প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 08 MAR 2019 12:00PM by PIB Guwahati

বাবা বিশ্বনাথ, মা অন্নপূৰ্ণা, মা গংগাৰ জয়৷ হৰ হৰ মহাদেৱ৷

এয়া মোৰ সৌভাগ্য যে আজি কাশী বিশ্বনাথ ধামলৈ যিবোৰ সপোন দীৰ্ঘদিন ধৰি মনত পুহি ৰাখিছিলো, যেতিয়া মই ৰাজনীতিত নাছিলো, তেতিয়াও ইয়ালৈ আহিছিলো, বহুবাৰ আহিছিলো, কিন্তু তেতিয়াও চিন্তা কৰিছিলো যে ইয়াত কিবা এটা কৰা উচিত, কিবা এটা হোৱা উচিত৷ কিন্তু নাজানো ভোলে বাবাই কি নিশ্চিত কৰিছিল, বোলে বেটা কথা বহুত কোৱা, আহা, ইয়াত কিবা কৰি দেখুওৱা৷ আৰু বোধহয় ভোলে বাবাৰ আদেশ বুলিয়েই কওক, আশীৰ্বাদ বুলিয়েই কওক, আজি সেই সপোন বাস্তৱায়িত হোৱাৰ শুভাৰম্ভ হৈছে৷ এই কাশী বিশ্বনাথ ধাম এক প্ৰকাৰে ভোলে বাবাৰ মুক্তিৰ পৰ্ব৷ এনেদৰে আৱৰি আছিল আমাৰ বাবা, চাৰিওফালৰ পৰা দেৱালেৰে আৱৰা আছিল৷ কিমান শতিকাজুৰি তেওঁ উশাহ-নিশাহ ভালদৰে ল’ব পৰা নাছিল৷ এতিয়া প্ৰথমবাৰলৈ ওচৰ-পাজৰে বহু অট্টালিকা অধিগ্ৰহণ কৰা হৈছে৷ ভোলে বাবাই মুক্তিতো পাবই, কিন্তু ভোলে বাবাৰ ভক্তসকলে বিশাল অনুভূতি লাভ কৰিব৷

মই সৰ্বপ্ৰথমে, চৰকাৰী আমোলাতো মই বহু দেখিছো কিয়নো বহু বছৰলৈ মই মুখ্যমন্ত্ৰী হৈ আছিলো৷ আৰু যেতিয়া চৰকাৰে কোনো কাম কৰিবলৈ দিয়ে তেতিয়া চৰকাৰৰ আমোলাই সেয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়াসো কৰে৷ কিন্তু মই আজি গৰ্বেৰে ক’ম যে যোগীজীয়ে ইয়াত যিসকল আমোলাৰ দল নিযুক্ত কৰিছে তেওঁলোকে ভক্তিভাৱেৰে, সেৱা মনোভাৱেৰে ইয়াৰ সৈতে জড়িত হৈ পৰিছে৷ দিনে-ৰাতিয়ে ইয়াক সম্পূৰ্ণ কৰাৰ বাবে, কিয়নো ইমান সম্পত্তি অধিগ্ৰহণ কৰা, সকলোকে বুজোৱা, সকলোকে লগত লোৱা, জনতাক বুজোৱা, বিৰোধী আৰু মিছা কথা প্ৰচাৰ কৰা লোকক বাধা দিয়া, তেওঁলোকৰ কথাৰ উত্তৰ দিয়া অতিশয় কঠিন কাম আছিল আৰু যিকোনো অৱস্থাতে এই প্ৰকল্পক ৰাজনীতিৰ সামান্যতমো আঁচোৰ পৰিব নিদিয়াকৈ ইয়াৰ কথা চিন্তা কৰাটো অতিশয় কঠিন কাম আছিল৷ এই সকলো কাম আমোলাৰ দলটোৱে কৰিছে৷ মই সৰ্বপ্ৰথমে, আজি এক উত্তম কাম আৰম্ভ হৈছে, তেওঁলোকক অনেক অভিনন্দন জ্ঞাপন কৰিছো, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো৷

মই এই পৰিসৰত যাৰ যাৰ ভৱন আছিল, যি ইয়াৰ মালিক আছিল, কিছুমান লোক ভাৰাত আছিল, মই তেওঁলোকক আহ্বান কৰিছিলো যে এয়া বাবাৰ কাম৷ যদি আপোনালোকে এই স্থান এৰিবলৈ সন্মত হয়, প্ৰায় ৩০০টা সম্পত্তি, ইমান কম সময়ত আৰু দুই-চাৰিজন লোকৰ বাধাৰ বাদে যিদৰে তেওঁলোকে সহযোগিতা আগবঢ়ালে, চৰকাৰৰ প্ৰতিটো কথাত বিশ্বাস কৰিলে আৰু নিজৰ বহুমূলীয়া স্থান এৰি বাবাৰ চৰণত সমৰ্পিত কৰিলে, বোধহয় মই ভাবোঁ যে এনেধৰণৰ বৃহৎ দান এই পৰিসৰৰ লোকে প্ৰথম কৰিছে৷ আৰু সেইবাবে মই ইয়াৰ সাংসদৰ ৰূপত তেওঁলোকক হৃদয়েৰে কৃতজ্ঞতা জনাইছো, অভিনন্দন জনাইছো কিয়নো তেওঁলোকে এই কামটোক নিজৰ বুলি ভাবি আমাক সহযোগ কৰিলে আৰু এই সপোন বাস্তৱায়িত হ’ল৷

কিমান শতিকাজুৰি এই স্থান শত্ৰুৰ দখলত আছিল৷ কিমানবাৰ ধ্বংস হৈছিল, কিমানবাৰ নিজৰ অস্তিত্ব অবিহনে জীয়াই আছিল, কিন্তু ইয়াৰ আস্থাই ইয়াক পুনৰ জনম প্ৰদান কৰিলে, পুনৰ্জীৱিত কৰিলে, পুনৰ চেতনা প্ৰদান কৰিলে৷ আৰু এই কাম শতিকাজুৰি চলি আহিছে৷ যেতিয়া মহাত্মা গান্ধী ইয়ালৈ আহিছিল তেতিয়া তেওঁৰ মনতো এক পীড়া আছিল যে ভোলে বাবাৰ স্থান এনেকুৱা কিয়? তেওঁও বিএইছইউত নিজৰ কথা উত্থাপন কৰাৰ সময়ত এই পীড়া ব্যক্তি কৰিছিল৷ সেই কথাও চাগে কিছুদিন পিছত এশ বছৰ পূৰ্ণ হ’ব৷

অহল্যা দেৱীয়ে বহু শতিকা পিছত এই স্থানৰ পুনৰুত্থানৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ প্ৰায় দুশ-আঢ়ৈশ বছৰ পূৰ্বে.. আৰু তাৰ পিছতহে এই স্থানে এটা আকাৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ অহল্যা বাইৰ বৃহৎ ভূমিকা পালন কৰিছিল, যদি আপুনি সোমনাথলৈ যায় তেন্তে সোমনাথতো অহল্যা দেৱীৰ ভূমিকা প্ৰত্যক্ষ কৰিবলৈ পাৰিব৷ শিৱ ভক্তিত লীন অহল্যা বাই ৰাজ্যৰ দায়িত্ব পালন কৰিও এই কাম সম্পূৰ্ণ কৰিছিল৷ কিন্তু তাৰো দুশ-আঢ়ৈশ বছৰ পাৰ হৈ গ’ল৷ মাজৰ সময়চোৱাত ভোলে বাবাৰ বিষয়ে কোনেও চিন্তা নকৰিলে৷ সকলোৱে কেৱল নিজৰ কথা চিন্তা কৰিলে৷ মই আচৰিত হৈছো যে যেতিয়া ইমানবোৰ ভৱন ভাঙিবলৈ আৰম্ভ কৰা হ’ল তেতিয়া গম পোৱা নাছিলো যে ৪০তকৈ অধিক মূল্যৱান মন্দিৰ এই ঘৰসমূহৰ তলত সোমাই আছিল৷ কিছুমানে ইয়াত পাকঘৰৰ কাম কৰিছিল, নাজানো আৰু কি কি কৰিছিল৷ ভালৰ বাবেই ভোলে বাবাই মোৰ অন্তৰত এক চেতনা জাগ্ৰত কৰিলো আৰু এই সপোন ৰচিত হ’ল আৰু এইবাবেই কেৱল ভোলে বাবাৰেই নহয়, প্ৰায় ৪০টা এনেকুৱা ঐতিহাসিক মন্দিৰ উদ্ধাৰ কৰা হ’ল৷ ইয়াৰ ধাৰা সমগ্ৰ ধামলৈ যেতিয়া বিশ্বৰ যাত্ৰীসকল আহিব তেতিয়া তেওঁলোক আচৰিত হ’ব যে কেনেকুৱা কাম আমাৰ কিছুমান লোকে কৰিছে৷ আৰু শাসন ব্যৱস্থাও ৭০ বছৰলৈ নিশ্চুপ হৈ আছিল৷ আজি সেই ৪০টা মন্দিৰৰ মুক্তিৰ লগ্ন সৃষ্টি হ’ল৷ আৰু মোক কোৱা হৈছে যে বোধহয় বহু দশকৰ পিছত ইয়াত ধুমধামেৰে শিৱৰাত্ৰি পালন কৰা হৈছে৷ ইমান মুক্ত পৰিসৰ আছিল, শিৱ ভক্তৰ ভিৰ হৈছিল, সহস্ৰাধিক লোকে ম’বাইলেৰে ছেলফি গ্ৰহণ কৰিছিল৷ আপোনালোকে ছ’চিয়েল মিডিয়াত চাব পাৰে৷ এটা সপোন আছিল আৰু আপোনালোকে দেখিছে, ইয়াত যি মডেল স্থাপন কৰা হৈছে, এই ফিল্মত যি আপোনালোকে দেখিছে, এতিয়া মা গংগাৰ সৈতে ভোলে বাবাৰ প্ৰত্যক্ষ সম্পৰ্ক স্থাপন হৈছে৷ গংগাৰ পৰা আহি আমি পোনে পোনে ভোলে বাবাৰ চৰণত শিৰ দোৱাব পাৰো৷

এই কাশী বিশ্বনাথ মহাদেৱ এয়া ভোলে বাবাৰ স্থআন, কোটি কোটি দেশবাসীৰ আস্থাৰ স্থান৷ জনতাই কাশীলৈ আহে, ইয়াৰ প্ৰধান কাৰণ হ’ল বিশ্বনাথ মহাদেৱৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা৷ সেই আস্থাৰ সৱলীকৰণ হ’ব, আমাৰ মন্দিৰৰ ৰক্ষা কিদৰে হ’ব, ব্যৱস্থা কিদৰে হ’ব, তাৰে এক মডেল প্ৰস্তুত হ’ব৷ পুৰাত্তত্বীয় সামগ্ৰীসমূহ ৰক্ষা কৰি, তাৰে আত্মাক একেই ৰাখি কিদৰে আধুনিকতাৰ স্পৰ্শ দিব পাৰি, ব্যৱস্থাসমূহ কিদৰে আধুনিক কৰিব পাৰি ইয়াৰ এক অতিশয় সুন্দৰ মিলন এই পৰিসৰৰ নিৰ্মাণ কাৰ্যত প্ৰদৰ্শিত হৈছে৷ এয়া কাশী বিশ্বনাথ ধাম কাশী বিশ্বনাথ মন্দিৰৰ নিকটৱৰ্তী অঞ্চলৰ পৰিসৰৰ ৰূপত নিৰ্মাণ কৰা হ’ব আৰু গংগা মাৰ ওচৰলৈ এই পৰিসৰে আমাক লৈ যাব৷ এই ধামে আমাক মা গংগাৰ সৈতে জড়িত কৰিব৷ ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বত কাশীৰ এক নতুন পৰিচয় স্থাপন হ’ব৷ দুশ, আঢ়ৈশ বছৰৰ পিছত বোধহয় পৰমাত্মাই মোৰ ভাগ্যতেই লিখিছিল এই কাৰ্যৰ বাবে আৰু সেইবাবে যেতিয়া মই ২০১৪ চনত জয়ী হৈছিলো তেতিয়াই মোৰ অন্তৰৰ পৰা এক ধ্বনি নিৰ্গত হৈছিল…মই নিজে অহা নাই, মোক অনা হৈছে৷ আজি মোৰ এনেকুৱা লাগিছে যে যি আমন্ত্ৰণ মই পাইছিলো সেয়া এই কামৰ বাবেই আছিল আৰু এই কাম সম্পূৰ্ণ কৰাৰ সংকল্প পুনৰবাৰ প্ৰবল হৈ উঠিছে, বহু শক্তিশালী হৈ উঠিছে আৰু এয়া কেৱল কাশীবাসীৰ জীৱনৰ সৈতেই জড়িত নহয়, দেশবাসীৰ সৈতেও জড়িত৷ মইতো বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ক এই আহ্বান কৰিম যে এই সমগ্ৰ কাশী বিশ্বনাথ ধামৰ নিৰ্মাণৰ যি ধাৰণা আছে সেয়া কিদৰে আগবঢ়োৱা হ’ল, সম্পত্তি কিদৰে অধিগ্ৰহণ কৰা হ’ল, জনতাই কিদৰে সহযোগ কৰিলে, সেয়া এক পৰীক্ষণ অধ্যয়নৰ ৰূপত বিশ্ববিদ্যালয়ত কাম কৰা উচিত৷ আৰু এফালে ধামৰ নিৰ্মাণ হওক আৰু কাশী বিশ্ব হিন্দু বিশ্ববিদ্যালয়ে আমাৰ এই গৱেষণাৰ কামো চলাই নিয়ক যাতে যেতিয়া এই কাম সম্পূৰ্ণ হ’ব তেতিয়া এনেকুৱা এক ভলিউম বিশ্বৰ সন্মুখত প্ৰস্তুত হ’ব যে এটা পৰিসৰ কিদৰে নিৰ্মাণ হ’ল, ধামৰ নিৰ্মাণ কিদৰে হ’ল, কেনেকুৱা ধৰণৰ লোক ইয়াত অন্তৰ্ভুক্ত হ’ল আৰু ইয়াৰ পৰা এক সুন্দৰ তথ্য সৃষ্টি হ’ব পাৰে৷ শাস্ত্ৰৰ যি যি কথা ধ্যান দিয়া হ’ল, ইয়াত ৰতিৰ সমানো আপোচ কৰা হোৱা নাই৷ শাস্ত্ৰৰ যি বন্ধন সেয়া পালন কৰি ইয়াক নিৰ্মাণ কৰা হৈছে যাতে আস্থাৰ ওপৰত আঁচোৰ নপৰে৷

আজি এই কাশী বিশ্বনাথ ধাম স্বয়ং কাশীৰ নৱচেতনাৰ ৰূপত উজ্বীৱিত হৈ উঠিব, সামাজিক চেতনাৰ কেন্দ্ৰ হৈ উঠিব৷ এই আস্থা যেতিয়া সামাজিক চেতনাৰ কেন্দ্ৰ হৈ উঠে, তেতিয়া সামাজিক পৰিৱৰ্তনৰ অৱকাশ সৃষ্টি হয় আৰু এনে পৱিত্ৰ কাম আজি এই ধৰণীৰ পৰা হ’ব ধৰিছে৷ মই পুনৰবাৰ যোগীজীৰ চৰকাৰক, কিয়নো আৰম্ভণিতে মোৰ তিনি বছৰত যদি ৰাজ্য চৰকাৰৰ পৰা সহযোগ পালোহেঁতেন তেন্তে বোধহয় আজি এই কামৰ উদঘাটন কৰিলো হয়৷ কিন্তু প্ৰথম তিনি বছৰত অসহযোগিতাৰ এক প্ৰকাৰৰ বাতাৱৰণৰ সৃষ্টি হৈছিল আৰু সেইবাবে মই কাম কৰিব পৰা নাছিলো৷ আপোনালোকে যেতিয়াৰে পৰা যোগীজীক উত্তৰ প্ৰদেশ দায়িত্ব প্ৰদান কৰিছে তেতিয়াৰে পৰা কাশীতো কাম কৰাৰ সুবিধা হৈছে আৰু সেই সুবিধাসমূহ পূৰণ কৰাৰ অৱকাশ লাভ কৰিছো৷ মোৰ বিশ্বাস যে কাশীবাসীৰ আশা-আকাংক্ষা আমি পূৰণ কৰিব পাৰিম আৰু এই যি ৪০টা মন্দিৰ উদ্ধাৰ হৈছে সেয়াও ভালধৰণে চম্ভালিব পাৰিম৷ সেই মন্দিৰৰ মহত্ব বৃদ্ধিৰ ব্যৱস্থা কৰিব পাৰিম৷ যিবোৰ পূৰাত্তত্ব সামগ্ৰী উদ্ধাৰ হৈছে সেয়া বিএইছইউয়ে কিমান বৰ্ষ পুৰণি, কিমান দশক, কিমান শতিকা পুৰণি, কেতিয়া নিৰ্মাণ হৈছিল সেয়া সন্ধান কৰক৷ মই পুনৰবাৰ মা বাবাৰ ধামত, মা বাবাৰ চৰণত নিজৰ শিৰ দোৱাই কাশীবাসীৰ আশীৰ্বাদৰ সৈতে এই পৱিত্ৰ কাৰ্যৰ আজিৰে পৰা আৰম্ভ কৰিছো৷ মোৰ সৈতে কওক-

হৰ হৰ মহাদেৱ…!         

*****

AKT/ VJ/ TK/MANN



(Release ID: 1569308) Visitor Counter : 58


Read this release in: English , Hindi , Tamil