প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ মাডুৰাই ভ্ৰমণ মাডুৰাইত নতুন এইমছৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে মাডুৰাই, থানজাৱাৰ আৰু তিৰুনেলভেলিৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণ প্ৰকল্পও মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 25 JAN 2019 7:01PM by PIB Guwahati

২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ মাডুৰাই ভ্ৰমণ কৰিব৷ মাডুৰাইত নতুন এইমছৰ আধাৰশিলা স্থাপন তথা মাডুৰাই, থানজাৱাৰ আৰু তিৰুনেলভেলীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালৰ উন্নীতকৰণ প্ৰকল্প মুকলিৰ জৰিয়তে অঞ্চলটোত স্বাস্থ্য সেৱা খণ্ডত অধিক সুবিধা লাভ হব৷ প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ৰাজহুৱা সভাত জনতাক সম্বোধনো কৰিব৷

এইমছ, মাডুৰাই

প্ৰধানমন্ত্ৰীয়ে মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ১৭.১২.২০১৮ তাৰিখে মাডুৰাইৰ থপ্পুৰত এইমছ স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰিছিল৷ ২০১৫-১৬ৰ বাজেটত তামিলনাডুৰ এইমছৰ বিষয়ে ঘোষণা কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১২৬৪ কোটি টকাৰ বাজেটেৰে এই নতুন এইমছৰ নিৰ্মাণ, কাৰ্যাৱলী আৰু প্ৰতিপালন ব্যয় বহন কৰা হব৷ ইয়াক ৪৫ মাহৰ ভিতৰত অৰ্থাৎ ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হব৷

মাডুৰাইৰ এইমছখন ৭৫০খন বিচনাযুক্ত হব যত ৩০খন জৰুৰীকালীন/ট্ৰমা বিচনা, আইচিইউ আৰু সংকটকালীন ইউনিটত ৭৫খন বিচনা, ছুপাৰ স্পেচিয়েলিটী ইউনিটত ২১৫খন বিচনা, ছাৰ্জিকেল আৰু মেডিকেল ইউনিটত ২৮৫খন বিচনা, আয়ুস আৰু ব্যক্তিগত ৱাৰ্ড প্ৰত্যেকৰে বাবে ৩০খনকৈ বিচনা থাকিব৷ তাৰোপৰি ইয়াত প্ৰশাসনীয় ভৱন, প্ৰেক্ষাগৃহ, নিশাৰ আশ্ৰয়, অতিথি গৃহ, হোষ্টেল আৰু আৱাসিক সুবিধাও থাকিব৷

এইমছ মাডুৰাই পিজি আৰু উচ্চ শিক্ষা তথা গৱেষণাৰ উদ্দেশ্যে দীৰ্ঘকালীন লক্ষ্যৰ বাবে স্থাপন কৰা হৈছে৷ ইয়াত ১০০খন এমবিবিএছ আসন আৰু ৬০খন বি.এছচি (নাৰ্ছিং)ৰ আসন থাকিব৷

নতুন এইমছৰ স্থাপনে অঞ্চলটোত স্বাস্থ্য সেৱা, স্বাস্থ্য শিক্ষা তথা প্ৰশিক্ষণ সুবিধাৰ আমুল পৰিৱৰ্তন কৰিব৷ ইয়াৰ দ্বাৰা স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিৰ অভাৱো পূৰণ হব৷ এই নতুন এইমছে কেৱল স্বাস্থ্য সেৱা প্ৰদান কৰাই নহয়, ইয়াৰ দ্বাৰা অঞ্চলটোত প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্যখণ্ডসমূহৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অধীনত বৃহৎ সংখ্যক চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰো সৃষ্টি কৰিব৷

চৰকাৰী চিকিৎসা মহাবিদ্যালয় উন্নীতকৰণ প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে মাডুৰাই ৰাজাজী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী ব্লকো মুকলি কৰিব৷ চৰকাৰী চিকিৎসা মহাবিদ্যালয় উন্নীতকৰণ প্ৰকল্পৰ অংশ হিচাপে থানজাৱাৰ চিকিৎসা মহাবিদ্যালয় আৰু তিৰুনেলভেলি চিকিৎসা মহাবিদ্যালয়ৰো ছুপাৰ স্পেচিয়েলিটী ব্লক মুকলি কৰা হব৷ এই তিনিওখন চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী ব্লকৰ উন্নীতকৰণত মুঠ ৪৫০ কোটি টকা ব্যয় হব৷

মাডুৰাইৰ ৰাজাজী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ৩২০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্লক অন্তৰ্ভুক্ত থাকিব যত নিউৰছাৰ্জাৰী, নিউৰলজী, নেফ্ৰলজী, প্লাষ্টিক ছাৰ্জাৰী, ইউৰলজী, মাইক্ৰভাস্কুলাৰ আৰু মেডিকেল তথা ছাৰ্জিকেল গেষ্ট্ৰএণ্টেৰলজী শীৰ্ষক ৭টা বিভাগো থাকিব৷

থানজাৱাৰৰ থানজাৱাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ২৯০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্লক অন্তৰ্ভুক্ত থাকিব যত কাৰ্ডিঅলজী, কাৰ্ডিয়াক ছাৰ্জাৰী (চিটিভিএছ), নিউৰলজী, নিউৰছাৰ্জাৰী, ইউৰলজী, নেফ্ৰলজী, প্লাষ্টিক আৰু পুনৰ নিৰ্মাণ ছাৰ্জাৰী, মেডিকেল গেষ্ট্ৰএণ্টেৰলজী, ছাৰ্জিকেল গেষ্ট্ৰএণ্টেৰলজী, ভাস্কুলাৰ ছাৰ্জাৰী শীৰ্ষক ১০টা বিভাগ থকাৰ লগতে ৫টা অস্ত্ৰোপচাৰ কক্ষও থাকিব৷

তিৰুনেলভেলিৰ তিৰুনেলভেলি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ৩৩০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্লক অন্তৰ্ভুক্ত থাকিব যত কাৰ্ডিঅলজী, কাৰ্ডিয়াক ছাৰ্জাৰী (চিটিভিএছ), নিউৰলজী, ইউৰলজী, নেফ্ৰলজী, পুনৰ গঠন ছাৰ্জাৰী, মেডিকেল গেষ্ট্ৰএণ্টেৰলজী আৰু ছাৰ্জিকেল গেষ্ট্ৰএণ্টেৰলজী শীৰ্ষক ৮টা বিভাগ থকাৰ লগতে ৭টা অস্ত্ৰোপচাৰ কক্ষও থাকিব৷

এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে সমগ্ৰ দেশত ২০খন এইমছ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যত ছয়খন ইতিমধ্যেই স্থাপন কৰা হৈছে আৰু ৭৩খন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ কামো হাতত লোৱা হৈছে৷ নতুন এইমছ আৰু তামিলনাডুৰ তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটী ব্লকৰ মুকলিৰ দ্বাৰা চৰকাৰে সুস্থ ভাৰতৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে৷  

 

 

*****

AKT/PAK/MANN


(रिलीज़ आईडी: 1561619) आगंतुक पटल : 88
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Marathi , हिन्दी , Bengali , Tamil , Malayalam