প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে পেট্ৰ’টেক ২০১৯, ক’লে – আৰ্থসামাজিক বিকাশৰ মূল চালিকা শক্তিয়েই হৈছে শক্তি খণ্ড

তেল আৰু গেছৰ বাবে স্বচ্ছ-নিকা আৰু নমনীয় বজাৰৰ লগতে দায়বদ্ধ মূল্য ব্যৱস্থাৰ প্ৰয়োজন। - প্ৰধানমন্ত্ৰী

Posted On: 11 FEB 2019 2:02PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি উত্তৰ প্রদেশৰ গ্রেটাৰ নয়ডাত ইণ্ডিয়া এক্সপো চেন্টাৰৰ ভাৰতৰ ত্রয়োদশ ফ্লেগশ্বিপ হাইড্রো কার্বন সন্মিলন পেট্রোটেক ২০১৯ৰ উদ্বোধন কৰে

 

উদ্বোধনী ভাষণত প্রধানমন্ত্রীয়ে আর্থ-সামাজিক বিকাশৰ মূল চালিকাশক্তি হিচাপে শক্তি খণ্ডৰগুৰুত্বৰ কথা উল্লেখ কৰিকয়, অর্থ ব্যৱস্থাৰ দ্রুত বিকাশত মূল্যৰ স্থিতিস্থাপকতা, ধাৰাবাহিক শক্তি সৰবৰাহ আৰু সুলভ শক্তিৰ যোগানৰগুৰুত্ব অপৰিসীম এই সমগ্ৰ বিষয়বোৰে সমাজৰ দৰিদ্র আৰু নিস্পেষিত শ্রেণীৰলোকলৈ অর্থ-ব্যৱস্থাৰ সুফল প্ৰেৰণ কৰাত যথেষ্ট সহায় কৰিব।

 

পশ্চিমীয়া দেশবোৰৰ তুলনাতপূৱৰ দেশবোৰত এনে শক্তি (বিদ্যুত্ শক্তি, সৌৰ শক্তি)ৰ ক্রমবর্ধমান চাহিদাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়েকয়, খনিজ তেল বিপ্লৱৰপিছত মার্কিন যুক্তৰাষ্ট্র বিশ্বৰ বৃহৎ তেল আৰুগেছ উৎপাদনকাৰী দেশ হৈ উঠিছিল। দীৰ্ঘম্যাদী তথা স্থায়ী উন্নয়নৰ উদ্দেশ্যসমূহক্ষীপ্ৰতাৰেআহৰণৰ ক্ষেত্রতকম মূল্যতে পুনর্নবীকৰণযোগ্য শক্তি, প্রযুক্তি আৰু ডিজিটেল পদ্ধতি প্রয়োগৰমাজতযথাযথ ভাৰসাম্য ৰক্ষাৰ প্রয়োজনীয়তা আছেবুলি তেওঁ মত প্রকাশ কৰে

 

প্রধানমন্ত্রীয়ে লগতে কয়, শক্তি উৎপাদক আৰু গ্রাহক উভয়ৰে স্বার্থ বজাইৰাখিবলৈ শক্তি সম্পদৰযথোচিত মূল্য নির্ধাৰণ হৈছেসাম্প্ৰতিক সময়ৰঅন্যতম চাহিদা। তেল আৰুগেছখণ্ডৰ বাবে এক স্বচ্ছ আৰু নমনীয় বজাৰ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে সংশ্লিষ্ট সকলো পক্ষই আৰু অধিক সক্ৰিয় আৰু সপ্ৰতিভ হব লাগিব। এনেদৰেই মানৱজাতিৰ শক্তিৰ চাহিদা সম্পূর্ণৰূপে পূৰণ কৰাটো সম্ভৱ বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

 

জলবায়ু পৰিৱর্তনৰ সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবৰ বাবে বিশ্ব সমুদায়ক একগোট হোৱাৰ বার্তা স্মৰণ কৰিপ্ৰধানমন্ত্ৰী মোদীয়েকয়, পেৰিছত আয়োজিত কনফাৰেন্স অৱ পার্টিজবাচিঅপি ২১ তযিবোৰ লক্ষ্য স্থিৰকৰা হৈছে সেয়া অর্জন কৰাওঅসম্ভৱ নহয় এই সন্দৰ্ভত তেওঁ কয়, জলবায়ু পৰিৱর্তনৰ মোকাবিলাত ভাৰতে ইয়াৰপ্ৰতিশ্ৰুতিবোৰ পূৰণৰ লক্ষ্যলৈ ক্ষীপ্ৰতাৰে অগ্রসৰহৈছে

 

শক্তি ক্ষেত্রত অসামান্য অৱদান আৰু ভৱিষ্যৎ দৃষ্টিভঙ্গীৰ ক্ষেত্রত ড.চুলতান আল জাবিৰক অভিনন্দন জনাই প্রধানমন্ত্রীয়েকয়, নতুন প্রযুক্তি আৰু প্রক্রিয়াৰসাহায্যৰ বাবে চতুর্থ শিল্প বিপ্লৱে সমগ্র শিল্প পৰিচালনা ব্যৱস্থালৈ আমূল পৰিৱর্তন লৈ আহিবদেশীয় শিল্প সংস্থাবোৰেতেওঁলোকৰ কর্মদক্ষতা আৰু নিৰাপত্তা বৃদ্ধি কৰিবলৈআৰু তাৰ সমান্তৰালকৈ ব্যয় হ্ৰাস কৰিবৰ বাবে আধুনিক প্রযুক্তিৰসহায় লৈছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে।

 

নিকা, সুলভ, অবিৰতআৰু সমানুপাতিক হাৰত শক্তি লাভ কৰাৰ অধিকাৰ সকলোৰেই আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশে এতিয়া শক্তি সৰবৰাহৰ এক নতুন দিগন্তৰ দিশে আগবাঢ়িছে, এখন নতুন দেশত প্রৱেশ কৰিবলৈ ওলাইছেবিশ্বতএতিয়াও ১০০ কোটিতকৈও অধিক লোকৰ ওচৰলৈ বিদ্যুতৰ সুবিধা যোৱাগৈ নাই। আনকি, দেশৰ বহু লোক এতিয়াও পৰিচ্ছন্ন ৰন্ধন ব্যৱস্থাৰ পৰা এতিয়াও বঞ্চিত হৈয়েই আছে। এতিয়া সকলোৱেই যেন ইয়াৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে ভাৰতে অগ্ৰণী ভুমিকা পালন কৰিছে।

 

তেওঁ লগতে কয়, ভাৰত বর্তমান বিশ্বৰ দ্রুততম বিকাশশীল অর্থনীতিৰ দেশ২০৩০ চন পৰ্যন্ত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতিৰ দেশ হৈ উঠিব, তাত কোনো সন্দেহেই নাই। তাৰ সমান্তৰালভাৱে বিদ্যুতৰ গ্ৰাহৰ দিশেৰেও ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হৈ উঠিব। দেশত শক্তিৰ চাহিদা ২০৪০ চনলৈ দ্বিগুণতকৈও অধিক হব বুলি আশা কৰাহৈছেএই পৰিপ্রেক্ষিততে, বিদ্যুৎ সংস্থাসমূহৰবাবে ভাৰত এক লাভজনক বজাৰত পৰিণত হৈ উঠাৰ সমভাৱনা প্ৰকট হৈ উঠিছে।

 

২০১৬ চনৰ ডিচেম্বৰ মাহত আয়োজিত দ্বাদশ পেট্রোটেক সন্মিলনৰ কথা স্মৰণ কৰে প্রধানমন্ত্রী মোদীয়েকয়, এই সন্মিলনততেওঁ ভাৰতৰ ভৱিষ্যৎ শক্তিখণ্ড প্ৰসঙ্গত চাৰিটা স্তম্ভৰ কথা উল্লেখ কৰিছিল। সেইকইটা স্তম্ভ আছিল ক্ৰমে দেশৰ সকলোকে বিদ্যুতৰ যোগান, শক্তিখণ্ডত দক্ষতা, সুস্থায়ী শক্তি উৎপাদন আৰু শক্তিখণ্ডৰ নিৰাপত্তা। দেশ প্ৰতিগৰাকী লোকেই বিদ্যুতৰ সুবিধা লাভ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়। বর্তমান দেশত এই বিষয়টোতেইসৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে। এই উদ্দেশ্য পূৰণত বাবে কেন্দ্রীয় চৰকাৰে একাধিক নীতি প্রণয়ন কৰাৰ উপৰি সেইবোৰ ৰূপায়নো কৰিছে। চৰকাৰৰ এই পদক্ষেপসমূহৰ ফলাফল এতিয়া পোৱা গৈছে। দেশৰআটাইবোৰ গাওঁতে বিদ্যুৎৰ সেৱা প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়েকয়, বিদ্যুৎ সেৱা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ন্যায়-বিচাৰতেতিয়াহে পূর্ণ হ, যেতিয়াসৰ্বসাধাৰণ লোকে তেওঁলোকৰ সন্মিলিত ক্ষমতাৰ ওপৰত আস্থা ৰাখিব

 

দেশতনীল শিখা বিপ্লৱচলিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, ৰন্ধন গেছৰ সংযোগ পাঁচ বছৰপূৰ্বে আছিল দেশৰ ৫৫ শতাংশ লোকৰ হাতত, পিছে এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ৯০ শতাংশ হৈছেগৈ। বিগত পাঁচ বছৰে তেল আৰু গেছ ক্ষেত্রত ভালেমান সংস্কাৰমূলক উদ্যোগ গ্রহণ কৰাহৈছে। বর্তমান ভাৰত বিশ্বৰ চতুর্থ বৃহত্তম তেল শোধন ক্ষমতাসম্পন্ন দেশত পৰিণত হৈছে। দেশততেল শোধনৰ ক্ষমতা ২০৩০ চন পৰ্যন্ত আৰু প্ৰায় ২০ কোটি মেট্রিক টনলৈ বৃদ্ধি পাব।

 

ভাৰত গেছভিত্তিক অর্থনীতি হৈউঠাৰ লক্ষ্যতো ক্ষীপ্ৰতাৰে উপনীত হোৱাৰ দিশে আগবাঢ়িছে, এই কথা প্ৰসঙ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশত ১৬ হাজাৰ কিলোমিটাৰতকৈওঅিক গেছ পাইপ লাইন স্থাপন কৰা হৈছে। আনকি, আৰু ১১ হাজাৰ কিলোমিটাৰদৈৰ্ঘ্যৰগেছ পাইপ লাইন স্থাপনৰ কাম কাজো চলিছে। তেওঁ লগতে কৈছে যে দশম পর্যায়ত ৪০০ খন জিলাত নগৰকেন্দ্রিক গেছআবন্টনৰ বাবে নিলাম প্রক্রিয়া ইতিমধ্যেই শেষ হৈছে। ইয়াৰ ফলত, দেশৰ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ লোকেই নগৰকেন্দ্রিক গেছআবন্টনৰ সুবিধা আহৰণ কৰিবলৈ সক্ষম হব।

 

পেট্রোটেক সন্মিলনৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়েকয়, তেল আৰুগেছখণ্ডৰসৈতেজড়িত এইধৰণৰ সন্মিলনত সমগ্র শক্তিখণ্ডৰযিবোৰ সমস্যাৰউদ্ভৱহৈ থাকে, তাৰ সমাধানসূত্র বাহিৰ কৰাৰ বাবে এই সন্মিলনক এক শক্তিশালী মঞ্চ হিচাপে ব্যৱহাৰ কৰা হব পাৰে। ইয়াৰ উপৰিও এইধৰণৰ মঞ্চৰ পৰা তেল আৰু গেছ খণ্ডৰ সৈতে জড়িত ন ন নীতি আৰু প্ৰযুক্তিৰ বিষয়ে আলোকপাত কৰাহ, যিয়ে বজাৰ স্থিতিস্থাপকতাৰক্ষেত্ৰত প্রভাৱপেলায় আৰু লগতে ভৱিষ্যৎ বিনিয়োগৰ ক্ষেত্রতো উৎসাহ যোগায়।

*****

AKT/AK/RD



(Release ID: 1564406) Visitor Counter : 62