প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কন্যাকুমাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 01 MAR 2019 5:33PM by PIB Guwahati

বন্ধুসকল,

কন্যাকুমাৰীত উপস্থিত হৈ মই সুখী অনুভৱ কৰিছো৷

মই শ্ৰদ্ধাৰ আম্মা জয়াললিতাজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তামিলনাডুৰ জনতাৰ বাবে তেওঁ কৰা কল্যাণমূলক কামসমূহ ভৱিষ্যতৰ প্ৰজন্মই স্মৰণ কৰিব৷ মই সুখী যে তামিলনাডুৰ চৰকাৰে তেওঁৰ উন্নয়নমূলক বীক্ষণ পূৰণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলাজীও এই তামিলনাডুৰ হোৱাত মই গৌৰৱ অনুভৱ কৰিছো৷ প্ৰতিজন ভাৰতীয়ই উইং কমাণ্ডাৰ অভিনন্দন তামিলনাডুৰ বাসিন্দা হোৱাৰ বাবেও গৌৰৱবোধ কৰিছে৷ কেইদিনমান পূৰ্বে গান্ধী শান্তি বঁটা সুকলমে উদযাপন কৰাৰ বাবে বিবেকানন্দ কেন্দ্ৰকো মই অভিনন্দন জ্ঞাপন কৰিছো৷ কেন্দ্ৰই প্ৰদান কৰা সামাজিক সেৱাসমূহ সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য৷

বন্ধুসকল,

কিছুসময় পূৰ্বে আমি পথ, ৰেলৱে আৰু ঘাইপথৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি তথা আধাৰশিলা স্থাপন কৰিলো৷ মাদুৰাইৰ পৰা চেন্নাইলৈ দ্ৰুততম ৰেল তেজসৰ ফ্লেগ অফ কৰিলো৷ মেক ইন ইণ্ডিয়াৰ অত্যুত্তম নিদৰ্শন এই আধুনিক ৰেলখন চেন্নাইপ সংবদ্ধ দবা কাৰখানাত নিৰ্মিত হৈছে৷ আজি ৰামেশ্বৰম আৰু ধানুষকড়িৰ মাজতো ৰেলৱে লাইনৰ আধাৰশিলা স্থাপন কৰা হল৷ ১৯৬৪ চনৰ পৰা প্ৰায় ৫০ বছৰ ধৰি দুৰ্যোগৰ ফলত এই লাইন ক্ষতিগ্ৰস্ত হৈ আছিল আৰু কোনেও ইয়াৰ প্ৰতি ধ্যান দিয়া নাছিল৷ অৱশেষত এটা ভাল কাম হ! আপোনালোকে জানি সুখী হব যে নতুন পামবান ৰেল দলঙৰো এতিয়া নিৰ্মাণ হব৷

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ দ্ৰুত অৰ্থনীতিৰ দেশলৈ পৰিণত হৈছে৷ ভাৰতে অভিলেখ গতিত পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনিৰ সৃষ্টি কৰি আছে৷ আমি বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰৰ দেশসমূহৰ ভিতৰত অন্যতম দেশ হিচাপে পৰিগণিত হৈছো৷ তাৰোপৰি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰতৰো প্ৰৱৰ্তন কৰিছে৷

বন্ধুসকল,

ভাৰতে একবিংশ শতিকাৰ বাবে প্ৰয়োজনীয় দ্ৰুতি আৰু মানত আগবাঢ়িব লাগিব যিটো এনডিএ চৰকাৰে বৰ্তমানে কৰি আছে৷ যোৱা দেওবাৰে এইবাৰৰ বাজেটত ঘোষিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি মুকলি কৰা হল৷ এই আঁচনিৰ অধীনত যিসকল কৃষকৰ পাঁচ কঠাতকৈ কম ভূমি আছে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা তিনিটা কিস্তিত বছৰি ছয় হাজাৰ টকাকৈ লাভ কৰিব৷ প্ৰায় ১.১ কোটি কৃষকে ইতিমধ্যেই তেওঁলোকৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ধন প্ৰত্যক্ষভাৱে লাভ কৰিছে৷ আপুনি কল্পনা কৰিব পাৰেনে? ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা আঁচনিৰ প্ৰণয়ন সেই মাহতেই সম্পন্ন হৈছে৷ এই আঁচনি ২৪ দিনত প্ৰণয়ন কৰাৰ বাবে আমি একেৰাহে ২৪ ঘণ্টাকৈ কাম কৰিছিলো৷

বন্ধুসকল,

যিদৰে চাৰি বছৰৰ মূৰে মূৰে লীপ ইয়েৰ আৰু ফুটবলৰ বিশ্বকাপ আছে, সেইদৰে নিৰ্বাচনৰ পূ্ৰ্বেও কংগ্ৰেছৰ অসম্পূৰ্ণ ঋণ ৰেহাইৰ আঁচনি ঘোষণা কৰা হয়৷ কৃষকৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰিও তেওঁলোকে শেষত কয়- আমি আপোনালোকৰ ঋণত ৰেহাই প্ৰদান কৰিলো৷ বাস্তৱিকতে কংগ্ৰেছৰ ঋণ ৰেহাইয়ে কেইজনমান কৃষককহে উপকৃত কৰিছিল৷ এনডিএ চৰকাৰৰ কিষাণ সন্মান নিধি চাৰি বছৰৰ মূৰত এবাৰ অহা আঁচনি নহয়৷ প্ৰত্যেক বছৰে লাভ প্ৰদান কৰা হব আৰু ১০ বছৰত প্ৰায় ৭.৫ লাখ কোটি টকা পৰিশ্ৰমী কৃষকৰ একাউণ্টলৈ যাব৷ যেতিয়া চৰকাৰে ক্ষীপ্ৰতাৰে আৰু মানসম্পন্নভাৱে কাম কৰে তেতিয়া এয়া প্ৰদৰ্শিত হয়৷

বন্ধুসকল,

মহান সন্ত তিৰুভাল্লুভাৰে কৈছিল, ‘‘যেতিয়াই দুৰ্লভ সুযোগ পোৱা যায় তেতিয়াই ইয়াক দুৰ্লভ কাম কৰাৰ বাবে সদ্ব্যৱহাৰ কৰিব লাগে৷’’ ২০১৪ চনত, সম্পূৰ্ণ ৩০ বছৰৰ পিছত এটা দলে সংসদত পূৰ্ণ বহুমত লাভ কৰিছিল৷ জনসাধাৰণৰ বাৰ্তা আছিল সম্পূৰ্ণ স্পষ্ট- তেওঁলোকে এনে এখন চৰকাৰ বিচাৰিছিল যিয়ে কঠিন আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷

জনসাধাৰণে বংশ শাসনৰ পৰিৱৰ্তে সততা বিচাৰিছিল৷

জনসাধাৰণে ক্ষয়ৰ পৰিৱৰ্তে উন্নয়ন বিচাৰিছিল৷

জনসাধাৰণে অৱক্ষয়ী নীতিৰ পৰিৱৰ্তে বিকাশ বিচাৰিছিল৷

জনসাধাৰণে বাধাৰ পৰিৱৰ্তে সুযোগ বিচাৰিছিল৷

জনসাধাৰণে স্থিৰতাৰ পৰিৱৰ্তে নিৰাপত্তা বিচাৰিছিল৷

জনসাধাৰণে ভোটবেংকৰ ৰাজনীতিৰ পৰিৱৰ্তে সমাহিত উন্নতি বিচাৰিছিল৷

সকলোৰে সৈতে সকলোৰে বিকাশৰ মূলমন্ত্ৰৰ সৈতে তথা ১৩০ কোটি সক্ৰিয় ভাৰতীয় নাগৰিকৰ সৈতে এনডিএ চৰকাৰে ৰাষ্ট্ৰৰ হিতাৰ্থে কেইটামান ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মই কেইটামান স্থানীয় আৰু ৰাষ্ট্ৰীয় উদাহৰণ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিবলৈ বিচাৰিছো৷ তামিলনাডু হল বন্দৰীয় ৰাজ্য যত মৎসপালন ক্ষেত্ৰ অতি সক্ৰিয়৷ আমাৰ মৎস্যজীৱি ভাই-ভনীসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰে৷ এনডিএ চৰকাৰে সেয়ে মৎস্যজীৱিসকলৰ বাবে নতুন বিভাগৰ সৃষ্টি কৰিবলৈ পাই সৌভাগ্যবোধ কৰিছে৷ পূৰ্বৰ চৰকাৰে আপোনালোকৰ ওচৰলৈ কেৱল ভোট ভিক্ষাৰ বাবে আহিছিল কিন্তু মৎস্যজীৱিসকলৰ কল্যাণৰ বাবে একো কাম কৰা নাছিল৷ আমাৰ মাছমৰীয়া ভাই-ভনীসকলৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা উপলব্ধ কৰোৱা হৈছে৷ কেন্দ্ৰই তামিলনাডুত ডীৰ ছী ফিশ্বিং ভেছেল নিৰ্মাণৰ বাবে প্ৰায় তিনিশ কোটি টকা মোকলাই দিছে৷ মাছমৰীয়াসকলে মহাকাশ প্ৰযুক্তিৰ জৰিয়তে সাগৰত সুবিধা লাভ কৰিব পাৰিব৷ আমি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সহায়ত নাবিক সঁজুলি বিকশিত কৰি তেওঁলোকক প্ৰদান কৰিছো৷ এই সঁজুলিত স্থানীয় ভাষাত তথ্য উপলব্ধ কৰোৱা হৈছে৷ এই দিশ নিৰ্ণায়ক সঁজুলিবিধে মাছমৰীয়াসকলক কেৱল মৎস এলেকাৰ বিষয়ে জাননী দিয়াই নহয়, ই বতৰ সম্পৰ্কীয় আগজাননীও প্ৰদান কৰে৷

বন্ধুসকল,

আমি বুজি পাও যে যদি মৎস্যজীৱি ভাই-ভনীসকলৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে তেন্তে আমি ফিছাৰীৰ সৈতে জড়িত আন্তঃগাঁথনিসমূহৰো বিকাশ কৰিব লাগিব৷ ৰামানাথাপুৰম জিলাত মুকায়ুৰ ফিশ্বিং হাৰ্বাৰ আৰু নাগাপট্টিনামত পাম্পুহাৰ ফিশ্বিং হাৰ্বাৰ নিৰ্মাণৰ কাম প্ৰায় সম্পন্ন হৈছে৷

বন্ধুসকল,

ভাৰত চৰকাৰ মৎস্যজীৱিসকলৰ নিৰাপত্তা তথা কল্যাণৰ বাবে দায়বদ্ধ৷ বহনক্ষম কূটনৈতিক প্ৰয়াসৰ ফলত ২০১৪ চনৰ মেমাহৰ পৰা ১৯০০ত কৈও অধিক মাছমৰীয়াক শ্ৰী লংকাৰ কৰ্তৃপক্ষই মুকলি কৰি দিছে৷

বন্ধুসকল,

এনডিএ চৰকাৰে আমাৰ বন্দৰীয় অঞ্চলসমূহৰ যোগাযোগ আৰু বিকাশৰ ক্ষেত্ৰত বিশেষ ধ্যান প্ৰদান কৰিছে৷ বন্দৰীয় বিকাশৰ ক্ষেত্ৰত এখোজ আগুৱাই আমি বন্দৰভিত্তিক বিকাশৰ বাবে কাম কৰি আছো৷ বহু বন্দৰ সৃষ্টি কৰা হৈছে৷ বিদ্যমান বন্দৰসমূহৰ সামৰ্থ আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰা হৈছে৷ সাগৰমালা প্ৰকল্প আমাৰ এই বীক্ষণৰেই উদাহৰণ৷ এই প্ৰকল্পৰ অধীনত কেৱল বৰ্তমান প্ৰয়োজনীয়তাসমূহেই নহয় অদ্যপি ভৱিষ্যতৰ প্ৰজন্মৰ কথা চিন্তা কৰিও পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

বন্ধুসকল,

মোক আমাৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ বিষয়েও কবলৈ দিয়ক৷ আমাৰ প্ৰাক্তন চাকৰিয়ালসকলৰ আশীৰ্বাদত আমি এক পদ এক পেঞ্চনৰ ঐতিহাসিক সিদ্ধান্ত লোৱাত সক্ষম হলো৷ এয়া কৰাটো আৱশ্যক আছিল৷ যিসকলে দশকজুৰি দেশ শাসন কৰিছিল তেওঁলোকে কেতিয়াও অআৰঅপিৰ বিষয়ে ভাবিবলৈ চেষ্টা কৰা নাছিল৷

বন্ধুসকল,

ভাৰতে বৰ্ষজুৰি সন্ত্ৰাসবাদৰ সমস্যাত ভুগি আহিছে৷ কিন্তু এতিয়া বৃহৎ পাৰ্থক্য পৰিলক্ষিত হৈছে- ভাৰতে সন্ত্ৰাসবাদীৰ আক্ৰমণত অসহায়বোধ কৰিব নালাগে৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ বিভিন্ন আক্ৰমণৰ ঘটনা ঘটিছিল৷ হায়দৰাবাদ, আহমেদাবাদ, জয়পুৰ, বেংগালুৰু, দিল্লী, মুম্বাই, পুণে আৰু বিভিন্ন স্থানত বোমা ফুটাৰ দৰে ঘটনা সংঘটিত হৈছিল৷ ২৬/১১ সংঘটিত হৈছিল, ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিবা কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছিল, কিন্তু বাস্তৱিকতে হোৱা নাছিল৷ কিন্তু যেতিয়া উৰিৰ ঘটনা সংঘটিত হৈছিল তেতিয়া আপোনালোকে দেখিছিল যে আমাৰ সাহসী সৈন্যই কি কৰিছিল৷ পুলৱামা সংঘটিত হোৱাৰ পিছত আমাৰ সাহসী সৈন্যই কি কৰিছিল আপোনালোকে দেখিছিল৷ ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাসকলৰ প্ৰতি মই অভিবাদন জনাইছো৷ তেওঁলোকৰ সজাগতাই আমাৰ দেশক সুৰক্ষিত কৰি ৰাখিছে৷ এনে এটা সময় আছিল যেতিয়া বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছিল- বায়ু সৈন্যবাহিনীয়ে ২৬/১১ৰ পিছত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ বিচাৰিছিল কিন্তু ইউপিএয়ে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল৷ আৰু আজি আমি এনে এটা যুগত বাস কৰিছো যত বাতৰি কাকতত এইদৰে প্ৰকাশ হৈছে- সৈন্যবাহিনীয়ে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণৰ বাবে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছে৷ সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসমূলক কাৰ্যৰ প্ৰভাৱ অৱনমিত হৈছে আৰু আগলৈও তেওঁলোকৰ প্ৰভাৱ দমন কৰা হব৷ এয়া নতুন ভাৰত৷ এয়া এনে এক ভাৰত যত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ প্ৰত্যুত্তৰ সুতে-মূলে দিয়া হব৷

বন্ধুসকল,

বিগত কিছুদিনৰ কাৰ্যকলাপে আমাৰ সৈন্যবাহিনীৰ শক্তি প্ৰদৰ্শিত কৰিছে৷ ইয়াৰ দ্বাৰা আমাৰ দেশ ঐক্যবদ্ধও হৈছে৷ যিদৰে ৰাষ্ট্ৰই আমাৰ সৈন্যবাহিনীত উৎসাহ যোগাইছে তাৰবাবে মই প্ৰতিজন ভাৰতীয়ক মূৰ দোৱাই সেৱা জনাইছো৷ দুখজনকভাৱে মোদীক ঘৃণা কৰা কিছুমান ৰাজনৈতিক দলে ভাৰতকো ঘৃণা কৰা আৰম্ভ কৰিছে৷ সন্দেহাতীতভাৱে সমগ্ৰ ৰাষ্ট্ৰই আমাৰ সৈন্যবাহিনীক সমৰ্থন প্ৰদান কৰিছে কিন্তু এওঁলোকে সৈন্যবাহিনীক সন্দেহ কৰিছে৷ সমগ্ৰ বিশ্বই ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা যুঁজক সমৰ্থন প্ৰদান কৰিছে কিন্তু কেইটামান দলে আমাৰ এই যুদ্ধৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে৷ এওঁলোক এনেধৰণৰ ব্যক্তি যাৰ উক্তিয়ে পাকিস্তানক সহায় কৰে আৰু ভাৰতক বিপদত পেলায়৷ এওঁলোক এনেধৰণৰ ব্যক্তি যাৰ উক্তি পাকিস্তানৰ সংসদ আৰু ৰেডিঅত প্ৰচাৰ হয়৷ মই তেওঁলোকক সুধিব বিচাৰিছো- তোমালোকে আমাৰ সৈন্যবাহিনীক সমৰ্থন কৰা নে সন্দেহ কৰা? তেওঁলোকে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰিব লাগে- তেওঁলোকে আমাৰ সৈন্যবাহিনীক বিশ্বাস কৰে নে আমাৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক সমৰ্থন প্ৰদান কৰা শক্তিক বিশ্বাস কৰে? মই এইসকল দলক কব বিচাৰিছো- মোদী আহিব আৰু যাব কিন্তু ভাৰত সদায়েই থাকিব৷ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ভাৰতক দুৰ্বল কৰা কাৰ্য অনুগ্ৰহ কৰি বন্ধ কৰক৷ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত আমি সদায়েই প্ৰথমে ভাৰতীয়৷ আপোনাৰ ৰাজনীতিয়ে অপেক্ষা কৰিব পাৰে, কিন্তু আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষা সংকটৰ মুখত পৰিছে৷

বন্ধুসকল,

আহক আমি দুৰ্নীতি আৰু কলাধনৰ বিষয়ে কথা পাতো৷ ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে এইদৰে কৈছিল- প্ৰতিটো টকাৰ কেৱল পোন্ধৰ পইচাহে দুখীয়াই পায়৷ ভাৰতৰ এজন দাম্ভিক কেবিনেট মন্ত্ৰীয়ে এইদৰে কৈছে- কোনো দুৰ্নীতিত শূন্য লোকচানমানে কোটিত লাখতকৈও অধিক৷ কিছুমান লোকে কয় যে দুৰ্নীতি হল জীৱন ৰেখাস্বৰূপ৷ এয়া তেওঁলোকৰ বাবে গ্ৰহণযোগ্য হব পাৰে কিন্তু মোৰ বাবে নহয়৷ এনডিএ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কিছুমান ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভুৱা উদ্যোগসমূহ বন্ধ কৰা হৈছে, ভুৱা হিতাধিকাৰীসমূহ বিলোপ কৰা হৈছে৷ দুৰ্নীতিকাৰীসকলে তেওঁলোকৰ অপকৰ্মৰ উত্তৰ দিবলগীয়া হৈছে৷ বিখ্যাত মন্ত্ৰী এগৰাকীয়ে যি জনতাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে বিখ্যাত, মধ্যবিত্ত শ্ৰেণীক অপমান কৰাৰ বাবে বিখ্যাত, তেওঁ এতিয়া বেইলৰ বাবে ফেমিলি পেকৰ আবেদন কৰিবলগীয়া হৈছে৷

বন্ধুসকল,

যিদৰে আমি দুৰ্নীতিগ্ৰস্ত সকলক অৱনমিত কৰিছো ঠিক একেসময়তে সাধু কৰদাতাসকলক পুৰষ্কৃতও কৰিছো৷ ঠিক এমাহৰ পূৰ্বে বাজেটত আমি ঘোষণা কৰিছিলো যে ৫ লাখ টকা পৰ্যন্ত উপাৰ্জনকাৰীসকলে কোনো ধৰণৰ আয়কৰ প্ৰদান কৰিব নালাগে! যিসকলে সৰ্বাধিক সময়ৰ বাবে ভাৰত শাসন কৰিছিল তেওঁলোকে মধ্যবিত্ত শ্ৰেণীৰ বাবে অথবা কৰ ৰেহাইৰ বাবে চিন্তা কৰিছিল নে?

বন্ধুসকল,

বহু বছৰ ধৰি কংগ্ৰেছে এক অৰ্থনৈতিক সংস্কৃতিৰ অৱতাৰণা কৰিছিল যাৰ দ্বাৰা কেৱল তেওঁলোকৰ বন্ধু তথা পৰিয়ালৰ লোকেহে উপকৃত হৈছিল৷ সাধাৰণ মানুহৰ বাবে অৰ্থনৈতিক উত্তৰণৰ কোনো অৱকাশ নাছিল৷ যদি কোনোবাই কংগ্ৰেছৰ এই অৰ্থনৈতিক সংস্কৃতিৰ বিৰুদ্ধে মাত মাতিছিল তেন্তে তেওঁ আছিল তামিলনাডুৰ সন্তান চি ৰাজাগোপালচাৰী৷ আজি আমি সংশোধনমূলক তথা জন অনুকূল পদক্ষেপেৰে ৰাজাজীৰ সপোন বাস্তৱায়িত কৰিছো৷ ইজ অব্ ডুয়িং বিজনেছত ভাৰতৰ মূল্যায়ন ৬৫ ঘৰ আগুৱাইছে৷ চাৰিবছৰ পূৰ্বে ১৪২ নম্বৰত আছিলো আৰু এতিয়া আমি ৭৭ নং স্থানত আছো৷ যোৱা বৰ্ষত কেন্দ্ৰ চৰকাৰে এমএছএমই খণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে কেইবালানিও আঁচনিৰ কথা ঘোষণা কৰিছে৷ এতিয়া ৫৯ মিনিটতে এক কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰি! এয়া আপুনি চেন্নাই গৈ পোৱাৰ সময়তকৈও ক্ষীপ্ৰ৷

বন্ধুসকল,

আমি ভাৰতৰ তৰুণ প্ৰজন্মৰ দক্ষতাকলৈ বাজীমাৎ কৰিছো৷ সেয়ে তৰুণ ভাৰতৰ উদ্যমিতা সপোনক ডেউকা প্ৰদানৰ বাবে মুদ্ৰা যোজনাৰ প্ৰণয়ন কৰা হৈছে৷ মুদ্ৰাৰ অধীনত ১৫ কোটি লোকে প্ৰায় সাত লাখ কোটি টকাতকৈও অধিক ঋণ লাভ কৰিছে৷ এই আঁচনিৰ অধীনত তামিলনাডু শীৰ্ষত আছে৷

বন্ধুসকল,

সামাজিক ন্যায় সন্দৰ্ভত বিৰোধীৰ কোনো প্ৰতিশ্ৰুতি নাই৷ কংগ্ৰেছৰ শাসনৰ সময়তেই দলিতৰ প্ৰতি নিকৃষ্ট ক্ৰুৰতা প্ৰকাশ পাইছিল৷ কংগ্ৰেছে ডঃ বাবাচাহেব আম্বেদকাৰক এবাৰ নহয় দুবাৰকৈ পৰাস্ত কৰিছিল৷ কংগ্ৰেছে ৪০ বছৰ ধৰি ডঃ আম্বেদকাৰত ভাৰতৰত্ন বঁটা প্ৰদান কৰা নাছিল৷ আনকি তেওঁৰ পৰ্ট্ৰেইটো সংসদৰ চেণ্ট্ৰেল হলত লগোৱা নাছিল৷ বিজেপিৰ দিনতেই এই দুয়োটা কাম সমাধা হৈছিল৷

বন্ধুসকল,

বৰ্তমানৰ এনডিএ চৰকাৰখনে এছচি এছটি আইনৰ শক্তিশালী সংশোধনী কৰিছে৷ অৰ্থনৈতিক আৰু সামাজিক ন্যায় আমাৰ ওপৰত বিশ্বাস থকাৰ বাবে হৈছে, ভোটৰ শ্লগানৰ বাবে হোৱা নাই৷

বন্ধুসকল,

২০১৯ চনৰ লোকসভা নিৰ্বাচনত দুটা নিৰ্দিষ্ট পক্ষ আছে৷ আমাৰ পক্ষই শক্তি আৰু স্থিৰতা প্ৰদান কৰিছে৷ আনটো পক্ষই দুৰ্বলতা আৰু সংশয়তা প্ৰদান কৰিছে৷ আমাৰ নেতৃত্ব আৰু কৰ্ম সংস্কৃতি ভাৰতত জনাজাত৷ আনটো পক্ষ সন্দিহান৷ দেশক পৰৱৰ্তী নেতা প্ৰদানৰ বাবে তেওঁলোকৰ ওচৰত কোনো নাম নাই৷ ভাৰত বিকাশৰ বাবে কোনো লক্ষ্য অথবা বীক্ষণ নাই৷ আৰু দুৰ্নীতিৰ অভিলেখ ৰচনাত বাধা দিয়াৰ বাবে তেওঁলোক লজ্বিতও নহয়৷ ভাৰতে ২০০৯ৰ কথা মনত পেলাওক, কিদৰে ডিএমতে আৰু কংগ্ৰেছে নিৰ্বাচনৰ পিছত পৰ্টফলিঅসমূহ আৱণ্টিত কৰিছিল৷ মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে বাচনি কৰাৰ পৰিৱৰ্তে ৰাজহুৱা সেৱাৰ সৈতে জড়িত নথকা ব্যক্তিয়ে বাচনি কৰিছিল৷ মন্ত্ৰীৰ পদৰ বাবে টেলিফোনত দৰদাম হৈছিল৷ মহাভেজাল চৰকাৰ পুনৰ ব্যক্তিগত অহম্মকতা তথা বংশগত লক্ষ্যৰ উদ্যোক্তাৰ ৰূপত অৱতীৰ্ণ হব৷ মোৰ একমাত্ৰ পৰিয়াল হল ১৩০ কোটি ভাৰতীয়৷ মই তেওঁলোকৰ বাবে জীয়াই আছো, তেওঁলোকৰ বাবে মৰিমো৷ স্বজন-তোষণৰ বাবে মোৰ কোনো ৰাজহুৱা জীৱনো নাই৷ মই ইয়াত আছো কেৱল ভাৰতৰ বিকাশৰ বাবে৷ দুখীয়াৰ সপোন বাস্তৱায়িত হোৱা এখন ভাৰত সৃষ্টি কৰাৰ বাবে মই আপোনালোকৰ সমৰ্থন আৰু আশীৰ্বাদ বিচাৰিছো৷

বৃহৎ সংখ্যাত ইয়াত অংশগ্ৰহণ কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো৷

ভাৰত মাতাৰ জয়৷

********

AKT/SH/SKS/MANN



(Release ID: 1568627) Visitor Counter : 102