প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংলাদেশত ভিডিঅ’ কনফাৰেন্সযোগে বিভিন্ন উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী মোদী তথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই
Posted On:
11 MAR 2019 6:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে বাংলাদেশৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ই-ফলক মুকলি কৰে৷
দুয়োগৰাকী নেতাই বাছ আৰু ট্ৰাকৰ যোগান, ৩৬খন সামাজিক ক্লিনিক, ১১টা পানী ব্যৱস্থাপনা প্ৰকল্প আৰু বাংলাদেশলৈ ৰাষ্ট্ৰীয় জ্ঞান আন্তঃজালিকা সম্প্ৰসাৰণৰ ই-ফলক মুকলি কৰে৷
প্ৰধানমন্ত্ৰীয়ে এয়া তেওঁৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে ষষ্ঠসংখ্যক ভিডিঅ’ কনফাৰেন্স বুলি মন্তব্য কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বীক্ষণে ভাৰত আৰু বাংলাদেশৰ শক্তিশালী যোগাযোগ ব্যৱস্থাক উৎসাহ প্ৰদান কৰিছে৷ তেওঁ কয় যে এই প্ৰকল্পসমূহৰ মুকলি দ্বাৰা কেৱল যোগাযোগ ব্যৱস্থা উন্নত হোৱাই নহয় ইয়াৰ দ্বাৰা জ্ঞানৰো সংবৃদ্ধি হ’ব৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় জ্ঞান আন্তঃজালিকাই বাংলাদেশৰ পণ্ডিত আৰু গৱেষণা প্ৰতিষ্ঠানক ভাৰত তথা বিশ্বৰ সৈতে সংযোজিত কৰিব৷ বাছ আৰু ট্ৰাকসমূহৰ দ্বাৰা পৰিবহণ ব্যৱস্থা সুচল হ’ব; পানী ব্যৱস্থাপনাই পৰিষ্কাৰ পানীৰ যোগান ধৰিব আৰু সামাজিক ক্লিনিকে বাংলাদেশৰ ২ লাখ লোকক উপকৃত কৰিব৷
প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই বাংলাদেশৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত ভাৰতে প্ৰদান কৰা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে৷ তেওঁ ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক বিকশিত হ’ব বুলি আশা প্ৰকাশ কৰে৷
*****
AKT/SH/BM/MANN
(Release ID: 1568616)
Visitor Counter : 93