প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিক্ষণ ভৱন আৰু বিদ্যার্থী ভৱনৰ আধাৰশিলা মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 MAR 2019 11:35AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ আদলাজত অন্নপূর্ণা ধাম পৰিষদৰ শিক্ষণ ভৱন আৰু বিদ্যার্থী ভৱনৰ আধাৰশিলা মুকলি কৰে।

অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰদান কৰা ভাষণত প্রধানমন্ত্রীয়ে কয়, ভাৰতত যুগে যুগে নানা সমস্যা সমাধানৰ কামত সামাজিক ক্ষেত্ৰৰ অগ্রণী ভুমিকা পালনৰ সমৃদ্ধিশালী পৰম্পৰা আছে। তেওঁ লগতে উল্লেখ কৰে যে, শিক্ষা ব্যৱস্থাৰ উন্নয়নত বিভিন্ন সমুদায়ে সংঘবদ্ধভাৱে আগুৱাই আহিছেএনেদৰেই সামাজিক উদ্যোগসমূহেও মানুহৰ কল্যাণসাধন কৰিছে।

চর্দাৰ বল্লভভাই পেটেলক সুঁৱৰি প্রধানমন্ত্রীয়ে কয়, চর্দাৰ পেটেলৰ সমবায় ক্ষেত্রৰ প্রয়াসবোৰ কেতিয়াও পাহৰি উচিত নহয়।

প্রধানমন্ত্রীয়ে এই ভাষণ প্ৰসঙ্গতেই গুজৰাটৰ জনসাধাৰণক খাদ্য প্রক্রিয়াকৰণৰ ক্ষেত্রত কাম কৰাহৰ বাবেও আহ্বান জনায়

তেওঁ লগতে কয়, এই ধৰণৰ মূল্য সংযোজনে কৃষক আৰু শিল্প দুয়োকেই উপকৃত কৰিব

মা অন্নপূর্ণাক শ্রদ্ধা নিবেদন কৰি প্রধানমন্ত্রীয়ে কয়, অন্নপূর্ণা ধাম পৰিষদে সমাজক শক্তি যোগোৱা উচিত,  যাতে লিঙ্গ বৈষম্য দূৰ কৰি সকলোৰেই নিশ্চিত সমৃদ্ধি পাব পৰা যায়।

 

******

AKT/VJ/SKS/RD



(Release ID: 1567710) Visitor Counter : 79