প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰপ্ৰদেশৰ নয়দাত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
09 MAR 2019 9:00PM by PIB Guwahati
মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে তিনি বাৰ ভাৰত মাতা কী জয় ধ্বনি দিম৷ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এই যে আপোনালোকে দুয়োটা হাত দাঙি, মুঠি মাৰি সৰ্বশক্তিৰে জয়ধ্বনি দিব, যাতে সীমাত আমাৰ যিসকল জোৱানে কৰ্তব্য পালন কৰি আছে, তেওঁলোকে ভাৱে যে নয়দা তেওঁলোকৰ লগত আছে, হিন্দুস্থান তেওঁলোকৰ লগত আছে৷
মই তিনিবাৰ জয়ধ্বনি দিম
পৰাক্ৰমী ভাৰতৰ বাবে
ভাৰত মাতা কী-জয়
ভাৰত মাতা কী-জয়
বিজয়ী ভাৰতৰ বাবে
ভাৰত মাতা কী-জয়
বীৰ জোৱানসকলৰ বাবে
ভাৰত মাতা কী-জয়
উত্তৰপ্ৰদেশৰ যশস্বী তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, মোৰ মন্ত্ৰীসভাৰত সহযোগী শ্ৰীমান মহেশ শৰ্মাজী আৰু এই কাৰ্যসূচীত বিহাৰৰ বক্সাৰৰ পৰা সংযোগ হোৱা লোকসকল আৰু বক্সাৰত আমাৰ শক্তি মন্ত্ৰী শ্ৰীমান আৰ. কে. সিংজী বক্সাৰত উপস্থিত আমাৰ মন্ত্ৰী শ্ৰীমান অশ্বিনী ছৌবেজী, বিধায়ক তেজপাল নাগৰজী, বিধায়ক পংকজ সিংজী, ভগ্নী বিমলা ছোলাংকীজী, বীৰেন্দ্ৰ সিংজী, বিজেন্দ্ৰ সিংজী আৰু বিশাল সংখ্যাত উপস্থিত প্ৰাণোচ্চল ভাই-ভনীসকল৷ আপোনালোকৰ উৎসাহ, মৰম দেখি আনন্দিত হৈছো৷ নয়দাত মোৰ মৰমৰ ভাই-ভনীসকলে মোদী-মোদী কৰি আছে আৰু ইফালে একাংশ লোক শান্তিত থাকিব নোৱাৰা হৈছে৷
বন্ধুসকল, এনেকুৱা কিছুমান দিন আছিল, চৰকাৰী ধন আত্মসাৎ কৰ্তৃপক্ষ আৰু নিবিদাত নতুন নতুন খেল আৰু ভূমি আবণ্টনত হোৱা দুৰ্নীতি আছিল নয়দা, গ্ৰেটাৰ নয়দাৰ পৰিচয়৷ নয়দাৰ কথা ওলালেই এইবোৰ কথা প্ৰথম আহিছিল৷ মই এনেদৰে কোৱাৰ বাবে বেয়া নাপাব৷ কিন্তু এতিয়া বিকাশ আৰু আঁচনি, সংস্থাপনৰ নতুন সূযোগ হৈছে নয়দা, গ্ৰেটাৰ নয়দাৰ পৰিচয়৷ মোৰ দেশ, মোৰ উত্তৰপ্ৰদেশ প্ৰকৃতাৰ্থত পৰিৱৰ্তন হৈছে৷
ভাই-ভনীসকল, নয়দা বৰ্তমান মেক ইন ইণ্ডিয়াৰ বৃহৎ কেন্দ্ৰ হিচাপে বিকশিত হৈছে৷ আজি ভাৰত ম’বাইল নিৰ্মাণ কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে, তাত নয়দাৰ বৃহৎ ভূমিকা আছে৷ ২০১৪ চনৰ পূৰ্বে ম’বাইল ফোন নিৰ্মাণ কৰা কেৱল দুটা কাৰখানা আছিল আৰু এতিয়া প্ৰায় ১২৫টা কাৰখানাত ম’বাইল নিৰ্মাণ কৰি থকা হৈছে৷ ক’ত দুটা আৰু ১২৫টা, ইাৰে সৰ্বাধিক কাৰখানা নয়দাত আছে৷ ম’বাইলৰ উপৰি, টিভি, ফ্ৰীজৰ দৰে অন্যান্য ইলেক্ট্ৰনিকছ সামগ্ৰীৰো বহুত কোম্পানী ইয়াত আছে৷ এই আটাইবোৰে লাখ লাখ যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ সূযোগ সৃষ্টি কৰিছে৷
বন্ধুসকল, আজি মই নয়দাত আপোনালোকৰ জীৱন সহজ কৰা এলানি প্ৰকল্প উচৰ্গা কৰিবৰ বাবে ইয়ালৈ আহিছো৷ ইয়াৰ সমান্তৰালভাৱে পশ্চিম উত্তৰপ্ৰদেশ আৰু বিহাৰক আলোকিত কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পৰো কিছু সময়ৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা হয়৷ নয়দা চিটী চেণ্টাৰৰ পৰা নয়দা ইলেক্ট্ৰনিক চেণ্টাৰলৈ চলিবলগীয়া মেট্ৰ’ ৰে’লৰ বাবে ইয়াৰ বাসিন্দাসকলক বহুত বহুত অভিনন্দন জনাইছো৷
বন্ধুসকল, ইয়াৰ যাতায়াতৰ সংস্কাৰ সাধনৰ বাবে জেবৰত দেশৰ বৃহত্তম বিমানবন্দৰ নিৰ্মাণৰ কাম-কাজ দ্ৰুতগতিত চলি আছে৷ ইয়াৰ দ্বাৰা দিল্লীলৈ নোযোৱাকৈ অন্যান্য চহৰলৈ বিমান যাত্ৰা সুচল হৈ পৰিব৷ মোৰ বিশ্বাস জেবৰ বিমানবন্দৰে পশ্চিম উত্তৰপ্ৰদেশৰ বাবে এক সোণালী সূযোগ আনিব৷ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে কেইসপ্তাহমানৰ ভিতৰতে ‘উড়ান’ আঁচনিৰ অধীনত বেৰেইলীৰ পৰাও বিমানৰ উৰণ আৰম্ভ হ’ব৷ ইয়াৰ বাবে টাৰ্মিনেল ভৱন তথা অন্যান্য কাম-কাদো সম্পূৰ্ণ কৰা হৈছে৷
বন্ধুসকল, দেশৰ সাধাৰণ নাগৰিকসকলেও উৰক-এই লক্ষ্যৰে আৰম্ভ কৰা ‘উড়ান’ আঁচনিৰ অধীনত বৰ্তমানলৈকে ১২০টা পথ আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে দেশৰ বহুতো ২টায়াৰ আৰু ৩টায়াৰ চহৰেও প্ৰথমবাৰলৈ বিমান সংযোগ কৰা হৈছে৷ ইয়াৰ দ্বাৰা এই চহৰসমূহৰ অৰ্থনীতিৰ উত্থান হৈছে৷
বন্ধুসকল, উদ্যোগৰ বিকাশৰ বাবে বিদ্যুতৰ আধূনিক আন্তঃগাঁথনিৰ বহুত প্ৰয়োজন৷ ইয়াত আজি দুটা বৃহৎ শক্তিপ্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ এটা উত্তৰপ্ৰদেশৰ বুলন্দচহৰৰ খুৰ্জাত আৰু আনটো বিহাৰৰ বক্সাৰত স্থাপন কৰা হৈছে৷ খুৰ্জাত ১২,০০০ কোটিতকৈ অধিক আৰু বক্সাৰৰ তাপবিদ্যুৎ প্ৰকল্পত ১০,০০০ কোটি টকা ব্যয় কৰা হ’ব৷ বক্সাৰত ভিডিঅ’ কনফাৰেন্সত দেখা মতে যথেষ্ট লোকৰ সমাগম হৈছে৷ মই দূৰৈৰ পৰাই তেওঁলোকৰ প্ৰণাম জনোৱাৰ লগতে এই শুভ মুহূৰ্ত উপলক্ষে অভিনন্দন জনাইছো৷ বক্সাৰত নিৰ্মাণ কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্প ২০১৫ত ঘোষণা কৰা প্ৰধানমন্ত্ৰী পেকেজ আৰু পূ্ব ভাৰতক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলা ভিজনৰ অংশ৷
ভাই-ভনীসকল, এই দুয়োটা প্ৰকল্প সম্পূৰ্ণ হ’লে উত্তৰপ্ৰদেশ আৰু বিহাৰে অধিক বিদ্যুৎ লাভ কৰিব৷ খুৰ্জাৰ প্ৰকল্পৰ পৰা উত্তৰপ্ৰদেশৰ লগতে দিল্লী, উত্তৰাখণ্ড, ৰাজস্থান আৰু হিমাচলপ্ৰদেশেও বিদ্যুৎ লাভ কৰিব৷ সেইদৰে বক্সাৰ প্ৰকল্পৰ পৰা বিহাৰকে ধৰি পূব ভাৰতত বিদ্যুৎ যোগান ধৰা হ’ব৷ ইয়াৰ দ্বাৰা ৰাজ্যসমূহৰ লগতে উদ্যোগসমূহৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পুৰন কৰিব পৰা যাব৷
বন্ধুসকল, আমাৰ চৰকাৰে একবিংশ শতিকাৰ দেশৰ শক্তি প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ক্ষেত্ৰত কাম কৰিছে৷ আগতে চৰকাৰে ইয়াক অগ্ৰাধিকাৰ দিয়া নাছিল৷ দেশত শক্তি খণ্ড আৰু শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত কি দৃষ্টি দিয়া হৈছে, ইয়াৰ এক উদাহৰণ কালি কানপুৰ মই দেখিবলৈ পালো৷
ইয়াৰ থকা পঢ়া-শুনা কৰা যুৱপ্ৰজন্মই বুজি পাইছে যে কালি কানপুৰত পনকী শক্তি প্ৰকল্পৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছ৷ কিন্ত এই কথা জানি আপোনালোক আচৰিত হ’ব যে পনকী প্ৰকল্পত ৪০-৫০ বছৰৰ পুৰণি মেচিনেৰে কাম কৰি আছিল৷ মেচিনবোৰে ফোঁপাবলৈ ধৰিছে, কংগ্ৰেছ যেনেকুৱা অৱস্থা মেচিনৰো একেই৷ ইয়াৰ ফলত তাত প্ৰস্তুত হোৱা বিদ্যুতৰ প্ৰতি ইউনিটৰ দাম ১০ টকা হৈছিল৷ আজি আমি সৌৰ শক্তিৰ প্ৰতি ইউনিটত ২-৩টকা কৰিছো৷ তেনে অৱস্থাত ১০টকা প্ৰতি ইউনিট বিদ্যুৎ উৎপাদন কৰি কাৰ লাভ হৈছে৷
বন্ধুসকল, পূৰ্বৰ চৰকাৰৰ এই মনোভাৱে দেশৰ শক্তি খণ্ডৰ সৰ্বনাশ কৰিছিল৷ দেশৰ সেই দিনবোৰৰ কথা কোনেও নাপাহৰে, যেতিয়া টিভি ব্ৰেকিং নিউজ আহিছিল যে শক্তি প্ৰকল্পৰ বাবে এক-দুই দিনৰহে কলয়া আছে৷ শক্তি প্ৰকল্পসমূহৰ অব্যৱস্থাৰ আন এক সমস্যা আছিল যেতিয়া গ্ৰিড বেয়া হৈ গৈছিল, তেতিয়া সম্পূৰ্ণ ৰাজ্য অন্ধকাৰত ডুব গৈছিল, ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জাবোধ কৰিব লগাত পৰিছিল৷ দেশৰ শক্তি খণ্ডৰ সংস্কাৰৰ বাবে আমমাৰ চৰকাৰে নতুন দৃষ্টিভংগীৰে, নতুন নীতিৰে কাম কৰিছে৷ আমি চাৰিটা দিশৰ ওপৰত গুৰুত্ব দিছিলো, সেয়া হৈছে-উৎপাদন, ট্ৰেন্সমিচন, বিতৰণ আৰু সংযোগ৷ যদি বিদ্যুতৰ উৎপাদন নহয়, তেতিয়া ট্ৰেন্সমিচন-বিতৰণ ব্যৱস্থাও শক্তিশালী নহ’ব আৰু সংযোগ কথা যিমান ক’লেও ঘৰে-ঘৰে বিজুলী নাপায়৷
সেয়েহে ২০১৪ত চৰকাৰ গঠন কৰাৰ পাছত আমি সৰ্বপ্ৰথমে বিদ্যুতৰ উৎপাদন বৃদ্ধিত জোৰ দিলো৷ সৌৰ শক্তি, জলবিদ্যুৎ প্ৰকল্প, কয়লা শক্তি আৰু আণৱিক শক্তিকে ধৰি সকলোৰে উৎপাদনৰ দিশত কাম আৰম্ভ কৰিলো৷ যি কয়লাৰ আবণ্টনক লৈ দেশ কোটি কোটি টকাৰ কেলেংকাৰী হৈছিল, সেই কয়লাক নিবিদা প্ৰক্ৰিয়াৰে আমাৰ চৰকাৰে দেশক পাৰদৰ্শী আৰু আধূনিক ব্যৱস্থা প্ৰদান কৰিলে৷ ভাৰতৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ চনৰ ভিতৰত ১৭৫ জিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ এই লক্ষ্যত আগুৱাই গৈ বৰ্তমানলৈকে ৭৫ জিগাৱাট নবীকৰণযোগ্য শক্তি আহৰণ কৰা হৈছে৷
বন্ধুসকল, চৰকাৰে বিদ্যুকৰ ট্ৰেন্সমিচন ক্ষেত্ৰতো বিনিয়োগ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে৷ ফলত ট্ৰেন্সমিচন নেটৱৰ্ক দ্ৰুতগতিত বৃদ্ধি হৈছে৷ ইয়াৰ জৰিয়তে কেৱল এতিয়া দেশে সুৰক্ষিত আৰু সন্তুলিত গ্ৰিড় লাভ কৰা নাই, বৰঞ্চ আমি এক ৰাষ্ট্ৰ, এক গ্ৰিডৰ সপোনো বাস্তৱ ৰূপ দিলো৷ ভাই-ভনীসকল, আমি কেতিয়াও সৰু সপোন নেদেখো৷ আমি-এক বিশ্ব, এক সূৰ্য, এক গ্ৰিডৰ সপোন দেখিছো৷ আৰু কেতিয়াবা নিশ্চয় এই সপোন বাস্তৱ হ’ব৷
বন্ধুসকল, মই এক পৰিসংখ্যাৰ কথা ক’বলৈ ওলাইছো৷ আপোনালোকে মনত ৰাখিব৷ এইখিনি মনত ৰাখিলেও আগলৈ একো ভাবিব লগা নহয়৷ চাওক, ১৯৫০ৰ পৰা ২০১৪লৈ প্ৰায় ৬৫ বছৰত দেশত প্ৰায় ২.৫০ লাখ মেগাৱাট শক্তিৰ বিকশিত হৈছিল৷ কিন্ত যেতিয়াৰে পৰা আপোনালোকে মোক ইয়াত বহুৱালে, আপোনালোক শুনি আচৰিত হ’ব ৫ বছৰ সম্পূৰ্ণ নহওঁতেই আমাৰ চৰকাৰে এক লাখ মেগাৱাটতকৈ অধিক শক্তি সক্ষমতা আহৰণ কৰিছে৷ ৬৫ বছৰত ২.৫ লাখ আৰু ৫ বছৰত এক লাখ৷ এতিয়া আপোনালোক ভাৱক- সেই পুৰণি এলেহুৱা লোকসকলে দেশ চলোৱা হ’লে ক’লৈ গ’লহেতেন, কিমান দশক লাগিলহেতেন৷ কিন্তু নতুন ভাৰত এতিয়া নতুন ভাৰত নতুন গতিৰে আগবাঢ়ি গৈছে৷
ভাই-ভনীসকল, বছৰৰ পাছত বছৰ শক্তি খণ্ডক অৱহেলা কৰি থকাৰ ফলত এই খণ্ডটোৰ বহুত শিথিল হৈ থাকিল৷ শক্তি বিতৰণৰ ফলত যিমান বিদ্যুৎ দেশত উৎপাদন হৈছিল, সিমান বিদ্যুৎ দেশবাসীয়ে লাভ কৰা নাছিল৷ এই দুৰ্বলতাক আমাৰ চৰকাৰে থিক কৰিবলৈ প্ৰয়াস কৰি ‘উদয় যোজনা’ৰ শুভাৰম্ভ কৰিলো৷ গাঁওসমূহত ‘দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা’ৰ আৰু নগৰাঞ্চলত সংহত শক্তি উন্নয়ন আঁচনি অৰ্থাৎ আইপিডি আঁচনি শুভাৰম্ভ কৰা হৈছে৷ চৰকাৰ প্ৰচেষ্টাত দেশত বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ সাধন হৈছে৷ ইয়াৰে ভিতৰত আমাৰ চৰকাৰৰ প্ৰতিখন গাঁৱত বিদ্যুৎ যোগানৰ লক্ষ্যত উপনীত হৈছে৷ ১৮হাজাৰতকৈ অধিক গাঁও, য’ত স্বাধীনতাৰ পাছতো অন্ধকাৰত ডুবি আছিল, সেইবোৰত আমি বিদ্যুতীকৰণ কৰিছো৷
সেইদৰে, ‘সৌভাগ্য যোজনা’ৰ অধীনত আমি প্ৰতিটো পৰিয়ালত বিদ্যুৎ সংযোগ প্ৰদানৰ অভিযান হাতত লৈছো৷ ইয়াৰ অধীনত বৰ্তমানলৈকে ২.৫ কোটি পৰিয়ালত বিনামুলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে৷ ২.৫ কোটি পৰিয়াল স্বাধীনতাৰ পাছতো অন্ধকাৰত ডুবি আছিল, তেওঁলোকক আমাৰ চৰকাৰে পোহৰাই তুলিছে৷
ভাই-ভনীসকল, ২.৫ কোটি পৰিয়ালক অন্ধকাৰৰ পৰা মুক্ত কৰাৰ কাম মোদীয়ে কৰা নাই৷ এয়া আপোনালোকে দিয়া ভোটৰ বাবে সম্ভৱ হ’ল৷ সেয়েহে, এই কাম আপোনালোকে কৰিছে৷
যদি আপোনালোক মোৰ সৈতে নাথাকিলেহেতেন দিল্লীত শক্তিশালী নহ’লহেতেন, দুখীয়াৰ কল্যান সাধন কৰা চৰকাৰ নহ’লহেতেন, পাঁছ বছৰ পাৰ হৈ যোৱাৰ পাছতো ২.৫ কোটি পৰিয়াল অন্ধকাৰতে ডুবি থাকিলহেতেন আৰু এই কথা কোনেও নুশুধিলেহেতেন৷ সেয়েহে, এই কৃতিত্ব মোদীৰ নহয়, ১২৫ কোটি ভাৰতীয়ৰ, এয়া আপোনালোকৰ কৃতিত্ব৷
শক্তি খণ্ডক শক্তিশালী কৰাৰ সমান্তৰালভাৱে চৰকাৰে বিদ্যুতৰ চাহিদা কম কৰা আধূনিক পদ্ধতিৰো আহৰণ কৰাতো জোৰ দিছে৷ এই আধূনিক পদ্ধতিয়ে কেৱল বিদ্যুতকে ৰাহি নকৰে, বিদ্যুতৰ বিলো হ্ৰাস কৰে৷ ২০১৪ত মই দায়িত্বভাৰত লোৱাৰ আগতে প্ৰতিটো এলইডি বাল্বৰ দাম ৩৫০ টকা আছিল৷ কিন্তু ২০১৪ চনৰ পাছত এতিয়া ৪০-৫০ টকাতে এলইডি বাল্ব উপলব্ধ হৈছে৷ প্ৰতি খোজতে দালালৰাজ থকাৰ বাবে এনে হৈছিল৷ কিন্তু মোদীয়ে দালালৰাজত বশীভূত কৰাৰ বাবে ৩০০-৩৫০ৰ ঠাইত এতিয়া ৪০-৫০ টকা হৈছে৷
মোক কওঁকছোন এই যে লুটি-পুতি খোৱা দোকানবোৰ বন্ধ কৰাৰ ফলত তেওঁলোকে মোক গালি দিয়াৰ লগতে মোক মাৰিবলৈ ষড়যন্ত্ৰ নকৰিব নে? সেইবোৰৰ পৰা মোক কোনে ৰক্ষা কৰিব? কিন্তু ১২৫ কোটি দেশবাসী যাৰ সৈতে আছে, তেওঁ এনেধৰণৰ দালালক কেতিয়াও ভয় নকৰে৷
বৰ্তমানলৈকে চৰকাৰ আৰু ব্যক্তিগত কোম্পানী মিলি দেশত প্ৰায় ১৫০ কোটি এলইডি বাল্ব বিতৰণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা বিদ্যুতৰ বিল দেশবাসীয়ে প্ৰায় ৫০ হাজাৰ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে৷ আপোনালোকে ভাবকছোন দেশৰ নাগৰিকসকলে প্ৰতি বছৰে ৫০ হাজাৰ কোটি টকাকৈ ৰাহি কৰাটো কিমান ডাঙৰ কাম, কেৱল দালালী বন্ধ কৰাৰ ফলতে এয়া হৈছে৷
ভাই-ভনীসকল, নয়দাত আজি এটা গুৰুত্বপূৰ্ণ কাম হৈছে৷ আমাৰ দেশৰ সমৃদ্ধ, সাংস্কৃতি ঐতিহ্য, আমাৰ সভ্যতা, আমাৰ দৰ্শনৰ গৱেষণাৰ সৈতে জড়িত দীনদয়াল উপাধ্যায় ইনষ্টিটিউট অৱ আৰ্কিঅ’ল’জিৰ এটা সুন্দৰ ভৱন ইয়াত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে৷ ২৫ একৰ ভূমিৰে পৰিৱেষ্টিত এই ভৱন ভাৰতৰ গৌৰৱময় অতীতৰ অনুকূল হৈছে৷ এতিয়া বিশ্বৰ বিভিন্ন স্থানৰ পৰা গৱেষক পণ্ডিত, শিক্ষাৰ্থীয়ে ইয়াৰ আধূনিক সুবিধাৰ লগতে ভাৰত সমৃদ্ধিশালী ঐতিহ্য, আমাৰ আধ্যাত্মকিতা, আমাৰ মন্দিৰ, আমাৰ গ্ৰন্থ, আমাৰ তীৰ্থ ক্ষেত্ৰ, আমাৰ শিল্প, আমাৰ কলা ইত্যাদি প্ৰতিটো ক্ষেত্ৰত অধ্যয়ন কৰিব পাৰিব৷
বন্ধুসকল, প্ৰত্নতত্ব হৈছে ভূগৰ্ভত সোমাই থকা ইতিহাসৰ পাতক তুলি ধৰা, শিলাখণ্ডৰ পৰা ইতিহাস ক্ষণক উলিওৱা, বৈজ্ঞানিক তথ্যৰ আধাৰত ইতিহাসৰ প্ৰকৃত সত্যক দাঙি ধৰা৷ আমাৰ গৌৰৱশালী দেশত, যিসকলে শ-শ বছৰীয়া পৰাধীনতাক প্ৰত্যক্ষ কৰিছিল, যিসকলে বহুবাৰ বহিৰাগত আক্ৰমণকাৰীৰ আক্ৰমণ দেখিছে, সেই আক্ৰমণত আমাৰ প্ৰাচীন ঐতিহ্য ধ্বংস হোৱা দেখিছে, সেই ক্ষেত্ৰত প্ৰত্নতত্বৰ ব্যাপক গুৰুত্ব আছে৷
আপোনালোকে জানে যে কালি মই বাৰাণসীত আছিলো৷ মই বিশ্বনাথ ধাম, কাশী বিশ্বনাথ ধামৰ সৈতে জড়িত নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিলো৷ বিশ্বনাথ ধামৰ নিৰ্মাণৰ বাবে ভোলে বাবাৰ মন্দিৰৰ সমীপত এনেকুৱা সৰু সৰু দোকান হৈছিল, আপোনালোকে কাশী বিশ্বনাথলৈ গৈছে যদি গম পাইছিল একেবাৰে সৰু সৰু গলিৰে যাব লাগে, গমেই পোৱা নাছিল তাৰ ভগৱানৰ কি অৱস্থা হৈছে৷ উশাহ ল’ব নোৱাৰা এটা অৱস্থা কৰি ৰাখিছিল৷ এতিয়া মোক তাৰ লোকসকলে সাংসদ পাতিলে, সেয়েহে ভাবিলো কিবা এটা কৰিব লাগিব, মই লাগি গ’লো৷
এতিয়া গৈ দেখি, ভোলে বাবাৰ আশে-পাশে থকা ৩০০ দোকান সকলো আমি আহৰণ কৰি সেইবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে৷ যেতিয়া ভাঙিবলৈ আৰম্ভ কৰিলে মই আচৰিত হ’লো৷ যেতিয়া ঘৰ ভাঙিছিল, তেতিয়া মন্দিৰ ওলাইছিল৷ লোকসকলে বেৰ বনাই মন্দিৰটোকে ঘৰ বনাইছিল, শোৱনী কোঠা বনাইছিল৷ সকলো বেৰ যেতিয়া ভাঙি দিলে আৰু ২০০-২৫০ বছৰ পুৰণি উত্তম প্ৰত্নতত্বৰ নমুনা, ৪০ মন্দিৰ ভিতৰত পোৱা গৈছিল৷
আপোনালোকে ভাৱকছোন, মই অহাৰ পূৰ্বে যিসকলে সাংস্কৃতিক মন্ত্ৰালয় চলাইছিল, প্ৰত্নতত্ব বিভাগ যিসকলে চলাইছিল, তেওঁলোক কিমান শুই আছিল, তাৰ এক উজ্বল নিদৰ্শন এয়া৷ যদি এটা শিলো ইফাল-সিফাল হয়, প্ৰত্নতত্বৰ লোক আহি আপোনাৰ ডিঙি চেপি ধৰিছিল৷ কিন্ত ভোলে বাবাৰ চৌহদত ৪০ মন্দিৰ দখল কৰি একাংশ লোক বহি আছিল৷ একাংশ ৪০-৫০ বছৰ ধৰি দখল কৰি আছিল৷ ৰাজনৈতিক নেতাসকলৰ আশীৰ্বাদ পাই আছিল৷ এই বেয়াখিনি আঁতৰ হ’ব লাগেনে নালাগে? যিসকলৰ সকলো গ’ল তেওঁলোকে কেতিয়া মোদীৰ জয় নিবিচাৰে, মোদীয়ে নিজৰ জয়ৰ বাবে নহয়, ভাৰত মাতা তথা হিন্দুস্থানৰ জয়ৰ বাবে কাম কৰে৷ এতিয়া এই মন্দিৰসমূহ সৰুক্ষিত, সেইবোৰ পুনৰুজ্জীৱিতও কৰা হৈছে৷ কিন্তু আপোনালোকে ইয়াক লৈ কি ৰাজনীতি কৰি আছে, তাকো দেখিছে৷
বন্ধুসকল, ৰাজনীতি কৰাসকল সেইসকল ব্যক্তি, যিসকলে দেশৰ প্ৰাচীন গৌৰৱ আৰু প্ৰত্নতত্বৰ সহায়ত পোহৰলৈ অহা তথ্যক অস্বীকাৰ কৰে৷ সেই সকল এনে লোক, যিসকলে নিজৰ স্বাৰ্থৰ বাবে এনে প্ৰাচীন সম্পত্তিৰ সুৰক্ষা আৰু নিয়ম-কানুনলৈকে ভয় নকৰে৷
আপোনালোকে এনে বহুত উদাহৰণ পাব, যেতিয়া পূৰ্বৰ চৰকাৰে নিজৰ সভাসদ, দালালক পুৰস্কাৰ হিচাপে প্ৰত্নতাত্বিক দিশৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ভৱনৰ কাষতে নিজৰ ঘৰ সাজিবলৈ আৰু নিজৰ ফাৰ্ম হাউচ খুলিবলৈ অনুমতি দিয়ে৷ দিল্লীতে এনে বহু গোচৰ আছে৷ সংবাদমাধ্যমৰ সতীৰ্থসকলে অলপ অনুসন্ধান চলালেই সকলো সত্য উদঘাটন হ’ব৷ আপোনালোকে দেখুৱাব, ছপাব পাৰে-নোৱাৰে সেইটো বেলেগ কথা৷ সেয়া আপোনালোকৰ মজবুৰি, কিন্তু অনুসন্ধানটো কৰা, বিষয়টো জনা৷ এয়া কোন সভাসদ, যাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷
বন্ধুসকল, পূৰ্বৰ চৰকাৰৰ এনে মনোভাৱ আছিল যে তেওঁলোকে প্ৰত্নতত্বৰ দৰে গম্ভীৰ বিষয় গুৰুত্বসহকাৰে ল’ব বুলি আশা কৰাটোও এক অপমান আছিল৷ মই আশা কৰো দীনদয়ালজীৰ দৃষ্টিভংগীৰে আগুৱাই গৈ এই সংস্থাটোৱে আমাক অতীতক বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে সংযোগ কৰাত বৃহৎ ভূমিকা পালন কৰিব৷ আপোনালোকৰ চৌহদত দেশৰ বিকাশৰ ক্ষেত্ৰত আৰ্থিক আৰু সামাজিক দৃষ্টি দিয়া দীনদয়াল উপাধ্যায়জীৰ প্ৰতি মোৰ পূণ্য কাম কৰাৰ সৌভাগ্য হ’ল৷
বন্ধুসকল, পূৰ্ব চৰকাৰ দিনত দেশৰ অৰ্ধসংখ্যক লোকৰ ওচৰত গেছ সংযোগ, বেংক একাউণ্ট, শৌচালয়েই নাছিল৷ এনে বহুত অসম্পূৰ্ণ আঁচনি লৈছিল৷ সেই বাবে আমাৰ সৈতে একেসময়তে স্বাধীন হোৱা দেশতকৈ আমি বহু পিছ পৰি থাকিলো৷
ভাই-ভনীসকল, ২০১৪ত এগৰাকী প্ৰধান সেৱক হিচাপে আপোনালোকৰ সেৱা কৰাৰ বাবে মোক যি সূযোগ দিলে, সেয়েহে মই ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰে আগুৱাই গৈছো৷
বন্ধুসকল, আমাৰ চৰকাৰে লেন-দেন সংস্কৃতিৰ ওপৰত সম্পূৰ্ণ কঠোক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আঁচনিসমূহ সম্পূৰ্ণ কৰি সাধাৰণ জনতাৰ হিতৰ বাবে প্ৰস্তুত কৰিছে৷ সেইবাৰে আজি প্ৰতিগৰাকী ভ্ৰষ্টাচাৰীয়ে মোদীক সহ্য কৰিব নোৱাৰি এই চকীদাৰক গালি পৰাৰ প্ৰতিযোগিতা চলাইছে৷ তেওঁলোকে পুৱাই সিদ্ধান্ত লয়, যদি তুমি ১৫টা গালি দিবা, মই ১৬টা গালি দিম৷ তেওঁলোকে ভাবে গালি দিলে ভোট পায়৷ ইমানেই নহয়, তেওঁলোক ইমান হতাশ হৈ গৈছে যে মোদীৰ বিৰোধিতা কৰিবলৈ গৈ দেশৰো বিৰোধিতা কৰিবলৈ ধৰিছে৷
বন্ধুসকল, আজি ভাৰতে নতুন ৰীতি-নীতিত আগুৱাই গৈছে৷ পুলৱামাৰ আক্ৰমণৰ পাছত ভাৰতে ছাৰ্জিকেল ষ্ট্ৰাইকেৰে সন্ত্ৰাসবাদক প্ৰথমবাৰলৈ তেওঁলোকৰ ভাষাত বুজাইছো৷ মই ভাল কৰিছো নে নাই৷ শুই থকা চৰকাৰ, শুই থকা চকীদাৰক নহয়, আপোনালোকে জাগি থকা চকীদাৰক বিচাৰে, নহয় জানো?
ভাই-ভনীসকল, উৰি ঘটনাৰ পাছত প্ৰমাণ বিচাৰিছিল৷ এতিয়া পুলৱামা আক্ৰমণ হোৱাৰ পাছত ভাৰতৰ বীৰ জোৱানে যি কাম কৰিলে, এনেকুৱা কাম আগতে হোৱা নাছিল৷ আমাৰ বীৰ সৈনিকে সন্ত্ৰাসবাদীৰ ঘৰত সোমাই মাৰি আহিলে৷ সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পালন কৰাসকলে ভাৰতৰ পৰা এনেধৰণৰ উত্তৰৰ কল্পনা কৰা নাছিল৷ তেওঁলোকে ভাবি আছিল যে মোদীয়ে প্ৰথমবাৰ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলে বাবে দ্বিতীয় বাৰো এনেকুৱাই কিবা কৰিব৷ সেয়েহে তেওঁলোকে কি কৰিলে সীমাত টেংক আনি বিশাল সেনা মোতায়েন কৰিলে৷ তেওঁলোকে সীমাত সু-সজ্জিত হৈ থাকিলে আৰু আমি ওপৰেৰে গ’লো৷ ৰাতি ৩.৩০ বাজিছিল, দেশক কিয় জগাব লাগে ভাই৷
কিন্তু এয়া এনেকুৱা ডাঙৰ ঘটনা আছিল যে ৰাতি ৩.৩০ বজাত পাকিস্তানৰ টোপনি ভাগি গৈছিল৷ আমি মনে মনে আছিলো, আমি ভাবিলো কিয় হয় দেখা যাওঁক৷ পাকিস্তানে এনেকৈ ভয় খালে যে পাঁচ বজাত তেওঁলোকে টুইট কৰি কান্দিবলৈ ধৰিলে-মোদীয়ে মাৰিলে, মোদীয়ে মাৰিলে, মোদীয়ে মাৰিলে৷ বিশ্বত তেওঁলোকৰ অৱস্থা বেয়া হ’ল, ইয়াৰ বাতৰি আমি দিয়া নাছিলো, পাকিস্তানে দিছিল৷
যেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল দেশক খবৰ মই প্ৰথমে দিছিলো, এইবাৰ আমি নতুন ধৰণে আগবাঢ়িম বুলি ভাবিছিলো আৰু তেওঁলোকে কান্দিবলৈ ধৰিলে৷ তেওঁলোকে ভাবিছিল যে ভাৰতক আক্ৰমণ কৰি যোৱা, ভুৱা যুদ্ধ কৰি যোৱা, ভাৰতে একো নকয়৷ তেওঁলোকে ভৰিৰ ওপৰত ভৰি তুলি বহি আছিল৷ দেশৰ শত্ৰুৰ ভাৰতৰ প্ৰতি যি মনোভাৱ গঢ়ি উঠিছিল, তাৰ মুল কাৰণ ২০১৪ৰ পূ্ৰ্বৰ ৰিমোট কণ্ট্ৰলত চৰকাৰ৷
বন্ধুসকল, ২৬.১১.২০০৮ত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ কথা ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে৷ তেতিয়াই কিবা এটা কৰাৰ সময় আছিল৷ কিন্তু নকৰিলে৷ ইয়াৰ বাবে দম লাগিব৷ সকলো প্ৰমাণ পাকিস্তানত থকা সন্ত্ৰাসবাদীয়ে পাই আছিল৷ সকলো প্ৰমাণে তেওঁলোকক দোষী সাব্যস্ত কৰিছিল, কিন্তু ভাৰতে একো নকৰিলে? জানিব পৰা মতে সেই সময়তো আমাৰ স্থল সেনা, বায়ুসেনা, নৌ-সেনাই প্ৰত্যুত্তৰ দিবলৈ সাজু আছিল৷
সেনাৰ তেজ গৰম হৈছিল, কিন্তু একাংশ দিল্লীত ঠাণ্ডাত বিছনাত শুই আছিল৷ আমাৰ সুৰক্ষাবাহিনী অনুমতি নিদিলে, তেওঁলোকৰ হাত-ভৰি বান্ধি ৰাখিছিল৷ হাত-ভৰি বান্ধি সন্ত্ৰাসবাদীৰ মোকাবিলা সম্ভৱ নহয়৷ শত্ৰুৰ ক্ষেত্ৰত কেতিয়াও এনে মনোভাৱ পোষণ কৰিব নালাগে৷
বন্ধুসকল, ইয়াৰ বাবে মুম্বাইৰ পাছতো একেৰাহে দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি থাকিল৷ মনত পেলাওক, ২০১০ত পুনেৰ এটা বেকাৰীত বিস্ফোৰণ, সেই বছৰতে বাৰাণসীৰ এটা ঘাটত বিস্ফোৰণ হৈছিল৷ ২০১১ত মুম্বাইত আকৌ সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ল, অপেৰা হাউচ, কাবেৰী বজাৰ, দাদৰত বোমা বিস্ফোৰণ হ’ল৷ একেবছৰতে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত বোমা বিস্ফোৰণ হ’ল৷
২০১৩ চনত হায়দৰাবাদৰ জনতাৰ ভিৰ থকা বজাৰ বোমা বিস্ফোৰণ হয়৷ এটাৰ পাছত এটা বোমা বিস্ফোৰণ হৈ আছিল, শ-শ নিৰীহ লোক নিহত হোৱাৰ লগতে বহুতো আহত হৈছিল৷ এই আক্ৰমণৰ সৈতে সীমাৰ সিপাৰৰ সৈতে সংযোগ আছিল-কিন্তু পূৰ্বৰ চৰকাৰে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে নিজৰ নীতি সলনি নকৰাকৈ কেৱল গৃহমন্ত্ৰীক সলনি কৰিলে৷
বন্ধুসকল, পূৰ্বৰ চৰকাৰে দম দেখুওৱা হ’লে, সন্ত্ৰাসবাদীক তেওঁলোকৰ ভাষাত উত্তৰ দিয়া হ’লে আজি ইমান অত্যাচাৰী হ’বলৈ নাপালেহেতেন৷ ২০১৬ত ছাৰ্জিকেল ষ্টাইক আৰু চলিত বছৰৰ ফেব্ৰুৱাৰীত এয়াৰ ষ্ট্ৰাইকৰ পাছত সন্ত্ৰাসৰ মাষ্টাৰমাইণ্ডে বুজি উঠিছে যে এয়া পুৰণি ভাৰত নহয়৷
ভাৰতৰ এই আক্ৰমণৰ পাছত সিহতে বেয়াকৈ ভীতগ্ৰস্ত হৈছে৷ দেশৰ সুৰক্ষা বাহিনী, আমাৰ বীৰ জোৱানসকলে নিজৰ কাম কৰি আছে৷ কিন্তু এইখন দেশৰ নাগৰিক হিচাপে আমিও সতৰ্ক থাকিব লাগিব, নিজৰ দায়িত্ব পালন কৰিব লাগিব৷ দেশক খণ্ডিত কৰাৰ সপোন দেখা দেশৰ সেই শক্তিক প্ৰত্যুত্তৰ দিব লাগিব৷ যি ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰে, আমি তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখিব লাগিব৷
ভাই-ভনীসকল, দেশৰ নাগৰিকসকলে আৰু এটা কথাত ধ্যান দিব লাগিব৷ আজি আমাৰ দেশতে এনে একাংশ ডাঙৰ নেতা আছে, দেশৰ সিংহাসনত ভৱিষ্যতে বহিব খোজা একাংশ লোকে যি মন্তব্য কৰিছে, তাৰ দ্বাৰা শত্ৰুৱে শক্তি পাইছে৷ সেইসকল লোকে ইয়াৰ বিতৰ্কিত মন্তব্য দিছে, ভাৰতীয় বীৰ জোৱানৰ পৰাক্ৰমক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকৰ নিবেদন শুনি পাকিস্তানে হাত চাপৰি বজাইছে৷ এইসকলক দেশৰ জনতাই শুদ্ধ পথত আনিব লাগিব নহয়নে?
ভাই-ভনীসকল, পাকিস্তানৰ গুণগান গোৱা লোকসকলক চিনি লওক৷ পাকিস্তানে নিজে প্ৰথমে টুইটাৰত উল্লেখ কৰিলে যে হিন্দুস্থানৰ সেনাই আমাৰ ঘৰত সোমাই মাৰিলে৷ কিন্তু আমাৰ দেশৰ একাংশ লোক আছে, যিসকলে ৭-৮ বজাত আৰম্ভ কৰি দিলে, তেওঁলোকে নাজানে বালাকোট ক’ত৷
পাকিস্তানে কৈ আছে-মাৰিলে, পাকিস্তানে কৈ আছে-আমাক মাৰিলে, মোদী আহি মাৰি থৈ গ’ল৷ আৰু ইয়াত একাংশ লোকৰ টোপনি ক্ষতি হৈ গ’ল আৰু ৭-৮ বজাত ক’বলৈ ধৰিলে এই বালাকোট হিন্দুস্থানত নে পাকিস্তানত আছে? এই বালাকোট ভাৰতৰ সীমাত আছে নে পাকিস্তানৰ সীমাত আছে? এই বালাকোট পাকিস্তান অধ্যূষিত কাশ্মীৰত নে আমাৰ কাশ্মীৰৰ কাষত আছে? এই বালাকোট- এতিয়া সম্পূৰ্ণ তদন্ত হৈ আছে আৰু পাকিস্তানে কান্দি আছে আৰু ইয়াত তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ দেশক বিভ্ৰান্ত কৰাৰ বাবে আমাৰ দেশত ভাত খোৱা একাংশ চিঞঁৰিবলৈ লাগি গ’ল৷ আৰু যেতিয়া তিনি ঘণ্টাৰ পাছত গম পালে যে আৰে বাপৰে এই মোদী তাত গৈ আহিলে৷ তেতিয়াহে মনে মনে থাকিল, নহ’লে চাৰি-পাঁচ ঘণ্টালৈ সেইটোকে চলি থাকিলহেতেন, যে বালাকোট ইয়াত নে তাত আছে৷
দেশ সেনাই কৈছে, পাকিস্তানে নিজে কান্দি আছে, তাৰ পাছতো কোনো হিন্দুস্থানীৰ মনত আচৰিত হ’বলগীয়া কিবা আছে নেকি? যাৰ শিৰাই শিৰাই হিন্দুস্থানৰ তেজ আছে তেওঁলোকে আচৰিত হ’ব লাগেনেকি? যিসকলে ভাৰত মাতৃৰ জয় কয় তেওঁলোকে আচৰিত হয়নেকি? তেতিয়াহ’লে আচৰিত হোৱা লোকসকলক কোন? এনেকুৱা লোকৰ কথা কি ভৰসা কৰিব?
সেয়েহ মই কও ভাই-ভনীসকল ২০১৪ৰ পৰা আমি একেৰাবে ভাৰতক শক্তিশালী ভেঁটি গঢ় দিয়াৰ কাম কৰি আছো৷ আমি দেশৰ আৱশ্যকতা পূৰণ কৰা, দেশৰ লোকসকলৰ মৌলিক প্ৰয়োজনীয়তা পুৰণৰ দিশত কাম কৰিছো৷ অনাগত দিনত দেশ আশা-আকাংক্ষাসমূহ পুৰণ কৰিব লাগিব৷ বিগত পাঁচ বছৰত আমি নতুন ভাৰতৰ যি ভেঁটি গঢ় দিলো, অনাগত বছৰসমূহত সেইবোৰে সমৃদ্ধিশালী ভাৰতৰ ভৱন গঢ় দিব৷ এনে ভাৰত, যিখন সফল হয়, এনে ভাৰত, যিখন সক্ষম হয়, এনে ভাৰত, যি সুৰক্ষিত হয়৷
বন্ধুসকল, নতুন হিন্দুস্থানৰ সামৰ্থ্য যি বিশ্বই অনুভৱ কৰি আছে, নীতি আৰু নীতিৰ পৰিৱৰ্তন দেখি আছে, তাৰ অন্তৰালত কোন আছে? ইয়াৰ অন্তৰালত আপোনালোক আছে, ১২৫ কোটি দেশবাসীৰ শক্তি আছে, ইয়াৰ অন্তৰালত আপোনালোকৰ আশীৰ্বাদ আছে৷ এই বিশ্বাসেৰে-সদায় আপোনালোকৰ আশীৰ্বাদ কামনা কৰি আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো…আন্তৰিক ধন্যবাদ জনাইছো৷ মোৰ সৈতে সমস্বৰে কওঁক-
ভাৰত মাতা কী-জয়
ভাৰত মাতা কী-জয়
ভাৰত মাতা কী-জয়
দুয়োটা হাতৰ মুঠি বন্ধ কৰি সৰ্বশক্তি প্ৰদৰ্শন কৰক আজি—
ভাৰত মাতা কী-জয়
বন্দে মাতৰম
বন্দে মাতৰম
বন্দে মাতৰম
বহুত বহুত ধন্যবাদ৷
*****
AKT/VJ/NS/DB
(ৰিলিজ আই ডি : 1569304)
অতিথি কক্ষ : 118