প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ চিআইএছএফৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

Posted On: 09 MAR 2019 4:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ মাৰ্চত গাজিয়াবাদত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(চিআইএছএফ)ৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব৷

গাজিয়াবাদৰ ইন্দিৰাপুৰমস্থিত পঞ্চম বেটেলিয়নত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে চিআইএছএফৰ পেৰেড পৰিদৰ্শন কৰিব৷ তেওঁ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া আৰু জোৱানক অনবদ্য সেৱা আৰু সাহসৰ বাবে পদক প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিব৷ ইয়াৰ পাছতে তেওঁ চিআইএছএফ জোৱানসকলক সম্বোধন কৰিব৷

*****

AKT/SH/MS



(Release ID: 1568587) Visitor Counter : 72