কেবিনেট


কানপুৰত ৰাজহুৱা নগৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নলৈ ব্যাপক উদগনি

কানপুৰ মেট্ৰ’ ৰে’ল প্রকল্পলৈ কেন্দ্রীয় কেবিনেটৰ অনুমোদন

১১০৭৬.৪৮ কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব ৫ বছৰত


Posted On: 28 FEB 2019 10:35PM by PIB Guwahati

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত কানপুৰ মেট্র’ ৰে’ল প্রকল্পলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে এই প্ৰকল্পটোত থাকিব দুটাকৈ কৰিড’ৰ। মূলতঃ কানপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহত থকা বিভিন্ন পৰিচিত গুৰুত্বপূৰ্ণ স্থান, পর্যটনক্ষেত্ৰ আৰু আবাসিক এলাকাসমূহক সংযোজিত কৰিবলৈ গ্ৰহণ কৰা হৈছে এই পদক্ষেপএই মেট্র’ ৰে’ল প্রকল্প ৰূপায়িত হ’লে ৰাস্তা-ঘাটৰ যানজঁট যথেষ্ট পৰিমাণে হ্ৰাস পাব, বাহন চলাচলৰ গতি বৃদ্ধি হ’ব আৰু প্ৰদূষণ হ্ৰাস পাবৰিডৰৰ দুয়ো ফালে আবাসিক আৰু বাণিজ্যিক এলাকাসমূহৰ উন্নয়ন হ’ব পৰিবহণৰ দিশেৰে চাবলৈ গ’লেও ব্যাপকভাৱে সহায়ক বিবেচিত হ’ব এই মেট্ৰ’ ৰে’ল ব্যৱস্থা।

 

আইআইটিৰ পৰা নাওবস্তা কৰিডৰৰ দৈর্ঘ্য হ’ব ২৩.৭৮৫ কিলোমিটাৰইয়া মাজতে কিছু অংশ মাটিৰ ওপৰত থাকিব আৰু কিছু অংশ থাকিব মাটিৰ তলতওপৰেৰে থাকিব ২২ টা ষ্টেশ্যন আৰু মাটিৰ তলেৰে থাকিব ৮ টা ষ্টেশ্যন। কৃষি বিশ্ববিদ্যালয়ৰ পৰা বাৰৰা-৮ পর্যন্ত ব্যাপ্ত কৰিডৰটোৰ দৈর্ঘ্য হ’ব ৮.৬ কিলোমিটাৰইয়াৰ মাজতে মাটিৰ ওপৰেৰে থকা পথত চাৰিটা আৰু মাটিৰ তলেৰে থকা পথত চাৰিটা ষ্টেশ্যন থাকিবপ্রকল্পৰ সৰ্বমুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১১০৭৬.৪৮ কোটি টকা। প্রকল্পটোৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ সময়ৰ প্ৰয়োজন হ’ব পাচ বছৰ।

 

আইআইটি কানপুৰৰ পৰা নাওবস্তা কৰিডৰটো চহৰৰ মাজেৰেই যাবঅঞ্চলটোৰ মুখ্য শিক্ষা প্রতিষ্ঠানসমূহ, ৰে’ল ষ্টেশ্যন, বাছ ষ্টেশ্যন, বিশ্ববিদ্যালয়, মেডিকেল কলেজ আদি এই কৰিডৰৰ আশে পাশেই থাকিবআনটো কৰিডৰে মূলতঃ জনবহুল আবাসিক এলাকাসমূহক সংযোগ কৰিব

 

ধাৰণা কৰা মতে এই কানপুৰ মেট্ৰ’ ৰে’ল প্রকল্পৰ ফলত প্ৰায় ৪০ লাখ লোক উপকৃত হ’বইয়াৰ উপৰিও বিভিন্ন বাণিজ্যিক কাম-কাজৰো প্রসাৰ ঘটিব

 

উল্লেখ্য যে এই প্ৰকল্পৰ সমগ্ৰ কাম সম্পাদন হ’ব কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত গঠিত উত্তৰ প্রদেশ মেট্ৰ’ ৰে’ল কর্প’ৰেশ্যনৰ অধীনতকেন্দ্রীয় চৰকাৰৰ সমান্তৰালকৈ উত্তৰপ্রদেশ চৰকাৰেও সমান পৰিমাণৰ ধন এই প্ৰকল্পত ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও সহজ চর্তসাপেক্ষ ঋণো গ্ৰহণ কৰা হ’ব ঋণ প্ৰদানকাৰী সংস্থাৰ পৰা২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ প্রদেশ চৰকাৰে ইতিমধ্যেই এই প্ৰকল্পৰ বাবে ১৭৫ কোটি টকা আবণ্টন দিছে।

 

*****

AKT/SH



(Release ID: 1567227) Visitor Counter : 69