প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

Posted On: 09 MAR 2019 12:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ  সৈতে মতবিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ কৰ্মৰাজি আনৰ বাবে প্ৰেৰণাৰ উৎস৷ নিজৰ নিজৰ ক্ষেত্ৰত অধিক সাফল্য কঢ়িয়াবলৈ প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক উৎসাহিত কৰে৷

স্বচ্ছ ভাৰত অভিযানৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ বৃহৎ সাফল্যৰ কাৰণ হ’ল মহিলাসকলে ইয়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷ প্ৰয়াগৰাজত শেহতীয়াকৈ অনুষ্ঠিত কুম্ভ মেলাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চ পৰ্যায়ৰ স্বচ্ছতাৰ বাবে এই মেলা এইবাৰ সমগ্ৰ বিশ্বতে চৰ্চাৰ কাৰণ হৈ পৰিছিল৷ স্বচ্ছতা এতিয়া এক গণ আন্দোলনত পৰিণত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত অপুষ্টিৰ সৈতে মোকাবিলা কৰা আৰু মিছন ইন্দ্ৰধনুশৰ জৰিয়তে শিশুৰ বাবে টীকাকৰণৰ বিষয়টোও উল্লেখ কৰে৷ তেওঁ কয় যে এই দুই ক্ষেত্ৰত সফলতাৰ বাবে মহিলাসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী মানেকা গান্ধীও অনুষ্ঠানত উপস্থিত আছিল৷

***

Akt/ vj/MS



(Release ID: 1568588) Visitor Counter : 36