কেবিনেট

আধাৰ আৰু অন্যান্য আইন (সংশোধনী) সংক্রান্তীয় অধ্যাদেশ, ২০১৯ লৈ কেবিনেটৰ অনুমোদন

Posted On: 28 FEB 2019 10:34PM by PIB Guwahati

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত আধাৰ আইন সংশোধনী ২০১৬, ধন আত্মসাৎ প্রতিৰোধ (সংশোধনী) আইন ২০০৫ আৰু ভাৰতীয় টেলিগ্রাম আইন (সংশোধনী), ১৮৮৫ সংক্রান্তীয় এক অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্তলৈ অনুমোদন প্ৰদান কৰা হৈছে। উল্লেখ্য যে ২০১৯ চনৰ ৪ জানুৱাৰী তাৰিখে লোকসভাত এই সংক্রান্তীয় যি বিধেয়ক গৃহীত হৈছে, এই অনুৰূপেই অধ্যাদেশসমূহৰ মূল বিষয়বস্তু হ’ব

 

নতুন সংশোধনীৰ ফলত ভাৰতৰ অন্যতম পৰিচিত কর্তৃপক্ষ UIDAI ক জনস্বার্থত আৰু আধাৰৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত আৰু অধিক ক্ষমতা প্ৰদান কৰা হৈছে। নতুন এই সংশোধনৰ ফলত আইনসভাত গৃহীত হোৱা কোনো আইন অবিহনে কোনো ব্যক্তিক তেওঁৰ পৰিচিতি প্রমাণ কৰাৰ বাবে আধাৰ সংখ্যাৰ বিষয়ে প্রমাণ দিয়াৰ প্ৰয়োজন নহ’ব। নতুন এই অধ্যাদেশত স্বেচ্ছাই আধাৰ সংখ্যা ব্যৱহাৰ আৰু বৈদ্যুতিন ধৰণে আধাৰ সংখ্যাৰ নথি পৰীক্ষণ ব্যৱস্থাৰ সুবিধা থাকিব। আনফালে, কোনো ব্যক্তিৰ প্রকৃত আধাৰ সংখ্যা প্রকাশ কৰিবলৈ নিবিচাৰিলে তেওঁলোকৰ বাবে এটা ১২ সংখ্যাৰ বিকল্প পৰিচিতিভিত্তিক সংখ্যা ব্যৱহাৰৰ অনুমোদন দিয়া হ’বযিবোৰ ক্ষেত্রত আধাৰৰ গোপনীয়তা আৰু নিৰাপত্তা বজাই ৰখাৰ নিশ্চয়তা দিয়া হ’ব, একমাত্র তেনে ক্ষেত্ৰতেই আধাৰ নথি পৰীক্ষণৰ বাবে প্ৰদান কৰা হ’ব। টেলিগ্রাম আইন ১৮৮৫ আৰু ধন আত্মসাৎ প্ৰতিৰোধ আইন ২০০৫ ৰ বাবে কেৱাইচি নথি হিচাপে স্বেচ্ছাই আধাৰ সংখ্যা ব্যৱহাৰৰ অনুমোদন দিয়া হ’ববেচৰকাৰী সংস্থাসমূহে যাতে কোনোধৰণেই আধাৰ সংখ্যা ব্যৱহাৰ কৰিব নোৱাৰে, সেই লক্ষ্যৰে আধাৰ আইনৰ ৫৭ নং ধাৰা উঠাই দিয়া হ’বআনফালে, UIDAI কর্তৃপক্ষৰ এক বিশেষ ব্যৱস্থা গঢ়ি তোলাৰ কথাও এই অধ্যাদেশত উল্লেখ কৰা হৈছে। আধাৰ আইন উলঙ্ঘন কৰিলে তাৰ যথোপযুক্ত শাস্তিৰ বিধানো এই অধ্যাদেশত উল্লেখ কৰা হৈছে।

 

*****

 

AKT/SH/RD


(Release ID: 1567197) Visitor Counter : 101