কেবিনেট

নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থাতাকাৰী কেন্দ্ৰ অধ্যাদেশ, ২০১৯ত কেবিনেটৰ অনুমোদন

Posted On: 28 FEB 2019 10:29PM by PIB Guwahati

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত প্রতিষ্ঠানগত মধ্যস্থতাকাৰী ব্যৱস্থাৰ বাবে এটি নিৰপেক্ষ আৰু স্বায়ত্তশাসিত সংস্থা গঠন কৰাৰ লক্ষ্যৰে নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰী কেন্দ্ৰ অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত অনুমোদন জনোৱা হৈছে।

 

লাভালাভঃ

 

ইয়াৰ ফলত ভাৰতক প্রতিষ্ঠানগত মধ্যস্থতাকাৰী ব্যৱস্থাৰ এটি হাব হিচাপে গঢ়ি তুলিব পৰা যাব৷

 

উদ্দেশ্যঃ

 

এনডিআইএচিৰ গঠনৰ উদ্দেশ্যসমূহ হৈছেঃ

 

() আন্তঃৰাষ্ট্ৰীয় আৰু আভ্যন্তৰীণ ক্ষেত্রত মধ্যস্থতাৰ ব্যৱস্থা পৰিচালনাৰ কৰাৰ বাবে এটি প্ৰধান কেন্দ্ৰ হিচাপে ইয়াক আৰম্ভ কৰাৰ কথা  চিন্তা কৰা হৈছে৷

() তদুপৰি, আলোচনা, মীমাংসা আৰু মধ্যস্থতাৰ জৰিয়তে উদ্যোগ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰশাসনিক সহায়ৰ লগতে সুযোগ-সুবিধা প্ৰদান কৰা হব৷

() এই উদ্দেশ্যে তালিকাভুক্ত মধ্যস্থতাকাৰী, আলোচনা-মধ্যস্থতাকাৰীসকলক লৈ এটি পেচাদাৰী পেনেল গঠন কৰা হব৷

() আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত মধ্যস্থতাৰ বাবে সুলভ আৰু সময়সাপেক্ষে কাম চলোৱাৰ ব্যৱস্থা কৰিব পৰা যাব৷

 

মুল বৈশিষ্ট্যসমূহঃ

 

  • প্ৰস্তাৱিত নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰী কেন্দ্ৰ(এনডিআইএচি)ৰ নেতৃত্ব বহন কৰিব উচ্চতম ন্যায়ালয়ৰ অথবা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা এগৰাকী অধ্যক্ষ তথা মধ্যস্থতা সম্পৰ্কীয় আইন আৰু পৰিচালনা ব্যৱস্থা বিষয়তো পর্যাপ্ত অভিজ্ঞতা থাকিব লাগিব৷
  • কেন্দ্রীয় চৰকাৰে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি মধ্যস্থতা কেন্দ্ৰৰ অধ্যক্ষ নিয়োগ কৰিব৷
  • তুদপৰি, এই কেন্দ্রত দুজন পূর্ণকালীন অথবা অংশকালীন সদস্য থাকিব৷
  • বাণিজ্য আৰু উদ্যোগ বিভাগৰ দ্বাৰা স্বীকৃত এজন প্ৰতিনিধিকো অংশকালীন সদস্য হিচাপে নির্দিষ্ট সময়ৰ বাবে নিয়োগ কৰা ব৷
  •  আইনী পৰিক্ৰমা বিভাগৰ সচিব, ব্যয় বিভাগৰ দ্বাৰা মনোনীত বিত্তীয় উপদেষ্টা আৰু মধ্যস্থতাকাৰী কেন্দ্রৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীও এই কেন্দ্রৰ সদস্য হব৷

 

. *****

AKT/SH/BD



(Release ID: 1568626) Visitor Counter : 84