প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চাৰ প্ৰথম অধিৱেশনৰ উদ্বোধনী সমাৰোহত দিয়া প্ৰধান মন্ত্ৰীৰ ভাষণ

Posted On: 02 OCT 2018 9:40PM by PIB Guwahati

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান মহামহিম এটণ্টনিঅ গুটাৰেছ, ভাৰত মহাসাগৰীয় ৰিম সংস্থাৰ অন্তৰ্গত ৰাষ্ট্ৰমণ্ডলীৰ মন্ত্ৰীসকল, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চাৰ প্ৰতিনিধিবৰ্গ, আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, উদ্যোগ খণ্ডৰ বন্ধুসকল, গণ্য-মান্য অতিথিবৃন্দ, বিশেষকৈ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকল আৰু উপস্থিত ৰাইজসকল আপোনালোক আটাইলৈকে অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ সুন্দৰ পুৱা মহামহিম এটণ্টনিঅ গুটাৰেছৰ সৈতে প্ৰদূষণমুক্ত পৰিৱেশ সম্পৰ্কীয় এক সমাৰোহত উপস্থিত থাকিবলৈ পায় মই সঁচাকৈয়ে আহ্লাদিত হৈছো। দেশৰ লগতে সমগ্ৰ পৃথিৱী জুৰি আজিৰে পৰাই মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰো শুভাৰম্ভ হৈছে। এক সেউজ-ভৱিষ্যতৰ বাবে আজিৰে পৰাই আৰম্ভ হোৱা এই আলোচনাৰ বাবে ইয়াতকৈ আৰু উপযুক্ত উপলক্ষ বাৰু কি হব পাৰে! আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা, চমুকৈ আইএছএ এই শব্দটোৱে বিশেষ জনপ্ৰিয়তা লাভ কৰাতো আইএছএ-ৰ লগতে মই নিজেও বিচাৰোমই ভাবো এই অধিৱেশনৰ নাম আইএছএ এছেমব্লী-হে হব লাগে। গ্লোবেল ৰিনিউবল এনাৰ্জী ইনভেষ্টমেণ্ট এণ্ড এক্সপো-য়েই হওক অথবা ৰি ইনভেষ্ট মীটিং কিম্বা ইণ্ডিয়ান অচেন ৰিম এচোচিয়েশ্যন এনাৰ্জী মীট-য়েই হওক এই তিনিওটা সংস্থাৰে কিন্তু মূলতঃ উদ্দেশ্য একেই। সেয়া হৈছে সেউজ ভৱিষ্যত এটা নিশ্চিত কৰাৰ বাবে এক বিকল্প পৰিচ্ছন্ন শক্তিৰ সন্ধান কৰা।

      বন্ধুসকল, বিগত ১৫০-২০০টা বছৰত মানৱ-সমাজে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মূলতঃ জীৱাস্ম ইন্ধনৰ ওপৰতে নিৰ্ভৰশীল হৈ আহিবলগীয়া হৈছে। পিছে প্ৰকৃতিয়ে যে এই কথা সহজ ভাবে মানি লব খোজা নাই, বৰং আজিও যে ইয়াৰ বিৰোধিতাহে কৰি আছে সেই কথা কিন্তু আমি সকলোৱেই স্বীকাৰ কৰি লবই লাগিব। প্ৰকৃতিয়ে কিন্তু অহৰ্নিশে আমাক সঁকীয়াই আহিছে যে ধৰিত্ৰীৰ ওপৰত থকা শক্তিহে এক উন্নত আৰু নিৰাপদ ভৱিষ্যতৰ বাবে উপযুক্ত বিকল্প। সেয়া লাগিলে সৌৰ-শক্তিয়েই হওক বা বায়ু কিম্বা জল-শক্তিয়েই হওক। যি কি নহওক, প্ৰকৃতিৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই আমি সকলোৱে আজি এই প্ৰসংগত আলোচনা কৰিবলৈ সমবেত হোৱা দেখি মোৰ খুউব ভাল লাগিছে।

      বন্ধুসকল, পুনৰ-বিনিয়োগ সন্মিলনৰ পূৰ্বে দেশত পুনৰ-নবীকৰণযোগ্য শক্তিৰ পৰিমাণ মেগাৱাটৰ পৰা গীগাৱাটলৈ বৃদ্ধি কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা তিনিবছৰৰ আগতে মই আপোনালোকক কোৱাৰ কথা মোৰ ঠিকেই মনত আছে। সৌৰ শক্তি কিম্বা সেউজ শক্তি কম ব্যয় সাপেক্ষ আৰু সহজে উপলব্ধ হব পৰা হলেহে ইয়াৰ সুযোগ লব পৰা যাব বুলিও মই তেতিয়াই স্পষ্ট কৰি দিছিলো। আৰু সৌৰ সমলৰে সমৃদ্ধ দেশসমূহৰ এক ঐক-মঞ্চ গঠনৰো এক প্ৰস্তাৱ মই আগবঢ়াইছিলো। অতি কম সময়তে আমি এই ক্ষেত্ৰত অভূতপূৰ্ব সাফল্য আহৰণ কৰিবলৈ সক্ষম হোৱা দেখি মই খুবেই আনন্দিত হৈছো।

    বন্ধুসকল, আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা পৃথিৱীৰ বাবে আশাৰ কিৰণ হৈ জিলিকি উঠিছে। তিনিটা বছৰৰ ভিতৰতে এই মৰ্চাই চুক্তিবদ্ধ আন্তঃ চৰকাৰী সংস্থা হিচাপে থন ধৰি উঠিবলৈ সক্ষম হৈছে। আইএএছ-ৰ মুখ্য কাৰ্যালয় ভাৰতত স্থপন হোৱা কথাইও ১.২৫ কোটি ভাৰতীয়ক বাৰুকৈয়ে আনন্দিত কৰিছেইয়েআইএছএ-ৰে আমাৰ সম্পৰ্কক আৰু অধিক প্ৰগাঢ় কৰি তুলিছে। ২১শতিকাত স্থাপন হোৱা মানৱ-কল্যাণ সম্পৰ্কীয় সংস্থাৰ কথা চৰ্চালৈ আহিলেই সকলোৰে আগত আইএছএ-ৰ নামেই উচ্চাৰিত হব বুলি মই বিশ্বাস কৰো। জলবায়ুৰ পৰিৱৰ্তনৰ নেতিবাচক পৰিণতিক নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যাপক পৰিসৰৰ মঞ্চৰ ৰূপত আমি আইএছএ-ক গঠন কৰিছো। ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে সমন্বিত ভাবে মানৱীয় প্ৰমূল্যৰে সংপৃক্ত আমাৰ এক বিশাল উপহাৰ বুলিয়ে অভিহিত কৰিব পাৰি।

     আজিৰ তাৰিখত শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত OPEC-য়ে যি ভূমিকা পালন কৰিছে ভৱিষ্যতে সেই একে ভূমিকাকে আইএএছ-য়েও পালন কৰিব বুলি মই আশা কৰো। তেলৰ পুংবোৰে এতিয়া যি ভূমিকা পালন কৰিছে সেই ভূমিকা এদিন পালন কৰিব সূৰ্যৰ কিৰণে। আইএএছ-ক এই পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে মই ৰাষ্ট্ৰ সংঘলৈ বিশেষ ভাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই মঞ্চক ৰাষ্ট্ৰসংঘই কিমান গুৰুত্ব প্ৰদান কৰিছে সেই কথা পেৰিচৰ আধিৱেশনত তেতিয়াৰ সচিব প্ৰধান বেন কি মুন আৰু আজিৰ সন্মিলনত সন্মানীয় এণ্টনিঅ গুটাৰেছৰ উপস্থিয়েই প্ৰতীয়মান কৰিছে। মই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফৰাচী চৰকাৰকো তেওঁলোকে আগবঢ়োৱা সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাব খুজিছো।

বন্ধুসকল, আইএএছ-ৰ এই প্ৰথম অধিৱেশনত ৪০খন দেশৰ প্ৰতিনিধিবৰ্গই অংশ গ্ৰহণ কৰিছে। পিছে কেৱল কেপ্ৰিকন-ক আগুৰি থকা দেশসমূহৰ মাজতে সীমাবদ্ধ নাথাকি সৌৰ শক্তিক বিকল্প শক্তিৰ আধাৰ হিচাপে সমগ্ৰ পৃথিৱীখনেই যাতে আদৰি লব পাৰে তেনে এক পৰিবেশ সৃষ্টিৰ বাবে আমি কাম কৰি যাব লাগিব। সৌৰ শক্তিৰ ক্ষেত্ৰতো সাৰ্বজনীন সহযোগিতাৰ মন্ত্ৰ আওৰাই ভাৰতে আজি ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰকে আইএএছ-ৰ সদস্যতা প্ৰদানৰ প্ৰ্স্তাৱ আগবঢ়াব খুজিছেবন্ধুসকল, এই সংগঠনৰ এক গুৰুত্বপূৰ্ণ সদস্য হিচাপে ভাৰতেভাৰত মহাসাগৰীয় ৰিম সংস্থাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদৰ্শন কৰিব  বিচাৰিছেশক্তিখণ্ডত আমি সকলোৱে একে প্ৰত্যাহ্বানৰে সন্মুখীন হৈ আহিছো। সেয়ে আমাৰ শক্তি-সুৰক্ষাৰ প্ৰসংগত আমি একত্ৰে পুনৰ নবীকৰণযোগ্য শক্তিত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব।ছিকিউৰিটী এণ্ড গ্ৰথ ফৰ অল ৰিজিঅন, চমুকা সাগৰ-ৰ যোগেদি মই আমাৰ  এই আগ্ৰহৰ কথা ইতিমধ্যেই অৱগত কৰিছো। এই সন্মিলনে সহযোগিতাৰ আন এক দুৱাৰ মুকলি কৰিব বুলি মই আশাবাদী।

      ভাৰতত পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ প্ৰভাৱ যে দ্ৰুত গতিত বাঢ়িবলৈ ধৰিছে সেই কথা ক্ৰমাত প্ৰতীয়মান হৈছে। পেৰিচ জলবায়ু চুক্তিয়ে নিৰ্দ্ধাৰণ কৰা লক্ষ্যত উপনীত হব পৰাকৈ কৰ্ম পৰিকল্পনা যুগুতোৱাৰ বাবে আমি ইতিমধ্যেই কাম আৰম্ভ কৰি দিছো। ২০৩০ চনৰ ভিতৰত দেশৰ বাবে প্ৰয়োজন হোৱা মুঠ বিদ্যুত শক্তিৰ ৪০শতাংশ অ-জীৱাস্ম ইন্ধনভিত্তিক সমলৰে উতপাদন কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। এই লক্ষ্যত উপনীত হবলৈকে যোৱা চাৰিটা বছৰত আমি আমাৰ পুনৰ নবীকৰণযোগ্য শক্তি-ভাণ্ডাৰৰ সামৰ্থ্য দুগুণে বঢ়াই ৭২ গীগাৱাটলৈ বৃদ্ধি কৰিছো। এইখিনি সময়ত আমাৰ সৌৰশক্তিৰ সামৰ্থ্য ৯গুণে বৃদ্ধি পাইছে। আজিৰ তাৰিখত আমাৰ দেশত উতপাদিত মুঠ বিদ্যুতৰ ২০শতাংশই অ-জল পুনৰ নবীকৰণযোগ্য শক্তি খণ্ডই আগবঢ়ায়। আমি অচিৰেই এই খণ্ডত আৰু ৫০গীগাৱাট পৰিমাণৰ শক্তি সংযোজিত কৰিবলৈ গৈ আছো। ২০২২চনৰ ভিতৰত ১৭৫গীগাৱাট পৰিমাণৰ শক্তি উতপাদনৰ বাবে আমি নিজাববীয়াকৈ নিৰ্দ্ধাৰণ কৰা লক্ষ্যত যে অনায়সে উপনীত হব পাৰিমগৈ এই কথাই তাৰেই আংগিত বহণ কৰিছে, আৰু আমি নিশ্চিত ভাবেই এই সাফল্য অৰ্জন কৰিব পাৰিম বুলি অন্তঃকৰণৰে বিশ্বাস কৰো।

      দাৰিদ্ৰৰ পৰা শক্তিলৈ—এই নতুন দৃঢ়তা বুকুত বান্ধি আজিৰ ভাৰতে বিকাশৰ গতি অধিক হাৰত ত্বৰান্বিত কৰিছে। শত-সহস্ৰ বছৰ ধৰি যিয়ে আমাক শক্তি আৰু সামৰ্থ্য প্ৰদান কৰি আহিছে আমি সেই একেটা উতসকে এই নতুন দৃঢ়তাৰ বাবেও নিৰ্বাচিত কৰিছো। সেয়া হৈছে –সূৰ্য, যাক ভাৰতবাসীয়ে সূৰ্যদেৱতাৰ ৰূপত যুগে যুগে পূজা কৰি আহিছে। বন্ধুসকল, সূৰ্য আমাৰ বাবে শক্তি আৰু পোহৰৰ দেৱতা। সমগ্ৰ সৃষ্টিৰ চালিকা শক্তিও এই সূৰ্যই বুলিও আমি বিশ্বাস কৰো। সূৰ্যৰ প্ৰথম কিৰণলৈ প্ৰণাম জনাই এটুপি জল আগবঢ়াই দিনটোৰ কাম-কাজ আৰম্ভ কৰাটো আমাৰ সমাজ-জীৱনৰ কৌটি-কলীয়া পৰম্পৰা। ওম সূৰ্যায় নমঃ- অৰ্থাত হে সূৰ্যদেৱতা, আমি তোমাক প্ৰণিপাত জনাইছো। বেদৰ পৰা যোগলৈ, আমাৰ সকলো ভাৱনাৰ উতস হল এই সূৰ্য। সূৰ্য আমাৰ উপাসনা, আমাৰ আন্তৰৰ পৰম শক্তিৰ আধাৰ। আমাৰ এই আভ্যন্তৰীণ শক্তিৰ আধাৰকে এতিয়া আমি আধুনিক বিজ্ঞানৰ সহায়ত আমাৰ বহিৰ্শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ উতসলৈ ৰূপান্ততৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।

    বন্ধুসকল, সৌৰশক্তি খণ্ডৰ উত্তৰণৰ বাবে ভাৰতে নিৰহ-নিপানীকৈ কাম কৰি আছে। আমাৰ এই প্ৰয়াসৰ ফলত যোৱা চাৰিটা বছৰৰ ভিতৰতে সৌৰ-শক্তি নিম্ন-ব্যয় সাপেক্ষ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত আধিক সংখ্যক দুখীয়া লোককো ইয়াৰ সৈতে জড়িত কৰিব পৰা গৈছে। দেশৰ প্ৰত্যেকটো পৰিয়াললৈ বিজুলী বাঁতিৰ সংযোগ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত পেনেল টু পাৱাৰ আৰু মেক ইন ইণ্ডিয়া হল দুটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি। পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত য়োৱা চাৰিটা বছৰৰ ভিতৰতে ভাৰত পৃথিৱীৰ আটাইতকৈ পচণ্ডৰ দেশ হিচাপে পৰিগণিত হোৱা কথাই মোক বাৰুকৈয়ে আহ্লাদিত কৰিছে। এইচোৱা সময়ত এই ক্ষেত্ৰৰ বিকাশৰ বাবে প্ৰায় ৪২ বিলিয়ন ডলাৰ পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে। বন্ধুসকল, দেশত সম্পন্ন হোৱা এই পৰিৱৰ্তনে কেৱল বিদেশী বিনিয়োগকে যে আকৰ্ষিত কৰিছে এনে নহয়, বৰং আমাৰ উদ্যমীসকলৰ বাবেও এক অভুতপূৰ্ব সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। শেহতীয়া ভাবে আমি আমাৰ দেশত সৌৰ পেনেল নিৰ্মাণৰ এক উপযুক্ত পৰিকাঠামো গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো। পুনৰ নবীকৰণযোগ্য শক্তিখণ্ডত বিনিয়োগ কৰাৰ বাবে এয়াই উত্তম সময়। আগন্তুক চাৰিটা বছৰত এই খণ্ডত ৭০ৰ পৰা ৮০ বিলিয়ন ডলাৰ পৰিমণৰ বাণিজ্যিক সম্ভাৱনা মই প্ৰত্যক্ষ কৰিছো। বন্ধুসকল, শক্তিৰ উতপাদনৰ দৰেই শক্তিৰ সংৰক্ষণো সমানেই গুৰুত্বপূৰ্ণ, আৰু সেয়ে ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় শক্তি ভাণ্ডাৰ নিৰ্মাণ অভিযানৰ কাম হাতত লোৱা হৈছে। গাঁৱৰ পথাৰবোৰত সৌৰ-পেনেল সংস্থাপন কৰি সেইবোৰক গ্ৰীডৰে সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে কিষাণ উৰ্জা সুৰক্ষা আৰু উথ্থান মহা অভিযান, চমুকৈ কুছম-ৰ জৰিয়তে। অহা চাৰিটা বছৰত দেশৰ ভিন্ন প্ৰান্তত প্ৰায় ২৮ লাখ সৌৰ পেনেল সংস্থাপিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ১০ গীগাৱাট বিদ্যুত শক্তি উতপাদনৰ  লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

     সৌৰ আৰু বায়ু শক্তিৰ উপৰিও আমি বি-৩অৰ্থাত বায় মাছ, বায় ইন্ধন আৰু বায় এনাৰ্জী উতপাদনৰ বাবেও দ্ৰুত গতিত কাম অব্যাহত ৰাখিছো। ভাৰতত প্ৰদূষণ মুক্ত এক পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আমি গুৰুত্ব সহকাৰে প্ৰয়াস কৰিছো। জৈৱ গেছৰ পৰা জৈৱ ইন্ধন-ৰ উতপাদনৰে আমি এই প্ৰত্যাহ্বানক এক সুযোগলৈ ৰূপান্তৰিত কৰিব বিচাৰিছো। গোবৰধনশীৰ্ষক এক ব্যাপক অভিযানৰ জৰিয়তে গৰু-মহৰ গোবৰৰ পৰা আয়ৰ বাট মোকলোৱাৰো এক ব্যৱস্থা গঢ়ি তোলা হৈছে। ইফালে আৱৰ্জনাৰ পৰা শক্তি উতপাদনৰ বহু ন ন পৰীক্ষামূলক কাৰ্যক্ৰম দেশৰ নগৰ, চহৰ তথা গাঁৱসমূহত চলি আছে।

      বন্ধুসকল, শেহতীয়া ভাবে দেশৰ ইমূৰ-সিমূৰ জুৰি ঘৰ-বাৰী-প্ৰতিষ্ঠান, বাট-পথ আদি এল ই ডি বাল্ব-ৰে পোহৰোৱাৰ পদক্ষেপ লোৱা হৈছে। উজলা যোজনাৰ অধীনত অব্যাহত থকা এই কাৰ্যক্ৰম সফল কৰি তোলাৰ বাবে প্ৰায় ৩১ কোটি এল ই ডি বাল্ব বিতৰণ কৰা হৈছে। কম বিদ্যুত শক্তিৰে অধিক পোহৰ দিব পৰা এনে বাল্বৰ সংস্থাপনৰ ফলত এতিয়া প্ৰতি বছৰে প্ৰায় ৪০,০০০ নিযুত কিলোৱাট পৰিমাণৰ বিদ্যুত ৰাহি কৰিব পৰা গৈছে। দেশৰ বাবে এয়া কিমান বিশাল পৰিমাণৰ ৰাহি এবাৰ ভাবকচোন। ইয়াৰ ফলত প্ৰতি বছৰে ৰাইজৰ প্ৰায় ১৬০০০ কোটি টকা পৰিমাণৰ বিদ্যুত মাচুলৰ ধনো ৰাহি হৈছে।

     মই নিশ্চিত কৰি কও যে আপোনালোকৰ প্ৰতিটো পৰামৰ্শ, প্ৰতিটো উদ্ভাৱনী চিন্তাই আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। আৰু সেয়ে আমি প্ৰতিটো কথাই ইয়াত মুকলিকৈ আলোচনা কৰিব খুজিছো, সেয়া লাগিলে মানৱ সম্পদৰ বিকাশৰ কথাই হওক অথবা প্ৰযুক্তিৰ উত্তৰণৰ কথাই হওক, কিম্বা পৃথিৱীৰ কোনো প্ৰান্তৰ তেনেই সাধাৰণ কোনোবাজনে কৰা সামান্য পৰীক্ষা এটাইবা নহওক কিয়। মই নিশ্চিত যে আমি সকলো মিলি এই অভিযান সাফল্যমণ্ডিত কৰি তুলিব পাৰিমেই। অৰ্থনৈতিক বিশ্বত গোলকীকৰণৰ প্ৰসংগ বিস্তৃত ভাবে চৰ্চা কৰা হয় আৰু প্ৰযুক্তিয়ে পৃথিৱীৰ সকলোকে পৰস্পৰৰ কাষলৈ নিবিড় ভাবে ওচৰ চপাই নিছে। এনে পৰিস্থিতিত আমিও এটা সপোন সাৰ্থক কৰাৰ বাবে কৰ্মত ব্ৰতী হব লাগিব, আৰু সেয়া হৈছেঃ এখন পৃথিৱী, এটা সূৰ্য, এক গ্ৰীড। ভাবকচোন, আমি যদি আমাৰ এই সপোন সাৰ্থক কৰিব পাৰো তেতিয়া দেখোন আমি পূবত বেলি উদয় হোৱাৰে পৰা পশ্চিমত মাৰ যোৱালৈকে গ্ৰীডত বিদ্যুতৰ প্ৰতি-পালন কৰিব পাৰিম। আজি আমি কেৱল আমাৰ দেশৰ প্ৰেক্ষাপটত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ কথা উল্লেখ কৰিছো, পিছে আমি যদি  এখন পৃথিৱী, এটা সূৰ্য, এক গ্ৰীড-ৰ সপোন সাৰ্থক কৰিব পাৰো তেন্তেতো দিনটোৰ ২৪ ঘণ্টাৰ প্ৰতিটো মুহূৰ্ততে আমাৰ গ্ৰীডত বিদ্যুতৰ প্ৰতিপালন অব্যাহত থাকিব, কিয়নো কোনো এটা মুহূৰ্তত পৃথিৱীৰ কোনো এটা স্থানত সূৰ্যাস্ত হলেও সেই একেটা মুহূৰ্তত কিন্তু পৃথিৱীৰ আন কোনোবা স্থানত নিশ্চয় সূৰ্যোদয় হবই আৰু সেয়ে আমাৰ বিদ্যুত উতপাদনৰ গতিত যতি পৰাৰ প্ৰশ্নই নুঠিব। সেয়ে আইএছএ-ৰ আজিৰ এই সন্মিলনত আমি আমাৰ এই সপোন সাৰ্থক কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ পণ লোৱা উচিত হব।

      সন্মিলনত ভাগ লোৱাৰ বাবে আহি ভাৰতত উপস্থিত হোৱা আপোনালোক আটাইলৈকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো।

      বহুত বহুত ধন্যবাদ।

 

*****

AKT/SH/RSB/AK



(Release ID: 1562527) Visitor Counter : 135


Read this release in: Marathi , English , Tamil