৰ সুৰক্ষাক আওকাণ কৰাত একো বাকী ৰখা নাছিল৷ আমাৰ বীৰ জোৱানসকলক বুলেটপ্ৰুফ জেকেটৰ বাবে কিদৰে তাড়না দিয়া হৈছিল সেয়া দেশক স্মৰণ কৰোৱাটো আৱশ্যক৷ ২০০৯ চনত সেনাই এক লাখ ৮৮ হাজাৰ বুলেট প্ৰুফ জেকেটৰ বাবে আবেদন কৰিছিল৷ বিনা বুলেটপ্ৰুফ জেকেটৰ দ্বাৰা আমাৰ সৈন্যই শত্ৰুসৈন্যৰ গুলী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্মুখীন হৈ আছিল৷ নিজৰ প্ৰাণক বিপদলৈ ঠেলি দিও ভয়ংকৰ এনকাউণ্টাৰত অৱতীৰ্ণ হৈছিল৷ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ পাঁচ বছৰ, এই পাঁচ বছৰ কম নহয়, কিন্তু সেনাৰ বাবে বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰা নহ’ল৷ এয়া আমাৰ চৰকাৰ যিয়ে বিগত চাৰে চাৰি বছৰত দুই লাখ ত্ৰিশ হাজাৰতকৈও অধিক বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰাৰ অৰ্ডাৰ দিছে৷

মই আজি আমেঠীলৈ আহিছো আৰু আপোনালোকৰ পৰা জানিব বিচাৰিছো যে দেশৰ বীৰ জোৱানক ৰাইফলৰ বাবে অপেক্ষাকৃত কৰা, বুলেটপ্ৰুফ জেকেটৰ বাবে অপেক্ষাকৃত কৰা এই লোকসকল কোন? কোন এই লোকসকল? মই কাৰো নাম নলও, কিন্তু আপোনালোকে ভালদৰেই জানে যে এই লোকসকল কোন৷ আৰু সেইবাবে ভাই-ভনীসকল, ভাৰত মাতাৰ জয়৷ আৰু সেইবাবে ভাই-ভনীসকল, আপোনালোকে জানে আৰু মই কাৰো নাম লোৱাৰ প্ৰয়োজন নাই৷

ভাতৃ আৰু ভগ্নীসকল, আমাৰ দেশক কেৱল আধুনিক ৰাইফলেই নহয়, আধুনিক বুলেটপ্ৰুফ জেকেটেই নহয়, আধুনিক টোপৰ বাবেও অপেক্ষা কৰোৱা হৈছিল৷ এয়া আমাৰেই চৰকাৰ যিয়ে আধুনিক টোপৰ চুক্তি কৰিলে আৰু এতিয়া ইয়াক ভাৰততেই নিৰ্মাণ কৰা হৈছে৷

বন্ধুসকল, আধুনিক টোপৰ দৰেই আধুনিক যুঁজাৰু বিমানৰ বাবেও আমাৰ বায়ুসেনাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল৷ কিন্তু যাৰ বিবেকেই অপবিত্ৰ, তেওঁলোকে বায়ুসেনাৰ দাবী কিদৰে শুনিব? এই লোকসকলে বৰ্ষজুৰি ৰাফেল বিমানৰ চুক্তিলৈ বহি থাকিল আৰু যেতিয়া চৰকাৰ ভংগ হোৱাৰ সময় হ’ল তেতিয়া ইয়াক শীতল বস্তাত ভৰাই নিক্ষেপ কৰা হ’ল৷ এয়াৰ আমাৰেই চৰকাৰৰ প্ৰয়াস যে অনাগত কেইটামান মাহৰ পিছতেই ৰাফেল বিমান ভাৰতৰ আকাশত দেখিবলৈ পোৱা যাব৷ কিন্তু এই লোকসকলে এতিয়াও ৰাফেল বিমানৰ চুক্তিক নিজা স্বাৰ্থৰ বাবে, নিজৰ হিতৰ বাবে, ইয়াক অসফল কৰাৰ বাবে, ব্যৰ্থ কৰাৰ বাবে কিবা নহয় কিবা এখন নতুন নতুন নাটকৰ সৃষ্টি কৰি আছে৷

ভাতৃ আৰু ভগ্নীসকল, উচ্চতম ন্যায়ালয়ৰ পৰা চিএজিলৈ সকলো সংস্থাই কৈছে যে ভাৰত চৰকাৰে এয়া ন্যায়সংগত নিৰ্ণয় গ্ৰহণ কৰিছে, উপযুক্ত সময়ত কৰিছে, উপযুক্ত চুক্তি কৰিছে আৰু দেশৰ হিতাৰ্থে কৰিছে৷ কিন্তু কিছুমান লোকে ইয়াক মিছা বুলি কৈ আছে৷ প্ৰতিৰক্ষা চুক্তিত কমিচন নাপালে কেনে হতাশাৰ সৃষ্টি হয় এয়া কিছুমান লোকৰ মুখমণ্ডলত বাৰুকৈয়ে প্ৰত্যক্ষ হৈছে৷

বন্ধুসকল, আধৰুৱা মনৰ দৰে এই লোকসকলে যিদৰে দেশৰ সুৰক্ষাক আওকাণ কৰিলে ঠিক তেনেকুৱাই ব্যৱহাৰ এওঁলোকে আমেঠীৰ লোকৰ সৈতেও কৰিলে৷ আমেঠীৰ বাবে কি কি কোৱা হ’ল কিন্তু আজি আমেঠীৰ স্থিতি কি এয়া আপোনালোকতকৈ ভালদৰে কোনে জানে?

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া সদিচ্ছা নাথাকে, যেতিয়া দুখীয়াৰ বাবে চিন্তা কৰাৰ আগ্ৰহ নাথাকে, যেতিয়া জনতাক কেৱল মিথ্যাই কোৱা হয় তেতিয়া এই পৰিণামেই পৰিলক্ষিত হয়৷ আপোনালোকে মনত পেলাওক, ইয়াত থকা ষ্টীল কাৰখানা গেছৰ অভাৱত বন্ধ হ’বলগীয়া হ’ল৷ ইয়াৰ মেঘাপুৰৰ ফুডপাৰ্কৰ সৈতেও এয়া কৰা হ’ল৷ আমি ষ্টীল কাৰখানাৰ বাবে চিন্তা কৰি গেছ পাইপলাইনৰ ব্যৱস্থা কৰিলো৷ এতিয়া এয়া ষ্টীল ফেক্টৰীয়ে আমেঠীক কৰ্ম সংস্থাপন প্ৰদান কৰাৰ বাবে আৰু দেশত ষ্টীল উৎপাদনক গতি প্ৰদান কৰাৰ বাবে প্ৰস্তুত৷

ভাতৃ আৰু ভগ্নীসকল, এই একেই অৱস্থা গোলীগঞ্জৰ চাইকেল কাৰখানাৰ লগতো হ’ল৷ কৃষকসকলৰ ভূমি লৈ লোৱা হ’ল, হয় কৃষকসকলৰ ভূমি লৈ লোৱা হ’ল, কাৰখানা স্থাপন নহ’ল আৰু সেই ভূমি পিছফালৰ দুৱাৰৰ পৰা নিজৰ নামত কৰাই ল’লে৷ আমেঠীৰ বিকাশৰ নামত আপোনালোকৰ ভাৱনাৰ সৈতে এইদৰে খেলা হৈছে৷

বন্ধুসকল, যেতিয়া ক্ষমতা স্বাৰ্থলৈ ৰূপান্তৰিত হয়, ঐতিহ্যক প্ৰসাৰ কৰাই একমাত্ৰ লক্ষ্য হৈ পৰে তেতিয়া দেশৰ প্ৰয়োজনীয়তাসমূহৰ কথা পাহৰি যোৱাটো স্বাভাৱিক৷ যেতিয়া নিজৰ লোকৰ, নিজৰ অঙহী-বঙহীৰ মংগল কৰাটো প্ৰাথমিক কাৰ্য হৈ পৰে তেতিয়া জনসাধাৰণৰ কল্যাণৰ চিন্তা সমাপ্ত হৈ পৰে৷ দুৰ্ভাগ্যবশতঃ আমেঠীৰ লোকৰ সৈতে এয়াই কৰা হৈছে৷

মই এটা টিভি ৰিপ’ৰ্ট চাই আছিলো৷ তাতে ইয়াৰে এটা দলিত লোকৰ বস্তি দেখুওৱা হৈছিল৷ তাত কোৱা হৈছিল যে ২০০৮ চনত দলিতক যি ঘৰ দিয়া হৈছিল, সেয়া দহ বছৰৰ ভিতৰতে ভাঙি পৰাৰ স্থিতি হৈছে৷ সেই বস্তিসমূহৰ জনতাই কৈছে যে সাংসদসকলে বস্তিসমূহক নিজৰ নাম দিছে কিন্তু তাৰ পিছত সেই বিষয়ে পাহৰি গৈছে৷

বন্ধুসকল, আমেঠঈৰ জনতাৰ সৈতে কেনে ব্যৱহাৰ কৰা হৈছে সেইবিষয়ে আপোনালোকে জানে৷ আৰু আজি এয়াও প্ৰত্যক্ষ কৰিছে যে আমাৰ চৰকাৰে ইয়াত কিদৰে বিকাশৰ কাৰ্য কৰিছে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমেঠীত এনেকুৱা ৯ হাজাৰতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে৷ উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছৰ সংযোগ, সৌভাগ্য যোজনাৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ, শৌচালয়ৰ নিৰ্মাণ কৰি জনতাৰ জীৱন সৰল কৰাৰ প্ৰয়াস কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, ভোট লৈ জনতাক পাহৰি যোৱাটো কিছুমান পৰিয়ালৰ প্ৰবৃত্তি৷ তেওঁলোকে দুখীয়াক দুখীয়া কৰি ৰাখিব বিচাৰে যাতে প্ৰজন্ম ধৰি দৰিদ্ৰতা নিৰ্মূলৰ ধ্বনি দিব পাৰে৷ আমি দুখীয়াক সৱলীকৰণ কৰি তেওঁলোকক ইমান শক্তি প্ৰদান কৰিছো যে আজি তেওঁলোক দৰিদ্ৰতাৰ পৰা দ্ৰুতভাৱে মুক্ত হ’ব পাৰিছে৷ এই কাৰণতেই আজি ভাৰতক সেইসমূহ দেশৰ সৈতে গণনা কৰা হয় য’ত অতি সোনকালে দৰিদ্ৰতা নোহোৱা হ’ব ধৰিছে৷ দুখীয়াসকলৰ প্ৰতি, তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি সংবেদনশীলতা কিছুমান লোকে প্ৰদৰ্শন কৰিব নোৱাৰে৷

বন্ধুসকল, দুখীয়া সৈতে যি কৰা হৈছে সেয়া দেশৰ কৃষকসকলৰ সৈতেও কৰা হ’ল৷ এই লোকসকলে কেতিয়াও কৃষকৰ সৱলীকৰণ কৰাৰ কথা নাভাবিলে৷ তেওঁলোকৰ সৰু-বৰ সমস্যাসমূহ আওকাণ কৰিলে৷ যেতিয়া কৃষকসকল তেওঁলোকৰ যোজনাসমূহৰ দ্বাৰা বিভ্ৰান্ত হৈছিল তেতিয়াই তেওঁলোকে ঋণ ৰেহাইৰ ভ্ৰমত আৱদ্ধ কৰি দিছিল৷ যোৱাবাৰ ২০০৮ চনত এওঁলোকে ৫২ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই প্ৰদান কৰিছিল কিন্তু সেইসময়ত দেশৰ কৃষকসকলৰ মূৰত ৬ লাখ কোটি টকাৰ ঋণ বাকী আছিল৷

এয়াই নহয়, যিমান ঋণ ৰেহাই দিয়া হ’ল তাৰো লাভ দেশৰ তিনি –চাৰি কোটি অৰ্থাৎ আপোনালোকৰ গাঁৱত যদি ১০০জন কৃষক আছে তেন্তে মাত্ৰ ২০ অথবা ২৫ জনেহে সেই লাভ আদায় কৰিলে৷ বাকী ঋণ ৰেহাইৰ লাভ তেওঁলোকৰ স্বজন-তোষণ, মধ্যভোগীৰ মাজতেই শেষ হ’ল৷ আমাৰ চৰকাৰে যি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা প্ৰণয়ন কৰিলে তাৰ লাভ দেশৰ ১২ কোটি কৃষকে পোৱাটো সুনিশ্চিত হৈছে৷ কিছুদিন পূৰ্বে কোটি কোটি কৃষকে তেওঁলোকৰ বেংক একাউণ্টাত দুহেজাৰ টকাৰ প্ৰথমটো কিস্তি লাভ কৰিছে৷ যিসকল কৃষকে এতিয়াও প্ৰথমটো কিস্তি পোৱা নাই, অতি সোনকালে তেওঁলোকেও এই ধন লাভ কৰিব৷

বন্ধুসকল, এই যোজনা ইমানেই বৃহৎ যে অনাগত দহ বছৰৰ ভিতৰত চাৰে সাত লাখ কোটি টকা পোনে পোনে কৃষকৰ একাউণ্টত সোমাব৷ চিন্তা কৰক, দেশৰ গাঁও, কৃষক, গ্ৰামীণ অৰ্থব্যৱস্থা ইয়াৰ দ্বাৰা কিদৰে সৱলীকৰণ হৈছে৷ ইয়াৰ দ্বাৰা আমেঠীৰো সহস্ৰাধিক কৃষকো উপকৃত হ’ব৷ সাৰ ক্ৰয়, বীজ ক্ৰয়, বিদ্যুতৰ বিল পৰিশোধ, কীটনাশক ক্ৰয় আদি কামসমূহ এই ধনৰ দ্বাৰা কৰিব পৰা হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, কৃষকেই হওক, জোৱানেই হওক অথবা আমাৰ দেশৰ তৰুণ প্ৰজন্মই হওক, আপোনালোকৰ এই প্ৰধান সেৱকে আজি কাম কৰিব পৰাৰ মূল কাৰণ হ’ল আপোনালোকৰ শক্তি, আপোনালোকৰ আশীৰ্বাদ৷ আপোনালোকৰ এই উৎসাহ প্ৰত্যক্ষ কৰি মই ক’ব পাৰো যে আমেঠী আৰু আমেঠীৰ লোকসকলে নতুন ইতিহাস ৰচনা কৰিবলৈ ওলাইছে৷ এনেকুৱা এক ইতিহাস যাৰ ধ্বনি সমগ্ৰ দেশতে শুনিবলৈ পোৱা যাব৷

বন্ধুসকল, মই আমেঠীৰ বিকাশৰ বাবে অনেক কাম কৰা স্মৃতিজীক বিশেষ ধন্যবাদ প্ৰদান কৰিছো৷ লগতে মই পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন মহোদয় যাৰ বাৰ্তা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলাজীয়ে পাঠ কৰিলে; তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছও আৰু বিশ্বই ভাৰতৰ নাৰী শক্তি কি এতিয়া এয়া ভালদৰে অৱগত হ’ল৷ যি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নাৰী হয় তেওঁ বিশ্বক প্ৰদৰ্শিত কৰিলে যে দেশৰ ৰক্ষাৰ বাবে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব লাগে৷

বন্ধুসকল, পুনৰবাৰ আমেঠীৰ পৰা ইমান বৃহৎ মাত্ৰাত মই এই বিৰাট জনসাগৰ প্ৰত্যক্ষ কৰিছো৷ আপোনালোকে আমাক আশীৰ্বাদ দিয়াৰ বাবে আহিছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ মোৰ সৈতে কওক-

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

AKT/ VJ/NS/MANN



(Release ID: 1569312) Visitor Counter : 58


Read this release in: English , Marathi , Tamil