প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাটাৰৰ যুৱৰাজৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 02 MAR 2019 9:23PM by PIB Guwahati

কাটাৰৰ যুৱৰাজ শ্বেইখ তামিম বিন আহমেদ বিন খালিফা অল থানীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ঘনিষ্ঠ বন্ধু কাটাৰৰ সৈতে সম্পৰ্ক অধিক মজবুত কৰিবলৈ ভাৰতে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে৷ দ্বিপাক্ষিক সম্পৰ্ক দ্ৰুতগতিৰে শক্তিশালী কৰাৰ ক্ষেত্ৰত কাটাৰৰ যুৱৰাজৰ দক্ষ নেতৃত্ব আৰু তত্ত্বাৱধানৰ বাবে তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷

নেতা দুগৰাকীয়ে আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে সন্ত্ৰাসবাদে এই অঞ্চলৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আছে৷ যিকোনো প্ৰকাৰৰ সন্ত্ৰাবাদক বিনাশ কৰিবলৈ আৰু সন্ত্ৰাসবাদৰ প্ৰতি সহযোগিতা বন্ধ কৰিবলৈ সংশ্লিষ্ট দেশে তাৎক্ষণিক পদক্ষেপ লোৱা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে মোদীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে৷

আবু ঢাবিত কালি অনুষ্ঠিত ইছলামিক ক’অপাৰেচন সংস্থাৰ(অ’আইচি)ৰ বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাতো এক ঐতিহাসিক ক্ষণ বুলি দুয়োগৰাকী নেতাই মতপোষণ কৰে৷

***

AKT/VJ/MS



(Release ID: 1568600) Visitor Counter : 73