প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


কাইলৈ প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ ভ্ৰমণ

নন্দেদত একলব্য মডেল আৱাসিক বিদ্যালয় ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

আজনি-পুণে ৰে’ল আৰু ভুশাৱাল-বান্দ্ৰা খান্দেশ এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ-অফ

প্ৰধানমন্ত্ৰীয়ে পিএমকেএছৱাইৰ অধীনত মুকলি কৰিব ল’ৱাৰ পানাজাৰা মজলীয়া প্ৰকল্প

জলগাঁও-উধানা দ্বৈতকৰণ আৰু বৈদ্যুতিক ৰে’ল প্ৰকল্প মুকলি কৰা হ’ব

Posted On: 15 FEB 2019 3:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে মহাৰাষ্ট্ৰৰ য়াভাতমল আৰু ধুলে পৰিভ্ৰমণ কৰিব৷ তাতে তেওঁ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷

য়াভাতমলত

প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি নন্দেদত একলব্য মডেল আৱাসিক বিদ্যালয় মুকলি কৰিব৷ ৪২০জন শিক্ষাৰ্থীৰ সামৰ্থযুক্ত এই বিদ্যালয়খনত ষ্টেট-অব্-আৰ্টৰ সুবিধা প্ৰদান কৰা হব৷ ইয়াৰ দ্বাৰা জনজাতীয় শিক্ষাৰ্থীসকল উপকৃত হব৷

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত নিৰ্মাণ হোৱা গৃহসমূহৰ চাবি নিৰ্বাচিত হিতাধিকাৰীসকলক ই-গৃহ প্ৰৱেশৰ জৰিয়তে প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ভিডিঅলিংকযোগে আজনি (নাগপুৰ)-পুণে ৰেলৰ ফ্লেগ-অফ কৰিব৷ এই ৰেলখনত থ্ৰী-টায়াৰৰ দবা প্ৰদান কৰা হৈছে যি নাগপুৰৰ পৰা পুণেলৈ নিশা যাত্ৰা কৰিব৷ কেন্দ্ৰীয় পথ পুঁজি (চিআৰএফ)ৰ অধীনত পথসমূহৰ বুটাম টিপি আধাৰশিলা স্থাপন কৰা হব৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (এমএছআৰএলএম)ৰ অধীনত মহিলাৰ আত্মসহায়ক গোটসমূহলৈ স্বীকৃতিপত্ৰ/চেক প্ৰদান কৰিব৷ এমএছআৰএলএমৰ দ্বাৰা সামাজিক মবিলাইজেছনৰ জৰিয়তে বিত্তীয় সমাপন কৰি জীৱিকাৰ সুবিধা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

ধুলেত

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ধুলে ভ্ৰমণ কৰিব৷ তাতে তেওঁ পিএমকেএছৱাইৰ অধীনত লৱাৰ পানাজাৰা মজলীয়া প্ৰকল্প মুকলি কৰিব৷ এই প্ৰকল্পটো ২০১৬-১৭ চনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা (পিএমকেএছৱাই)ৰ অধীনত গ্ৰহণ কৰা হৈছিল৷ ইয়াৰ ১০৯.৩১ মেট্ৰিক ঘনমিটাৰৰ সামৰ্থৰ সৈতে ধুলে জিলাৰ ২১খন গাঁৱত ৭৫৮৫ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ ক্ষমতা আছে৷

প্ৰধানমন্ত্ৰীয়ে ছুলৱাড়ে জামফাল কানলি লিফ্ট জলসিঞ্চন আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ বাৰিষাৰ ঋতুৰ ১২৪ দিনত টাপি নদীৰ পৰা ৯.২৪ টিএমচি বানপানী সিঁচাৰ ক্ষমতা আছে৷ ইয়াৰ দ্বাৰা ধুলে জিলাৰ ১০০খন গাঁৱৰ ৩৩৩৬৭ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হব৷

প্ৰধানমন্ত্ৰীয়ে অমৃত যোজনাৰ অধীনত ধুলে চিটী পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা উদ্যোগ তথা বাণিজ্যিক উত্তৰণৰ বাবে প্ৰয়োজনীয় পানীৰ ব্যৱস্থাপনা সম্ভৱ হব৷

প্ৰধানমন্ত্ৰীয়ে ধুলে-নাৰদানা ৰেলৱে লাইন আৰু জলগাঁও-মানমাড় তৃতীয় ৰেলৱে লাইনৰ আধাৰশিলাও স্থাপন কৰিব৷ তেওঁ ভিডিঅলিংকযোগে ভুশাৱাল-বান্দ্ৰা খান্দেশ এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ্ কৰিব৷ ই মুম্বাই আৰু ভুশাৱালৰ মাজত নৈশ ৰেলযাত্ৰাৰ সুবিধা প্ৰদান কৰিব৷ এই ৰেলখন সপ্তাহত তিনি দিন চলিব৷

প্ৰধানমন্ত্ৰীয়ে জলগাঁও-উধানা দ্বৈতকৰণ আৰু বৈদ্যুতিক ৰেল প্ৰকল্পৰ মুকলি কৰিব৷ এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী কঢ়িওৱা সামৰ্থ বৃদ্ধি হব৷ ই নন্দুবাৰ, ব্যাৰা, ধাৰণগাঁও আৰু অন্য স্থানসমূহৰ উন্নয়নৰ অনুঘটক হিচাপে বিবেচিত হব৷

 

***

AKT/AK/VJ/MANN



(Release ID: 1564913) Visitor Counter : 96