প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ গোৰখপুৰত পিএম-কিষাণ আৰু অন্যান্য প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
Posted On:
24 FEB 2019 6:56PM by PIB Guwahati
জয় জোৱান জয় কিষাণ
জয় জোৱান জয় কিষাণ
জয় জোৱান জয় কিষাণ
মঞ্চত উপস্থিত সকলো মহানুভৱ তথা গোৰখপুৰত বৃহৎ সংখ্যাত উপস্থিত মোৰ মৰমৰ কৃষক ভাই-ভনীসকল…প্ৰযুক্তিৰ মাধ্যমেৰে সংযোজিত হোৱা সমগ্ৰ দেশৰ কৃষক ভাই আৰু ভনীসকল মই আন্তৰিক অভিবাদন জনাইছো৷
আপোনালোকে জানি সুখী হ’ব যে গোৰখনাথৰ এই কাৰ্যসূচীত, এই স্থানৰ কাৰ্যসূচীত, গোৰখপুৰৰ ভূমিৰ পৰা, হিন্দুস্তানৰ দুই লাখ গাঁৱৰ সাধাৰণ সেৱা কেন্দ্ৰত শতাধিক কৃষক একত্ৰিত হৈছে আৰু এই কাৰ্যসূচীৰ অংশীদাৰ হৈছে৷
বন্ধুসকল, বাবা গোৰখনাথৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ মই কেইবাবাৰো অহাৰ সৌভাগ্য লাভ কৰিছো কিন্তু আজিৰ দিনটো এক ঐতিহাসিক দিন৷ আজি দিনটো সাধাৰণ দিন নহয়৷ লাল বাহাদুৰ শাস্ত্ৰীজীয়ে জয় জোৱান জয় কিষাণ বুলি কৈছিল৷ সেই মন্ত্ৰকেই আজি ইমান বৰ্ষৰ পিছত খেতিলৈ, কৃষকৰ ঘৰলৈ, কৃষকৰ পকেটলৈ লৈ অনাৰ কাম যদি হৈছে তেন্তে এয়া আজিৰ দিনটোত হৈছে৷
স্বাধীনতাৰ পিছত কৃষকৰ সৈতে জড়িত সবাতোকৈ বৃহৎ এই যোজনা আজি উত্তৰ প্ৰদেশৰ পবিত্ৰ ভূমিৰ পৰা মোৰ দেশৰ কোটি কোটি কৃষক ভাই-ভনীৰ আশীৰ্বাদৰ দ্বাৰা আৰম্ভ হৈছে৷ মই গোৰখপুৰৰ জনতাক অভিনন্দন জনাইছো কাৰণ তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ শুভাৰম্ভৰ সাক্ষী হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, আজি গোৰখপুৰ আৰু পূৰ্বাঞ্চলৰ বিকাশৰ সৈতে জড়িত প্ৰায় ১০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ লোকাৰ্পণ আৰু আধাৰশিলাও স্থাপন কৰা হৈছে৷ ১০ হাজাৰ কোটি টকা….স্বাস্থ্য, পথ, ৰে’ল, কৰ্ম সংস্থাপন, গেছ আদিৰ দৰে ক্ষেত্ৰসমূহৰ সৈতে জড়িত এই সকলোবোৰ যোজনাই জীৱনক সৰল কৰি তুলিব৷ ইয়াৰ বাবে গোৰখপুৰ সহিতে পূৰ্বাঞ্চলক মই অশেষ অভিনন্দন জনাইছো৷
ভাতৃ আৰু ভগ্নীসকল, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ শুভাৰম্ভ উপলক্ষে দেশৰ কোটি কোটি কৃষক পৰিয়াললৈ অশেষ অভিনন্দন জনাইছো৷ ইয়াৰোপৰি কোটি কোটি পশুপালকক, দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক, মৎসজীৱিসকলকো কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাৰ সৈতে জড়িত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো৷
বন্ধুসকল, কৃষকৰ বাবে পূৰ্বে চৰকাৰী ঘোষণা বহু কৰা হৈছিল, কাগজে-পত্ৰে বহু যোজনা প্ৰণয়ন কৰা হৈছিল কিন্তু তাৰ উদ্দেশ্য কৃষকসকলক সশক্ত কৰাটো নাছিল, ইয়াৰ পৰিৱৰ্তে সৰু-সৰু কথাৰ বাবে তেওঁলোকক তাড়নাহে দিয়া হৈছিল৷ তাতে কৃষকসকলৰ কল্যাণৰ কোনো উদ্দেশ্য নিহিত নাছিল আৰু সেয়ে উচিত নিৰ্ণয়ো ল’ব পৰা নাছিল৷
ভাতৃ আৰু ভগ্নীসকল, এই স্থিতি পৰিৱৰ্তন কৰাৰ বাবে আপোনালোকে ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰিছিল৷ কৃষকসকল যাতে সম্পূৰ্ণ সশক্ত তথা সক্ষম হওক, এই লক্ষ্যৰেই আমি অগ্ৰসৰ হৈছো৷ আমাৰ চৰকাৰে নীতিপৰায়ণতাৰে চেষ্টা কৰিছে যে দেশৰ কৃষকসকলক সেই সকলোবোৰ সম্পদ প্ৰদান কৰা হওক যাতে ২০২২ চন পৰ্যন্ত তেওঁলোকৰ আয় দুগুণ হয়৷
বন্ধুসকল, বিগত চাৰে চাৰি বছৰৰ নিজৰ প্ৰয়াসক অধিক শক্তিশালী কৰি কৃষকসকলক প্ৰত্যক্ষভাৱে সহায় প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আজি উত্তৰ প্ৰদেশৰ পবিত্ৰ ভূমিৰ পৰা দেশৰ কোটি কোটি কৃষকৰ চৰণত অৰ্পিত কৰিছো৷ কিছু সময়ৰ পূৰ্বে দেশৰ এক কোটি এক লাখ কৃষকৰ একাউণ্টত এই যোজনাৰ প্ৰথমটো কিস্তি স্থানান্তৰ কৰাৰ সৌভাগ্য মই লাভ কৰিলো আৰু আপোনালোকে হাত-তালিৰে সৈতে ইয়াক স্বাগতম জনালে৷
মোক কোৱা হৈছে যে দেশৰ ২১খন ৰাজ্য, কেন্দ্ৰীয় শাসিত প্ৰদেশৰ কৃষকো ইয়াত অন্তৰ্ভুক্ত হৈছে৷ এই কৃষকসকললৈ ২০২১ কোটি টকা অলপতে প্ৰত্যক্ষভাৱে প্ৰদান কৰা হৈছে৷ অন্য কৃষকসকলকো এইদৰে প্ৰথম কিস্তিৰ ২০০০ টকা কেই সপ্তাহমানৰ ভিতৰতে প্ৰদান কৰা হ’ব আৰু দেশৰ প্ৰায় ১২ কোটি কৃষকৰ একাউণ্টত দুই-দুই হাজাৰৰ প্ৰথমটো কিস্তি জমা হ’ব৷
ভাতৃ আৰু ভগ্নীসকল, মই আপোনালোকক জনাও যে এয়াতো কেৱল আৰম্ভণিহে, এই যোজনাৰ অধীনত প্ৰায় ৭৫ হাজাৰ কোটি টকা কৃষকসকলৰ একাউণ্টত প্ৰত্যক্ষভাৱে জমা হ’ব৷ দেশৰ সেই ১২ কোটি ক্ষুদ্ৰ কৃষক যিসকলৰ ওচৰত ৫ কঠাতকৈও কম ভূমি আছে, সেই কৃষকসকলে এই যোজনাৰ দ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব৷ এতিয়া কৃষকসকলে বীজ ক্ৰয় কৰাৰ বাবে, সাৰ ক্ৰয় কৰাৰ বাবে, ঔষধ ক্ৰয় কৰাৰ বাবে, বিদ্যুতৰ বিল পৰিশোধ কৰাৰ বাবে, খেতিৰ সৈতে জড়িত এনেবোৰ প্ৰয়োজনীয়তাৰ বাবে চিন্তাক্লিষ্ট হোৱাৰ প্ৰয়োজন নাই৷
কেন্দ্ৰ চৰকাৰে প্ৰতিবছৰে যি ছয় হাজাৰ টকা আপোনালোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিব তাৰ জৰিয়তে প্ৰয়োজনীয় কামসমূহ কৰিব পাৰিব৷ ইয়াৰ বাবে দুহেজাৰ টকা হিচাপে প্ৰথমটো কিস্তি আজি অনেক কৃষকৰ একাউণ্টলৈ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত কিছুমান কৃষকক কিছুসময় পূৰ্বে স্বীকৃতিপত্ৰও প্ৰদান কৰা হৈছে৷ মই পুনৰবাৰে কৈছো যে যিসকল কৃষকে আজি প্ৰথমটো কিস্তি পোৱা নাই তেওঁলোকে কেইদিনমানৰ ভিতৰতে, কেইটামান সপ্তাহৰ ভিতৰতে প্ৰথম কিস্তিৰ ধন বেংক একাউণ্টত লাভ কৰিব৷
ভাতৃ আৰু ভগ্নীসকল, পিএম কৃষক সন্মান নিধিৰ অধীনত যি ধন কৃষকসকলক প্ৰদান কৰা হ’ব তাৰে প্ৰতিটো টকা কেন্দ্ৰত থকা মোদী চৰকাৰৰ তৰফৰ পৰা দিয়া হ’ব৷ ৰাজ্য চৰকাৰে ইয়াত একো কৰিব নালাগে৷ কেৱল তেওঁলোকে নীতিপৰায়ণভাৱে নিজৰ নিজৰ ৰাজ্যৰ কৃষকৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু সেই তালিকা আমাক প্ৰদান কৰিব লাগে৷ যিমানেই সোনকালে তালিকা আহিব… আৰু মই উত্তৰ প্ৰদেশৰ চৰকাৰৰ, বিহাৰৰ চৰকাৰৰ, গুজৰাটৰ চৰকাৰৰ, উত্তৰাখণ্ডৰ চৰকাৰৰ..এনেকুৱা বহু চৰকাৰক হৃদয়েৰে অভিনন্দন জনাইছো..তেওঁলোকে এই কামক প্ৰাথমিকতা প্ৰদান কৰিছে কিন্তু এনে কিছুমান ৰাজ্য চৰকাৰ আছে যি এতিয়াও নিদ্ৰাতেই আছে…তেওঁলোকে ইয়াতো ৰাজনীতি দেখা পাইছে৷
মই এই চৰকাৰসকলক সঁকীয়াই দিছো যদি আপোনালোকে নিজৰ ৰাজ্যৰ কৃষকৰ তালিকা সময়মতে নিদিয়ে, যদি তেওঁলোক এই লাভৰ পৰা বঞ্চিত হয় তেন্তে সেই কৃষকৰ অভিশাপ, তেওঁলোকৰ হুমুনিয়াহে আপোনালোকৰ ৰাজনীতি ধ্বংস কৰি পেলাব৷ আৰে…আপোনালোক বিৰোধী দলৰ চৰকাৰ হ’ব পাৰে কিন্তু দয়া কৰি আমাৰ দেশৰ কৃষকসকলৰ সৈতে ৰাজনীতি নকৰিব, কিয় তেওঁলোকৰ সৈতে খেলাৰ প্ৰয়োজন হয়৷
ভাতৃ আৰু ভগ্নীসকল, মই আপোনালোককো ক’ব বিচাৰিম যে এই যোজনাক লৈ প্ৰচাৰ কৰা উৰাবাতৰিসমূহত মন-কাণ নিদিব৷ আমাৰ বিৰোধীসকলে, মহাভেজাল লোকসকলে এই যোজনাৰ বিষয়ে যেতিয়া শুনিছিল তেতিয়া আপোনালোকে সদনত বোধহয় লক্ষ্য কৰিছিল…তেওঁলোককৰ চেহেৰা শুকাই গৈছিল, মৰহি গৈছিল…তেওঁলোকে দেখিছিল যে সকলো কৃষকে মোদী মোদী কৰিব ধৰিছে৷ আৰু সেইবাবে এতিয়া কি কৰোঁ, মিছা কথা কোৱা, উৰাবাতৰি প্ৰচাৰ কৰা…মই ভাবোঁ এয়া এওঁলোকৰ জন্মগত অভ্যাস৷ সেইবাবে এতিয়া নতুন উৰাবাতৰি প্ৰচাৰ কৰিছে..এনে উৰাবাতৰি প্ৰচাৰ কৰিছে…মোদীয়ে যি দুহেজাৰ-দুহেজাৰ টকা দিছে, সেয়া বছৰৰ শেষত ঘূৰাই ল’ব৷ মোৰ কৃষক ভাই-ভনীসকল, যি ধন আপোনালোকক প্ৰদান কৰা হৈছে…সেয়া আপোনালোকৰ অধিকাৰৰ টকা, কোনেও ইয়াক ঘূৰাই ল’ব নোৱাৰে৷ না মোদীয়ে ইয়াক ঘূৰাই ল’ব পাৰে না ৰাজ্যৰ কোনো চৰকাৰে ইয়াক ঘূৰাই ল’ব পাৰে৷ আৰু সেইবাবে এনেকুৱা উৰাবাতৰি প্ৰচাৰ কৰাসকলক আপোনালোকে প্ৰত্যুত্তৰ দিব…ভাই আৰু ভনীসকল৷
মোৰ কৃষক ভাই আৰু ভনীসকল, যেতিয়া কেন্দ্ৰত কৃষকৰ হকে চিন্তা কৰা চৰকাৰ থাকে তেতিয়াহে এনে ধৰণৰ যোজনা সম্ভৱ হয়৷ প্ৰণয়ন হয়৷ অসম্ভৱক সম্ভৱ কৰি দেখুৱায়৷ এতিয়া পূৰ্বৰ চৰকাৰৰ….এয়া অলপ ভাবিবলগীয়া বিষয়, আপোনালোকে গাঁৱে গাঁৱে প্ৰচাৰ কৰিব…যি কথা মই আপোনালোকক বুজাই আছো সেয়া গাঁৱে গাঁৱে প্ৰচাৰ কৰিব, সকলো কৃষককে জনাব, সঁচা কথাটো ক’ব, মিছা কথা প্ৰচাৰসকলক প্ৰত্যুত্তৰ দিব, সঁচাকৈয়ে দিব…মই আপোনালোকক বুজাব খুজিছো যে এই কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে, এই সকলো মহাভেজাল লোকসকল এনেকুৱাই হয়৷ কংগ্ৰেছেই হওক, চপাই হওক, বসপাই হওক, এওঁলোক সাংগো-পাংগসমূহেই হওক, তেওঁলোকে কি কৰে, দহ বছৰত এবাৰ কৃষকৰ কথা মনত পেলায়….দহ বছৰত এবাৰ নিৰ্বাচনৰ পূৰ্বে মনত পেলায় আৰু ঋণ ৰেহাইৰ জ্বৰে তেওঁলোকৰ মূৰত ধৰে….আৰু ঋণ ৰেহাইৰ জ্বৰৰ পিছত কৃষকৰ চকুত ধূলি দি ভোট সংগ্ৰহ কৰা চালাকী তেওঁলোকে শিকি গৈছিল কিন্তু তেওঁলোকে গম পোৱা নাছিল মোদী তেওঁলোকৰ কষ্টৰ কাৰণ হৈ পৰিব৷ তেওঁলোকৰ ফাকতিসমূহ ধৰা পেলাব৷ তেওঁলোকৰ ভুৱা মুখা খুলি দিব৷ আৰু কৃষকৰ প্ৰকৃত সেৱা কি এয়া মোদীয়ে কৰি দেখুৱাব আৰু সেয়ে সংসদত দেখা পোৱা গ’ল যে তেওঁলোকৰ চেহেৰা ওলমি পৰিছিল৷ আৰু এয়া আমি কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে ঘোষণা কৰা নাই৷ এয়া আমি সংসদত ঘোষণা কৰিছো আৰু বাজেটত ধনৰ আৱণ্টন দিহে ইয়াত ঘোষণা কৰিছো৷ এয়াই আমাৰ নীতিপৰায়ণতা৷
আপোনালোকে স্মৰণ কৰক, ২০০৮ চনত কৃষকসকলৰ মূৰত ছয় লাখ কোটিৰ ঋণ আছিল৷ মোৰ সৈতে কওক…মই কৈছো, ২০০৮ চনত চৰকাৰী বিভাগৰ হিচাপত, বেংকৰ হিচাপত…সমগ্ৰ দেশৰ কৃষকসকলৰ ঋণ আছিল…ছয় লাখ কোটি টকা…..কিমান…ছয় লাখ কোটি টকা, এতিয়া তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে ঋণ ৰেহাইৰ কথা ঘোষণা কৰা অনুসৰি এই ছয় লাখ কোটি টকা মাফ হ’ব লাগিছিল নে নাই….আপোনালোকে সামান্য চিন্তা কৰি কওক, মাফ হ’ব লাগিছিল নে নাই…২০০৯ চনত নিৰ্বাচন হ’ল…পুনৰবাৰ তেওঁলোকে গাদী খামুচি ল’লে, পুনৰবাৰ ৰিমোট কণ্ট্ৰ’ল আৰম্ভ হৈ গ’ল…আৰু কি হ’ল গম পায়, কি হ’ল গম পায়……দেশৰ কোনেও গম নাপায়, সকলো অন্ধকাৰত আছে আৰু এওঁলোকৰ সাংগো-পাংগসমূহো নিশ্চুপ….ছয় লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়াৰ কথা আছিল, ৰেহাই কিমান দিলে…কেৱল….কেৱল….সংখ্যাটো লক্ষ্য কৰক, ছয় লাখ কোটিৰ ভিতৰত মাত্ৰ ৫২ হাজাৰ কোটি টকা মাফ কৰিলে৷ কিমান মাফ কৰিলে…কিমান মাফ কৰিলে…কিমান মাফ কৰিলে….কিমান কৰাৰ কথা আছিল….আপোনালোকে মোক কওক, এনেকুৱা মিছা কথা প্ৰচাৰ কৰা সকলক দেশৰ কৃষকে কেনেকৈ বিশ্বাস কৰিব….এনেকুৱা মিছা কথা কোৱা লোকসকলক শাস্তি দিব লাগে নে নালাগে..আৰু ভাই-ভনীসকল, এই ৫২ হাজাৰ কোটি টকাও দহ বছৰত তাকো এবাৰ যেতিয়া নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ কথা কৈ যি তালিকা প্ৰস্তুত কৰিছিল, ১২-১৩ কোটি কৃষকসকলৰ পৰা মাত্ৰ ২ নে ৩ কোটি কৃষকক এই ৫২ হাজাৰ কোটি টকা প্ৰদান কৰা হ’ল৷ তাতেও ৩৫ লাখ লোক এনে ওলাল যাৰ খেতিৰ সৈতে কোনো সম্বন্ধই নাছিল…ভাইসকল কওক…ইমান বৃহৎ কেলেংকাৰী….এনেকুৱা লোকক মাফ কৰিব পাৰিনে….এনেকুৱা লোকক মাফ কৰিবনে?
ভাতৃ আৰু ভগ্নীসকল, দহ বছৰত ৫২ হাজাৰ…আমি যি যোজনা আনিছো, সেয়া প্ৰতি বছৰে…প্ৰতি বছৰে এটা সময়ৰ বাবে নহয়…প্ৰতি বছৰে…বছৰে তিনিবাৰকৈ চৰকাৰী কোষৰ পৰা প্ৰতি বছৰে ৭৫ হাজাৰ কোটি টকা কৃষকসকলৰ একাউণ্টত জমা হ’ব৷ তেওঁলোকে দহ বছৰত ৫২ হাজাৰ কোটি টকা দিছিল৷ আমি দহ বছৰত চাৰে সাত লাখ কোটি টকা দিম…কিমান….চাৰে সাত লাখ কোটি টকা…কিমান…চাৰে সাত লাখ কোটি টকা…কোনো মধ্যভোগী নাথাকিব, কোনো দালাল নাথাকিব, কোনো তোৰ-মোৰ নাথাকিব, জাতি-ধৰ্মৰ কথা নাথাকিব, যিসকলৰ ৫ কঠাতকৈ কম ভূমি আছে তেওঁলোকৰ একাউণ্টত প্ৰত্যক্ষভাৱে ধন জমা হ’ব৷
ভাতৃ আৰু ভগ্নীসকল, তেওঁলোকৰ যোজনা…দহ বছৰত এবাৰ ভোট সংগ্ৰহৰ বাবে আছিল, কৃষকৰ চকুত ধূলি উৰোৱাৰ বাবে আছিল…তাত গাঁৱত যদি এশ কৃষক আছে..তেন্তে ২০ জনে পাইছিল, ক’ৰবাত ২২ জনে পাইছিল, ক’ৰবাত ২৫ জনে পাইছিল৷ আমাৰ যোজনা এনেকুৱা য’ত প্ৰতিবছৰে পাব, দেশৰ ১২ কোটি কৃষকে পাব আৰু গাঁৱৰ হিচাপ যদি উলিওৱা হয় তেন্তে এশ জনৰ নব্বৈজনে পাব৷ চিন্তা কৰক, কৃষকসকলক প্ৰত্যক্ষভাৱে ধন প্ৰদান কৰি গ্ৰামীণ অৰ্থব্যৱস্থাত কিমান ডাঙৰ বিনিয়োগ মোদী চৰকাৰে কৰি আছে৷ আপোনালোকে ধাৰণা কৰিব পাৰে৷
বন্ধুসকল, আমাৰ বাবে ঋণ ৰেহাইৰ সিদ্ধান্ত অতিশয় সহজ আছিল…একো কঠিন নাছিল৷ আমিও ৰেবৰী বিলাই দিলোহেঁতেন, আমিও নিৰ্বাচনত নিজৰ খেল খেলিলোহেঁতেন…কিন্তু মোদীয়ে এনেকুৱা পাপ কেতিয়াও নকৰে৷ মোদীয়ে এনেকুৱা পাপ কামৰ কথা চিন্তাই নকৰে৷
আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাতো প্ৰায় এক লাখ কোটি টকা খৰচ কৰিছে৷ ইমান বৃহৎ ৰাশি আমি বিনিয়োগ কৰিছো যাতে দেশত যি সিঞ্চন যোজনা ত্ৰিশ-চল্লিশ বছৰ ধৰি আধৰুৱা হৈ আছিল সেয়া পূৰণ কৰিব পাৰি৷
আমি সমগ্ৰ দেশৰ ৯৯টা এনেকুৱা প্ৰকল্প বাচনি কৰিলো য’ত ৭০টাতকৈও অধিক এতিয়া সম্পূৰ্ণ হোৱাৰ পথত৷ এই প্ৰকল্পসমূহৰ বাবে কৃষকসকলে লক্ষাধিক হেক্টৰ মাটিত সিঞ্চনৰ সুবিধা লাভ কৰিছে আৰু এই কামে কৃষকসকলৰ ভৱিষ্যতৰ প্ৰজন্মকো উপকৃত কৰিব৷
বন্ধুসকল, এই সিঞ্চন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে কোনো প্ৰদৰ্শনী হোৱা নাছিল, কোনো চাপ প্ৰদান কৰা হোৱা নাছিল৷ সিঞ্চন যোজনাসমূহৰ পূৰণ কৰি ঋণ ৰেহাই দিয়া অতি সহজ পথ আছিল৷ কিন্তু প্ৰকৃততে ঋণ ৰেহাইৰ দ্বাৰা ঊৰ্ধস্তৰৰ কিছুমান কৃষক লাভান্বিত হ’ল, কংগ্ৰেছ সাংগো-পাংগবোৰৰ হ’ল, মোৰ দুখীয়া কৃষক ভাইসকলৰ নহ’ল৷ তাকো যিসকল কৃষকে বেংকৰ পৰা ধাৰে লৈছিল তেওঁলোকৰ কিছুমানে ৰেহাই পাইছিল, কিন্তু যিসকল কৃষকে বেংকৰ পৰিৱৰ্তে অন্য উৎসৰ পৰা লৈছিল..আমাৰ দেশত তেনে কৃষকৰ সংখ্যা লাখত নহয়, কোটিত আছে৷
মোৰ কৃষক ভাতৃ-ভগ্নীসকল, এয়া নতুন ভাৰত৷ ইয়াত কেন্দ্ৰ চৰকাৰে যিমান ধন দুখীয়াৰ বাবে, কোনো কৃষকৰ বাবে প্ৰদান কৰে সেই সকলোবোৰ তেওঁলোকৰ একাউণ্টত প্ৰদান কৰা হয়৷ এতিয়া সেই দিন নাই, য’ত কেন্দ্ৰ চৰকাৰে এক টকা দিছিল আৰু তাৰে ১৫ পইচাহে পোৱা গৈছিল…মাজতে মধ্যভোগীয়ে ৮৫ পইচা হৰলুকী কৰিছিল আৰু কেৱল ১৫ পইচা পাইছিল, ১৫ পইচা…
পিএম কৃষক সন্মান নিধিক সম্পূৰ্ণ ছিদ্ৰবিহীনভাৱে নিৰ্মাণ কৰা হৈছে যাতে আপোনালোক কৃষক ভাই-ভনীসকলৰ অধিকাৰ কোনেও কাঢ়িব নোৱাৰে৷ এই যোজনাত কোনো প্ৰকাৰ মধ্যভোগীৰ স্থান নহ’ব৷ যদি আপোনালোকৰ ওচৰত আধাৰ নম্বৰ নাই তেন্তে আবেদন কৰিব পাৰে৷ তাৰে পঞ্জীকৰণ নম্বৰেই ইয়াৰ বাবে যথেষ্ট হ’ব৷ অৱশ্যে জন-ধন একাউণ্ট যদি মুকলি হৈছে..যদি হোৱা নাই, তেন্তে তেওঁ একাউণ্ট খুলিব লাগিব কাৰণ টকা একাউণ্টলৈহে যাব৷ মই কোনো মধ্যভোগীৰ হাতলৈ এপইচাও যাব নিদিও৷
বন্ধুসকল, সমূহ হিতাধিকাৰীৰ তালিকা…এয়াও আপোনালোকে গাঁওসমূহত প্ৰচাৰ কৰিব যে এয়া নীতিপৰায়ণতাৰে সম্পন্ন কৰা পথ৷ বন্ধুসকল, সমূহ হিতাধিকাৰীৰ তালিকা প্ৰথমে গাঁও পঞ্চায়তসমূহত প্ৰদৰ্শিত কৰা হ’ব আৰু পিছত ইয়াক অনলাইন পিএম কৃষক প’ৰ্টেলত আপলোড কৰা হ’ব৷ সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে…যদি আপুনি নিজকে এই যোজনাৰ হিতাধিকাৰী বুলি ভাবে কিন্তু তালিকাত আপোনাৰ নাম নাই, তেন্তে ব্লকত অথবা জিলা প্ৰশাসনৰ সৈতে সম্পৰ্ক কৰিব পাৰে৷
ভাতৃ আৰু ভগ্নীসকল, আমাৰ চৰকাৰে এক নতুন ব্যৱস্থাৰ সৈতে বীজৰ পৰা বজাৰলৈ, খেতিৰ পৰা হাট পৰ্যন্ত নতুন ব্যৱস্থাৰ নিৰ্মাণ কৰি আছে৷ যি কথা পূৰ্বে জনতাই অসম্ভৱ বুলি ভাবিছিল তাক সম্ভৱ কৰি তুলিছে৷ যোৱা চাৰে চাৰি বছৰত চৰকাৰে দুটা পৰ্যায়ত ১৭ কোটিতকৈও অধিক লোকক ভূমি স্বাস্থ্য কাৰ্য প্ৰদান কৰিছে৷ ইউৰিয়াৰ এশ শতাংশ নীম কোটিঙৰ সিদ্ধান্তৰ দ্বাৰা সাৰৰ দুষ্প্ৰয়োগ..সাৰৰ চুৰি প্ৰতিৰোধ কৰিছো৷ ভাল বীজৰ বাবে আমি গৱেষণা কাৰ্যক উৎসাহ প্ৰদান কৰিছো৷
বন্ধুসকল, খেতিত হোৱা খৰচ কম কৰাৰ প্ৰচেষ্টাৰ সৈতে কৃষকসকলক উৎপাদিত সামগ্ৰীৰ যাতে উচিত দাম প্ৰদান কৰিব পাৰি তাৰবাবেও অনেক প্ৰয়াস কৰা হৈছে৷ আমাৰ চৰকাৰেই এমএছপিত কৃষকসকৰ বৰ্ষ পুৰণি দাবী পূৰণ কৰিছে৷ ৰবি আৰু খাৰিফৰ ২২ বিধ ফচলৰ সমৰ্থন মূল্য ব্যয়ৰ ডেৰ গুণতকৈও অধিক নিৰ্ধাৰণ কৰা হৈছে৷ আৰু ভাই-ভনীসকল, আজি যিয়ে কৃষকৰ নামত ঘৰিয়ালৰ চকু পানী টুকিছে…২০০৭ চনৰ পৰা এমএছপিৰ ফাইল তেওঁলোকৰ ওচৰত পৰি আছিল..ফাইল তলত পেলাই থৈছিল…যদি ২০০৭ চনত আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন..তেন্তে মোৰ দেশৰ কৃষক কেতিয়াও ঋণী নহ’লহেঁতেন..এয়া আপোনালোকৰ পাপ….আপোনালোকৰ বেইমানী, যিয়ে মোৰ দেশৰ কৃষকক ধ্বংস কৰিছে৷
ভাতৃ আৰু ভগ্নীসকল, বতৰৰ প্ৰভাৱৰ পৰা কৃষকসকলক বচোৱাৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা প্ৰণয়ন কৰা হ’ল৷ ভাতৃ আৰু ভগ্নীসকল, কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে আৰু ইয়াৰ ব্যয় কম হয়, তাৰবাবেও অনেক প্ৰয়াস কৰা হৈছে৷ ই-নাম প্লেটফ’ৰ্মৰ দ্বাৰা দেশৰ শতাধিক বজাৰক সংযোজিত কৰাৰ কাম চলি আছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে দেশৰ যিকোনো বজাৰত অনলাইনৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ ইয়াত কোনো মধ্যভোগীয়ে মূল্যৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব৷ অনাগত এক দুই বছৰৰ ভিতৰত এই প্ৰক্ৰিয়া অধিক প্ৰসাৰিত হ’ব৷
বন্ধুসকল, কৃষকসকলে যাতে নিজৰ আয় দুগুণ কৰিব পাৰে, ইয়াৰ বাবে চৰকাৰে খেতিৰ পৰম্পৰাগত প্ৰথাৰ বাহিৰে অন্য বিকল্পসমূহকো উৎসাহিত কৰিছে৷ মৌমাখি পালন, জৈৱিক খেতি, ৰেচমৰ উৎপাদন, সৌৰ খেতি আদিৰ দৰে অনেক ক্ষেত্ৰত আমি কৃষকক আগুৱাই লৈ গৈছো৷ ইয়াৰ বাহিৰেও পশুপালন আৰু মীন পালনৰ বাবেও আমাৰ প্ৰয়াস অহৰহ অব্যাহত আছে৷
ভাতৃ আৰু ভগ্নীসকল, খেতিয়েই হওক অথবা অন্য ব্যৱসায়, এই সকলোবোৰৰ প্ৰসাৰণৰ বাবে বেংকৰ পৰা ঋণ প্ৰাপ্তিৰ সুবিধাও সহজ কৰি তোলা হৈছে৷ ইয়াৰ ফলস্বৰূপে যোৱা বছৰত ১১ লাখ কোটি টকাতকৈও অধিক কৃষি ঋণ কৃষকসকলক প্ৰদান কৰা হৈছে৷
বন্ধুসকল, কৃষক ভাই-ভনীসকলক ঋণ প্ৰদান কৰা ব্যৱস্থা যাতে সহজ হয় তাৰবাবে আমি এক ডাঙৰ সিদ্ধান্ত লৈছো, বহু ডাঙৰ সিদ্ধান্ত৷ পূৰ্বতে কিষাণ ক্ৰেডিট কাৰ্যৰ জৰিয়তে কেৱল ১ লাখ টকা পৰ্যন্ত ঋণ বিনা গেৰাণ্টীৰে প্ৰদান কৰা হৈছিল, কিন্তু এতিয়া ইয়াৰ সীমা বৃদ্ধি কৰা হৈছে৷ এতিয়া মোৰ কৃষক ভাইসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ১ লাখ নহয়…১ লাখ ৬০ হাজাৰ টকালৈ বিনা গেৰাণ্টীৰে ঋণ লাভ কৰিব পাৰিব৷
আজিৰ পৰাই আমাৰ দুগ্ধ উৎপাদক তথা মৎস পালনকাৰীসকলেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব৷ যাৰ ওচৰত কিষাণ ক্ৰেডিট কাৰ্ড নাই তেওঁলোকক পৃথকে পশুপালন আৰু মীন পালনৰ বাবে দুই লাখ টকাৰ কিষাণ ক্ৰেডিট কাৰ্ড বেংকৰ দ্বাৰা প্ৰদান কৰোৱা হ’ব৷ ইয়াৰ দ্বাৰা এই দুয়োটা ক্ষেত্ৰত পুঁজিৰ উপলব্ধতা বৃদ্ধি হ’ব আৰু আণাৰ পশুপালক তথা মৎসজীৱি ভাই-ভনীসকলে অন্য লোকৰ পৰা ঋণ ল’বলগীয়া নহ’ব৷ মৎস পালনৰ সৈতে জড়িত প্ৰতিটো পদক্ষেপক মনোযোগ প্ৰদান কৰাৰ বাবে চৰকাৰে পৃথকে এক বিভাগ সৃষ্টি কৰাৰ বাবেও ঘোষণা কৰিছে৷
আপোনালোকে জানে যে দেশ স্বাধীন হোৱাৰ পিছতো আদীবাসীসকলৰ বাবে পৃথক মন্ত্ৰ্যালয় নাছিল৷ এয়া অটল বিহাৰী বাজপেয়ী….তেওঁ..আদিবাসীসকলৰ বাবে পৃথক মন্ত্ৰ্যালয়ৰ সৃষ্টি কৰিছিল৷ দেশ স্বাধীন হোৱাৰ পিছত উত্তৰ পূবৰ বিকাশৰ বাবে কোনো মন্ত্ৰ্যালয় নাছিল৷ অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূবৰ বিকাশৰ বাবে পৃথক মন্ত্ৰ্যালয়ৰ সৃষ্টি কৰিছিল৷ আৰু এতিয়া পুনৰবাৰ ভাজপাৰ চৰকাৰ আহিছে আৰু দেশৰ সামুদ্ৰিক তটত, নদীৰ তটত যি আমাৰ মাছুৱৈ ভাই-ভনী আছে তেওঁলোকৰ বিকাশৰ বাবে, তেওলোকৰ কল্যাণৰ বাবে পৃথক মন্ত্ৰ্যালয় সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ যাতে তেওঁলোকৰ বিকাশত বিশেষ ধ্যান দিয়া হয়৷
বন্ধুসকল, ইয়াৰ লগতে এনে এক ব্যৱস্থা কৰা হৈছে যে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা সৃষ্টি হোৱা স্থিতিত কৃষকসকলক কৃষি ঋণৰ ৰেহাইৰ সীমা এক বছৰৰ পৰা বৃদ্ধি কৰি তিনিৰ পৰা পাঁচ বছৰলৈ বৃদ্ধি কৰা হৈছে৷ এতিয়া ইয়াৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ পিছত কৃষকসকলে কাৰোপৰা ঋণ ল’বলগীয়া নহয়, তেওঁলোকে সময় পাব আৰু এই সময়খিনিৰ ভিতৰত যদি তেওঁলোকে ঋণ পৰিশোধ কৰে..এয়াও শুনক…যদি তেওঁলোকে ঋণ পৰিশোধ কৰে তেন্তে সুতত অতিৰিক্তভাৱে তিনি শতাংশ ৰেহাইৰ সুবিধা লাভ কৰিব৷
ভাই আৰু ভনীসকল, গোৰখপুৰ আৰু পূৰ্বাঞ্চলৰ পশুপালক, দুগ্ধ উৎপাদকসকলৰ বাবেতো আজি দুগুণ আনন্দৰ দিন কাৰণ আজিয়েই প্ৰতিদিনৰ ১ লাখ লিটাৰৰ ক্ষমতাসম্পন্ন নতুন ডেইৰীৰ লোকাৰ্পণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা প্ৰায় ৫০ হাজাৰ দুগ্ধ উৎপাদত প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব আৰু লগতে কৰ্ম সংস্থাপনৰো সৃষ্টি হ’ব৷
ভাই আৰু ভনীসকল, পশুপালকৰ বাবে আৰু এটা ভাল খবৰ আছে.… আমাৰ চৰকাৰে পোন প্ৰথমবাৰৰ বাবে দেশী গাই আৰু ম’হক উৎপাদন বৃদ্ধিৰ বাবে যোৱা বছৰত ৰাষ্ট্ৰীয় গোকুল অভিযানৰ আৰম্ভ কৰিছিল৷ এই বছৰত ইয়াৰ প্ৰসাৰণ কৰি ৰাষ্ট্ৰীয় কামধেনু আয়োগ সৃষ্টি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই আয়োগে পশুধনৰ সৈতে জড়িত আইন, নীতিসমূহৰ পৰীক্ষা কৰিব আৰু গাখীৰৰ উৎপাদন কেনেদৰে অধিক হ’ব তাৰ উপায় প্ৰদান কৰিব৷ এই আয়োগৰ এক গুৰুত্বপূৰ্ণ কাৰ্য হ’ল গোমাতাৰ কল্যাণ, সমগ্ৰ দেশত গোশালাৰ উপলব্ধতা তথা ইয়াৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানো কৰা৷
বন্ধুসকল, এইদৰে এক বৃহৎ যোজনা…এই যোজনাও মোৰ কৃষক ভাই-ভনীসকল, সমগ্ৰ দেশৰ কৃষক ভাই-ভনীসকল আৰু এই যোজনাৰ এটা কথা ক’বলৈ ওলাইছো যে কিদৰে ই আপোনাৰ ডাঙৰ কাম কৰিব৷ ইয়াৰ ধাৰণা আপোনালোকে কৰিব পাৰে…আমি এক নতুন যোজনা প্ৰস্তুত কৰিছো৷ কৃষক শক্তি সুৰক্ষা তথা উত্থান অভিযান আৰু এই সপ্তাহত আমি ইয়াৰ অনুমোদনো প্ৰদান কৰিছো৷ ইয়াৰ অধীনত কৃষকসকলক ১৭ লাখতকৈও অধিক সৌৰ পাম্পৰ সাহায্য প্ৰদান কৰা হ’ব৷ ইয়াৰ দ্বাৰা যি সিঞ্চন কাৰ্য হ’ব তাৰ দ্বাৰা বিদ্যুতৰ ব্যয়, ডীজেলৰ ব্যয়ৰ পৰা মুক্তি লাভ কৰিব৷
ইয়াৰোপৰি দহ লাখ সৌৰ পাম্পত বিদ্যুতৰ গ্ৰীডৰ সৈতে সংযুক্ত কৰাত কৃষকসকলক সহায় প্ৰদান কৰা হ’ব যাৰ দ্বাৰা সিঞ্চন বিনামূলীয়াকৈ কৰাৰ উপৰিও সৌৰ পেনেলৰ পৰা যদি অধিক বিদ্যুৎ উৎপন্ন হয়, প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপন্ন হয় তেন্তে সেই বিদ্যুতো চৰকাৰক বিক্ৰী কৰি মোৰ কৃষক ভাইসকলে ধন উপাৰ্জন কৰিব পাৰিব…সেই দৰে কৃষকসকলৰ অনুৰ্বৰ ভূমিত পাঁচশ কিলোৱাটতকৈও অধিক মেগাৱাটৰ সৌৰ পেনেল স্থাপন কৰাৰো যোজনা চলোৱা হৈছে৷ এয়া হৈছে অন্নদাতাক শক্তিদাতা হিচাপে গঢ়ি তোলাৰ আমাৰ ব্যাপক অভিযানৰ অংশ৷ এতিয়া মোৰ কৃষক অন্নদাতা হোৱাৰ লগতে দেশৰ শক্তিদাতা হিচাপেও পৰিচিত হ’ব৷
বন্ধুসকল, আমাৰ চৰকাৰে আদিবাসী ভাই-ভনীসকলৰ আয় বৃদ্ধি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ আমাৰ আদিবাসী কৃষকসকলৰো কল্যাণ হওক, বন্ধন যোজনাৰ জৰিয়তে এয়া সুনিশ্চিত কৰা হৈছে যে অৰণ্যৰ পৰা যি উৎপাদন হয় তাৰে উন্নত মূল্য যাতে কৃষকসকলে পায় তাৰবাবে বন্ধন কেন্দ্ৰ প্ৰস্তুত কৰা হৈছে৷ বনজাত সম্পদৰ ওপৰত যি সমৰ্থন মূল্য চৰকাৰে প্ৰদান কৰে তাত বিগত চাৰে চাৰি বছৰত তিনি বাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে৷ ডিচেম্বৰতেই ২৩ বিধ উপজাত সামগ্ৰীৰ সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে৷ এয়াই নহয়, এই সময়চোৱাত চৰকাৰৰ দ্বাৰা এমএছপিৰ অধীনৰ ফচলৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ চাৰে চাৰি বছৰ পূৰ্বে অৰণ্যৰ পৰা লাভ কৰা এমএছপিযুক্ত উপজাত সামগ্ৰীৰ পৰিমাণ আছিল দহবিধ৷ আৰু এতিয়া এই সংখ্যা বৃদ্ধি হৈ আদিবাসী কৃষকসকলৰ বাবে প্ৰায় ৫০ বিধ কৰা হৈছে৷
মোৰ মৰমৰ ভাই আৰু ভনীসকল, চৰকাৰে বিশেষকৈ অৰণ্যত বাস কৰা বাসিন্দাৰ বাবে বাঁহৰ সৈতে জড়িত আইনতো উল্লেখযোগ্য পৰিৱৰ্তন সাধিত কৰিছে৷ এতিয়া আপুনি নিজৰ খেতিতো বাঁহ উৎপাদন কৰিব পাৰে আৰু তাক বিক্ৰী কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে৷ প্ৰথমে এয়া সম্ভৱ নাছিল৷ কাৰণ বাঁহক বৃক্ষৰ শ্ৰেণীৰ শ্ৰেণীভুক্ত কৰা হৈছিল৷ কেৱল বাঁহৰ খেতিকেই কৰক, এয়াই নহয়, ইয়াৰ বাবে যাতে বজাৰৰো সৃষ্টি হয় এই সন্দৰ্ভতো কাম কৰা হৈছে৷
বন্ধুসকল, খেতিৰ সৈতে গাঁও আৰু কৃষকৰ সকলো প্ৰয়োজনীতাসমূহৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াত গোৰখপুৰত সাৰ কাৰখানাৰো ওপৰত কাম চলি আছে৷ এই কাৰখানা পুনৰবাৰ এই চহৰৰ পৰিচয় হৈ উঠিব৷ ইয়াৰ দ্বাৰা কৃষকসকলে পৰ্যাপ্ত মাত্ৰাত ইউৰিয়াতো লাভ কৰিবই লগতে কৃষকসকলৰ ব্যয়ো কম হ’ব৷
ভাতৃ আৰু ভগ্নীসকল, পূ্ৰ্বাঞ্চলত আজি যি এই সভা হৈ আছে, ইয়াৰ দ্বাৰা সমগ্ৰ ক্ষেত্ৰ পৰিৱৰ্তনৰ দৌৰত চামিল হৈছে৷ উদ্যোগেই হওক, সংযোগেই হওক অথবা স্বাস্থ্য সুবিধাই হওক, পৰিৱৰ্তনৰ স্পষ্ট অনুভৱ পৰিলক্ষিত হৈছে৷ স্বাস্থ্যৰ ক্ষেত্ৰতো অধিক প্ৰগতি হৈছে৷ অলপতে প্ৰকাশ হোৱা এক প্ৰতিবেদন অনুসৰি এনকেফেলাইটিছৰ ফলত এইবাৰ যোৱা বছৰৰ তুলনাত বহু শিশুৰ প্ৰাণৰক্ষা সম্ভৱ হৈছে৷
বন্ধুসকল, পূৰ্বাঞ্চলৰ স্বাস্থ্য সুবিধা অধিক শক্তিশালী কৰাৰ বাবে আজি অনেক প্ৰকল্পৰ লোকাৰ্পণ তথা আধাৰশিলা স্থাপন কৰা হৈছে৷ বাবা ৰাঘৱ দাস চিকিৎসা মহাবিদ্যালয়ত ২০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ লোকাৰ্পণ আজি কৰা হৈছে৷ গোৰখপুৰৰ এইমছৰ অপিডি ভৱন উৎসৰ্গিত কৰা হৈছে৷ আজিৰে পৰা ইয়াত ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব৷
বন্ধুসকল, পূৰ্বাঞ্চল…পূব ভাৰতত সুবিধা, উদ্যমী আৰু কৰ্ম সংস্থাপনৰ এক বৃহৎ কেন্দ্ৰ স্থাপিত হ’ব৷ এয়া পৰিলক্ষিত কৰি ইয়াৰে যোগাযোগ ব্যৱস্থাৰ আধুনীকিকৰণ কৰা হৈছে৷ গোৰখপুৰ কেণ্ট, কাপ্তান গঞ্জ, বাল্মিকী নগৰ অংশৰো বৈদ্যুতিকীকৰণ কৰা হৈছে৷ সেইবাবে এতিয়া অংশত বিদ্যুতৰ দ্বাৰা ৰে’ল চলিব আৰু ইয়াৰ ফলত সময়ো ৰাহি হ’ব আৰু ইয়াৰ যি বৈদ্যুতিক ল’ক’ শ্বেড আছে, ইয়াৰ দ্বাৰা বাৰাণসীৰ সৈতে ইয়াতো বৈদ্যুতিক বৈদ্যুতিক ইঞ্জিন নিৰ্মাণ কৰিব পৰা হ’ব৷ ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে কৰ্ম সংস্থাপন সৃষ্টি হোৱাৰ লগতে আশে-পাশে অনেক সহায়ক উদ্যোগো স্থাপন হ’ব৷
বন্ধুসকল, আমাৰ চৰকাৰৰ প্ৰয়াস হ’ল গোৰখপুৰ সহিতে পূৰ্বাঞ্চলত স্বচ্ছ ইন্ধন আৰু গেছ আধাৰিক অৰ্থব্যৱস্থাকো বিকশিত কৰা৷ প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাৰ পূৰ্বে ইয়াৰ সাৰ কাৰখানা তথা ঘৰসমূহত পাইপযুক্ত গেছৰ দৰে প্ৰকল্পসমূহৰ সুবিধা প্ৰদান কৰা হৈছে৷ আজি ৯ হাজাৰ কোটি টকাৰ আৰু এটা গেছ যোজনাৰ আধাৰশিলা স্থাপন কৰা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, এই সমগ্ৰ যোজনা আৰু প্ৰকল্পসমূহ সকলোৰে সৈতে সকলোৰে বিকাশৰ এক জাগ্ৰত উদাহৰণ৷ বিগত চাৰে চাৰি বছৰত কেন্দ্ৰ চৰকাৰে এই মূলমন্ত্ৰৰ ওপৰত ভিত্তি কৰি দেশত জনকল্যাণ আৰু বিকাশৰ এক নতুন ধাৰা প্ৰবাহিত কৰিছে৷ লাগিলে সেয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, উজ্বলা যোজনাই হওক, সৌভাগ্য যোজনাই হওক, আয়ুষ্মান যোজনাই হওক, এনেকুৱা বহু যোজনাৰ হিতাধিকাৰীসকলৰ বাচনি বৈজ্ঞানিক ভিত্তিত কৰা হৈছে৷
যি কোনো জাতি, বৰ্গ, সম্প্ৰদায়েই নহওক কিয়, তেওঁলোকে আমাৰ চৰকাৰৰ যোজনাসমূহৰ দ্বাৰা উপকৃত হ’বই৷ কোনোবাই কোৱাৰ ফলত কাৰোবাৰ নাম দিয়া অথবা কটোৱা কাৰ্য এতিয়া বন্ধ হৈছে৷ তাৰোপৰি জনধন, আধাৰ আৰু ম’বাইলৰ দৰে আধুনিক ব্যৱস্থাৰ দ্বাৰা মধ্যভোগী তথা ভুৱা কামসমূহ প্ৰণালীৰ পৰা দূৰ কৰা হৈছে৷ এইবাবেই আজি দেশে, বিশ্বৰ বিভিন্ন সমীক্ষাত ভাৰতে দ্ৰুত গতিত দৰিদ্ৰতাৰ পৰা মুক্তি পোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি পৰিলক্ষিত হৈছে৷
বন্ধুসকল, এই সকলোবোৰ কিয় হ’বলৈ পাইছে…এই সকলোবোৰ এইকাৰণেই হ’ব পাৰিছে…কিয় হৈছে হৈছে মহাশয় এইবোৰ…এয়া কি হৈছে….ইমানবোৰ কাম কিয় হৈছে এতিয়া….কি কাৰণ…কি কাৰণ….কি কাৰণ…আৰে মোদী কাৰণ নহয়, ইয়াৰ কাৰণ গ’ল আপোনালোক ভাই-ভনীসকল যিয়ে ২০১৪ চনত…আপোনালোক মোৰ দেশবাসী, আপোনালোক মোৰ উত্তৰ প্ৰদেশৰ ভাই-ভনী যিয়ে ২০১৪ চনত এক শক্তিশালী চৰকাৰ গঠনৰ বাবে এক জনাদেশ দিছিল আৰু সেইবাবেই এইবোৰ হৈছে৷ দুখীয়াৰ হিতত আমাৰ চৰকাৰে ডাঙৰ-ডাঙৰ লোকৰ সৈতে, ডাঙৰ-ডাঙৰ ভ্ৰষ্টাচাৰীসকলৰ সৈতে এইবাবেই যুঁজিব পাৰিছে কাৰণ আপোনালোকে বহুমত প্ৰদান কৰিছিল আৰু এনেকুৱা সিদ্ধান্ত লোৱাৰ শক্তি আপোনালোকে মোক প্ৰদান কৰিছে৷ এই শক্তি এইদৰেই গঠন হৈছে, আপোনালোকৰ আশীৰ্বাদ এইদৰেই বৰষি থাকক এই কামনাৰ সৈতে মোৰ দেশৰ সকলো কৃষক ভাই-ভনীক আজিৰ এই গুৰুত্বপূৰ্ণ যোজনাৰ দ্বাৰা লোকাৰ্পণৰ সময়ত শিৰ দোঁৱাই নমস্কাৰ কৰিছো, আপোনালোকক অভিনন্দন জনাইছো৷ আৰু কৃষক সন্মান নিধিৰ সুবিধা সকলো ১২ কোটি কৃষকে যাতে শীঘ্ৰে লাভ কৰে, প্ৰতি বৰ্ষতেই পাওক…এই কামনাৰ সৈতে পুনৰবাৰ মই আপোনালোকক অশেষ ধন্যবাদ প্ৰদান কৰিছো৷
মোৰ সৈতে দুয়োখন হাতৰ মুঠি বন্ধ কৰি ডাঙৰকৈ কওক
ভাৰত মাতাৰ জয়
ভাৰত মাতাৰ জয়
ভাৰত মাতাৰ জয়
অশেষ ধন্যবাদ৷
***
अतुल कुमार तिवारी/शाहबाज हसीबी/ममता/MANN
(Release ID: 1567237)
Visitor Counter : 113